প্ৰশ্ন ১: | মাননীয় প্ৰধানমন্ত্ৰীৰ ওচৰত মই অভিযোগ দাখিল কৰিব বিচাৰো৷ অনুগ্ৰহ কৰি মোক প্ৰক্ৰিয়াসমূহ জনাওক৷
প্ৰধানমন্ত্ৰী কাৰ্যালয়ত কেনেদৰে মই অভিযোগ দাখিল কৰিব পাৰো? মোৰ অভিযোগ আবেদন ক’লৈ প্ৰেৰণ কৰিম? মই মোৰ অভিযোগ আবেদন প্ৰধানমন্ত্ৰী মহোদয় অথবা প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ অনলাইনৰ জৰিয়তে দাখিল কৰিব পাৰোনে |
উত্তৰ: | যিকোনো অভিযোগ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৱেবছাইটত সন্নিবিষ্ট পেজ “প্ৰধানমন্ত্ৰীলৈ লিখক”ৰ মাধ্যমেৰে প্ৰেৰণ কৰিব পাৰে৷ এই লিংকসমূহ তলত উল্লেখ কৰা হ’ল— https://www.pmindia.gov.in/ -> Interact with Hon’ble Prime Minister(from drop down menu) ->Write to the Prime Minister. পিএমঅ’ ৱেবছাইটৰ হোম পেজতো এই লিংকটো উপলব্ধ [https://www.pmindia.gov.in/]এই লিংকত ক্লিক কৰিলে, নাগৰিকে CPGRAMS পেজ দেখা পাব আৰু ইয়াতে অভিযোগ পঞ্জীয়ন কৰা হয়৷ পঞ্জীয়নৰ পাছত এটি ইউনিক ৰেজিষ্ট্ৰেছন নম্বৰ লাভ কৰিব৷ অভিযোগৰ সৈতে সংগতি থকা তথ্য-পাতি আপলোড কৰিবলৈ নাগৰিকে সুবিধা পাব৷ নাগৰিকে তেওঁলোকৰ অভিযোগ আন প্ৰকাৰেও প্ৰধানমন্ত্ৰী/প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰে, যেনে—(১) ডাকযোগে—প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ছাউথ ব্ল’ক, নতুন দিল্লী-১১০০১১, (২) পোনপটীয়াকৈ— ছাউথ ব্ল’কৰ পিএমঅ’ ডাৰ্ক কাউণ্টাৰ, নতুন দিল্লী৷ (৩) ফেক্সৰ জৰিয়তে—ফেক্স নম্বৰ ০১১-২৩০১৬৮৫৭ |
প্ৰশ্ন ২: | প্ৰধানমন্ত্ৰীৰ সৈতে মই কেনেকৈ মোৰ চিন্তা-চৰ্চা ভাগ-বতৰা কৰিব পাৰো?
প্ৰধানমন্ত্ৰী মহোদয়ক মই কেইটামান পৰামৰ্শ দিব বিচাৰো? ইয়াৰ বাবে মই কি কৰিব লাগিব? |
উত্তৰ: | প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৱেবছাইট( https://www.pmindia.gov.in)ৰ হোম পেজত উপলব্ধ “Share your ideas, insights and thoughts” লিংকৰ জৰিয়তে যিকোনো নাগৰিকে তেওঁলোকৰ চিন্তা-চৰ্চা, ধ্যান-ধাৰণা প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰিব পাৰে৷ লিংকসমূহ হ’ল—website : https://www.pmindia.gov.in/ -> Interact with Hon’ble Prime Minister(from drop down menu) -> Share your ideas, insights and thoughts. এই লিংকটো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৱেবছাইটৰ হোম পেজতো উপলব্ধ [https://www.pmindia.gov.in/]৷ নাগৰিকে আন প্ৰকাৰেও প্ৰধানমন্ত্ৰী অথবা প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে নিজৰ চিন্তা-চৰ্চা, ধ্যান-ধাৰণা ভাগ-বতৰা কৰিব পাৰে, যেনে—(১) ডাকযোগে – প্রধানমন্ত্ৰীৰ কাৰ্যালয়, ছাউথ ব্ল’ক, নতুন দিল্লী, পিন-১১০০১১, (২) পোনপটীয়াকৈ— ছাউথ ব্ল’কৰ পিএমঅ’ ডাৰ্ক কাউণ্টাৰ, নতুন দিল্লী৷ (৩) ফেক্সৰ জৰিয়তে—ফেক্স নম্বৰ ০১১-২৩০১৬৮৫৭. |
প্ৰশ্ন ৩: | এজন নাগৰিকে প্ৰধানমন্ত্ৰী অথবা প্ৰধানমন্ত্ৰী কাৰ্যালয়ত দাখিল কৰা অভিযোগৰ শেহতীয়া স্থিতিৰ বিষয়ে কেনেকৈ জানিব?
