পি.ৰংগা ৰাওৰ পুত্ৰ শ্ৰীমান পি.ভি নৰসিংহ ৰাৱে ১৯২১চনৰ ২৮ জুনত কৰিমনহৰত জন্মগ্ৰহণ কৰিছিল। হায়দৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়, বোম্বে বিশ্ববিদ্যালয় আৰু নাগপুৰ বিশ্ববিদ্যালয়ত তেওঁ অধ্যয়ন কৰিছিল৷ পত্নীহাৰী শ্ৰী পি.ভি. নৰসিংহ ৰাও আছিল তিনি পুত্ৰ আৰু পাঁচ কন্যাৰ পিতৃ৷
কষি বিজ্ঞানী আৰু অধিবক্তা হোৱা সূত্ৰে তেওঁ ৰাজনীতিত যোগ দিয়ে আৰু কিছু গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব ৰূপায়ন কৰে৷ ১৯৬২-৬৪ত তেওঁ অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ আইন আৰু তথ্য মন্ত্ৰী, ১৯৬৪-৬৭ত আইন আৰু ইনডাওমেণ্ট মন্ত্ৰী, ১৯৬৭ত স্বাস্থ্য আৰু চিকিৎসা মন্ত্ৰী, ১৯৬৮-৭১ত শিক্ষা মন্ত্ৰী আছিল৷ তেওঁ ১৯৭১-৭৩ত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, ১৯৭৫-৭৬ত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সচিব, ১৯৬৮-৭৪ত অন্ধ্ৰ প্ৰদেশৰ তেলেগু একাডেমীৰ অধ্যক্ষ, ১৯৭২ৰ পৰা মাদ্ৰাছৰ দক্ষিণ ভাৰত হিন্দী প্ৰচাৰ সভাৰ উপ-সভাপতিৰ দায়িত্ব পালন কৰিছিল৷ তেওঁ ১৯৫৭-৭৭লৈ অন্ধ্ৰ প্ৰদেশ বিধানসভাৰ সদস্য, ১৯৭৭-৮৪লৈ লোকসভাৰ সদস্য আৰু ১৯৮৪ৰ ডিচেম্বৰত ৰামটেকৰ পৰা অষ্টম লোকসভালৈ নিৰ্বাচিত হয়৷ ১৯৭৮-৭৯ত পাব্লিক একাউণ্টছ কমিটিৰ অধ্যক্ষ হিচাপে তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ স্কুল অৱ এছিয়ান এণ্ড আফ্ৰিকান ষ্টাডিছে আয়োজন কৰা এক সন্মিলনত ভাগ লয়৷ শ্ৰী ৰাৱে ভাৰতীয় বিদ্যা ভৱনৰ অন্ধ্ৰ কেন্দ্ৰৰ অধ্যক্ষতাও কৰিছিল৷ ১৯৮০ৰ ১৪ জানুৱাৰীৰ পৰা ১৯৮৪ৰ ১৮ জুলাইলৈ তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী, ১৯৮৪ৰ ১৯ জুলাইৰ পৰা ১৯৮৪ৰ ৩১ ডিচেম্বৰলৈ গৃহ মন্ত্ৰী আৰু ১৯৮৪ৰ ৩১ ডিচেম্বৰৰ পৰা ১৯৮৫ৰ ২৫ ছেপ্তেম্বৰলৈ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে৷ ইয়াৰ পাছত তেওঁ ১৯৮৫ৰ ২৫ ছেপ্তেম্বৰত মানৱ সম্পদ উন্নয়ন মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে৷
বিভিন্ন ক্ষেত্ৰত ৰাপ থকা ৰাৱে সংগীত, চলচ্চিত্ৰ আৰু থিয়েটাৰ ভাল পাইছিল৷ ভাৰতীয় দৰ্শন আৰু সংস্কৃতি, উপন্যাস লিখা আৰু ৰাজনৈতিক বিশ্লেষণ, বিভিন্ন ভাষা শিকাৰ লগতে সাহিত্যৰ সমান্তৰালকৈ তেলেগু আৰু হিন্দীত কবিতা লিখা আদি আছিল তেওঁৰ বিশেষ আগ্ৰহৰ বিষয়৷ তেওঁ সফলতাৰে প্ৰকাশ কৰিছিল জ্ঞানপীঠ প্ৰকাশনৰ প্ৰয়াত বিশ্বনাথ সত্যনাৰায়ণৰ বিখ্যাত তেলেগু উপন্যাস ‘ভেয়ী পাড়াগালু’ৰ হিন্দী অনুবাদ ‘সহস্ৰপ্ৰাণ’ আৰু চেণ্ট্ৰেল সাহিত্য একাডেমীৰদ্বাৰা প্ৰকাশিত প্ৰয়াত হৰি নাৰায়ণ আপ্টেৰ বিখ্যাত মাৰাঠী উপন্যাস ‘পান লক্ষত ক’ন ঘেটো’ৰ তেলেগু অনুবাদ ‘আবালা জীৱিতম’৷ মাৰাঠীৰ পৰা তেলেগু আৰু তেলেগুৰ পৰা হিন্দীলৈ তেওঁ আন বহুতো প্ৰখ্যত অনবাদ সাহিত্য সৃষ্টি কৰিছে আৰু ছদ্ম নামেৰে বিভিন্ন আলোচনীত বহুতো প্ৰবন্ধ প্ৰকাশ কৰিছে৷ তেওঁ ইউ.এছ.এ আৰু পশ্চিম জাৰ্মানীৰ কেইবাখনো বিশ্ববিদ্যালয়ত ৰাজনৈতিক বিষয়ত ভাষণ আগবঢ়াইছে৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে তেওঁ ১৯৭৪ত কেইবাবাৰো ইংলেণ্ড, পশ্চিম জাৰ্মানী, ছুইজাৰলেণ্ড, ইটালী আৰু ইজিপ্ত ভ্ৰমণ কৰিছিল৷
