৪০ বছৰ বয়সত প্ৰধানমন্ত্ৰীত্ব লাভ কৰি শ্ৰী ৰাজীৱ গান্ধী বোধহয় সমগ্ৰ বিশ্বৰ ভিতৰতে কম বয়সীয়া নিৰ্বাচিত মুৰব্বী হিচাপে খ্যাতি লাভ কৰিছিল৷ তেওঁৰ মাক শ্ৰীমতী ইন্দিৰা গান্ধীয়ে ১৯৬৬ চনত প্ৰধানমন্ত্ৰী হওঁতে তেওঁৰ বয়স আছিল ৪৮ আৰু তেওঁৰ ককাক পণ্ডিত জৱাহৰলাল নেহৰুৱে ৫৮ বছৰ বয়সত প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰি ১৭ বছৰ দেশ শাসন কৰিছিল৷
দেশৰ প্ৰজন্মগত পৰিৱৰ্তনৰ অগ্ৰদূতৰ ৰূপত শ্ৰী গান্ধীয়ে দেশৰ ইতিহাসত সকলোতকৈ বেছি জনাদেশ প্ৰাপ্ত কৰিছিল৷ তেওঁ মাকৰ মৃত্যুৰ ঠিক লগে লগেই ভাৰতীয় সংসদত প্ৰত্যক্ষভাৱে নিৰ্বাচিত লোকসভা নিৰ্বাচনৰ আদেশ দিছিল৷ সেই নিৰ্বাচনটোত কংগ্ৰেছে বিগত সাঁতটা নিৰ্বাচনতকৈ ৫০৮খন আসনৰ ভিতৰত ৪০১খন আসন জয়েৰে বিপুল পৰিমাণৰ ভোট লাভ কৰিছিল৷
৭০০ মিলিয়ন ভাৰতীয়ৰ নেতাৰ ৰূপত এইদৰে সাংঘাটিক আৰম্ভণি যিকোনো পৰিস্থিতিতে উল্লেখযোগ্য আছিল৷ যদিও শ্ৰী গান্ধী ভাৰতৰ ৰাজনীতিত- স্বতন্ত্ৰতাৰ পূৰ্বে আৰু স্বতন্ত্ৰতাৰ পিছত- চাৰিটা প্ৰজন্ম ধৰি সেৱা প্ৰদান কৰা ৰাজনৈতিক পৰিয়ালৰ সন্তান আছিল তথাপিও তেওঁ অনিচ্ছাকৃতভাৱে ৰাজনীতিত প্ৰৱেশ কৰিছিল৷
শ্ৰী ৰাজীৱ গান্ধীৰ বম্বেত ১৯৪৪ চনৰ ২০ আগষ্টত জন্ম হৈছিল৷ ভাৰত স্বাধীন হোৱাৰ সময়ত আৰু তেওঁৰ ককাক প্ৰধানমন্ত্ৰী হোৱাৰ সময়ত শ্ৰী গান্ধী তিনিবছৰীয়া আছিল৷ তেওঁৰ পিতৃ-মাতৃ লক্ষ্ণৌৰ পৰা নতুন দিল্লীলৈ গুচি আহিছিল৷ তেওঁৰ দেউতাৰ ফিৰোজ গান্ধী সংসদৰ সদস্য হৈ সাহসী তথা কঠোৰ পৰিশ্ৰমী সাংসদ হিচাপে সুনাম অৰ্জন কৰিছিল৷
ৰাজীৱ গান্ধীয়ে তেওঁৰ প্ৰাক্ শৈশৱ কাল তীন মুৰ্তি হাউচত ককাকৰ সৈতে কটাইছিল য’ত ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰীৰ তত্বাৱধায়ক হিচাপে সেৱা প্ৰদান কৰিছিল৷ তেওঁ ডেৰাডুনৰ ৱেলহাম প্ৰিপ্ৰাইমেৰী বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰিছিল যদিও অতি সোনকালে তেওঁ হিমালয়ৰ পাদদেশৰ আৱাসিক ডুন বিদ্যালয়ত যোগদান কৰিছিল৷ তাতে তেওঁৰ বহুতৰ সৈতে জীৱনকালৰ বাবে বন্ধুত্ব স্থাপিত হৈছিল আৰু কিছুদিন পিছত তেওঁৰ সৰু ভায়েক সঞ্জয়েও যোগদান কৰিছিল৷
বিদ্যালয় শিক্ষা সাং হোৱাৰ পিছত তেওঁ কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজলৈ গৈছিল যদিও সোনকালেই লণ্ডনৰ ইম্পেৰিয়েল কলেজত যোগদান কৰিছিল৷ তেওঁ কাৰিকৰী অভিযন্তাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিল৷
এটা কথা সম্পূৰ্ণ পৰিষ্কাৰ আছিল যে ৰাজনীতিত তেওঁৰ আগ্ৰহ নাছিল৷ বন্ধুবৰ্গৰ মতে তেওঁৰ কিতাপৰ আলমাৰিটো কেৱল বিজ্ঞান আৰু অভিযান্ত্ৰিক বিষয়ৰ কিতাপেৰে পূৰ্ণ হৈ আছিল, তাত দৰ্শন, ৰাজনীতি অথবা বুৰঞ্জী আদিৰ স্থান নাছিল৷ সংগীতত কিছু পৰিমাণে আগ্ৰহ আছিল৷ তেওঁ পশ্চিমীয়া আৰু আধুনিক সংগীতৰ লগতে ভাৰতীয় শাস্ত্ৰীয় সংগীতো ভাল পাইছিল৷ অন্যান্য আগ্ৰহৰ ভিতৰত ফটোগ্ৰাফী আৰু এমেচাৰ ৰেডিঅ’ অন্যতম আছিল৷
