(i) |
সংগঠনৰ কাৰ্যাৱলী আৰু কৰ্তব্যৰ বিৱৰণ |
প্ৰধানমন্ত্ৰীৰ সচিবালয় ১৫.০৮.১৯৪৭ তাৰিখে স্থাপন কৰা হৈছিল আৰু পিছলৈ ইয়াক ২৮.০৩.১৯৭৭ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় হিচাপে নামাকৰণ কৰা হৈছিল৷ ভাৰত চৰকাৰৰ (ব্যৱসায়িক আবণ্টন) অধিনিয়ম, ১৯৬১, অনুসৰি প্রধানমন্ত্রীৰ কার্যালয়ে, প্রধানমন্ত্রীৰ বাবে সচিব পৰ্যায়ৰ সহায় প্রদান কৰে। প্রধানমন্ত্রীৰ মুখ্য সচিবগৰাকী প্রধানমন্ত্রীৰ কার্যালয়ৰ মুৰব্বী। বর্তমান প্রধানমন্ত্রীৰ কার্যালয়ত ১২২টা গেজেটেড আৰু ২৮১টা নন-গেজেটেড পদ আছে (প্ৰধানমন্ত্ৰী/ৰাজ্যিক মন্ত্ৰী/ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা আৰু প্রাক্তন প্রধানমন্ত্রীসকলৰ ব্যক্তিগত কর্মীসকলক বাদ দি)। প্রধানমন্ত্রীৰ কার্যালয়ৰ মূল চৌহদটো ছাউথ ব্লকত অৱস্থিত।অৱশ্যে, ইয়াৰে কেইটামান শাখা ৰে’ল ভৱনত (আৰটিআই শাখা) আৰু সংসদ ভৱনত (সংসদীয় শাখা) আছে। তদুপৰি, ৭নং কল্যাণ মার্গত থকা প্রধানমন্ত্রীৰ বাসভৱনৰ পৰাও ইয়াৰ কাম হৈ থাকে। |
(ii) |
ইয়াৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ ক্ষমতা আৰু কৰ্তব্য |
|
(iii) |
সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত আৰু দায়বদ্ধতা তথা নিৰীক্ষণৰ ক্ষেত্রত যি পদ্ধতি অনুসৰণ কৰা হয় |
প্রধানমন্ত্রীৰ কার্যালয়ে প্রধানমন্ত্রীৰ বাবে সচিব পর্যায়ৰ সহায় আগবঢ়ায়। প্রয়োজন অনুসৰি বিভিন্ন প্রস্তাৱৰ সিদ্ধান্ত গ্রহণৰ ক্ষেত্রত এই সহায় আগবঢ়োৱা হয়। কাৰ্যালয়ৰ পদ্ধতিৰ সন্দৰ্ভত থকা নির্দেশাৱলী মানি চলা হয়। প্ৰধানমন্ত্ৰীক প্ৰদান কৰিবলগীয়া ফাইলসমূহৰ বিষয়-বস্তু এই কথাৰ ওপৰত নিৰ্ভৰ কৰে যে কি তেওঁ কোনো মন্ত্ৰালয়ৰ প্ৰত্যক্ষ দায়িত্বশীল ব্যক্তি অথবা কেবিনেট মন্ত্ৰী অথবা ৰাজ্যিক মন্ত্ৰী (স্বতন্ত)ৰ দায়িত্ব গ্ৰহণ কৰি আছে নেকি৷ দ্বিতীয়টো ক্ষেত্ৰত অধিকাংশ ফাইলেই কেবিনেট মন্ত্ৰী/ৰাজ্যিক মন্ত্ৰীয়ে চোৱাচিতা কৰে৷ যিবোৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে কোনো এটা বিভাগৰ দায়িত্ব গ্ৰহণ কৰি আছে, আৰু এনেকুৱা ক্ষেত্ৰসমূহত মন্ত্ৰীস্তৰীয় অনুমোদনৰ প্ৰয়োজন, যাৰ বাবে সম্বন্ধীয় ৰাজ্যিক মন্ত্ৰী/উপ মন্ত্ৰীক অধিকাৰ প্ৰদান কৰা হোৱা নাই, সেইসমূহ প্ৰধানমন্ত্ৰীৰ আদেশৰ বাবে জমা কৰা হয়৷ ভাৰত চৰকাৰ (ব্যৱসায়ৰ আৱণ্টন)ৰ নিয়মাৱলী, ১৯৬১ আৰু ভাৰত চৰকাৰ (ব্যৱসায়ৰ লেনদেন)ৰ নিয়মাৱলী, ১৯৬১ তথা বিভিন্ন নিয়মাৱলী অনুসৰি গুৰুত্বপূৰ্ণ নিয়ম সম্বন্ধীয় বিষয়বোৰ আদেশ অথবা তথ্যৰ বাবে প্ৰধানমন্ত্ৰীক প্ৰদান কৰা হয়৷ |
(iv) |
এই সংস্থাই ইয়াৰ কার্যনির্বাহকসকলৰ বাবে যি নিয়মৰ প্ৰস্তুত কৰিছে |
মন্ত্ৰী পৰিষদৰ মুখ্য ব্যক্তি হিচাপে প্ৰধানমন্ত্ৰীয়ে কেবিনেট অধিৱেশনত সভাপতিত্ব কৰে আৰু ভাৰতৰ সংবিধান, ভাৰত চৰকাৰ (ব্যৱসায়ৰ আৱণ্টন)ৰ নিয়মাৱলী, ১৯৬১ আৰু ভাৰত চৰকাৰ (ব্যৱসায়ৰ লেনদেন)ৰ নিয়মাৱলী, ১৯৬১ত নিৰ্দেশিত অনুযায়ী কৰ্মসমূহৰ আৱণ্টন কৰে৷ ভাৰত চৰকাৰৰ (ব্যৱসায়িক আবণ্টন) অধিনিয়ম, ১৯৬১ ,আৰু ভাৰত চৰকাৰ (ব্যৱসায়িক লেনদেন) অধিনিয়ম, ১৯৬১ আৰু কাৰ্যালয়ৰ মেনুৱেলত উল্লেখিত নির্দেশাৱলী প্রধানমন্ত্রীৰ কার্যালয়ৰ কাম-কাজ পৰিচালনাৰ ক্ষেত্রত অনুসৰণ কৰা হয়। |
(v) |
সংগঠনৰ বিভিন্ন ধৰণৰ অধিনিয়ম, নিয়ম-কানুন, নির্দেশাৱলী, মেনুৱেল আৰু ৰেকৰ্ড, যি ইয়াৰ নিয়ন্ত্রণত আছে, সেইবোৰ কামত লগাই ইয়াৰ কাম-কাজ পৰিচালনা কৰা হয়। |
কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী/সৰ্বভাৰতীয় সেৱাৰ বিষয়া তথা কেন্দ্রীয় চৰকাৰৰ বিষয়াসকলৰ বাবে প্রযোজ্য নিয়ম-কানুন অনুসৰি ইয়াৰ কাম-কাজ পৰিচালিত হয়। বিস্তৃতভাৱে জানিবলৈ ইয়াত ক্লিক কৰক। [ 419KB ] |
(vi) |
এই সংগঠনৰ ওচৰত থকা বা ইয়াৰ নিয়ন্ত্রণত যিবোৰ নথিপত্ৰ আছে। |
প্রধানমন্ত্রীৰ কার্যালয়ৰ প্রশাসনিক বিষয়, ৰাজহুৱা অভিযোগ, প্রধানমন্ত্রীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ উপৰি প্রধানমন্ত্রীৰ কার্যালয়ত তথ্য/মন্তব্য/অন্যান্য মন্ত্ৰালয়/দপ্তৰৰ বাবে প্রধানমন্ত্রীৰ নির্দেশাৱলী কেবিনেট সচিবালয়, ৰাজ্য চৰকাৰ আৰু অন্যান্য সংস্থা সংক্রান্তীয় নথিপত্র। |
(vii) |
যি পদ্ধতিৰ সহায়ত কোনো লোকে নীতি-নিৰ্ধাৰণ বা ইয়াৰ ৰূপায়ণৰ ক্ষেত্রত বক্তব্য আগবঢ়াব পাৰে বা আলোচনা কৰিব পাৰে। |
