Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

শ্ৰী জৱাহৰলাল নেহৰু

১৫ আগষ্ট, ১৯৪৭ৰ পৰা ২৭ মে’, ১৯৬৪লৈ | কংগ্ৰেছ

শ্ৰী জৱাহৰলাল নেহৰু


১৮৮৯ৰ ১৪ নৱেম্বৰৰ দিনা এলাহবাদত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল৷ তেওঁ প্ৰাথমিক শিক্ষা ঘৰুৱা শিক্ষকৰ পৰা প্ৰাপ্ত কৰিছিল৷ ১৫ বছৰ বয়সত তেওঁ ইংলেণ্ডলৈ গৈছিল আৰু দুবছৰৰ পিছত হেৰ’ত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত যোগদান কৰি প্ৰাকৃতিক বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল৷ ইয়াত পিছত তেওঁ অন্তৰাত্মাৰ আহ্বান শুনি ১৯১২ চনত ভাৰতলৈ গুচি আহি ৰাজনীতিত যোগদান কৰিছিল৷ ছাত্ৰাৱস্থাতো তেওঁ বিদেশীৰ দ্বাৰা আক্ৰান্ত ৰাষ্ট্ৰৰ মৰ্মবেদনা অনুভূত কৰিছিল৷ আয়াৰলেণ্ডৰ ছিন ফিন আন্দোলনতো তেওঁ অংশগ্ৰহণ কৰিছিল৷ ভাৰতত তেওঁ পূৰ্ণোদ্যমে স্বাধীনতাৰ যুঁজত জপিয়াই পৰিছিল৷

১৯১২ চনত তেওঁ বেংকিপোৰ কংগ্ৰেছত প্ৰতিনিধি হিচাপে যোগদান কৰি ১৯১৯ চনত এলাহবাদত হোম ৰুল লীগত সম্পাদক পদত আসীন হৈছিল৷ ১৯১৬ চনত তেওঁ মহাত্মা গান্ধীক লগ পায় আৰু তেওঁৰ দ্বাৰা প্ৰভাৱান্বিত হয়৷ ১৯২০ চনত তেওঁ উত্তৰ প্ৰদেশৰ প্ৰতাপগড় জিলাত প্ৰথমখন কৃষক মঞ্চ সংগঠিত কৰিছিল৷ ১৯২০-২২ চনৰ সত্যাগ্ৰহ আন্দোলনৰ বাবে তেওঁ দুবাৰকৈ কাৰাবাস খাটিছিল৷

১৯২৩ চনত পণ্ডিত নেহৰু সদৌ ভাৰত কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয়৷ ১৯২৬ চনত তেওঁ ইটালী, ছুইজাৰলেণ্ড, ইংলেণ্ড, বেলজিয়াম, জাৰ্মানী আৰু ৰাছিয়া ভ্ৰমণ কৰে৷ বেলজিয়ামত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে ব্ৰাছেলছৰ কংগ্ৰেছ অৱ অপ্ৰেছড নেচনেলিটীজত অংশগ্ৰহণ কৰে৷ ১৯২৭ চনত তেওঁ মস্কোৰ অক্টোবৰ ছ’চিয়েলিষ্ট ৰিভ’লিউচনৰ দশম বাৰ্ষিকীতো উপস্থিত থাকে৷ তাৰ পূৰ্বে ১৯২৬ চনত মাদ্ৰাছ কংগ্ৰেছত নেহৰুৱে স্বতন্ত্ৰতাৰ লক্ষ্য প্ৰাপ্তিৰ উদ্দেশ্য কংগ্ৰেছৰ কমিটী গঠন কৰিছিল৷ ছাইমন কমিছনৰ বিৰুদ্ধে শোভাযাত্ৰা এটাৰ নেতৃত্ব বহন কৰোঁতে ১৯২৮ চনত লক্ষ্ণৌত তেওঁ লাঠিচালনাৰো সন্মুখীন হ’বলগীয়া হৈছিল৷ ১৯২৮ চনৰ ২৯ আগষ্টত তেওঁ অল পাৰ্টী কংগ্ৰেছত অংশগ্ৰহণ কৰিছিল আৰু তেওঁৰ পিতৃ শ্ৰী মতিলাল নেহৰুৰ নামত ভাৰতীয় সংবিধানৰ সংশোধনীৰ নেহৰু প্ৰতিবেদনত স্বাক্ষৰকাৰীসকলৰ মাজত অন্যতম আছিল৷ সেই একেটা বৰ্ষতে তেওঁ ব্ৰিটিছৰ সম্পূৰ্ণ ভাৰত ত্যাগক সমৰ্থন কৰি  ‘ইণ্ডিপেনডেন্স ফৰ ইণ্ডিয়া লীগ’ স্থাপন কৰিছিল আৰু ইয়াৰ সাধাৰণ সম্পাদক পদত আসীন হৈছিল৷