বিমান উৰোৱাত তেওঁৰ সুতীব্ৰ ইচ্ছা আছিল৷ ইংলেণ্ডৰ পৰা ঘৰলৈ ঘূৰি অহাৰ পিছত তেওঁ দিল্লীৰ ফ্লাইং ক্লাবৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু বাণিজ্যিক পাইলটৰ অনুজ্ঞাপত্ৰ ল’বলৈ যায়৷ অতি সোনকালেই তেওঁ ঘৰুৱা ৰাষ্ট্ৰীয় ইণ্ডিয়ান এয়াৰলাইনছৰ পাইলট হিচাপে নিযুক্তি পায়৷
কেম্ব্ৰিজত পঢ়ি থকাৰ সময়ত কেম্ব্ৰিজলৈ ইংৰাজী অধ্যয়ন কৰিবলৈ অহা ইটালীৰ ছোনিয়া মাইন’ক তেওঁ লগ পায়৷ ১৯৬৮ চনত নতুন দিল্লীত তেওঁলোক বিবাহ পাশত আৱদ্ধ হয়৷ তেওঁলোকে শ্ৰীমতী ইন্দিৰা গান্ধীৰ নতুন দিল্লীৰ বাসভৱনত থাকিবলৈ লয় আৰু তেওঁলোকৰ ৰাহুল আৰু প্ৰিয়ংকা নামৰ দুটি সন্তান জন্ম হয়৷ ইমান বোৰ ৰাজনৈতিক কাৰ্যকলাপৰ পৰিৱেশৰ মাজতো তেওঁলোকে অত্যন্ত ব্যক্তিগতভাৱে জীৱন নিৰ্বাহ কৰিছিল৷ কিন্তু তেওঁৰ ভাতৃ সঞ্জয় গান্ধীৰ ১৯৮০ চনত বিমান দূৰ্ঘটনাত হোৱা মৃত্যুৱে সকলো পৰিৱৰ্তন কৰি পেলাইছিল৷ মাকক সহায় কৰিবলৈ তথা অন্তঃৱৰ্তী আৰু বহিঃভাগৰ বিভিন্ন ঘটনাই ৰাজনীতিত প্ৰৱেশ কৰিবলৈ তেওঁক বাধ্য কৰোৱা হৈছিল৷ প্ৰথমে তেওঁ এই চাপসমূহ অগ্ৰাহ্য কৰিছিল যদিও শেষলৈ তেওঁ মান্তি হ’ল৷ ভাতৃৰ মৃত্যুৰ বাবেই উত্তৰ প্ৰদেশৰ আমেথিৰ পৰা তেওঁ সংসদলৈ নিৰ্বাচিত হ’ল৷
১৯৮২ চনত যেতিয়া ভাৰতে এছিয়াম গেমছৰ আয়োজন কৰিছিল তেতিয়া সেই বৰ্ষৰ ভিতৰতে ষ্টেডিয়াম আৰু অন্যান্য আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল৷ শ্ৰী গান্ধীৰ অশেষ প্ৰচেষ্টাৰ ফলত সেই সকলোবোৰ কাম সময়মতে সম্পন্ন হৈছিল আৰু খেলখন কোনো সমস্যা নোহোৱাকৈ নিয়াৰিকৈ অনুষ্ঠিত হৈছিল৷ এই প্ৰত্যাহ্বানমূলক কাম সম্পন্ন কৰি শ্ৰী গান্ধীয়ে তেওঁৰ দক্ষতা তথা সুসমন্বয় প্ৰদৰ্শিত কৰিছিল৷ সেই একে সময়তে কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক হিচাপে তেওঁ দলক সুসংগঠিত কৰাত গুৰুত্ব নিৱেশ কৰিছিল৷ এইসমূহ গুণ বহু পৰীক্ষণ আৰু বহু সময়ৰ প্ৰচেষ্টাৰ ফলত পোহৰলৈ আহিছিল৷
১৯৮৪ চনৰ ৩১ অক্টোবৰত নিজৰ মাতৃৰ ক্ৰুৰ হত্যাৰ পিছত তেনেকুৱা কঠোৰ পৰিস্থিতিত শ্ৰী গান্ধীৰ বাবে প্ৰধানমন্ত্ৰী আৰু কংগ্ৰেছৰ অধ্যক্ষ হিচাপে কাম কৰাটো সহজ নাছিল৷
মাহজোৰা নিৰ্বাচনৰ শিবিৰ অনুষ্ঠিত কৰাৰ সময়ত শ্ৰী গান্ধীয়ে বিশ্ৰামবিহীনভাৱে দেশৰ এটা প্ৰান্তৰৰ পৰা আনটো প্ৰান্তৰলৈ ২৫০খন সভাত ভ্ৰমণ কৰি ফুৰিছিল৷
শ্ৰী গান্ধী আছিল এজন আধুনিক মনৰ প্ৰদৰ্শনকামী মানুহ৷ তেওঁ ক্ৰমাগতভাৱে ভাৰতৰ ঐক্য সংহতি স্থাপন কৰা উদ্দেশ্যৰ বিষয়ে কৈছিল৷