যিহেতু, সংশ্লিষ্ট মন্ত্রালয় তথা বিভাগীয় কর্তৃপক্ষই নীতি নির্ধাৰিত আৰু ৰূপায়ণ কৰে,সেয়েহে সাধাৰণ লোকৰ সৈতে আলোচনাৰ ভিত্তিত উক্ত বিষয় সন্দৰ্ভত সংশ্লিষ্ট মন্ত্ৰালয়/ বিভাগে নীতি-নিৰ্ধাৰণ আৰু ৰূপায়ণৰ কৰে। “প্রধানমন্ত্রীৰ সৈতে মত-বিনিময় কৰক” যি কোনো ধৰণৰ বক্তব্য/প্ৰস্তাৱ/অভিযোগ প্রধানমন্ত্রীৰ ওচৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ওচৰলৈ শীৰ্ষক ইণ্টাৰেক্টিভ পেজৰ লিংক ব্যৱহাৰ কৰি পঠাব পাৰে। |
(viii) |
যিকোনো পৰামৰ্শৰ বাবে বিভিন্ন ধৰণৰ বোর্ড, পৰিষদ, কমিটী আৰু অন্যান্য যিবোৰ সংস্থা দুই বা ততোধিক সদস্যক লৈ গঠিত তথা এইবোৰ বোর্ড, পৰিষদ, কমিটী আৰু অন্যান্য সংস্থাসমূহৰ বৈঠকত সাধাৰণ লোকে অংশগ্ৰহণ কৰিব পাৰিব নে নাই অথবা এই বৈঠকৰ লিখিত কার্যবিৱৰণী সাধাৰণ লোকে লাভ কৰিব নে নাই। |
প্ৰযোজ্য নহয়, কিয়নো পিএমঅ‘য়ে প্ৰধানমন্ত্ৰীক সচিবীয় সহযোগিতা আগবঢ়ায়। |
(ix) |
সংস্থাৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ বাবে এখন ডাইৰেক্টৰী |
পিএমঅ’ৰ মুখ্য বিষয়াসকলৰ ডাইৰেক্টৰী কৰ্মচাৰী সম্পৰ্কীয় ডাইৰেক্টৰীৰ বিষয়টো তলৰ স্তম্ভ(১০)ত উল্লেখ কৰা হৈছে, বিশেষকৈ তেওঁলোকে লাভ কৰা দৰমহাৰ সবিশেষ। |
(x) |
প্ৰতিগৰাকী বিষয়া আৰু কৰ্মচাৰীয়ে মাহিলী যি দৰমহা লাভ কৰে, তাৰ লগতে নিয়মানুসৰি ক্ষতিপুৰণ প্ৰদানৰ ব্যৱস্থাও অন্তৰ্ভূ্ক্ত কৰা হৈছে। |
সকলো কৰ্মচাৰীৰ মাহিলী পাৰিতোষিক(দৰমহা আৰু বানচ)। [ 6054KB ] সময়ে সময়ে সংশোধিত “মন্ত্ৰীসকলৰ দৰমহা আৰু বানচ আইন, ১৯৫২” অনুসৰি প্ৰধানমন্ত্ৰী আৰু পিএমঅ’ৰ ৰাজ্যিক মন্ত্ৰী অন্যান্য বানচসমূহ। |
(xi) |
এই সংস্থাৰ বিভিন্ন এজেন্সিৰ বাবে আৱণ্টিত সকলো পৰিকল্পনাৰ তথ্য, প্ৰস্তাৱিত ব্যয় আৰু ব্যয় সংক্ৰান্তীয় প্ৰতিবেদন |
পিএমঅ’ৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন এনে কোনো এজেন্সি নাই, যাৰ বাবে বাজেট আবণ্টন কৰিব লাগে। (i) ২০১৪-১৫, ২০১৫-১৬, ২০১৬-১৭ আৰু ২০১৭-১৮ বৰ্ষৰ সবিশেষ গ্ৰাণ্টৰ ডিমাণ্ড। [ 519KB ] . (ii) 2018-19 বৰ্ষৰ সবিশেষ গ্ৰাণ্টৰ ডিমাণ্ড। [ 274KB ] . (iv) ২০১৫-১৬ বৰ্ষৰ মাহিলী ব্যয়। [ 479KB ] . (v) ২০১৬-১৭ বৰ্ষৰ মাহিলী ব্যয়। [ 465KB ] . (vi) 2017-18 বৰ্ষৰ মাহিলী ব্যয়। [ 405KB ] . (vii) (সপ্তম) ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে শিতান-অনুসৰি মাহিলী ব্যয়। [ 19KB ] |