প্ৰধানমন্ত্ৰী/ প্ৰধানমন্ত্ৰী কাৰ্যালয়ত……………………তাৰিখে দাখিল কৰা অভিযোগৰ শেহতীয়া স্থিতিৰ বিষয়ে অনুগ্ৰহ কৰি অৱগত কৰাওক৷ আবেদনখন………………….তাৰিখে আইডি নম্বৰ………………………..জৰিয়তে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে………………………………..বিভাগলৈ প্ৰেৰণ কৰিছিল৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ত মই এখন অভিযোগ আবেদন দাখিল কৰিছিলো আৰু মোৰ আবেদনখন প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ………………………….তাৰিখে পত্ৰ নম্বৰ ……………………………………ৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছিল৷ অনুগ্ৰহ কৰি শেহতীয়া স্থিতি অৱগত কৰাব৷ প্ৰধানমন্ত্ৰী মহোদয়ৰ ওচৰত মই…………….তাৰিখে এখন অনলাইন অভিযোগ আবেদন দাখিল কৰিছিলো৷ আবেদনৰ পঞ্জীয়ন নম্বৰ হ’ল—পিএমঅ’পিজি/ই/ৱাইৱাইৱাইৱাই/১২৩৪৫৬৭৮৯ আৰু আবেদন পত্ৰখন প্ৰধানমন্ত্ৰীয়ে ………………….মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছিল৷ মই জানিব বিচাৰো যে মই উত্থাপন কৰা অভিযোগটো নিষ্পত্তি কৰা হ’ল নেকি? |
উত্তৰ: | প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দেশৰ সকলো ৰাজ্য আৰু স্বায়ত্বশাসিত অঞ্চলৰ বিভিন্ন বিষয় সন্নিবিষ্ট বৃহৎ পৰিমাণৰ অভিযোগৰ আবেদন লাভ কৰে৷ এই অভিযোগসমূহ এক নিৰ্দিষ্ট নিৰ্দেশাৱলী(গাইডলাইন) [ 48KB ] অনুসৰি এটি বিশেষ দলে পৰ্যবেক্ষণ কৰে৷ পৰ্যবেক্ষণ প্ৰক্ৰিয়াৰ সময়ছোৱাত অভিযোগৰ প্ৰকাৰ অনুযায়ী প্রধানমন্ত্ৰীকে ধৰি জেষ্ঠ বিষয়-ববীয়া/কৰ্তৃপক্ষৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰা হয়৷ এইদৰে পদক্ষেপ গ্ৰহণৰ যোগ্য হিচাপে বিবেচিত আবেদনসমূহ নিষ্পত্তিৰ বাবে বিভাগীয় কৰ্তৃপক্ষ(মন্ত্ৰালয়/বিভাগ/ৰাজ্য চৰকাৰ)লৈ প্ৰেৰণ কৰা হয়৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজহুৱা অভিযোগ নিষ্পত্তি আৰু পৰ্যবেক্ষণ পদ্ধতি( চিপিজিআৰএএমএছ)ৰ জৰিয়তে এইদৰে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনোৱা হয় যে আবেদনকাৰীলৈ যথাসম্ভৱ সোনকালে উত্তৰ প্ৰেৰণ কৰি ইয়াৰ এটা প্ৰতিলিপি প’ৰ্টেলত আপলোড কৰিব লাগে৷ নিৰ্ধাৰিত নিৰ্দেশাৱলী অনুসৰি অযোগ্য হিচাপে বিবেচিত অভিযোগ আবেদনসমূহ ভৱিষ্যতৰ প্ৰয়োজনৰ বাবে সংৰক্ষণ কৰি ৰখা হয়৷ ডাকযোগে,
