এই ৱেবছাইট প্রকাশিত যি কোনো বিষয়বস্তু বিনামূলীয়াকৈ পুনৰ প্রকাশ কৰিব পাৰিব। অৱশ্যে, সকলো বিষয়বস্তু যথাযথভাবে পুনৰ প্রকাশ কৰিব লাগিব আৰু ইয়াৰ কোনো অপভ্ৰংশ কৰিব নোৱাৰিব বা তথ্যৰ বিভ্ৰাট কৰি ব্যৱহাৰ কৰিব নোৱাৰিব। এই ৱেবছাইটৰ কোনো বিষয়বস্তু প্রকাশ অথবা আনক প্ৰদান কৰিবলগীয়া হ’লে উৎসৰ কথা নির্দিষ্টকৈ তথা স্পষ্টভাৱে উল্লেখ কৰিব লাগিব। অৱশ্যে, তৃতীয় পক্ষৰ কপিৰাইট থকা এনে ধৰণৰ যিকোনো বিষয়বস্তু পুনৰ প্রকাশৰ অনুমতি দিয়া নহয়। এই সকলো বিষয়বস্তু পুনৰ প্রকাশৰ বাবে সংশ্লিষ্ট বিভাগ তথা কপিৰাইট থকা ব্যক্তি বা সংস্থাৰ পৰা আগতীয়াকৈ অনুমতি ল’ব লাগিব।
গোপনীয়তাৰ নীতি
এই ৱেবছাইটত আপোনাক চিনাক্ত কৰিব পৰা আপোনাৰ সম্বন্ধে কোনো বিশেষ ব্যক্তিগত তথ্য (নাম, ফোন নম্বৰ বা ই-মেইল) স্বয়ংক্ৰিয়ভাৱে প্ৰদান কৰা নহয়। অৱশ্যে, আপুনি যদি আমাৰ ৱেবছাইটত আপোনাৰ নাম, ঠিকনাসহ ব্যক্তিগত তথ্য দিব বিচাৰে তেতিয়াহ’লে আপোনাৰ অনুৰোধ মৰ্মে যিকোনো তথ্য আমি দিব পাৰো। ৱেবছাইটটোৰ যি অংশত মাননীয় প্রধানমন্ত্রীৰ সৈতে বাৰ্তালাপৰ বাবে এটি বিভাগ আছে, তাত যোগাযোগৰ বাবে ব্যৱহাৰকাৰীয়ে নাম প্ৰদান কৰিব লাগিব। তাৰ পৰা আহৰিত তথ্য ভালকৈ আলোচনা কৰাৰ বাবেই ইয়াক ব্যৱহাৰ কৰা হ’ব।
আমি ব্যক্তিগতভাবে চিনাক্তকৰণৰ উপযুক্ত কোনো তথ্য, যি এই ছাইটত স্ব-ইচ্ছাৰে দিয়া হয়, সেইবোৰ কোনো তৃতীয় পক্ষক বিক্রী কৰা নাই বা দিয়া নাই। এই ৱেবছাইটৰ বাবে প্রদান কৰা যিকোনো তথ্য হেৰোৱা, অপ-ব্যৱহাৰ কৰা, বিনা অনুমতিত প্রকাশ কৰা, সাল-সলনি কৰা অথবা নষ্ট কৰা নহয়।
ৱেবছাইট ব্যবহাৰকাৰীসকলৰ পৰা আমি ইণ্টাৰনেট প্রোট’কল(IP)ঠিকনা, ডোমেইনৰ নাম, ব্রাউজাৰৰ প্ৰকাৰ, অপাৰেটিং ছিষ্টেম, কোন সময়ত ৱেবছাইটটো খোলা হৈছে তাৰ তাৰিখ আৰু সময় ইত্যাদি ধৰণৰ তথ্য সংগ্রহ কৰি থকা হয়। ৱেবছাইট ব্যবহাৰকাৰী কোনো ব্যক্তিয়ে উদ্দেশ্যপ্ৰণোদিতভাৱে এই ছাইটটোৰ ক্ষতি কৰাৰ চেষ্টা নকৰিলে আমি ব্যৱহাৰকাৰীসকলক চিনাক্ত কৰা কোনো চেষ্টা নকৰো।
কুকিছ নীতি
