১. ছাউথ ব্লকৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ডাক শাখাই এই কাৰ্যালয়ৰ লগত জড়িত তথ্য বিচাৰি কৰা আবেদনসমূহ তথা ২০০৫ চনৰ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত নিৰ্দ্ধাৰিত আইনী মাচুল সংগ্ৰহ কৰে।শেহতীয়াকৈ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত সংগ্ৰিহীত সকলো তথ্য বিচাৰি কৰা আবেদনৰ ওপৰত কাৰ্যব্যৱস্থা ল’ব পৰাকৈ এটা তথ্য জনাৰ অধিকাৰ শাখা গঠন কৰা হৈছে।
2. তথ্য বিচাৰি কৰা আবেদনসমূহ আৰ টি আই অনলাইন পৰ্টেল যোগেও জমা দিব পাৰে বিকল্প হিচাপে.
৩. তথ্য জনাৰ অধিকাৰ শাখাই আইনৰ অধীনত নিৰ্দ্ধাৰিত আইনী মাচুল উচিত ৰছিদৰ বিনিময়ত নগদ অথবা ‘শাখা বিষয়া, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়’ৰ নামত অহা আই পি অ’/ডি ডি /বেংকাৰৰ চে’ক আদিৰ যোগেদি সংগ্ৰহ কৰে। অনলাইনযোগে আবেদন কৰাসকলে অনলাইনযোগেই ধন জমা কৰিব পাৰে।
৪. তথ্য জনাৰ অধিকাৰ শাখাই আবেদনকাৰীক আবেদনৰ অৱস্থান তথা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কৰা তেওঁলোকৰ আবেদনৰ লগত জড়িত যিকোনো তথ্য যোগান ধৰে। তথ্য জনাৰ অধিকাৰ শাখাৰ বিতং তথ্য তলত দিয়া হ’লঃ
ঠিকনা | তথ্য জনাৰ অধিকাৰ শাখা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় ছাউথ ব্লক, নতুন দিল্লী ১১০০১১ |
টেলিফোন নম্বৰ | ০১১-২৩৩৮২৫৯০ |
সময় | ৰাতিপুৱা ০৯.০০ বজাৰ পৰা আবেলি ০৫.৩০ লৈকে |
উপলব্ধ সুবিধাসমূহ | ক)ডাকযোগে তথ্য বিচাৰি কৰা আবেদনসমূহ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত গ্ৰহণ কৰা হয়। খ) ২০০৫ চনৰ তথ্য জনাৰ অধিকাৰ আইনত উল্লিখিত ধৰণে মাচুল নগদ বা অন্য মাধ্যমেৰে গ্ৰহণ কৰা হয়। গ)আবেদনকাৰীক আবেদনৰ অৱস্থানৰ বিষয়ে তথ্য যোগান ধৰা হয়। |
মাচুল | আবেদনৰ নিৰিখঃ ১০ টকা/-.অতিৰিক্ত খৰচঃ – ক) A-3 বা তাতকৈ সৰু আকাৰৰ কাগজৰ প্ৰতি পৃষ্ঠাৰ বাবে ২ টকা খ) ডাঙৰ আকাৰৰ কাগজৰ ফটোকপি কৰোতে প্ৰতি পৃষ্ঠাৰ বাবে যিমান টকা প্ৰকৃততে খৰচ হয় গ) চিডি বা ডিভিডিৰ বাবে যিমান টকা প্ৰকৃততে খৰচ হয় ঘ)প্ৰথম এঘন্টাৰ পৰ্যবেক্ষণৰ বাবে কোনো মাচুল নালাগে আৰু এঘন্টাৰ পিছত প্ৰতি ঘন্টাৰ বাবে মাচুল ৫ টকাকৈ; আৰু ঙ)তথ্য যোগান ধৰাৰ বাবদ ৫০ টকাতকৈ বেছি খৰচ হ’লে সেই ডাক খৰচ বহন কৰিব লাগিব। |
মাচুল ৰেহাই | দৰিদ্ৰতাৰ সীমাৰেখাৰ তলৰ কোনো ব্যক্তিয়ে সংশ্লিষ্ট চৰকাৰী কাৰ্যবাহীয়ে ইছ্যূ কৰা প্ৰমাণপত্ৰ আবেদনৰ লগত গাঁথি দিলে তেওঁৰ পৰা পৰা মাচুল লোৱা নহয়। | তথ্য জনাৰ অধিকাৰ শাখা |
---|