সেৱাই পৰম ধৰ্ম-অৰ্থাৎ সেৱাই হৈছে আমাৰ ভাৰতীয় দর্শনৰ অন্যতম কর্তব্য। এবছৰ পূৰ্বে আপোনালোকে মোক আপোনালোকৰ প্রধান সেৱক হিচাপে সেৱা কৰিবলৈ দায়িত্ব অৰ্পণ কৰাৰ লগতে সন্মান দিলে। মই অতি আন্তৰিকতা আৰু সততাৰে প্রতিটো দিনৰ প্ৰত্যেক ক্ষণ আৰু মোৰ শৰীৰ তথা আত্মাৰ প্রতিটো উপাদানক এই আকাংক্ষাক পূৰণ কৰাৰ বাবে উচৰ্গা কৰিছো।
চৰকাৰৰ প্ৰতি দেশবাসীৰ আস্থা হেৰাই যোৱাৰ সময়তে মই দায়িত্বত অধিষ্ঠিত হ’লো। সীমাহীন দুর্নীতি আৰু অনিশ্চয়তাৰ বাবে পূৰ্বৰ চৰকাৰৰ পতন ঘটিল। আকাশলংঘী মুদ্রাস্ফীতি আৰু অর্থনৈতিক নিৰাপত্তাহীনতাই সকলোকে অসহায় কৰি তুলিছিল।
আমি পৰ্যায়ক্ৰমে এই প্ৰত্যাহ্বানবোৰৰ মোকাবিলা কৰি আহিছো। দ্ৰুতগতিত বৃদ্ধি হোৱা সামগ্ৰীৰ দাম নিয়ন্ত্ৰণলৈ অনা হৈছে। সুস্থিৰ, নীতিভিত্তিক সক্ৰিয় প্ৰশাসনত গুৰুত্ব আৰোপেৰে স্থিতিশীল অর্থনীতি পুনৰুজ্জীৱিত কৰা হয়। আমাৰ বহুমূলীয়া প্রাকৃতিক সম্পদক স্বচ্ছ নিলামী প্ৰক্ৰিয়াৰে বিবেচনাধীনভাৱে আৱণ্টন দিয়া হৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মতিসহ SIT গঠনৰ লগতে ক’লা ধন বিৰোধী আইন প্ৰণয়নৰ জৰিয়তে ক’লা ধনৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱা হৈছে। এখন দুর্নীতি মুক্ত চৰকাৰৰ বাবে শুদ্ধ নীতিৰ সৈতে আমি কোনোধৰণৰ আপোচ কৰা নাই। আনুষ্ঠানিক আনুগত্য, কর্ম আৰু উদ্দেশ্য হিচাপে কৰ্ম-সংস্কৃতিৰ এক উল্লেখযোগ্য পৰিৱর্তন অনা হৈছে, যাতে সহানুভূতিৰ সমান্তৰালভাৱে বৃত্তি, প্ৰক্ৰিয়াৰ মাজত সমন্বয় সাধন হয়। দেশৰ উন্নয়নৰ লক্ষ্য আৰু টীম ইণ্ডিয়াৰ নির্মাণৰ গতিৰ সৈতে ৰাজ্য চৰকাৰসমূহো সমানে অংশীদাৰ হৈ পৰিছে। আটাইতকৈ গুৰুত্বপূর্ণ কথাটো এই যে আমি চৰকাৰৰ প্ৰতি দেশবাসীৰ পুনৰ বিশ্বাস জন্মাবলৈ সক্ষম হৈছো।
অন্ত্যোদয়াৰ নীতিক মানি চলা আমাৰ চৰকাৰ সদায় সমাজৰ দৰিদ্র, প্রান্তীয় তথা পিছপৰা শ্ৰেণীৰ প্ৰতি উচৰ্গিত। দৰিদ্রতাৰ বিৰুদ্ধে আৰম্ভ কৰা আমাৰ যুঁজৰ সৈনিক হ’বলৈ আমি তেওঁলোকক সবলীকৰণৰ কাম কৰি আহিছো। বিদ্যালয়ত শৌচালয় নিৰ্মাণৰ পৰা আইআইটি, আইআইএম আৰু এআইএমএছ স্থাপন কৰালৈকে; আমাৰ শিশুসকলৰ টীকাকৰণৰ পৰা জনসাধাৰণৰ পৰিচালিত স্বচ্চ ভাৰত অভিযানলৈকে; আমাৰ শ্ৰমিকসকলক ন্যূনতম পেন্সন নিশ্চিত কৰাৰ পৰা সাধাৰণ লোকসকলৰ সামাজিক নিৰাপত্তা প্রদানলৈকে; প্রাকৃতিক দুর্যোগত বিপৰ্যস্ত আমাৰ কৃষকসকলক সমর্থন কৰাৰ পৰা বিশ্ব বাণিজ্য সংস্থাৰ সুদৰ হাৰ হ্ৰাস কৰালৈকে; সকলোকে স্ব-প্ৰত্যায়নৰ ক্ষমতা প্ৰদান কৰাৰ পৰা জনসাধাৰণৰ বেংক একাউণ্টত পোনপটীয়াকৈ ৰাজসাহাৰ্য প্ৰদানলৈকে; পুঁজিবিহীন ক্ষুদ্ৰ ব্যৱসায়ীসকলক বিত্ত যোগানৰ বাবে বেংকিং ব্যৱস্থাৰ সার্বজনীন কৰা; পথাৰত পানী যোগানৰ পৰা মা গংগাৰ পুনৰুজ্জীৱিত কৰালৈকে; ২৪x৭ বিদ্যুৎ যোগানৰ পৰা পথ আৰু ৰে’লৰ জৰিয়তে সমগ্ৰ দেশৰ সংযোগ কৰালৈকে; গৃহহীন লোকসকলৰ বাবে গৃহ নিৰ্মাণ কৰাৰ পৰা স্মার্ট চিটী গঢ় দিয়ালৈকে আৰু পূব ভাৰতৰ উন্নয়নত অগ্ৰাধিকাৰ প্ৰদান কৰি উত্তৰ-পূব ভাৰতক সংযোগ কৰালৈকে যথেষ্ট গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু আঁচনি গ্ৰহণ কৰা হৈছে।
বন্ধুসকল, এয়া মাথো আৰম্ভণিহে। আমাৰ উদ্দেশ্য হৈছে-জীৱনধাৰণৰ মানদণ্ড, আন্তঃগাঁথনি আৰু সেৱাৰ মানদণ্ডৰ পৰিৱর্তন সাধন কৰা। আমি সকলোৱে মিলি আপোনাৰ তথা আমাৰ মুক্তিযোদ্ধাসকলৰ সপোনৰ ভাৰত নির্মাণ কৰিবলৈ সক্ষম। ইয়াৰ বাবে মই সদায় আপোনালোকৰ আশীর্বাদ আৰু সমর্থন বিচাৰিছো।
সদায় আপোনালোকৰ সেৱাৰ্থে।
জয় হিন্দ!