ফিজিকেল মোডত (ডাকযোগে/ হাতেৰে/ ফেক্সৰ জৰিয়তে) লাভ কৰা আবেদনসমূহ যিবোৰ ব্যৱস্থা গ্ৰহণযোগ্য বুলি ধৰা পৰে, সেইবোৰ চিপিজিআৰএমএছৰ জৰিয়তে অনলাইনযোগে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয়। আবেদনকাৰীয়ে এটা ইউনিক ৰেজিষ্ট্ৰেচন নম্বৰ লাভ কৰিব, যিটো সাধাৰণতে ডাকঘৰৰ জৰিয়তে আবেদনকাৰীলৈ প্ৰেৰণ কৰা হয়৷ অনলাইন আবেদনকাৰীয়ে এই নম্বৰ নিজৰ ইমেইল অথবা মোবাইল নম্বৰত লাভ কৰিব৷
অনলাইনযোগে লাভ কৰা নিষ্পত্তিযোগ্য আবেদনসমূহ বিভাগীয় কৰ্তৃপক্ষলৈ অনলাইনৰ জৰিয়তে প্ৰেৰণ কৰা হয়৷ এই প্ৰক্ৰিয়াত কোনো ফৰৱাৰ্ডিং পত্ৰ বা একনলেজমেণ্ট ব্যৱহাৰ নহয়৷ অৱশ্যে, ইমেইল আইডি আৰু মোবাইল ফোন নম্বৰ উল্লেখ কৰা আবেদনকাৰীয়ে ইমেইল আৰু মোবাইলত একনলেজমেণ্ট লাভ কৰিব৷ আবেদনকাৰীয়ে পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি http://pgportal.gov.in/Status ত অভিযোগৰ শেহতীয়া স্থিতি পৰ্যবেক্ষণ কৰিব পাৰে৷ অৱশিষ্ট পদক্ষেপসমূহ বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ কৰিব আৰু আবেদনকাৰীলৈ উত্তৰৰ এটি প্ৰতিলিপি প’ৰ্টেলত আপলোড কৰা হ’ব৷ তদুপৰি, অভিযোগ সন্দৰ্ভত যিকোনো প্ৰশ্নৰ বাবে নাগৰিকে কৰ্মদিনত কাৰ্যালয়ৰ সময়সূচীৰ ভিতৰত ০১১-২৩৩৮৬৪৪৭ নম্বৰত ফোন কৰিব পাৰে৷ অভিযোগ নিষ্পত্তিৰ বিষয়টো আবেদন হস্তান্তৰিত হোৱা উপযুক্ত কৰ্তৃপক্ষৰ পৰিধিৰ ভিতৰত অন্তৰ্ভুক্ত হয়৷ গতিকে আবেদনকাৰীয়ে মন্ত্ৰালয়/বিভাগ/ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা তেওঁলোকে গ্ৰহণ কৰা পৰৱৰ্তী পদক্ষেপৰ সবিশেষ তথ্য বিচাৰিব পাৰে৷ ৰাজহুৱা অভিযোগ প’ৰ্টেলতো http://pgportal.gov.in/Status আবেদনকাৰীয়ে নিজৰ অভিযোগৰ শেহতীয়া স্থিতি পৰ্যবেক্ষণ কৰিব পাৰে৷ |
প্ৰশ্ন ৪: | মোৰ অভিযোগ আবেদন ………………….তাৰিখে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ৰাজ্য চৰকাৰলৈ হস্তান্তৰিত কৰা ফাইলৰ টোকাৰ এটি প্ৰতিলিপি অনুগ্ৰহ কৰি দিব পাৰিবনে?