কুকি হৈছে ছফটৱেৰ কোডৰ একোটি খণ্ড, যি কোনো ছাইটৰ পৰা তথ্য সংগ্রহৰ সময়ত আপোনাৰ ব্রাউজাৰত সংশ্লিষ্ট ৱেবছাইটৰ পক্ষৰ পৰা প্ৰেৰণ কৰা হয়। এটি কুকি আপোনাৰ কম্পিউটাৰত বা মোবাইল ফোনত সাধাৰণ টেক্স ফাইল হিচাপে সংৰক্ষণ কৰা থাকে। সংশ্লিষ্ট ছার্ভাৰে কেবল এই কুকিৰ পৰা তথ্য উদ্ধাৰ কৰিব বা পঢ়িব পাৰে। ৱেবছাইটৰ বিভিন্ন পৃষ্ঠাত যাতে আপুনি ক্ষীপ্ৰতাৰে লক্ষ্য কৰিব পাৰে, তাৰ বাবে কুকিসমূহৰ জৰিয়তে আপোনাৰ পছন্দ-অপছন্দ বাব প্ৰৱণতা বুজি পোৱাৰ চেষ্টা কৰা হয়। ইয়াৰ ফলত সাধাৰণতে ৱেবছাইটটোৰ প্ৰতি আপোনাৰ অভিজ্ঞতা উন্নত হয়।
আমি আমাৰ ৱেবছাইটত নিম্নলিখিত ধৰণৰ কুকি ব্যৱহাৰ কৰোঃ-
১) বিশ্লেষণকাৰী কুকি হৈছে আপোনাৰ ব্রাউজিঙৰ ধৰণ বুজাৰ বাবে নাম বিহীনভাবে আপোনাৰ কম্পিউটাৰ অথবা মোবাইল ডিভাইছটো চিহ্নিত কৰাৰ বিশেষ ধৰণৰ কুকি।
২) সেৱাজনিত কুকি হৈছে আমাৰ ৱেবছাইটৰ কাম দক্ষতাৰে কৰিবলৈ আপোনাৰ পঞ্জীয়ন আৰু লগ-ইন সম্পৰ্কীয় তথ্য আৰু আপোনাৰ পছন্দৰ ছেটিং আৰু পৃষ্ঠা মনত ৰখাৰ বাবে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ কুকি।
৩) এক বিশেষ দিনত ৱেবছাইট ব্যৱহাৰৰ বাবে এক ধৰণৰ নন-পাৰডিষ্টেণ্ট কুকি ব্যৱহাৰ কৰা হয়। এই ধৰণৰ কুকিৰ জৰিয়তে কিছু কাৰিকৰী কাম কৰা হয়। যেনেকৈ ৱেবছাইটৰ এটা পৃষ্ঠাৰ পৰা আন এটা পৃষ্ঠালৈ যোৱাৰ বাবে এই কুকিৰ সহায়ত ব্যৱহাৰকাৰীসকল অনায়াসে যাব পাৰে। এই কুকিৰ জৰিয়তে ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য সংগ্রহ কৰা নহয়। তদুপৰি, ৱেবছাইটৰ পৰা ওলাই যোৱাৰ লগে লগে আপোনাৰ সম্বন্ধীয় সকলো তথ্য মচি পোলোৱা হয়। এই কুকিৰ জৰিয়তে কোনো তথ্য স্থায়ীভাবে ৰেকর্ড কৰা নহয় আৰু কম্পিউটাৰৰ হার্ড ড্রাইভতো এই তথ্য মজুত ৰখা নহয়। এই কুকিসমূহ কেৱল মেম’ৰিত ৰখা হয়। সক্রিয়ভাৱে ব্রাউজাৰ ব্যৱহাৰ কৰিলেহে তাক মেম’ৰিত ৰখা হয়। যেতিয়াই আপোনাৰ ব্রাউজাৰ আপুনি বন্ধ কৰিব, তেতিয়াই এই কুকিসমূহ অদৃশ্য হৈ যাব।
ইয়াৰ উপৰি আপুনি লক্ষ্য কৰিব যে যেতিয়া আপুনি pmindia.gov.in/pmindia.nic.in ছাইটৰ কোনো বিভাগ চাব, তেতিয়া আপোনাক কুকিৰ সহায়ৰ প্রয়োজন হ’ব পাৰে। অন্যথা এই ৱেবছাইটটোৰ বিশেষ বিভাগ যথাযথভাবে কাম নকৰিবও পাৰে।
হাইপাৰলিংক নীতি
বাহিৰৰ যিকোনো ৱেবছাইট বা পোর্টেলৰ সৈতে লিংক কৰা