(xii) |
ৰাজসাহায্যযুক্ত আঁচনি কাৰ্যকৰী কৰাৰ পদ্ধতিকে ধৰি ইয়াৰ বাবে আৱণ্টিত পুঁজিৰ পৰিমাণ আৰু এনে সুবিধাপ্ৰাপ্ত হিতাধিকাৰীসকল |
পিএমঅ’ত ৰাজসাহায্যযুক্ত আঁচনি নাই।. |
(xiii) |
সংস্থাৰ দ্বাৰা ৰেহাই, অনুমোদন বা কৰ্তৃত্বপ্ৰাপকৰ সবিশেষ |
নাই |
(xiv) |
কার্যালয়ৰ উপলদ্ধ সবিশেষ তথ্য, যিবোৰ বৈদ্যুতিন ব্যৱস্থাৰে সংৰক্ষিত |
পিএমঅ’ৰ ৱেবছাইটত উপলব্ধ। |
(xv) |
তথ্য লাভৰ অৰ্থে নাগৰিকসকলে কাৰ্যালয় খোলাৰ সময়ত গ্রন্থাগাৰ অথবা পঠন কক্ষৰ ব্যৱহাৰ কৰিব পাৰে। |
পিআইবি আৰু পিএমঅ’ৰ ৱেবছাইটৰ লগতে ছ’চিযেল মিডিয়া একাউণ্ট: টুইট আৰু ফেচবুকত প্ৰধানমন্ত্ৰী ভাষণ আৰু বিবৃতিবোৰ ৰাইজৰ বাবে উপলদ্ধ। “প্ৰধানমন্ত্ৰীৰ সৈতে মত-বিনিময় কৰক” শীৰ্ষক ইণ্টাৰেক্টিভ লিংক পেজ ব্যৱহাৰ কৰি যিকোনো মতামত/পৰামৰ্শ/প্ৰধানমন্ত্ৰী বা পিএমঅ’লৈ অভিযোগ প্ৰেৰণ কৰিব পাৰে। নাগৰিকসকলে বিভিন্ন উপায়েৰে যেনে-ডাকঘৰৰ জৰিয়তে(প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ছাউথ ব্লক, নতুন দিল্লী, পিন-১১০০১১), বা পিএমঅ’ ডাক কাউণ্টৰত হাতে হাতে অথবা ফেক্স(০১১-২৩০১৬৮৫৭) কৰিও তেওঁলোকৰ অভিযোগসমূহ প্ৰেৰণ কৰিব পাৰে। নাগৰিকসকলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা চিঠিৰ শেহতীয়া স্থিতি জানিবলৈ ০১১-২৩৩৮৬৪৪৭ নম্বৰ ডায়েল টেলিফোনিক অনুসন্ধান কৰাৰ লগতে তেওঁলোকৰ চিঠি/অভিযোগসমূহৰ স্থিতি জানিব পাৰে। অনলাইনযোগে ৰাজহুৱা অভিযোগ পঞ্জীয়ন কৰাৰ উদ্দেশ্যে পিএমঅ’ ৱেবছাইটত ‘প্ৰধানমন্ত্ৰীলৈ লিখক’. শীৰ্ষক শিৰোনামৰ লিংকত , যাব লাগিব। সেই লিংকত ক্লিক কৰি নাগৰিকসকলে চিপিজিআৰএএমএছ পেজত গৈ তেওঁলোকৰ অভিযোগ পঞ্জীয়ন কৰিব লাগিব আৰু পঞ্জীয়ন কৰাৰ পাছত এটা সংখ্যা লাভ কৰিব। নাগৰিকসকলে তেওঁলোকৰ অভিযোগ/পৰামৰ্শৰ লগত জড়িত তথ্য আপলোড কৰাৰ বাবে সুবিধা পাব। ইতিমধ্যে লাভ কৰা পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি চিপিজিআৰএএমএছ ৱেব পৰ্টেলত ইণ্টাৰনেটৰ জৰিয়তে অভিযোগৰ স্থিতি তথা গতিবিধি জানিব পাৰে। ইয়াত আৰটিআই আইন অনুসৰি তথ্য লাভৰ পদ্ধতিবোৰ উল্লেখ কৰা আছে। |