মোৰ অভিযোগ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে …………………………….তাৰিখে …………………………………….আইডি নম্বৰেৰে …………………মন্ত্ৰালয়লৈ প্ৰেৰণ কৰাৰ সংশ্লিষ্ট ফাইলটো মই এবাৰ পৰ্যবেক্ষণ কৰিব বিচাৰো৷ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে ………………………………তাৰিখে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা………………………………….আইডি বিশিষ্ট মোৰ অভিযোগ আবেদনৰ দৈনিক স্থিতিৰ সবিশেষ অনুগ্ৰহ কৰি প্ৰদান কৰক৷ |
উত্তৰ: | প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জনসাধাৰণৰ পত্ৰ লাভ কৰা প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে কম্পিউটাৰাইজড আৰু ইয়াৰ ছ’ফটৱেৰত কাৰ্যালয়ৰ ফাইলৰ সবিশেষ উল্লেখ কৰা অথবা দৈনিক স্থিতিৰ সবিশেষ আগবঢ়াব পৰা কোনো ব্যৱস্থা নাই৷ |
প্ৰশ্ন ৫: | প্ৰধানমন্ত্ৰীলৈ মই এখন অনলাইন আবেদন প্ৰেৰণ কৰিছো৷ অনুগ্ৰহ কৰি মোক এটা প্ৰতিলিপি দিব, যাৰ জৰিয়তে আপোনালোকে আবেদনখন ……………………….…..মন্ত্ৰালয়/…………….ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে৷ |
উত্তৰ: | অনলাইন আবেদনসমূহ ইলেক্ট্ৰ’নিকেলী সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয়৷ গতিকে, কোনো ফৰৱাৰ্ডিং পত্ৰ ব্যৱহাৰ কৰা নহয়৷ |
প্ৰশ্ন ৬: | প্ৰধানমন্ত্ৰীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ অনুগ্ৰহ কৰি তেওঁৰ ই-মেইল আইডিটো দিব৷ |
উত্তৰ: | প্ৰধানমন্ত্ৰীৰ কোনো অফিচিয়েল ই-মেইল আইডি নাই৷ অৱশ্যে, অনলাইনত অভিযোগ দাখিল কৰিবলৈ অনুগ্ৰহ কৰি প্ৰশ্ন ১ৰ সহায় ল’ব পাৰে৷ |
প্ৰশ্ন ৭: | প্ৰধানমন্ত্ৰী কাৰ্যালয়ত দাখিল কৰা অভিযোগসমূহ নিষ্পত্তিৰ কোনো নিৰ্দশাৱলী/সময়সীমা আছে নে? |
উত্তৰ: | পদক্ষেপ গ্ৰহণৰ যোগ্য হিচাপে বিবেচিত আবেদনসমূহ সংশ্লিষ্ট কৰ্তৃপক্ষ(মন্ত্ৰালয়/বিভাগ—ৰাজ্য চৰকাৰ)লৈ ৰাজহুৱা অভিযোগ নিষ্পত্তি আৰু পৰ্যবেক্ষণ পদ্ধতি( চিপিজিআৰএএমএছ)ৰ জৰিয়তে হস্তান্তৰিত কৰা হয়৷ অভিযোগ নিষ্পত্তিৰ ক্ষেত্ৰত প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগ(ডিএআৰপিজি)ৰ নিৰ্ধাৰিত নিৰ্দেশাৱলী আছে৷ এই নিৰ্দেশাৱলীসমূহ প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগৰ ৱেবছাইটটো উপলব্ধ৷ |
প্ৰশ্ন ৮: | প্রধানমন্ত্ৰী কাৰ্যালয়ত দাখিল কৰা অভিযোগৰ নিষ্পত্তি পৰ্যবেক্ষণৰ বাবে কোনো নিৰ্দিষ্ট ব্যৱস্থা আছে নেকি? |
উত্তৰ: | উপযুক্ত পদক্ষেপৰ বাবে নিষ্পত্তিযোগ্য সকলো আবেদন সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰা হয়৷ অভিযোগ নিষ্পত্তিৰ বিষয়টো তেওঁলোকৰ পৰিধিৰ ভিতৰত অন্তৰ্ভুক্ত আৰু সেয়া সংশ্লিষ্ট কৰ্তৃপক্ষই পৰ্যবেক্ষণ কৰে৷ তদুপৰি, প্ৰশাসনিক সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগ সময়ে সময়ে অভিযোগ নিষ্পত্তিসমূহ পৰ্যবেক্ষণ কৰে৷ |
