এগৰাকী জনতাৰ নেতা হিচাপে তেখেত সদায় নিজৰ ৰাজনীতিত বিশ্বাসী। তেখেতে ১৯৯৯ৰ ১৩ অক্টোবৰত একেৰাহে দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ এক নতুন মৰ্চা চৰকাৰৰ দায়িত্ব লয়। ১৯৯৬ চনত কিছু দিনৰ বাবে তেখেত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল। পণ্ডিত জৱাহৰলাল নেহৰুৰ পাছত তেখেতেই একেৰাহে দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছে।
৪ দশকতকৈও অধিক সময় কাৰ্যনিবাহ কৰা এগৰাকী জ্যেষ্ঠ সাংসদ হিচাপে শ্ৰী বাজপেয়ীয়ে ৯ বাৰ লোকসভালৈ আৰু দুবাৰকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাতো এক অভিলেখ।
ভাৰতৰ প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী, বিভিন্ন গুৰুত্বপূৰ্ণ সংসদীয় কমিটী আৰু বিৰোধী দলৰ দলপতি হিচাপে স্বাধীনতাৰ পাছত ভাৰতৰ দেশীয় আৰু বৈদেশিক নীতিৰ নতুন আকাৰ প্ৰদানত তেখেত এগৰাকী সক্ৰিয় অংশগ্ৰহণকাৰী হিচাপে ভূমিকা পালন কৰিছিল।
ছাত্ৰাৱস্থাতে শ্ৰী বাজপেয়ীয়ে ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰথম ভূমুকি মাৰিছিল, যেতিয়া তেখেতে ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত যোগদান কৰে। এই আন্দোলনে ভাৰতত ব্ৰিটিছ ঔপনিবেশৰ অৱসান ঘটায়। ৰাজনীতি বিজ্ঞান আৰু আইনৰ এগৰাকী ছাত্ৰ হিচাপে কলেজত থাকোতেই তেখেতে বৈদেশিক পৰিক্ৰমা বিভাগৰ উন্নয়নত আগ্ৰহী আছিল- সেই আগ্ৰহেই পৰৱৰ্তী বছৰবোৰত তেখেতক সমৃদ্ধ কৰে আৰু বিভিন্ন বহুপাক্ষিক তথা দ্বিপাক্ষিক আলোচনাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সময়ত সেইবোৰ দক্ষতাৰে প্ৰয়োগ কৰে।
শ্ৰী বাজপেয়ীয়ে এগৰাকী সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে যদিও ১৯৫১ চনত ভাৰতীয় জন সংঘত যোগ দিয়াৰ লগে লগে সেই কেৰিয়াৰ যতি পৰে আৰু বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টীৰ তেখেত অগ্ৰদূত তথা ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ এগৰাকী নেতৃস্থানীয় ব্যক্তি। সমালোচকৰ দ্বাৰা প্ৰশংসিত কবি বাজপেয়ীয়ে এতিয়াও সংগীত লিপ্ত থকাৰ উপৰি সুস্বাদু খাদ্য ৰন্ধন-প্ৰকৰণৰ বাবে সময় উলিয়ায়।
১৯২৪ চনৰ ২৫ ডিচেম্বৰত গোৱালিয়ৰ(বৰ্তমান মধ্যপ্ৰদেশৰ এক অংশ)ৰ এগৰাকী ভদ্ৰ শিক্ষকৰ পৰিয়ালয়ত জন্মগ্ৰহণ কৰা শ্ৰী বাজপেয়ীৰ ৰাজহুৱা জীৱনৰ উত্থান তেখেতৰ ৰাজনীতি আৰু ভাৰতীয় গণতন্ত্ৰৰ প্ৰতি এক শ্ৰদ্ধা়ঞ্জলি। দশক দশক ধৰি তেখেত এগৰাকী নেতা হিচাপে উত্থান হৈছে, যিগৰাকীয়ে নিজৰ উদাৰ বিশ্বদৃষ্টি আৰু গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি থকা প্ৰতিশ্ৰুতিক সন্মান জনায় আহিছে।
মহিলা সবলীকৰণ আৰু সামাজিক সমতাৰ এগৰাকী অপ্ৰতিদ্বন্দী বিজেতা, শ্ৰী বাজপেয়ীয়ে এখন গতিশীল ভাৰত, এখন শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতক বিশ্বাস কৰে, যি দেশৰ সমৃদ্ধিত ইয়াৰ সঠিক স্থানক আশ্বস্ত কৰে। তেখেত ৫০০০ বছৰীয়া ভাৰতীয় সভ্যতাৰ এটি অন্বেষণ কৰে, যি পৰৱৰ্তী ১০০০ বছৰৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ সদায়েই আধুনিক, নতুন, সদায়েই সক্ৰিয়।
ভাৰতৰ প্ৰতি থকা নিস্বাৰ্থ ত্যাগ আৰু অৰ্দ্ধ শতিকাতকৈও অধিক সময় সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে তেখেতক ভাৰত দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্ম বিভূষণেৰে’ সন্মানীত কৰা হয়। ১৯৯৪ চনত তেওঁ ভাৰতৰ ‘শ্ৰেষ্ঠ সাংসদ’ হিচাপে স্বীকৃতি লাভ কৰে। প্ৰশস্তি পত্ৰত এইদৰে লিখা আছেঃ “তেওঁ নাম যথাৰ্থ, অটলজী এগৰাকী প্ৰসিদ্ধ ৰাষ্ট্ৰীয় নেতা, এগৰাকী বিদ্বান ৰাজনীতিবিদ, এগৰাকী নিস্বাৰ্থ সমাজ কৰ্মী, শক্তিশালী বক্তা, কবি আৰু সাহিত্যিক, সাংবাদিকৰ উপৰি প্ৰকৃতাৰ্থত এগৰাকী বহুমুখী ব্যক্তিত্বসম্পন্ন লোক… অটলজীয়ে জনতাৰ আশা-আকাংক্ষাক অভিব্যক্ত কৰে…তেখেতৰ সকলো কামে সদায়েই ৰাষ্ট্ৰীয়বাদক প্ৰতিধ্বনিত কৰে।”