১. প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ কেন্দ্ৰীয় চৰকাৰী তথ্য বিষয়া(চেণ্ট্ৰেল পাব্লিক ইনফ’ৰমেচন অফিচাৰ)ই এনেকুৱা তথ্যহে প্ৰদান কৰিবলৈ বাধ্য, যিবোৰ এই কাৰ্যালয়ৰ নিয়ন্ত্ৰণাধীন আৰু ভাৰত চৰকাৰ(দায়িত্বৰ অনুমোদন)আইন,১৯৬১ৰ অধীনত নিৰ্ধাৰণ কৰা কাৰ্যাৱলীৰ অন্তৰ্ভুক্ত৷.
২. কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়/বিভাগৰ সৈতে জড়িত বিষয়
ক) তথ্য জনাৰ অধিকাৰ আইন,২০০৫ত এই কথা উল্লেখ আছে যে কোনো ব্যক্তিয়ে বিচৰা কোনো তথ্য যদি আন চৰকাৰী কৰ্তৃপক্ষৰদ্বাৰা সম্পাদিত হয় অথবা তেওঁলোকৰ কাৰ্যাৱলীৰ অন্তৰ্ভুক্ত হয়, তেন্তে তেনেধৰণৰ আবেদন আন চৰকাৰী কৰ্তৃপক্ষলৈ হস্তান্তৰ কৰা হয়৷ সেইবাবে, কোনো মন্ত্ৰালয় অথবা বিভাগৰ সৈতে জড়িত কোনো নিৰ্দিষ্ট বিষয়ৰ তথ্য বিচৰিলে আবেদনকাৰীয়ে পোনপটীয়াকৈ সংশ্লিষ্ট মন্ত্ৰালয় অথবা বিভাগৰ চৰকাৰী তথ্য বিষয়ালৈ আবেদন কৰিব পাৰে, ইয়াৰ ফলত আবেদনৰ উত্তৰ সময়মতে দিব পৰা যায়৷ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয়/বিভাগৰ মাজত কামৰ ভাগ-বতৰা সন্দৰ্ভত কোনো সন্দেহ থাকিলে, আবেদনকাৰীয়ে ভাৰত চৰকাৰ(দায়িত্বৰ আৱণ্টন)আইন,১৯৬১ৰ সহায় ল’ব পাৰে৷.
খ) অৱশ্যে, কেইবাটাও চৰকাৰী কৰ্তৃপক্ষ(এটাতকৈ অধিক মন্ত্ৰালয় অথবা বিভাগ)ৰ সৈতে জড়িত তথ্য বিচাৰিলে, তেনে আবেদন আন চৰকাৰী কৰ্তৃপক্ষলৈ হস্তান্তৰ কৰা নহয় আৰু এই ক্ষেত্ৰত আৰটিআই আবেদন নাকচ কৰা হয়৷
৩) ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে জড়িত বিষয়ঃ ৰাজ্য চৰকাৰ অথবা কেন্দ্ৰীয় শাসিত অঞ্চলৰ কাৰ্যাৱলীৰ সৈতে জড়িত তথ্যৰ ক্ষেত্ৰত আবেদনকাৰীক সংশ্লিষ্ট ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চললৈ আবেদন জনোৱাৰ পৰামৰ্শ দিয়া হয়৷
৪)ৰাজ্য চৰকাৰৰ অধীনত কেন্দ্ৰীয় মন্ত্ৰালয় অথবা বিভাগৰ পৰা তথ্য বিচাৰিলে আবেদনকাৰীয়ে উক্ত মন্ত্ৰালয় অথবা বিভাগৰ নিজা নিজা ৱেবছাইট প্ৰত্যক্ষ কৰিব পাৰে৷ ভাৰত চৰকাৰৰ ৱেব ডাইৰেক্টৰী(GOI web directory) ত এই ৱেবছাইটসমূহ উপলব্ধ৷
৫)প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰেক’ৰ্ডৰ অন্তৰ্ভুক্ত নোহোৱা কোনো তথ্য কেন্দ্ৰীয় চৰকাৰী তথ্য বিষয়াই সৃষ্টি কৰিব নোৱাৰে৷ কেন্দ্ৰীয় চৰকাৰী তথ্য বিষয়াই নিম্নোক্ত বিষয়সমূহৰো তথ্য দিবলৈ বাধ্য নহয়—
ক) কোনো ধাৰণা অথবা অনুমানৰ অংকন
খ) ধাৰণা সৃষ্টি;
গ) তথ্যৰ বাখ্যা;
ঘ) আবেদনকাৰীয়ে উত্থাপন কৰা সমস্যাৰ সমাধান;
ঙ) অন্যান্য ৰাজহুৱা কৰ্তৃপক্ষৰ অধীনত থকা তথ্য;
চ) কল্পনাপ্ৰসূত প্ৰশ্নৰ উত্তৰ প্ৰস্তুত কৰা৷
৬. প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে জড়িত আৰু সম্ভাব্য জনস্বাৰ্থজড়িত সকলো তথ্য ‘ৰাইট টু ইনফ’ৰমেচন’(Right to Information) শীৰ্ষক শিৰোনামেৰে পিএমঅ’ ৱেৱছাইট(PMO’s website) ত উপলব্ধ৷ আৰটিআই আবেদনকাৰীক আহ্বান জনোৱা হ’ল যে তেওঁলোকে পৰ্যাপ্ত তথ্যৰ বাবে ৱেবছাইট প্ৰত্যক্ষ কৰক, যাতে তেওঁলোকৰ আবেদন ক্ৰূতিপূৰ্ণ নহয়৷