প্ৰশ্ন ৯: | প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জনসাধৰণৰ পৰা লাভ কৰা বিভিন্ন অভাৱ-অভিযোগৰ উত্তৰ প্ৰধানমন্ত্ৰীয়ে দিয়ে নে? |
উত্তৰ: | ঘটনাৰ বিষয় আৰু গুৰুত্ব অনুসৰি প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন প্ৰক্ৰিয়াত কাৰ্যালয়ে লাভ কৰা বাৰ্তাৰ উত্তৰ দিয়া হয়৷ |
প্ৰশাসন আৰু মানৱ সম্পদ সন্দৰ্ভত সততে সোধা প্ৰশ্নাৱলী | |
প্ৰশ্ন ১: | অনুগ্ৰহ কৰি মোক প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়াৰ নাম, পদবী আৰু টেলিফোন নম্বৰ দিব নেকি?
অনুগ্ৰহ কৰি মোক প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ শ্ৰী এক্সৱাইজেডৰ ফোন নম্বৰ আৰু এবিচি(পদবী) দিব নেকি? |
উত্তৰ: | প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়াৰ নাম, পদবী আৰু টেলিফোন নম্বৰ পিএমঅ’ ৱেবছাইটত লাভ কৰিব : https://www.pmindia.gov.in/ -> List of officers (ড্ৰপ ডাউন মেনুৰ পৰা) |
প্ৰশ্ন ২: | অনুগ্ৰহ কৰি প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত সচিব আৰু অ’এছডিৰ ফোন নম্বৰ দিয়ক৷
অনুগ্ৰহ কৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়ত এক্সৱাইজেড পদবীত নিযুক্ত শ্ৰী এবিচিৰ মোবাইল নম্বৰটো দিব৷ |
Ans: | প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়াৰ নাম তলৰ ৱেবছাইটত উপলব্ধ৷ website https://www.pmindia.gov.in/ -> List of officers (ড্ৰপ ডাউন মেনুৰ পৰা). বিষয়াৰ মোবাইল ফোন নম্বৰ ৰাজহুৱা কৰিলে ব্যক্তিগত গোপনীয়তা ভংগ হ’ব আৰু সেইবাবে আৰটিআই আইনৰ অধ্যায় ৮(১)(জে)ৰ অধীনত মোবাইল নম্বৰ ৰাজহুৱা কৰিব পৰা নাযায়৷ |
প্ৰশ্ন ৩: | অনুগ্ৰহ কৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়া আৰু কৰ্মচাৰীৰ দৰমহাৰ সবিশেষ আগবঢ়াব৷
প্ৰধানমন্ত্ৰী কাৰ্যালয়ত কৰ্মৰত শ্ৰী এবিচি নামৰ ব্যক্তিগৰাকীৰ মুঠ দৰমহা কিমান? |
Ans: | প্ৰধানমন্ত্ৰী কাৰ্যালয়ত কৰ্মৰত বিষয়া আৰু কৰ্মচাৰীসকলৰ দৰমহাৰ সবিশেষ পিএমঅ’ ৱেবছাইটত উপলব্ধ৷ Proactive Disclosure under Section 4(1)(b) of the RTI Act, 2005 : https://www.pmindia.gov.in/ -> Right to Information (ড্ৰপ ডাউন মেনুৰ পৰা) -> Proactive Disclosure under Section 4(1)(b) of the RTI Act, 2005 |
প্ৰশ্ন ৪: | বিগত বিত্তীয় বছৰত প্ৰধানমন্ত্ৰী কাৰ্যালয়ে কিমান ধন ব্যয় কৰিলে? অনুগ্ৰহ কৰি প্ৰতিমাহৰ সবিশেষ ব্যয় দাঙি ধৰক৷ |
