প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ কানপুৰত ৰাষ্ট্ৰীয় গংগা পৰিষদৰ প্ৰথমখন বৈঠকত সভাপতিত্ব প্ৰদান কৰে৷
এই পৰিষদক গংগা নদীৰ অৱবাহিকা লগতে গংগা আৰু ইয়াৰ উপনৈসমূহত প্ৰদুষণ নিয়ন্ত্ৰণ তথা পুনৰুজ্জীৱিতৰ দায়িত্ব দিয়া হৈছে৷ পৰিষদৰ প্ৰথমখন বৈঠকৰ জৰিয়তে বিভাগীয় ৰাজ্যসমূহৰ সকলো বিভাগ লগতে প্ৰাসংগিক মন্ত্ৰালয়সমূহৰ জৰিয়তে ‘গংগাকেন্দ্ৰিক’ কাৰ্যসমূহৰ সৱলীকৰণত গুৰুত্ব প্ৰদান কৰা হৈছে৷
আজিৰ বৈঠকখনত জল শক্তি, পৰিবেশ, কৃষি আৰু গ্ৰামোন্নয়ন, স্বাস্থ্য, নগৰ পৰিক্ৰমা, শক্তি, পৰ্যটন, নৌ পৰিবহণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীসকল, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী, বিহাৰৰ উপ মুখ্যমন্ত্ৰী, নিটি আয়োগৰ উপাধ্যক্ষ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল৷ বৈঠকখনত পশ্চিমবংগই অংশগ্ৰহণ নকৰাৰ লগতে ঝাৰখণ্ডে তেওঁলোকৰ ৰাজ্যত চলিত নিৰ্বাচনৰ বাবে বৈঠকখনত অংশগ্ৰহণ কৰিব নোৱাৰিলে৷
গংগা নদীৰ পৰিষ্কাৰকৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে ‘স্বচ্ছতা’, ‘অবিৰলতা’ আৰু ‘নিৰ্মলতা’ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়৷ উপ-মহাদেশীয় অঞ্চলত গংগা নদীক সবাতোকৈ পবিত্ৰ নদী হিচাপে পৰিলক্ষিত কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পুনৰুজ্জীৱিতৰ কাৰ্য সহযোগিতামূলক গণতন্ত্ৰৰ এক উজ্বল উদাহৰণ বুলি মন্তব্য প্ৰদান কৰে৷ গংগা নদীৰ পুনৰুজ্জীৱিতকৰণ কাৰ্যক এক দীৰ্ঘদিনীয়া প্ৰত্যাহ্বান বুলি অভিহিত কৰি তেওঁ কয় যে চৰকাৰে ২০১৪ চনত ‘নমামি গংগে’ কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছৰে পৰা ব্যাপক প্ৰয়াসৰ ফলস্বৰূপে বিভিন্ন সাফল্য অৰ্জন কৰিছে যদিও আৰু বহুখিনি লক্ষ্য অতিক্ৰম কৰিবলৈ এতিয়াও বাকী আছে৷
প্ৰথমবাৰলৈ কেন্দ্ৰীয় চৰকাৰে ২০১৫-২০ বৰ্ষৰ বাবে গংগা নদী পাৰ হৈ যোৱা পাঁচখন ৰাজ্যৰ বাবে ২০,০০০ কোটি টকা সাহায্যৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ ইয়াৰ জৰিয়তে নদীৰ পানী অবিৰতভাৱে বৈ থকাৰ নিশ্চিতি প্ৰদান কৰা হৈছে৷ এই পৰিপ্ৰেক্ষিতত নতুন নৰ্দমা ব্যৱস্থাকৰণ পৰিকল্পনাৰ বাবে ৭৭০০ কোটি টকা ইতিমধ্যেই প্ৰদান কৰা হৈছে৷
নিৰ্মল গংগাৰ পৰিকাঠামোৰ উত্তৰণত জনসাধাৰণৰ বৃহৎ সহযোগিতা আৰু সজাগতাৰো প্ৰয়োজন বুলি প্ৰধানমন্ত্ৰীয়ে দোহাৰে৷
