প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৃঢ়তাৰে বিশ্বাস কৰে যে যিকোনো জনতাকেন্দ্ৰিক চৰকাৰৰ বাবে স্বচ্ছতা আৰু দায়বদ্ধতা হৈছে দুটা মুল স্তম্ভ। স্বচ্ছতা আৰু দায়বদ্ধতাই কেৱল জনতাক চৰকাৰৰ ওচৰ চপাই অনাই নহয়, তেওঁলোক চৰকাৰৰ যিকোনো সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ সম আৰু অবিচ্ছেদ্য অংগ হৈ পৰে।
অভিলেখ সংখ্যক ৪ বাৰকৈ মুখ্যমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীয়ে এখন মুক্ত আৰু স্বচ্ছ চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছিল। আইন আৰু নীতিসমূহ বাতানুকূল কোঠাৰ বিপৰীতে জনতাৰ মাজত প্ৰস্তুত কৰা হৈছিল। খচৰা নীতিবোৰ অনলাইনত আপলোড কৰা হৈছিল আৰু তাত জনসাধাৰণে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰদান কৰিছিল। একে সময়তে গৰীব কল্যান মেলাৰ দৰে প্ৰচেষ্টাৰ জৰিয়তে ৰঙা ফিটাৰ মেৰপাক অবিহনে উন্নয়নৰ সকলো লাভালাভ পোনপটীয়াকৈ দুখীয়া লোকসকলে পোৱাটো নিশ্চিত কৰিছিল। আন এক উদাহৰণ হৈছে ‘এদিনীয়া প্ৰশাসন’ৰ আৰ্হি, য’ত ই-প্ৰশাসনৰ আন্তঃগাঁথনিৰ জৰিয়তে নাগৰিকক নিৰ্দিষ্ট সময়ত সেৱা আগবঢ়োৱাত গুৰুত্ব দিয়া হৈছে। ইয়াৰ মুল উদ্দেশ্য হৈছে নাগৰিক চনদৰ অধীনত সামৰি লোৱাকৈ চৰকাৰৰ পৰা নাগৰিকলৈ সকলো সেৱা আগবঢ়োৱাতো নিশ্চিত কৰা।
স্বচ্ছতাৰ প্ৰতি তেওঁৰ দৃঢ় সংকল্প, যিটোৱে ভাৰতৰ জনগণৰ বাবে তেওঁৰ মুক্ত, স্বচ্ছ আৰু জনতাকেন্দ্রিক চৰকাৰৰ অনুশীলনৰ প্রতিশ্রুতিৰ এক ইঙ্গিত বহন কৰিছে।