Ans: | প্ৰধানমন্ত্ৰী কাৰ্যালয়ে যোৱা বিত্তীয় বছৰত ব্যয় কৰা সকলো হিচাপ পিএমঅ’ ৱেবছাইটত উপলব্ধ৷ Proactive Disclosure under Section 4(1)(b) of the RTI Act, 2005 : https://www.pmindia.gov.in/ -> Right to Information (ড্ৰপ ডাউন মেনুৰ পৰা) -> Proactive Disclosure under Section 4(1)(b) of the RTI Act, 2005 |
প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি সন্দৰ্ভত সততে উত্থাপিত প্ৰশ্নাৱলী | |
প্ৰশ্ন ১: | প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা চিকিৎসাৰ বাবে কেনেকৈ আৰ্থিক সহায় লাভ কৰিম? |
Ans: | প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি( PMNRF)ৰ পৰা চিকিৎসা অথবা অস্ত্ৰোপচাৰৰ বাবে বিত্তীয় সাহায্য লাভ কৰিবলৈ আবেদনকাৰীয়ে যিকোনো চৰকাৰী চিকিৎসালয় অথবা পিএমএনআপএফৰ অনুমোদনপ্ৰাপ্ত চিকিৎসালয়ৰ জৰিয়তে এখন অতি সৰল আবেদন পত্ৰ পূৰণ কৰি প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিব লাগিব৷ আবেদন পত্ৰৰ সৈতে মেডিকেল চাৰ্টিফিকেট, সংশ্লিষ্ট চিকিৎসালয়ৰ পৰা ব্যয়ৰ হিচাপ আৰু পৰিয়ালৰ আয়ৰ প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব৷ এই সন্দৰ্ভত অধিক তথ্যৰ বাবে আপোনালোকে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৱেবছাইট www.pmindia.gov.in ৰ লগতে চাব পাৰে https://pmnrf.gov.in |
প্ৰশ্ন ২: | প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা আৰ্থিক সাহায্য লাভ কৰা ব্যক্তিসকলৰ সবিশেষ অনুগ্ৰহ কৰি জনাব নেকি?
প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা শ্ৰী/শ্ৰীমতী………………..লৈ কিমান পৰিমাণৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে? |
উত্তৰ: | জানিব বিচৰা তথ্যখিনি সম্পূৰ্ণৰূপে ব্যক্তিগত বিষয় আৰু এয়া ৰাজহুৱা কৰিলে তৃতীয় পক্ষৰ ব্যক্তিগৰাকীৰ গোপনীয়তা ভংগ হ’ব সেয়ে, আৰটিআই আইনৰ অধ্যায় ৮(১)(জে)ৰ অধীনত এই তথ্য আগবঢ়াব নোৱাৰি৷ |
প্ৰশ্ন ৩: | প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ বছৰেকীয়া আয় আৰু ব্যয়ৰ হিচাপ দাঙি ধৰক৷ |
উত্তৰ: | প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ আয় আৰু ব্যয়ৰ সকলো তথ্য পিএমঅ’ ৱেবছাইট www.pmindia.gov.in ৰ লগতে https://pmnrf.gov.in ত উপলব্ধ৷ |
আৰটিআই আইন,২০০৫ৰ অধীনত আবেদন সন্দৰ্ভত সততে উত্থাপিত প্ৰশ্নাৱলী | |
প্ৰশ্ন ১: | অনুগ্ৰহ কৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ চেণ্ট্ৰেল পাব্লিক ইনফ’ৰমেচন অফিচাৰৰ যোগাযোগৰ সবিশেষ প্ৰদান কৰক৷ |
উত্তৰ: | চেণ্ট্ৰেল পাব্লিক ইনফ’ৰমেচন অফিচাৰ, প্ৰধানমন্ত্ৰী কাৰ্যালয় ছাউথ ব্ল’ক, নতুন দিল্লী-১১০০১১ টেলিফোনঃ ০১১-২৩৩৮২৫৯০ ফেক্স নম্বৰঃ ০১১-২৩৩৮৮১৫৭ ই-মেইলঃ rti-pmo.applications@gov.in |
