স্বেচ্ছামূলক দান আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা ক্ষেত্ৰৰ প্ৰসাৰত ইয়াৰ উপযুক্ত ব্যৱহাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি স্থাপন কৰা হৈছিল৷ সশস্ত্ৰ বাহিনী(অৰ্ধসামৰিক বাহিনীকে ধৰি)সদস্যসকলৰ কল্যাণৰ বাবে এই পুঁজি ব্যৱহাৰ কৰা হয়৷ প্ৰধানমন্ত্ৰীক অধ্যক্ষ আৰু প্ৰতিৰক্ষা, বিত্ত আৰু গৃহ মন্ত্ৰীক সদস্য হিচাপে লৈ গঠিত এখন কাৰ্যনিৰ্বাহক কমিটিয়ে পুঁজি নিয়ন্ত্ৰণ কৰে৷ বিত্ত মন্ত্ৰী পুঁজিৰ কোষাধ্যক্ষ আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ যুটীয়া সচিব কাৰ্যনিৰ্বাহক কমিটিৰ সচিব হিচাপে কাম কৰে৷ ভাৰতীয় ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই পুঁজিৰ একাউণ্টৰ হিচাপ ৰাখে৷ উল্লেখ্য যে এই পুঁজি সম্পূৰ্ণৰূপে স্বেচ্ছামূলক দানৰ ওপৰত নিৰ্ভৰশীল আৰু বাজেটত ইয়াৰ বাবে কোনো ধন ধাৰ্য কৰা নহয়৷ অনলাইনৰ জৰিয়তেও পুঁজিলৈ ধন আগবঢ়াব পাৰি৷ এইধৰণে দান কৰিব বিচাৰিলে pmindia.nic.in, pmindia.gov.in আৰু ষ্টেট বেংক অৱ ইণ্ডিয়াৰ www.onlinesbi.com ৱেবছাইট ব্যৱহাৰ কৰিব পাৰে৷ ধন জমাৰ বাবে প্ৰয়োজনীয় একাউণ্ট নম্বৰটো হ’ল—১১০৮৪২৩৯৭৯৯, ষ্টেট বেংক অৱ ইণ্ডিয়া, ইনষ্টিটিউচনেল ডিভিজন, চতুৰ্থ মহলা, পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট, নতুন দিল্লী৷
নিম্নোক্ত স্থায়ী একাউণ্ট নম্বৰ(পান)নম্বৰটো পুঁজি আগবঢ়াব পাৰে—AAAGN0009F.
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিৰ যোৱা ৫ বছৰৰ আয় আৰু ব্যয়ৰ প্ৰতিবেদন তলত উল্লেখ কৰা হ’ল—
বৰ্ষ | ব্যয় | লাভ কৰা ধন | ৰাহি |
---|---|---|---|
31.03.2020 | 54.62 | 103.04 | 1249.96 |
31.03.2021 | 52.51 | 87.04 | 1284.49 |
31.03.2022 | 70.75 | 90.64 | 1304.38 |
31.03.2023 | 77.76 | 110.74 | 1337.36 |
31.03.2024 | 60.43 | 119.29 | 1396.22 |
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিৰ অধীনৰ আঁচনি
১. সশস্ত্ৰ বাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ মৃত সদস্যৰ বিধৱা পত্নী অথবা প্ৰতিপালিতৰ বাবে কাৰিকৰী আৰু প’ষ্ট গ্ৰেজুৱেট শিক্ষাক উদগণি দিবলৈ এক স্ক’লাৰশ্বিপ আঁচনি ৰূপায়ন কৰা হ’ব৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰাক্তন সেনা কল্যাণ বিভাগৰদ্বাৰা এই আঁচনি ৰূপায়ন কৰা হ’ব৷ অৰ্ধসামৰিক বাহিনী আৰু ৰে’লৱে সুৰক্ষা বাহিনীৰ সদস্যৰ ক্ষেত্ৰত এই আঁচনিখন ৰূপায়ন কৰিব ক্ৰমে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু কেন্দ্ৰীয় ৰে’লৱে মন্ত্ৰালয়ে৷
ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিৰ সাহায্যত ৰূপায়িত “প্রধানমন্ত্রীৰ বৃত্তিমুলক আঁচনি”ৰ মুল বৈশিষ্ট্যসমূহ
