Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

ড০ মনমোহন সিং

২২ মে’, ২০০৪- ২৬ মে’, ২০১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ

ড০ মনমোহন সিং


ভাৰতৰ চতুৰ্দশ প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক প্ৰকৃততে এগৰাকী চিন্তাবিদ আৰু বিশেষজ্ঞ বুলি সকলোৱে সন্মান কৰে। তেওঁক তেওঁৰ কঠোৰ পৰিশ্ৰম, কামৰ ক্ষেত্ৰত বৌদ্ধিক দৃষ্টিভংগী আৰু নম্ৰ ব্যৱহাৰৰ বাবে অত্যধিক সন্মান দিয়া হয়।
১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত অবিভক্ত ভাৰতৰ পঞ্জাৱ প্ৰদেশৰ এখন গাঁৱত প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ জন্ম হৈছিল। ড০ সিঙে পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা ১৯৪৮ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। নিজৰ মেধা শক্তিৰ বলত পঞ্জাৱৰ পৰা ব্ৰিটেইনৰ কেমব্ৰিজলৈ বিশ্ববিদ্যালয়ত অধ্যয়নৰ সুযোগ পোৱা ড০ সিঙে ১৯৫৭ চনত অৰ্থনীতি বিষয়ত প্ৰথম শ্ৰেণীৰ সন্মান অৰ্জন কৰে। ড০ সিঙে ১৯৬২ চনত অক্সফৰ্ড বিশ্ববিদ্যালয় অধীনস্থ নাফিল্ড কলেজৰ পৰা অৰ্থনীতি বিষয়ত পি.এইচডি সন্মান অৰ্জন কৰে। তেওঁৰ “India’s Export Trends and Prospects for Self-Sustained Growth”(ক্লেৰেনডন প্ৰেছ, অক্সফৰ্ড, ১৯৬৪) ভাৰতৰ আভ্যন্তৰীণ ব্যৱসায়িক নীতিৰ প্ৰথমখন সমালোচনামুলক গ্ৰন্থ আছিল।
পঞ্জাৱ বিশ্ববিদ্যালয় আৰু দিল্লী স্কুল অৱ ইক’নমিকছত ফেকাল্টি হিচাপে কাৰ্যনিবাহ কৰি থকা সময়তে ড০ সিঙৰ শৈক্ষিক অভিজ্ঞতাই বিশেষ মাত্ৰা লাভ কৰে। তেওঁ ইউএনচিটিএডি সচিবালয়তো কিছু দিনৰ বাবে কাম কৰিছিল। তেওঁ ১৯৮৭ ৰ পৰা ১৯৯০লৈ জেনেভাৰ ছাউথ কমিচনৰো সচিবপ্ৰধান হিচাপে নিযুক্তি লাভ কৰিছিল।
১৯৭১চনত ড০ সিঙে ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ৰ এগৰাকী অৰ্থনৈতিক উপদেষ্টা হিচাপে যোগদান কৰে। ইয়াৰ ঠিক পিছতে ১৯৭২ চনত তেওঁক বিত্ত মন্তালয়ৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে নিযুক্তি দিয়ে। ড০ সিঙে কাৰ্যনিবাহ কৰা চৰকাৰৰ বিভিন্ন পদসমূহৰ ভিতৰত বিত্ত মন্ত্ৰালয়ৰ সচিব; পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ; ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ; প্ৰধানমন্ত্ৰী উপদেষ্টা আৰু বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ অধ্যক্ষ উল্লেখযোগ্য।
স্বাধীন ভাৰতৰ অৰ্থনীতিৰ ইতিহাসত পৰিৱৰ্তন তেতিয়াই আহে, যেতিয়া ১৯৯১ৰ পৰা ১৯৯৬লৈ ড০ সিঙে পাঁচ বছৰৰ বাবে ভাৰতৰ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰে। আৰ্থিক সংস্কাৰৰ ব্যাপক নীতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা এতিয়াও বিশ্বজুৰি সমাদৃত। ভাৰতৰ সেই সময়ৰ জনপ্ৰিয়তা ড০ সিঙৰ ব্যক্তিত্বৰ জৰিয়তে পৰিলক্ষিত হয়।
ৰাজহুৱা জীৱনত ড০ সিঙে কেইবাটাও বঁটা আৰু সন্মানেৰে সন্মানীত হৈছে। সেইবোৰৰ ভিতৰত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণ(১৯৮৭); ভাৰতী বিজ্ঞান সমাৰোহৰ জৱাহৰলাল নেহৰু জন্ম শতবৰ্ষ বঁটা(১৯৯৫), বৰ্ষশ্ৰেষ্ঠ বিত্ত মন্ত্ৰীৰ বাবে এছিয়া মনি বঁটা(১৯৯৩ আৰু ১৯৯৪); বৰ্ষশ্ৰেষ্ঠ বিত্ত মন্ত্ৰীৰ ইউৰো মনি বঁটা(১৯৯৩), কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ আদাম স্মিথ পুৰষ্কাৰ(১৯৫৬), আৰু কেম্ব্ৰিজত ছেইণ্ট জ’নছ কলেজত আগবঢ়োৱা বিশিষ্ট সেৱাৰ বাবে ৰাইট পুৰষ্কাৰ(১৯৫৫) ইত্যাদি উল্লেখযোগ্য। ড০ সিঙক জাপানীজ নিহন কেইজাই শ্বিমবুনকে ধৰি কেইবাটাও সংস্থাই সন্মান আগবঢ়াইছে। কেম্ব্ৰিজ আৰু অক্সফৰ্ডকে ধৰি কেইবাখনো বিশ্ববিদ্যালয়ৰ পৰা ড০ সিঙে সম্মানীয় ডিগ্ৰী লাভ কৰিছে।
ড০ সিঙে বহু সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু একাধিক আন্তঃৰাষ্ট্ৰীয় সংস্থাত ভাৰত প্ৰতিনিধিত্ব কৰিছে। তেওঁ চাইপাছ(১৯৯৩)ত কমনৱেল্থ দেশসমূহৰ মুৰব্বীসকলৰ বৈঠকত আৰু ভিয়েনাত ১৯৯৩ত আয়োজিত বিশ্ব মানৱাধিকাৰ সন্মিলনত ভাৰতীয় প্ৰতিনিধিবৰ্গৰ নেতৃত্ব বহন কৰে।নিজৰ ৰাজনৈতিক কেৰিয়াৰত ড০ সিঙে ১৯৯১চনৰ ভাৰতীয় সংসদৰ উচ্চ সদন(ৰাজ্যসভা)ৰ সদস্য হিচাপে নিৰ্বাচিত হয়, য’ত তেওঁ ১৯৯৮ৰ পৰা ২০০৪লৈ বিৰোধীৰ নেতা হিচাপে আছিল। ড০ মনমোহন সিঙে ২০০৪ৰ নিৰ্বাচনৰ পাছত ২২ মে’ত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আৰু ২০০৯ৰ ২২ মে’ত দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

ড০ সিং আৰু তেওঁৰ পত্নী শ্ৰীমতী গুৰচৰণ কৌৰৰ তিনিগৰাকী কন্যা আছে।