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হৈ থকা সময়ত শ্ৰী ৰাৱে আন্তঃৰাষ্ট্ৰীয় কূটনীতিত নিজৰ পাণ্ডিত্য আৰু চহকী ৰাজনৈতিক তথা প্ৰশাসনিক অভিজ্ঞতা সুন্দৰভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছিল৷ কাৰ্যভাৰ গ্ৰহণৰ কেইদিনমানৰ ভিতৰতে তেওঁ ১৯৮০ৰ জানুৱাৰীত নতুন দিল্লীত ইউএনআইডিঅ’ৰ তৃতীয়খন সন্মিলনত অধ্যক্ষতা কৰিছিল৷ ১৯৮০ৰ মাৰ্চত তেওঁ নিউয়ৰ্কত গ্ৰুপ অৱ ৭৭ৰ এখন বৈঠকতো অধ্যক্ষৰ আসন শুৱনি কৰিছিল৷ ১৯৮১ৰ ফেব্ৰুৱাৰীত অনুষ্ঠিত জোট-নিৰপেক্ষ দেশৰ বৈদেশিক মন্ত্ৰীৰ সন্মিলনত তেওঁৰ ভূমিকা ব্যাপক ৰূপত প্ৰশংসিত হৈছিল৷ শ্ৰী ৰাৱে আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিত তীব্ৰ ব্যক্তিগত আগ্ৰহ প্ৰদৰ্শন কৰিছিল আৰু ১৯৮১ৰ মে’ত কাৰাকাছত অনুষ্ঠিত গ্ৰুপ অৱ ৭৭ৰ সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলক ব্যক্তিগতভাৱে নেতৃত্ব দিছিল৷
১৯৮২ আৰু ১৯৮৩ চন ভাৰতবৰ্ষ আৰু ইয়াৰ বৈদেশিক নীতিৰ বাবে যথেষ্ট ঘটনাবহুল বৰ্ষ আছিল৷ উপসাগৰীয় যুদ্ধৰ প্ৰভাৱৰ মাজতে অসহযোগ আন্দোলনৰ সপ্তম সন্মিলন আয়োজনৰ দায়িত্ব লাভ কৰে ভাৰতে৷ ইয়ে এই কথাও প্ৰতীয়মান কৰায় যে ভাৰতে আন্দোলনক গ্ৰহণ কৰিছে আৰু শ্ৰীমতী ইন্দিৰা গান্ধী সন্মিলনৰ অধ্যক্ষা হয়৷ ১৯৮২ত যেতিয়া ভাৰতক ইয়াৰ আয়োজনৰ দায়িত্ব দিয়া হৈছিল আৰু পিছৰ বছৰত যেতিয়া বিভিন্ন দেশৰ ৰাজ্য আৰু চৰকাৰৰ মূৰব্বীৰ মাজত আন্দোলন সন্দৰ্ভত অনানুষ্ঠানিক আলোচনাৰ বাবে নিউয়ৰ্কত বৈঠক আহ্বান কৰা হৈছিল, তেতিয়া শ্ৰী পি.ভি. নৰসিংহ ৰাৱে জোট-নিৰপেক্ষ ৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীৰ সৈতে নতুন দিল্লী আৰু ৰাষ্ট্ৰসংঘত অনুষ্ঠিত বৈঠকৰ অধ্যক্ষতা কৰিছিল৷
শ্ৰী ৰাও বিশেষ জোট-নিৰপেক্ষ অভিযানৰো নেতা আছিল, যিয়ে পেলেষ্টাইন মুক্তি আন্দোলন সমাধানৰ বাবে ১৯৮৩ৰ নৱেম্বৰত পশ্চিম এছিয়াৰ দেশ ভ্ৰমণ কৰিছিল৷শ্ৰী ৰাও নতুন দিল্লীৰ কমনৱেলথ হেডছ অফ গৱৰ্ণমেণ্ট আৰু চাইপ্ৰাছ সম্বন্ধীয় আলোচনাৰ বাবে অনুষ্ঠিত বৈঠকদ্বাৰা গঠিত একছন গ্ৰুপৰ সৈতেও সক্ৰিয়ভাৱে জড়িত আছিল৷
বৈদেশিক মন্ত্ৰীৰ ৰূপত শ্ৰী নৰসিংহ ৰাৱে আমেৰিকা, ইউ.এছ.এছ.আৰ, পাকিস্তান, বাংলাদেশ, ইৰান, ভিয়েটনাম, তাঞ্জানিয়া আৰু গায়ানাৰ দৰে দেশৰ সৈতে হোৱা বিভিন্ন যুটীয়া আয়োগত ভাৰতৰ হৈ অধ্যক্ষতা কৰিছিল৷
শ্ৰী নৰসিংহ ৰাৱে ১৯৮৪ চনৰ ১৯ জুলাইত গৃহমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল৷ ১৯৮৪ৰ ৫ নৱেম্বৰত তেওঁক পৰিকল্পনা মন্ত্ৰালয়ৰ অতিৰিক্ত দায়িত্বৰ সৈতে এই পদত পুনৰ নিয়োগ কৰা হৈছিল৷ ১৯৮৪ৰ ৩১ ডিচেম্বৰৰ পৰা ১৯৮৫ৰ ২৫ ছেপ্তেম্বৰলৈ তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী আছিল৷ ১৯৮৫ৰ ২৫ ছেপ্তেম্বৰত শ্ৰী ৰাৱে মানৱ সম্পদ উন্নয়ন মন্ত্ৰীৰ দায়িত্ব লাভ কৰে৷