চৰকাৰে গংগা নদীৰ পুনৰুজ্জীৱিতকৰণ প্ৰকল্পৰ বাবে ব্যক্তিবিশেষ, প্ৰবাসী ভাৰতীয়, ঔদ্যোগিক সংস্থা আদিৰ পৰা বিত্ত সংগ্ৰহৰ জৰিয়তে ‘ক্লীন গংগা ফাণ্ড (চিজিএফ)’ৰ গঠন কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে স্বয়ং এই চিজিএফলৈ তেওঁ লাভ কৰা বিভিন্ন উপহাৰৰ নিলামী ধন তথা ছিউল শান্তি বঁটাৰ সমুদায় ধনৰ ১৬.৫৩ কোটি টকা প্ৰদান কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে গংগা প্ৰাসংগিক অৰ্থনৈতিক কাৰ্যকলাপসমূহত গুৰুত্ব প্ৰদান কৰি এক বহনক্ষণ বিকাশ মডেলৰ বাবে ‘নমামি গংগে’ক ‘অৰ্থ গংগা’লৈ উদ্ভাসিত কৰাৰ বাবে আহ্বান জনায়৷ এই প্ৰক্ৰিয়াৰ অংশ হিচাপে কৃষকসকলক গংগা নদীৰ তীৰত বহনক্ষম কৃষি উৎপাদন, শূন্য বাজেটৰ কৃষি, ফলৰ বৃক্ষ ৰোপণ আৰু শস্য নাৰ্চাৰী আদি গঠন কৰিবলৈ উৎসাহ যোগোৱা হ’ব৷ এই ক্ষেত্ৰত আত্ম সহায়ক গোটৰ মহিলা আৰু অৱসৰপ্ৰাপ্ত চাকৰিয়ালসমূহক প্ৰাধান্য দিয়া হ’ব৷ তাৰোপৰি জলক্ৰীড়াৰ আন্তঃগাঁথনি, শিবিৰৰ বিকাশ, চাইক্লিং আৰু খোজকঢ়া পথ আদি সৃষ্টিৰ বাবেও উৎসাহ প্ৰদান কৰা হ’ব৷ এইসমূহৰ জৰিয়তে অৰ্জন হোৱা ৰাজহৰ ধন গংগা নদীৰ পৰিষ্কাৰকৰণত ব্যয় কৰা হ’ব৷
নমামি গংগে আৰু অৰ্থ গংগাৰ অধীনত বিভিন্ন আঁচনি তথা পদক্ষেপসমূহ নিৰীক্ষণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে এক ডিজিটেল ডেশ্বব’ৰ্ড গঠনৰ বাবেও নিৰ্দেশনা প্ৰদান কৰে য’ত গাঁও আৰু নগৰৰ সংস্থাসমূহৰ পৰা লাভ কৰা তথ্যসমূহ দৈনিকভিত্তিত নিটি আয়োগ আৰু জল শক্তি মন্ত্ৰালয়ে নিৰীক্ষণ কৰিব৷ তাৰোপৰি নমামি গংগেৰ অধীনত প্ৰত্যাশী জিলা বা গংগা নদীৰ সীমাত থকা জিলাসমূহক নিৰীক্ষণৰ লক্ষ্যস্থান হিচাপে গঢ়ি তুলিবলৈও প্ৰধানমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷
উল্লেখ্য, এই বৈঠকৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে চন্দ্ৰশেখৰ আজাদৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু চন্দ্ৰশেখৰ আজাদ কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত ‘নমামি গংগে’ শীৰ্ষক এক প্ৰদৰ্শনীও দৰ্শন কৰে৷ দিনটোৰ শেষত প্ৰধানমন্ত্ৰীয়ে অটল ঘাট পৰিদৰ্শন কৰে আৰু ‘শিশামৌ নালা’ৰ পৰিষ্কাৰকৰণৰ সফল কাৰ্যসূচীও নিৰীক্ষণ কৰে৷
******
VRRK/SH/MANN
Today’s meeting of the National Ganga Council was an extremely fruitful one.
— Narendra Modi (@narendramodi) December 14, 2019
CMs, Ministers, top officials from various states attended and enriched proceedings with their insights. Our ‘Ganga-centric’ approach is ensuring positive results.https://t.co/WWCqatBPSg pic.twitter.com/yxnSQQbaBe