১) এই আঁচনি সেনা বাহিনীৰ (অৰ্ধ-সামৰিক বাহিনী সহ) ক্ষেত্ৰত প্ৰযোজ্য। ইয়াৰ অধীনত (ক) প্রাক্তন সৈনিকৰ (বিষয়া পৰ্যায়ৰ তলৰ) উত্তৰাধিকাৰী; (খ) তেওঁলোকৰ বিধবা পত্নী; (গ) কর্তব্যৰত অৱস্থাত বিশেষ পৰিস্থিতিত মৃত বা নিহত সৈনিকৰ বিধবা স্ত্রী আৰু (ঘ) কর্মৰত অৰ্ধ-সামৰিক বাহিনী আৰু ৰে’লৱে সুৰক্ষা বাহিনীৰ বিধবা স্ত্রী আৰু তেওঁলোকক সন্তানসকলক মাহিলি বৃত্তি প্ৰদান কৰা হয়। এই বৃত্তি কাৰিকৰী প্ৰতিষ্ঠান(চিকিৎসা, দন্ত চিকিৎসা, পশু চিকিৎসা বিজ্ঞান, অভিযান্তিক, এমবিএ, এমচিএ তথা এআইচিটিই/ইউজিচিৰ দৰে সমপৰ্যায়ৰ কাৰিকৰী বৃত্তিমুলক শিক্ষাৰ বাবে অনুমোদিত)ত গ্ৰহণ কৰা শিক্ষাৰ ক্ষেত্ৰত উপলব্ধ হয়। বিধবা পত্নীসকলৰ উত্তৰাধিকাৰী আৰু কর্তব্যৰত অৱস্থাত বিশেষ পৰিস্থিতিত মৃত বা নিহত সৈনিকৰ বিধবা পত্নীসকলৰ উত্তৰাধিকাৰীক বৃত্তিদানৰ বিষয়ত (খ) আৰু (গ) পর্যায়ৰ পদৰ ক্ষেত্রত কোনোধৰণৰ নিয়ন্ত্রণ নাই। অৰ্ধ-সামৰিক বাহিনীৰ সন্তানসকলেও এই আঁচনিৰ অধীনত বৃত্তি লাভৰ বাবে যোগ্য। এই বৃত্তিমুলক আঁচনিৰ জৰিয়তে প্রতি বছৰে প্রতিৰক্ষা মন্ত্রালয়ৰ নিয়ন্ত্ৰণাধীন ৪ হাজাৰ গৰাকী প্রাক্তন সৈনিকৰ উত্তৰাধিকাৰীক, কেন্দ্রীয় গৃহ পৰিক্ৰমা মন্ত্রালয়ৰ নিয়ন্ত্রণাধীন বাহিনীৰ কর্মচাৰীসকলৰ ৯১০গৰাকী উত্তৰাধিকাৰীক আৰু ৰে’ল মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণাধীন সেনা বাহিনীৰ ৯০ গৰাকী কৰ্মচাৰীৰ সন্তানক নতুন বৃত্তি দিয়া হয়। অৱশ্যে, ২০১৫-১৬ শিক্ষাবৰ্ষৰ পৰা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণাধীন প্ৰাক্তন সৈনিকৰ ৫,৫০০ গৰাকী উত্তৰাধিকাৰীক, গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণাধীন প্ৰাক্তন সৈনিকৰ ২,০০০ গৰাকী উত্তৰাধিকাৰীক আৰু ৰে’ল মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণাধীন প্ৰাক্তন সৈনিকৰ ১৫০ গৰাকী উত্তৰাধিকাৰীক বৃত্তি প্ৰদানৰ সংখ্যা বৃদ্ধি কৰা হৈছে। প্ৰাৰম্ভিক অৱস্থাত প্ৰতি মাহত প্ৰদান কৰা বৃত্তিৰ পৰিমাণ ল’ৰাৰ বাবে ১,২৫০ টকা আৰু ছোৱালীৰ বাবে ১,৫০০ টকা আছিল। এই বাৰ্ষিক বৃত্তিৰ পৰিমাণ সংশোধন কৰি প্ৰতিমাহত ল’ৰাৰ বাবে ২,০০০টকা আৰু ছোৱালীৰ বাবে ২,২৫০ টকালৈ বৃদ্ধি কৰা হয়।
২. সংশ্লিষ্ট কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে বিভিন্ন ধৰণৰ কল্যানমুলক আঁচনি ৰূপায়ণৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিৰ পৰা এছপিজি পৰিয়াল কল্যান পুঁজিলৈ বছৰি ১৫ লাখ টকা অনুদান আগবঢ়োৱা হয়।
৩.প্ৰতিৰক্ষা সেৱাৰ তিনিটা বাহিনী(স্থল সেনা, নৌ সেনা আৰু বায়ু সেনা)আৰু উপকূলৰক্ষী বাহিনীৰ কৰ্মচাৰীসকলৰ বাবে গ্ৰন্থৰ লগতে অন্যান্য পঢ়াৰ সামগ্ৰী ক্ৰয়ৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ক বাৰ্ষিক ভিত্তিক অনুদান মুকলি কৰি দিয়া হয়। বৰ্তমানৰ হিচাপত প্ৰদান কৰা অনুদান অনুসৰি স্থল সেনাক ৫৫ লাখ, বায়ু সেনাক ৩৭ লাখ, নৌ সেনাক ৩২ লাখ আৰু উপকূলৰক্ষী বাহিনীক ২.৫০ লাখসহ সৰ্বমুঠ ১২৬.৫০ লাখ টকা আগবঢ়োৱা হয়। শেহতীয়াভাৱে ২০১৭-১৮ বিত্তীয় বৰ্ষত ১২৬.৫০লাখ টকা মুকলি কৰি দিয়া হৈছে।
(11.07.2024 লৈকে আপডেট কৰা হৈছে)