প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি অনুষ্ঠিত কেবিনেট বৈঠকত ২০১৭-১৮ বৰ্ষৰ পৰা তিনি বছৰৰ বাবে ৯০৪৬.১৭ কোটি টকা ধাৰ্যৰে ৰাষ্ট্ৰীয় পুষ্টি অভিযান আৰম্ভ কৰিবলৈ অনুমোদন জনায়।
বৈশিষ্ট্যসমূহঃ
১. এনএনএমে এক শীৰ্ষ সংস্থা হিচাপে মন্ত্ৰালয়ৰ অন্তৰ্গত সকলো পুষ্টিজনিত বিষয়ৰ নিৰীক্ষণ, পৰামৰ্শ, লক্ষ্য নিৰ্ধাৰণ আৰু তত্বাৱধান কৰিব।
২. এই প্ৰস্তাৱত সন্নিৱিষ্ট বিষয়বোৰ হৈছেঃ
মুখ্য প্ৰভাৱঃ
এই আঁচনিৰ লক্ষ্য হৈছে পুষ্টিহীনতা, এনিমিয়া আৰু কম ওজনৰ শিশু জন্ম হোৱা ইত্যাদি সমস্যাবোৰ হ্ৰাস কৰা। এই আঁচনিয়ে উন্নত নিৰীক্ষণ, সময়ানুৱৰ্তী সতৰ্কতা ইত্যাদিৰ মাজত যোগসূত্ৰ ৰক্ষা কৰাৰ লগতে নিৰ্দিষ্ট লক্ষ্য উপনীত হোৱাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলবোৰক মন্ত্ৰালয়ৰ জৰিয়তে প্ৰোৎসাহিত কৰিব।
লাভলাভ আৰু পৰিসৰঃ
এই আঁচনিৰ দ্বাৰা ১০ কোটিতকৈ অধিক লোক উপকৃত হ’ব। সকলো ৰাজ্য আৰু জিলাক সামৰিব লগা এই আঁচনিৰ অধীনত ২০১৭-১৮ বিত্তীয় বৰ্ষত প্ৰথম পৰ্যায়ত ৩১৫খন জিলা, ২০১৮-১৯ বিত্তীয় বৰ্ষত ২৩৫খন জিলা আৰু ২০১৯-২০ বিত্তীয় বৰ্ষত বাকী থকা জিলাসমূহ সামৰি লোৱা হ’ব।
বিত্তীয় অনুমোদনঃ
২০১৭-১৮ বৰ্ষৰ পৰা তিনিবছৰৰ বাবে ৰাষ্ট্ৰীয় পুষ্টি অভিযানৰ বাবে ৯০৪৬.১৭ কোটি টকা ধাৰ্য কৰা হৈছে। এই পুঁজি চৰকাৰী বাজেটীয় সমৰ্থন(৫০%) আৰু ৫০% ধন আইবিআৰডি অথবা অন্যান্য এমডিবিৰ জৰিয়তে সংগ্ৰহ কৰা হ’ব। চৰকাৰী বাজেটীয় সমৰ্থন কেন্দ্ৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাজত ৬০:৪০ যদিও উত্তৰ-পূৰ্বাঞ্চল আৰু হিমালয়ান ৰাজ্যসমূহৰ বাবে ৯০:১০ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো পুঁজি কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। তিনি বছৰত এই আঁচনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিবলগীয়া পুঁজিৰ পৰিমাণ হৈছে ২৮৪৯.৫৪ কোটি টকা।
কাৰ্যকৰীকৰণৰ কৌশল আৰু লক্ষ্যঃ
তৃণমুল পৰ্যায়ৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই আঁচনি বলবৎ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ নিৰীক্ষণ কৰা হ’ব। ২০১৭-১৮ পৰা ২০১৯-২০২০ লৈ ৰাষ্ট্ৰীয় পুষ্টি অভিযান তিনিটা পৰ্যায়ত কাৰ্যকৰী কৰা হ’ব। ৰাষ্ট্ৰীয় পুষ্টি অভিযানৰ লক্ষ্য হৈছে মুজুৰা লগা(সঠিকভাৱে বিকাশ নোহোৱা), পুষ্টিহীনতাত ভোগা, এনিমিয়া(শিশু, মহিলা আৰু কিশোৰী) আৰু প্ৰতি বছৰে ২%, ২%, ৩% আৰু ২% কৈ কম ওজনৰ শিশুৰ জন্ম ইত্যাদি সমস্যাবোৰ হ্ৰাস কৰা। প্ৰতি বছৰে মুজুৰা লগা(সঠিকভাৱে বিকাশ নোহোৱা) সমস্যাৰ যদি অতি কমেও ২%কৈ হ্ৰাস পায়, তেন্তে বৰ্তমানৰ ৩৮.৪%(NFHS-4)ৰ বিপৰীতে ২০২২ত এই হাৰ ২৫% লৈ হ্ৰাস কৰিব পৰা যাব। (Mission 25 by 2022).
পটভূমিঃ
প্ৰত্যক্ষ বা পৰোক্ষভাৱে শিশু(০-৬ বছৰ), গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ পুষ্টিজনিত দিশৰ সৈতে জড়িত কেইবাখনো আঁচনি আছে। তৎসত্বেও দেশ অপুষ্টি আৰু ইয়াৰ লগত জড়িত সমস্যা অতি ভয়াবহ। সেই আঁচনিবোৰ সন্মিলিতভাৱে উপযুক্ত ৰূপত নিৰীক্ষণ নকৰাৰ পৰিপ্ৰেক্ষিতত ভাল ফল পাবলৈ সক্ষম হোৱা নাই। সেয়েহে ৰাষ্ট্ৰীয় পুষ্টি অভিযানৰ জৰিয়তে সময়সাপেক্ষ নিৰীক্ষণ সম্ভৱ হোৱাকৈ সকলো বিভাগৰ মাজত সন্মিলিত ভাৱে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।
*****
AKT/VBA/SH/DB