এই ৱেবছাইটৰ বিভিন্ন স্থানত আপুনি অন্যান্য ৱেবছাইট/পোৰ্টেলৰ বিভিন্ন লিংক পাব। আপোনাৰ সুবিধাৰ বাবে এই লিংকবোৰ ৰখা হৈছে। বাহিৰৰ লিংক স্থাপন হোৱা ৱেবছাইটবোৰৰ বিষয়বস্তুৰ বাবে প্রধানমন্ত্রীৰ কাৰ্যালয় দায়বদ্ধ নহয় আৰু এইবোৰ ছাইটৰ সন্দৰ্ভতো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কোনো অনুমোদন নজনায়। এই ৱেবছাইটত বাহিৰৰ ৱেবছাইটৰ ঠিকনাৰ উপস্থিতিক কোনোধৰণে অনুমোদন কৰা বুলি ধৰা নহয়। এই লিংকবোৰে যথাযথভাবে কাম কৰিব নে নাই তাৰো নিশ্চয়তা আমি দিব নোৱাৰো, কিয়নো, সেইবোৰৰ ওপৰত আমাৰ কোনো নিয়ন্ত্রণ নাই।
প্রধানমন্ত্রীৰ কার্যালয়ৰ ৱেবছাইটৰ সৈতে অন্যান্য ৱেবছাইট/পোৰ্টেলৰ লিংক কৰা
এই ৱেবছাইটৰ কোনো তথ্য আপুনি প্ৰত্যক্ষভাৱে অন্য কোনো ছাইটৰ সৈতে লিংক কৰিলে, সেই ক্ষেত্ৰত আমি আপত্তি নকৰো আৰু ইয়াৰ বাবে আগতীয়াকৈ কোনো অনুমতিও ল’ব নালাগে। অৱশ্যে, এই ৱেবছাইটৰ সৈতে কোনো লিংক দিব বিচাৰিলে আপোনালোকে আমাক অৱগত কৰিব, যাতে আমাৰ ৱেবছাইটৰ কোনো পৰিৱর্তন বা আপডেট হ’লে, সেই সন্দৰ্ভত আপোনালোকক জনাব পৰা যায়। এই ৱেবছাইটৰ পৃষ্ঠাসমূহ ব্যৱহাৰকাৰীয়ৈ নতুনকৈ খোলা ব্রাউজাৰ উইণ্ড’ত থাকিব লাগিব।
চর্তাৱলী
নেচনেল ইনফৰমেটিকছ চেণ্টাৰে এই ৱেবছাইটটিৰ নক্সা প্ৰস্তুত কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ইয়াৰ সবিশেষ তথ্য প্রদান কৰিছে।
এই ৱেবছাইটৰ সকলো তথ্য নির্ভুলভাবে কৰিবলৈ যদিও সকলোধৰণৰ প্ৰচেষ্টা লোৱা হৈছে, তথাপি, ৱেবছাইটৰ কোনো বক্তব্যকে আইনী বক্তব্য বুলি ধৰা নহয় বা আইনগত দিশত ব্যৱহাৰ কৰা নহয়। ৱেবছাইট ব্যৱহাৰ কৰাৰ সময়ত কোনো সন্দেহ থাকিলে ব্যৱহাৰকাৰীসকলে যি কোনো তথ্য প্রধানমন্ত্রীৰ কার্য্যালয়ৰ পৰা/অন্যান্য উৎসৰ পৰা পুনৰীক্ষণ কৰা আৰু উপযুক্ত বৃত্তিৰ লোকৰ পৰা উপদেশ ল’বলৈ পৰামৰ্শ আগবঢ়াব পাৰে।
এই ৱেবছাইট ব্যবহাৰৰ কাৰণে কোনোধৰণৰ ধন খৰচ হ’লে, ক্ষতি হ’লে তাৰ বাবে প্রধানমন্ত্রীৰ কার্য্যালয় দায়বদ্ধ নহয়।
ৱেবছাইটৰ এই নিয়মাৱলী আৰু চর্তাৱলী ভাৰতীয় আইনৰ দ্বাৰা পৰিচালিত হ’ব। ৱেবছাইটৰ নীতি আৰু চর্তাৱলীৰ লগত জড়িত যি কোনো বিবাদ ভাৰতীয় আদালতৰ কামৰ আওতাত থাকিব।