(xvi) |
চৰকাৰী তথ্য বিষয়াসকলৰ নাম, পদবী আৰু অন্যান্য বিষয়সমূহ |
(i) নিৰ্দিষ্ট প্ৰাধিকৰণ (ii) কেন্দ্ৰীয় জন তথ্য বিষয়া (iii) সহকাৰী কেন্দ্ৰীয় জন তথ্য বিষয়া (iv) প্ৰাক্তন কেন্দ্ৰীয় জনসাধাৰণ তথ্য বিষয়া (v) প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পূৰ্বৰ আপীল কৰ্তৃপক্ষসমূহৰ তালিকা [ 171KB ] |
(xvii) |
পিএমঅ’ সম্বন্ধীয় চিপিচিৰ অনুচ্ছেদ ৮০ৰ অধীনত জাননী গ্ৰহণ আৰু সিদ্ধান্তৰ দায়িত্ববাহী নোডেল বিষয়াৰ নাম, পদবী আৰু ঠিকনা |
শ্ৰী সুৰজিৎ দত্ত, অবৰ সচিব হৈছে পিএমঅ’ সম্বন্ধীয় চিপিচিৰ অনুচ্ছেদ ৮০ৰ অধীনত লাভ কৰা মোকৰ্দমা/জাননীৰ ব্যৱস্থাপনাৰ দায়িত্বত থকা নোডেল বিষয়া আৰু তেওঁৰ ঠিকনা হ’লঃ ৰুম নং ২৩৬-বি, ছাউথ ব্লক, নতুন দিল্লী |
(xviii) |
এনে ধৰণৰ আন কেতবোৰ তথ্য পোৱাৰ ব্যৱস্থা আছে |
(i) প্ৰগতি(PRAGATI)ৰ ৱেবছাইট |
১.১ ডিঅ’পিটিৰ নিৰ্দেশাৱলী |
সংগ্রহ সংক্রান্তীয় তথ্য। চৰকাৰী প্ৰাধিকাৰীয়ে ১০ লাখ বা ততোধিক টকা সমমুল্যৰ সামগ্ৰী যোগনকাৰীৰ নামকে ধৰি বিজ্ঞপ্তি প্রকাশ/নিবিদাপত্ৰ সংক্রান্তীয় অনুসন্ধান আৰু নিবিদাৰ বিস্তৃত তথ্য সংগ্ৰহ কৰিব। |
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সকলো আহৰণসমূহ ব্যয় বিভাগে নিৰ্ধাৰণ কৰি দিয়া সাধাৰণ বিত্তীয় নিয়মাৱলী আৰু নিৰ্দেশনা অনুসৰি সম্পন্ন হয়৷ ২০১৭-১৮ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা ১০ লাখ টকা বা তাৰ ঊৰ্ধৰ কোনো সামগ্ৰীৰ বাবে ব্যয় কৰা হোৱা নাই৷ |
১.২ ডিঅ’পিটিৰ নিৰ্দেশাৱলী |
চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বঃ |
নাই |
১.৩ ডিঅ’পিটিৰ নিৰ্দেশাৱলী |
বদলি সম্পৰ্কীয় নীতি আৰু নিৰ্দেশনা |
ডিঅ’পিটি/গৃহ পৰিক্ৰমা মন্ত্ৰালয়/বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা নিযুক্ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী।“কৰ্মচাৰীসকলৰ ডাইৰেক্টৰী”ত নিয়মীয়াকৈ ইয়াৰ আপডেট কৰা হয়। |