১৯২৯ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ লাহোৰ অধিৱেশনত সভাপতিত্ব কৰিছিল আৰু ইয়াত দেশৰ স্বতন্ত্ৰতাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল৷ কংগ্ৰেছৰ দ্বাৰা আয়োজিত লোণ সত্যাগ্ৰহ আৰু অন্যান্য আন্দোলনসমূহৰ বাবে ১৯৩০-৩৫ চনলৈ তেওঁ অনেকবাৰ কাৰাবাস খাটিছিল৷ ১৯৩৫ চনৰ ১৪ ফেব্ৰুৱাৰীৰ দিনা আলমৰা জেলত তেওঁ নিজৰ আত্মজীৱনী সম্পূৰ্ণ কৰে৷ কাৰাবাসৰ পৰা মুকলি হোৱাৰ পিছত তেওঁ ৰুগীয়া পত্নীক পৰিদৰ্শনৰ বাবে ছুইজাৰলেণ্ডলৈ যায় আৰু ১৯৩৬ চনৰ ফেব্ৰুৱাৰী-মাৰ্চত লণ্ডন পৰিদৰ্শন কৰে৷ বিশ্বযুদ্ধৰ সময়ত ১৯৩৮ চনত তেওঁ স্পেইনো ভ্ৰমণ কৰে৷ দ্বিতীয় বিশ্বযুদ্ধ সমাপ্তিৰ ঠিক আগেয়ে তেওঁ চীনো ভ্ৰমণ কৰে৷

১৯৪০ চনৰ ৩১ অক্টোবৰ তাৰিখে পণ্ডিত নেহৰুক ভাৰতক বলপূৰ্বক বিশ্বযুদ্ধত চামিল কৰাৰ বিৰুদ্ধে পালন কৰা ব্যক্তিগত সত্যাগ্ৰহৰ বাবে গ্ৰেপ্তাৰ কৰা হয়৷ ১৯৪১ চনত অন্যান্য নেতাসকলৰ সৈতে তেওঁক কাৰাবাসৰ পৰা মুকলি কৰি দিয়া হয়৷ ১৯৪২ চনৰ ৭ আগষ্টত নেহৰুৱে বম্বেৰ এ.আই.চি.চিৰ অধিৱেশনত ঐতিহাসিক ‘ভাৰত ত্যাগ’ আন্দোলনৰ বাবে সংকল্প গ্ৰহণ কৰে৷ ১৯৪২ চনৰ ৮ আগষ্টত আহমেদনগৰৰ দূৰ্গ অধিগ্ৰহণ কৰাৰ বাবে অন্যান্য নেতাসমূহৰ সৈতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়৷ এয়াই তেওঁৰ সৰ্বাধিক দৈৰ্ঘৰ তথা অন্তিম কাৰাবাস আছিল৷ সৰ্বমুঠ তেওঁ ৯ বাৰ কাৰাবাস খাটিছিল৷ ১৯৪৫ চনৰ জানুৱাৰী মাহত তেওঁ কাৰাবাসৰ পৰা মুক্তি লাভ কৰাৰ পিছত ৰাজদ্ৰোহৰ অভিযোগত অভিযুক্ত আইএনএৰ বিষয়াবৰ্গ তথা জনসাধাৰণৰ বাবে আইনী প্ৰতিৰক্ষা স্থাপিত কৰে৷ ১৯৪৬ চনৰ মাৰ্চ মাহত নেহৰুৱে দক্ষিণ পূব এছিয়া ভ্ৰমণ কৰে৷ ১৯৪৬ চনত ৬ জুলাইত আৰু ১৯৫১ চনৰ পৰা ১৯৫৪ চনলৈ একেৰাহে তিনিবছৰৰ বাবে তেওঁৰ পুনৰবাৰ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয়৷