এই ৱেবছাইটত যিবোৰ তথ্য ৰখা হ’ব তাৰ ভিতৰত বেচৰকাৰী/ব্যক্তিগত সংগঠনসমূহৰ কর্তৃপক্ষৰ দ্বাৰা পৰিচালিত হাইপাৰটেক্স লিংক বা পইণ্টাৰো থাকিব। প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ এই ৱেবছাইটত বাহিৰা ৱেবছাইটৰ সকলো লিংক আৰু পইণ্টাৰ আপোনালোকৰ সুবিধাৰ বাবে ৰখা হ’ব। বাহিৰা ৱেবছাইটবোৰৰ লিংক নির্বাচন কৰাৰ লগে লগে আপুনি প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ এই ৱেবছাইটৰ পৰা ওলাই যাব। সেই সময়ত সংশ্লিষ্ট বাহিৰা ৱেবছাইটসমূহৰ গোপনীয়তা আৰু নিৰাপত্তাজনিত নিয়ম-নীতি আপোনালোকৰ ক্ষেত্রত কার্যকৰী হ’ব। এই ৱেবছাইটসমূহে ভাৰত চৰকাৰৰ ৱেবছাইট সংক্ৰান্তীয় নীতিপদ্ধতি মানি চলিব লাগিব বুলি প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ পৰা এনে কোনো গেৰাণ্টি দিয়া নহয়।
আঞ্চলিক ভাষা নীতি
এই ৱেবছাইট পৰ্টেলৰ তথ্য আঞ্চলিক ভাষাত নির্ভুলভাবে কৰিবলৈ যদিও সকলোধৰণৰ প্ৰচেষ্টা লোৱা হৈছে, তথাপি ইয়াৰ কোনো বক্তব্যকে আইনী বক্তব্য বুলি ধৰা নহয় বা আইনগত দিশত ব্যৱহাৰ কৰা নহয়। আঞ্চলিক ভাষাৰ তথ্যসমূহৰ কোনো বিসংগতি প্ৰত্যক্ষ কৰিলে ব্যৱহাৰকাৰীসকলে যি কোনো তথ্যৰ বাবে ইংৰাজী ভাষাত থকা মুল তথ্য চাব পাৰে। ভাষাগত যিকোনো ভুলৰ বাবে আপোনালোকে অনলাইনত মতামত আগবঢ়াব পাৰে।
এই তথ্যসমূহৰ শুদ্ধতা, সম্পূৰ্ণতা, উপকাৰিতা তথা অন্যান্য দিশত এনআইচি দায়বদ্ধ নহয়। এই ৱেবছাইট ব্যবহাৰৰ কাৰণে কোনোধৰণৰ ধন খৰচ হ’লে, ক্ষতি হ’লে তাৰ বাবে প্রধানমন্ত্রীৰ কাৰ্যালয় দায়বদ্ধ নহয়।
ঘোষণা
প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ দ্বাৰা পৰিচালিত এই ৱেবছাইটটো কেৱল তথ্য জনাৰ বাবেই প্ৰস্তুত কৰা হৈছে। যদিও এই ৱেবছাইটৰ যাবতীয় তথ্য আৰু বিষয়বস্তু যাতে সঠিক হয় তাৰ বাবে সাৱধানতা অৱলম্বন কৰা হৈছে। আনকি, কোনো বিষয়াই এই ৱেবছাইটত উপলব্ধ চৰকাৰী চার্কুলাৰক লৈ কোনো প্রশ্নৰ সন্মুখীন হ’লে বা সন্দেহ দূৰ কৰাৰ বাবে প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে। এই ৱেবছাইটত উল্লেখ কৰা চার্কুলাৰ আৰু প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা চার্কুলাৰৰ মাজত কোনো পার্থক্য থাকিলে, প্রধানমন্ত্রীৰ কার্য্যালয়ৰ পৰা জাৰি কৰা চার্কুলাৰৰ ওপৰতে নির্ভৰ কৰা উচিত। তদুপৰি, এই পার্থক্যৰ সন্দৰ্ভত প্রধানমন্ত্রীৰ কাৰ্যালয়ৰ দৃষ্টিগোচৰ কৰোৱাৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনোৱা হৈছে।