শ্ৰী চৰণ সিঙৰ ১৯০২ চনত উত্তৰ প্ৰদেশৰ মীৰাট জিলাত নুৰপুৰ নামে ঠাই এডোখৰত এটা মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল৷ ১৯২৩ চনত বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ ১৯২৫ চনত আগ্ৰা বিশ্ববিদ্যালয়ৰ পৰা প্ৰাক্ স্নাতকোত্তৰ ডিগ্ৰী প্ৰাপ্ত কৰে৷ তাৰোপৰি আইনৰ প্ৰশিক্ষণ লাভ কৰি তেওঁ গাজিয়াবাদত অভ্যাস আৰম্ভ কৰে৷ ১৯২৯ চনত তেওঁ মীৰাটলৈ আহে আৰু কংগ্ৰেছত যোগদান কৰে৷
১৯৩৭ চনত চাপ্ৰাউলিৰ পৰা তেওঁ উত্তৰ প্ৰদেশৰ বিধানসভালৈ নিৰ্বাচিত হয় আৰু তেওঁৰ সমষ্টিটোক ক্ৰমে ১৯৪৬, ১৯৫২, ১৯৬২ আৰু ১৯৬৭ চনত প্ৰতিনিধিত্ব কৰে৷ ১৯৪৬ চনত পণ্ডিত গোবিন্দ বল্লভ পণ্টৰ চৰকাৰৰ সময়ত তেওঁ সংসদীয় সচিব হিচাপে নিযুক্ত হয় আৰু বিভিন্ন বিভাগ যেনে ৰাজহ, চিকিৎসা আৰু ৰাজহুৱা স্বাস্থ্য, ন্যায়, তথ্য ইত্যাদি বিভাগত সেৱা প্ৰদান কৰে৷ ১৯৫১ চনৰ জুন মাহত তেওঁ ৰাজ্যিক কেবিনেট মন্ত্ৰী হিচাপে নিযুক্ত হয় আৰু ন্যায় তথা তথ্য বিভাগৰ দায়িত্ব গ্ৰহণ কৰে৷ পিছলৈ তেওঁ 1954 চনত ডঃ সম্পূৰ্ণানন্দৰ কেবিনেটত ৰাজহ আৰু কৃষি বিভাগৰ মন্ত্ৰীত্ব গ্ৰহণ কৰে৷ ১৯৫৯ চনৰ এপ্ৰিল মাহত পদত্যাগ কৰাৰ মুহূৰ্তত তেওঁ ৰাজহ আৰু পৰিবহণ বিভাগৰ দায়িত্ব গ্ৰহণ কৰি আছিল৷
শ্ৰী চি.বি. গুপ্তাৰ কাৰ্যকালত তেওঁ গৃহ আৰু কৃষি বিভাগৰ মন্ত্ৰীৰ দায়িত্বত আছিল (১৯৬০)৷ শ্ৰীমতী সুচেতা কৃপালিনীৰ কাৰ্যকালত শ্ৰী চৰণ সিঙে কৃষি আৰু বন বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰে(১৯৬২-৬৩)৷ ১৯৬৫ চনত তেওঁ কৃষি বিভাগ পৰিত্যাগ কৰি ১৯৬৬ চনত স্থানীয় স্বায়ত্ব শাসন বিভাগৰ দায়িত্ব গ্ৰহণ কৰে৷
কংগ্ৰেছ বিভক্ত হোৱাৰ পিছত তেওঁ কংগ্ৰেছ দলৰ সমৰ্থনত ১৯৭০ চনত দ্বিতীয় বাৰৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পদত আসীন হয়৷ কিন্তু ১৯৭০ চনৰ ২ অক্টোবৰত ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰা হয়৷
শ্ৰী চৰণ সিঙে উত্তৰ প্ৰদেশৰ বিভিন্ন বিভাগত নিজৰ সেৱা প্ৰদান কৰিছিল আৰু এজন কঠোৰ পৰিশ্ৰমী হিচাপে সন্মান অৰ্জন কৰিছিল৷ তেওঁ প্ৰশাসনত অদক্ষতা, স্বজন-তোষণ তথা দুৰ্নীতি মুঠেও সহ্য নকৰিছিল৷ এজন সুদক্ষ সাংসদ তথা স্বাভিমানী ব্যক্তি হিচাপে শ্ৰী চৰণ সিং তেওঁৰ বাকপটুতা আৰু বিশ্বাসৰ সাহসৰ বাবে জনাজাত হৈছিল৷
তেওঁৰ উত্তৰ প্ৰদেশৰ ভূমি নৱজাগৰণৰ প্ৰধান হোতা আছিল; ১৯৩৯ চনৰ ঋণমুক্তি বিভাগৰ বিলৰ চুড়ান্তকৰণ আৰু প্ৰণয়নত প্ৰধান ভূমিকা পালন কৰিছিল যিয়ে গ্ৰামীণ ধাৰকসকলক এক ডাঙৰ সকাহ দিবলৈ সক্ষম হৈছিল৷ তেওঁৰ পদক্ষেপৰ ফলতেই উত্তৰ প্ৰদেশৰ মন্ত্ৰীসকলে প্ৰাপ্ত কৰি থকা সুবিধাসমূহ কৰ্তন কৰাৰ উপৰিও দৰমহাও হ্ৰাস কৰা হৈছিল৷
মুখ্যমন্ত্ৰী হিচাপে ১৯৬০ চনত তেওঁ ভূমি ধাৰণ আইন প্ৰণয়ন কৰি চিলিঙৰ পৰিমাণ হ্ৰাস কৰি সমগ্ৰ ৰাজ্যতে একেটা পৰিমাণ প্ৰৱৰ্তন কৰিছিল৷
বহু কমসংখ্যক ৰাজনৈতিক ব্যক্তিয়েহে তৃণমূল পৰ্যায়ত শ্ৰীচৰণ সিঙৰ সমান জনপ্ৰিয় হ’ব পাৰিছিল৷ সামাজিক ন্যায়ত বিশ্বাসী শ্ৰী চৰণ সিং আছিল প্ৰকৃত অৰ্থত এজন জনকৰ্মী আৰু সেইবাবেই তেওঁ লক্ষাধিক কৃষকৰ মাজত জনপ্ৰিয় হ’ব পাৰিছিল৷
শ্ৰী চৰণ সিঙে এক সৰল জীৱন নিৰ্বাহ কৰিছিল আৰু অধিকাংশ সময়েই অধ্যয়ন আৰু লিখা-মেলা কৰি কটাইছিল৷ তেওঁ ‘Abolition of Zamindari’, ‘Co-operative Farming X-rayed’, ‘India’s Poverty and its Solution’, ‘Peasant Proprietorship or Land to the Workers’ আৰু ‘Prevention of Division of Holdings Below a Certain Minimum’ কে ধৰি কেইবাখনো গ্ৰন্থৰ প্ৰণেতা আছিল৷