Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা; জল শক্তিৰ ওপৰত গুৰুত্ব দিয়াৰ ক্ষেত্ৰত বাবাচাহেব আম্বেদকাৰক প্ৰেৰণাদায়কৰ ৰূপত স্মৰণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱসত দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়—” চহকী ইতিহাস সমৃদ্ধ ভাৰতৰ সমুদ্ৰ ক্ষেত্ৰখনৰ এনে এক সম্ভাৱনা আছে, যিয়ে দেশৰ পৰিৱৰ্তন সম্ভৱ কৰিব পাৰে৷ ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱসত আমি নিশ্চয়তা দিব বিচাৰো যে ৰাষ্ট্ৰৰ সমৃদ্ধিৰ কাৰণে দেশৰ সামুদ্ৰিক শক্তিক অধিক বৃদ্ধি কৰিবলৈ আমি সংকল্পবদ্ধ৷

এক গতিশীল সামুদ্ৰিক খণ্ডৰ প্ৰতি আমাৰ দায়বদ্ধতাক ড০ বাবাচাহেব আম্বেদকাৰে অনুপ্ৰাণিত কৰি আহিছে৷ বাবাচাহেব আম্বেদকাৰে জল শক্তি, জল পথ, জলসিঞ্চন আৰু বন্দৰৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল৷ এই খণ্ডত তেওঁৰ কাৰ্যসমূহে দেশবাসীৰ কল্যাণৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে৷”

***

AKT/HS/MS