১.৪ ডিঅ’পিটিৰ নিৰ্দেশাৱলী |
আৰটিআই আবেদনকাৰীসকল/প্ৰথম আপীল আৰু ইয়াৰ প্ৰত্যুত্তৰ |
“কেতবোৰ আৰটিআই সম্পৰ্কীয় প্ৰশ্ন আৰু ইয়াৰ প্ৰত্যুত্তৰ”। [ 1817KB ] |
১.৫ ডিঅ’পিটিৰ নিৰ্দেশাৱলী |
কেগ( CAG) আৰু পেক(PAC)বক্তব্য আৰু ব্যৱস্থাগ্ৰহণ সম্পৰ্কীয় প্ৰতিবেদন |
পিএমঅ’ৰ ক্ষেত্ৰত কোনো কেগ আৰু পেকৰ বক্তব্য নাই। |
১.৬ ডিঅ’পিটিৰ নিৰ্দেশাৱলী |
নাগৰিক চনদ |
কোনো ধৰণৰ প্ৰত্যক্ষ জন সেৱা প্ৰদান কৰা নহয় বাবে পিএমঅ’ৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। |
১.৭ ডিঅ’পিটিৰ নিৰ্দেশাৱলী |
বিবেচনামুলক আৰু অ-বিবেচনামুলক অনুদান। ৰাজ্য চৰকাৰক দিয়া আবণ্টন/বেচৰকাৰী সংস্থা/অন্যান্য প্ৰতিষ্ঠানক মন্ত্ৰালয়/বিভাগসমূহৰ দ্বাৰা প্ৰদান কৰা সকলো বিবেচনামুলক আৰু অ-বিবেচনামুলক অনুদান। |
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি সম্পৰ্কীয় সবিশেষ তথ্য ইয়াত উপলব্ধ আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিও ইয়াত উপলব্ধ। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি সম্পৰ্কীয় সকলো তথ্য ইয়াত উপলব্ধ। |
১.৮ ডিঅ’পিটিৰ নিৰ্দেশাৱলী |
প্ৰধানমন্ত্ৰী আৰু যুটীয়া সচিব পৰ্যায়ৰ পৰা উচ্চপদস্থ বিষয়াসকলৰ ভ্ৰমণৰ তথ্য |
২৬.০৫.২০১৪ৰ পৰা মাননীয় প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ বিমান ভাড়াকে ধৰি সকলো ব্যয়ৰ সবিশেষ তথ্য। গৃহ মন্ত্ৰালয়ে বিচৰা আৱণ্টনৰ বিতং বিৱৰণ- প্ৰধানমন্ত্ৰীৰ বিমানৰ তদাৰকী তথা অন্যান্য ব্যয় of Ministry of Ministry of Home Affairs-Maintenance of PM’s aircraft-other charges. প্ৰাক্তন প্ৰধানমন্ত্ৰী(শ্ৰী অটল বিহাৰী বাজপেয়ী)ৰ বিদেশ ভ্ৰমণৰ বিমান ভাড়াকে ধৰি সকলো ব্যয়ৰ সবিশেষ তথ্য। [ 493KB ] প্ৰধানমন্ত্ৰীৰ ঘৰুৱা ভ্ৰমণঃ প্ৰধানমন্ত্ৰীৰ ঘৰুৱা ভ্ৰমণৰ সকলো ব্যয় প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বাজেটৰ পৰা বহন কৰা হয়। ২৬.০৫.২০১৬ৰ পৰা প্ৰধানমন্ত্ৰীৰ ঘৰুৱা ভ্ৰমণৰ তালিকা আৰু সময়সূচীসহ পিএমঅ’ৰ ৱেবছাইটত উপলব্ধ।
|
৪(১)(খ)ধাৰাৰ অধীনস্থ | আইন অনুসৰি কৰণীয় | তথ্য প্ৰকাশ |
---|