১.প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে দেশৰ বিভিন্ন মন্ত্ৰালয়/বিভাগ তথা ৰাজ্য চৰকাৰৰ পৰিধিৰ অধীনষ্ঠ বিষয়ৰ ৰাজহুৱা অভিযোগ লাভ কৰে৷ এইধৰণৰ অভিযোগসমূহ সংশ্লিষ্ট মন্ত্ৰালয়/বিভাগ অথবা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হয়৷
২. সংশ্লিষ্ট মন্ত্ৰালয়/বিভাগ অথবা ৰাজ্য চৰকাৰলৈ পঞ্জীয়ন নম্বৰসহ হস্তান্তৰ কৰা অভিযোগৰ এটি প্ৰতিলিপি আবেদনকাৰীলৈ প্ৰেৰণ কৰা হয়৷ পাব্লিক উইঙত পঞ্জীয়ন অথবা প্ৰক্ৰিয়া আৰম্ভ হ’লে ই-মেইল আৰু এছএমএছৰ মাধ্যমেৰে আবেদনকাৰীক এই কথা জনোৱা হয়৷ আবেদনকাৰীয়ে তেওঁলোকৰ অভিযোগৰ স্থিতি জানিবলৈ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰি ইণ্টাৰনেটত https://pgportal.gov.in/Status/Index লগ ইন কৰিব পাৰে৷
৩. জনসাধাৰণে টেলিফোনৰ মাধ্যমেৰেও প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা আবেদনৰ স্থিতি জানিব পাৰে৷ টেলিফোন নম্বৰটো হ’ল—০১১-২৩৩৮৬৪৪৭
৪. অভিযোগ নিষ্পত্তিৰ বিষয়টো উক্ত সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰিধিৰ ভিতৰত অন্তৰ্ভুক্ত, যালৈ অভিযোগৰ আবেদন হস্তান্তৰ কৰা হয়৷ সেয়ে আবেদনকাৰীয়ে এইধৰণৰ অভিযোগৰ পৰৱৰ্তী স্থিতি জানিবলৈ সংশ্লিষ্ট মন্ত্ৰালয়, বিভাগ অথবা ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰিব পাৰে৷
৫. প্ৰধানমন্ত্ৰী কাৰ্যালয়ে জনসাধাৰণৰ পত্ৰ লাভ কৰা প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে কম্পিউটাৰাইজড আৰু ফাইলৰ সবিশেষ সন্নিবিষ্ট কৰা কোনো ব্যৱস্থা নাই৷
৬. প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল কৰা অভিযোগৰ স্থিতি জানিব বিচৰা আৰটিআই আবেদনকাৰীয়ে আবেদন কৰাৰ পূৰ্বে অনুগ্ৰহ কৰি উপৰোক্ত দিশসমূহ লক্ষ্য কৰিব পাৰে৷