১. সক্ৰিয় প্ৰকাশঃ: প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথ্য জনাৰ অধিকাৰ, ২০০৫ৰ অনুচ্ছেদ ৪ (১)(খ)ৰ বিধানসমূহৰ অনুৱৰ্তী আৰু এই সম্বন্ধীয় সকলো তথ্য ইয়াৰ ৱেবছাইটত উপলব্ধ কৰোৱা হৈছে৷ পৰিদৰ্শনৰ বাবে ইয়াত ক্লিক কৰক৷. এই তথ্যসমূহ বছৰত অতি কমেও এবাৰ উন্নীতকৰণ কৰা হয়৷ প্ৰয়োজন অনুসৰি কিছুমান বিশেষ শাখা উন্নীতকৰণ কৰা হয়৷
২. বিশেষ ব্যক্তি (ব্যক্তিসমূহ)ক প্ৰভাৱিত কৰা সিদ্ধান্তসমূহৰ বাবে সূচীত কাৰণসমূহঃ: জনসাধাৰণক বৃহৎ পৰিমাণে প্ৰভাৱান্বিত কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ নিৰ্দিষ্ট মন্ত্ৰালয় প্ৰশাসন/বিভাগৰ অন্তৰ্গত হয়৷ মন্ত্ৰালয়/বিভাগসমূহৰ দৰে কোনো প্ৰশাসনিক অথবা অৰ্ধ-ন্যায়িক নিৰ্ণয় সাধাৰণতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত গ্ৰহণ কৰা নহয় যি কোনো বিশেষ ব্যক্তি অথবা বিশেষ বৰ্গৰ ব্যক্তিক প্ৰভাৱান্বিত কৰে৷
৩. <strongতথ্যৰ ব্যাপক প্ৰচাৰঃ জনাসাধাৰণৰ: মাজত তথ্য ব্যাপক হাৰত প্ৰচাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ দ্বাৰা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ জনসাধাৰণৰ বাবে উপলব্ধ তথ্যসমূহত নিম্নোক্তসমূহ অন্তৰ্ভুক্ত থাকেঃ
(ক) মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা প্ৰদান কৰা উক্তিসমূহ প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰকাশ কৰা হয়
(খ) প্ৰধানমন্ত্ৰীৰ ভাষণসমূহ
(গ)ছ’চিয়েল মিডিয়াৰ সম্পৰ্কঃ: টুইট আৰু ফে’চবুক
(ঘ) মন কি বাত
(ঙ) সংবাদৰ আপডেটসমূহ
(চ) চৰকাৰৰ সফলতাসমূহ আৰু কেবিনেটৰ সিদ্ধান্তসমূহ
(ছ) ভাৰতবৰ্ষৰ ৰূপান্তৰণ
৪. বিভিন্ন ভাষাত তথ্যসমূহৰ উপলব্ধতাঃ: প্ৰধানমন্ত্ৰীৰ ৱেবছাইট ১১টা ভাষাত উপলব্ধ৷
৫. গুৰুত্বপূৰ্ণ নীতিসমূহ গঠন কৰাৰ সময়ত প্ৰাসংগিক তথ্য অথবা জনসাধাৰণক প্ৰভাৱান্বিত কৰা সিদ্ধান্তসমূহৰ ঘোষণাঃ: জনসাধাৰণক বৃহৎ পৰিমাণে প্ৰভাৱান্বিত কৰা গুৰুত্বপূৰ্ণ নীতিসমূহ অথবা সিদ্ধান্তসমূহ গঠন কৰা বিষয়টো বিভাগীয় মন্ত্ৰালয় প্ৰশাসন/বিভাগৰ অন্তৰ্গত হয়৷