প্ৰশ্ন ২: | আৰটিআই আইনৰ অধীনত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিভাগীয় কৰ্তৃপক্ষৰ যোগাযোগৰ তথ্য অনুগ্ৰহ কৰি প্ৰদান কৰক৷
আৰটিআই আইনৰ অধীনত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ কোন বিষয়াক সম্বোধন কৰি মই প্ৰথম আবেদন জনাম? |
Ans: | সঞ্চালক(আৰটিআই) প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ছাউথ ব্ল’ক, নতুন দিল্লী-১১০০১১ টেলিফোনঃ ০১১-২৩০৭৪০৭২ (কাৰ্যালয়) ফেক্স নম্বৰঃ ০১১-২৩৩৮৮১৫৭/২৩০১৯৫৪৫/২৩০১৬৮৫৭ আৰটিআই আবেদনৰ বাবে ই-মেইল আইডি rti.appeal@gov.in |
প্ৰশ্ন ৩: | প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা তথ্য লাভৰ বাবে নাগৰিকে কিধৰণৰ সুবিধা লাভ কৰিব?
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা তথ্য লাভৰ বাবে কিধৰণৰ প্ৰক্ৰিয়া পালন কৰিব লাগিব? |
উত্তৰ: | এই সন্দৰ্ভত সবিশেষ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৱেবছাইটত উপলব্ধ— https://www.pmindia.gov.in/ -> তথ্য জনাৰ অধিকাৰ (ড্ৰপ ডাউন মেনুৰ পৰা) ->Procedure for obtaining information আবেদনকাৰীসকলক https://www.pmindia.gov.in-> তথ্য জনাৰ অধিকাৰ (ড্ৰপ ডাউন মেনুৰ পৰা)-> Advisory for Information Seekers (RTI Applicants) |
অন্যান্য তথ্য সন্দৰ্ভত সততে উত্থাপিত প্ৰশ্নাৱলী | |
প্ৰশ্ন ১: | প্ৰগতি বৈঠকৰ সময়ৰ সবিশেষ সন্নিবিষ্ট কৰি এটি প্ৰতিলিপি প্ৰদান কৰিব?
প্ৰগতি বৈঠকত গ্ৰহণ কৰা সিদ্বান্তৰ সবিশেষ আগবঢ়াব৷ |
উত্তৰ: | প্ৰগতি বৈঠকৰ সকলো মিনিটৰ সবিশেষ উপলব্ধ www.pragati.nic.inত৷ |
প্ৰশ্ন ২: | মাননীয় প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা বিষয়সমূহৰ সবিশেষ অনুগ্ৰহ কৰি আগবঢ়াব৷ |
উত্তৰ: | প্ৰধানমন্ত্ৰীয়ে বিভিন্ন সময়ত কেইবাটাও ঘোষণা কৰিছে৷ তেওঁৰ ভাষণসমূহত এই ঘোষণা তথা পেকেজৰ কথা অন্তৰ্ভুক্ত হৈ আছে আৰু এই সকলোবোৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৱেবছাইটত উপলব্ধ— (link: https://pmindia.gov.in/en/tag/pmspeech/). |
প্ৰশ্ন ৩: | …………………….অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ এটি প্ৰতিলিপি অনুগ্ৰহ কৰি প্ৰদান কৰিব৷
……………….তাৰিখত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ এটি লিখিত প্ৰতিলিপি অনুগ্ৰহ কৰি দিব৷ |
উত্তৰ: | প্ৰধানমন্ত্ৰীৰ সকলো ভাষণ পিএমঅ’ ৱেবছাইটত উপলব্ধ৷ (link: https://pmindia.gov.in/en/tag/pmspeech/). | ৰাজহুৱা অভিযোগ সন্দৰ্ভত সততে উত্থাপিত প্ৰশ্নাৱলী |
---|