Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

শ্ৰী বিশ্বনাথ প্ৰতাপ সিং

২ ডিচেম্বৰ, ১৯৮৯- ১০ নৱেম্বৰ, ১৯৯০ | জনতা দল

শ্ৰী বিশ্বনাথ প্ৰতাপ সিং


শ্ৰী ভি.পি. সিঙৰ ১৯৩১ চনৰ ২৫ জুন তাৰিখে এলাহবাদত জন্ম হৈছিল৷ তেওঁৰ দেউতাকৰ নাম আছিল ৰাজা বাহাদুৰ ৰাম গোপাল সিং৷ তেওঁ এলাহবাদৰ পুনা বিশ্ববিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিল৷ ১৯৫৫ চনৰ ২৫ জুন তাৰিখে তেওঁ বিবাহ-পাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ দুটি পুত্ৰ সন্তান আছিল৷

এজন বিদ্বান ব্যক্তি হিচাপে তেওঁ এলাহাবাদত গোপাল বিদ্যালয় নামৰ এখন মাধ্যমিক মহাবিদ্যালয় স্থাপন কৰিছিল৷ ১৯৪৭-৪৮ চনত বাৰাণসীত তেওঁ ছাত্ৰ সংগঠনৰ সভাপতি পদত আসীন হৈছিল আৰু এলাহাবাদ বিশ্ববিদ্যালয়ৰ উপ-সভাপতিৰ পদতো তেওঁ আসীন হৈছিল৷ ১৯৫৭ চনত তেওঁ সক্ৰিয়ভাৱে ভু-দান আন্দোলনত অংশগ্ৰহণ কৰিছিল আৰু এলাহাবাদ জিলাৰ পাছনা গাঁৱত এখন বিশাল কৃষিভূমি দান কৰিছিল৷

তেওঁ ১৯৬৯-৭১ চনত এলাহাবাদ বিশ্ববিদ্যালয়ৰ সদৌ ভাৰত কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী বিভাগৰ সদস্য আছিল আৰু ১৯৬৯-৭১ চনত উত্তৰ প্ৰদেশৰ বিধানসভাৰো সদস্য আছিল৷১৯৭০-৭১ চনত তেওঁ কংগ্ৰেছৰ বিধানসভা দলৰ চালিকা শক্তিস্বৰূপ আছিল; ১৯৭১-৭৪ চনত তেওঁ লোকসভাৰ সংসদীয় সদস্য আছিল; অক্টোবৰ ১৯৭৪ চনৰ পৰা নৱেম্বৰ ১৯৭৬ চনলৈ তেওঁ কেন্দ্ৰীয় বাণিজ্য বিভাগৰ সহকাৰী মন্ত্ৰী আছিল; ১৯৮০ চনৰ ৩ জানুৱাৰীৰ পৰা ২৬ জুলাইলৈ তেওঁ লোকসভাৰ সংসদীয় সদস্য আছিল৷ ১৯৮০ চনৰ ৯ জুনৰ পৰা ১৯৮২ চনৰ ২৮ জুনলৈ তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল; ১৯৮০ চনৰ ২১ নৱেম্বৰৰ পৰা ১৯৮১ চনৰ ১৪ জুনলৈ তথা ১৯৮১ চনৰ ১৫ জুনৰ পৰা ১৯৮৩ চনৰ ১৬ জুলাইলৈ তেওঁ উত্তৰ প্ৰদেশৰ বিধানসভাৰ সদস্য আছিল৷

১৯৮৩ চনৰ ২৯ জানুৱাৰী কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ মন্ত্ৰী হৈ থকা অৱস্থাত তেওঁ ১৯৮৩ চনৰ ১৫ ফেব্ৰুৱাৰীত যোগান বিভাগৰো অতিৰিক্ত দায়িত্ব পালন কৰিছিল৷ ১৯৮৩ চনৰ ১৬ জুলাইত তেওঁ ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল; ১৯৮৪ চনৰ ১ ছেপ্টেম্বৰত তেওঁ উত্তৰ প্ৰদেশৰ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল আৰু ১৯৮৪ চনৰ ৩১ ডিচেম্বৰত তেওঁ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ পদত আসীন হৈছিল৷