প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা সম্বোধন কৰি বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি পোৱা প্ৰায় ৭০ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত নিযুক্তিপ্ৰাপ্তসকলে বিত্তীয় সেৱা বিভাগ, ডাক বিভাগ, বিদ্যালয় শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰাজহ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, পাৰমাণৱিক শক্তি বিভাগ, ৰেলৱে মন্ত্ৰালয়, হিচাপ নিৰীক্ষণ বিভাগ, পাৰমাণৱিক শক্তি বিভাগ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয় আদিত যোগদান কৰিব। প্ৰধানমন্ত্ৰীৰ ভাষণৰ সময়ত সমগ্ৰ দেশৰ ৪৩ টা স্থানত চলি থকা মেলাসমূহক এই অনুষ্ঠানৰ সৈতে সংযুক্ত কৰা হৈছিল।
সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ৭০ হাজাৰৰো অধিক ব্যক্তিক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা বৰ্তমান চৰকাৰৰ নতুন পৰিচয় হৈ পৰিছে। বিজেপি আৰু এন ডি এ শাসিত ৰাজ্যসমূহেও নিয়মীয়াকৈ অনুৰূপ ৰোজগাৰ মেলাৰ আয়োজন কৰাত তেওঁ আনন্দ প্ৰকাশ কৰে। আজাদী কা অমৃত কাল আৰম্ভ হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে চৰকাৰী সেৱাত যোগদান কৰাসকলৰ বাবে এয়া এক অতি উল্লেখযোগ্য মুহূৰ্ত কাৰণ তেওঁলোকে আগন্তুক ২৫ বছৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ দিশত অৰিহণা যোগোৱাৰ সুযোগ পাইছে। শ্ৰী মোদীয়ে এই উপলক্ষে নতুনকৈ নিযুক্তি লাভ কৰা সকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে অৰ্থনীতিত কৰ্মসংস্থাপন আৰু স্বনিয়োজনৰ বৰ্ধিত সুযোগৰ বিষয়ে আলোচনা কৰে। তেওঁ মুদ্ৰা আঁচনি, ষ্টাৰ্টআপ ইণ্ডিয়া, ষ্টেণ্ড আপ ইণ্ডিয়া আদি ব্যৱস্থাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এতিয়া এই যুৱকসকল চাকৰি সৃষ্টিকাৰী হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱক-যুৱতীসকলক চৰকাৰী চাকৰি প্ৰদানৰ অভিযান অভূতপূৰ্ব। SSC, UPSC, আৰু RRBৰ দৰে প্ৰতিষ্ঠানে নতুন ব্যৱস্থাৰে অধিক চাকৰি প্ৰদান কৰিছে। এই প্ৰতিষ্ঠানসমূহে নিযুক্তি প্ৰক্ৰিয়াটো সহজ, স্বচ্ছ আৰু সৰল কৰি তোলাত গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকে নিযুক্তিৰ সময়চক্ৰ ১-২ বছৰৰ পৰা কেইমাহমানলৈ হ্ৰাস কৰিছে বুলিও তেওঁ কয়।
ভাৰত আৰু ইয়াৰ অৰ্থনীতিৰ প্ৰতি বিশ্বৰ আস্থাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, “আজি ভাৰতৰ সৈতে অংশীদাৰিত্ব কৰিবলৈ সমগ্ৰ বিশ্ব আগ্ৰহী”। অর্থনৈতিক মন্দাৱস্থা, বিশ্ব মহামাৰী আৰু চলি থকা যুদ্ধৰ বাবে যোগান শৃংখলত বিঘিনি ঘটাকে ধৰি আজিৰ প্রত্যাহবানসমূহ আঙুলিয়াই দি প্রধানমন্ত্রীয়ে ভাৰতে নিজৰ অর্থনীতি নতুন উচ্চতালৈ লৈ গৈছে বুলি আলোকপাত কৰে৷ প্ৰধানমন্ত্ৰীয়ে বিভিন্ন বহুজাতিক কোম্পানীয়ে উৎপাদন আৰু দেশৰ ক্ৰমবৰ্ধমান বৈদেশিক মুদ্ৰাৰ মজুতৰ বাবে ভাৰতত প্ৰৱেশ কৰাৰ উদাহৰণ দাঙি ধৰে। শ্ৰী মোদীয়ে কয় যে যে দেশত বৃদ্ধি পোৱা বিদেশী বিনিয়োগে উৎপাদন, সম্প্ৰসাৰণ আৰু নতুন উদ্যোগৰ জন্ম দিয়ে, আৰু ৰপ্তানি বৃদ্ধি কৰে, যাৰ ফলত অতি দ্ৰুত গতিত কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পায়। ব্যক্তিগত খণ্ডত লাখ লাখ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা বৰ্তমান চৰকাৰৰ নীতিসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ জিডিপিত ৬.৫ শতাংশতকৈ অধিক অৰিহণা যোগোৱা অটোমোবাইল খণ্ডৰ উদাহৰণ দাঙি ধৰে। তেওঁ উল্লেখ কৰে যে ভাৰতত অটোমোটিভ উদ্যোগৰ বৃদ্ধিৰ সাক্ষী হ’ব পাৰে যাত্ৰীবাহী বাহন, বাণিজ্যিক বাহন আৰু তিনি আৰু দুচকীয়া বাহন বিভিন্ন দেশলৈ ৰপ্তানি বৃদ্ধি পোৱাৰ ফলত। তেওঁ জনোৱা মতে, দহ বছৰ পূৰ্বে ৫ লাখ কোটি টকাৰ অটোমোটিভ উদ্যোগ আজি ১২ লাখ কোটিতকৈও অধিক মূল্যৰ উদ্যোগ হৈ পৰিছে। “ভাৰততো বৈদ্যুতিক গতিশীলতাৰ সম্প্ৰসাৰণ ঘটিছে। পিএলআই আঁচনিখনে অটোমোটিভ উদ্যোগকো সহায় কৰিছে”, শ্ৰী মোদীয়ে লগতে কয় যে এনে খণ্ডই ভাৰতৰ লাখ লাখ যুৱক-যুৱতীৰ বাবে অসংখ্য কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে বুলি আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এটা দশক আগৰ তুলনাত ভাৰত এতিয়া এখন অধিক সুস্থিৰ, নিৰাপদ আৰু শক্তিশালী দেশ। তেওঁ সেই সময়ৰ কথা স্মৰণ কৰে যেতিয়া কেলেংকাৰী আৰু জনসাধাৰণৰ অপব্যৱহাৰ পূৰ্বৰ সময়ত শাসন ব্যৱস্থাৰ চিনাকি আছিল। ‘আজি ভাৰত ৰাজনৈতিক সুস্থিৰতাৰ বাবে পৰিচিত যিয়ে আজিৰ পৃথিৱীত বহু কথাই বুজায়। আজি ভাৰত চৰকাৰ এখন নিৰ্ণায়ক চৰকাৰ হিচাপে স্বীকৃতি লাভ কৰিছে। আজি চৰকাৰখন প্ৰগতিশীল অৰ্থনৈতিক আৰু সামাজিক সিদ্ধান্তৰ বাবে পৰিচিত”, তেওঁ কয়। বিশ্বব্যাপী সংস্থাসমূহে জীৱন-যাপনৰ সহজতা, আন্তঃগাঁথনি নিৰ্মাণ আৰু ব্যৱসায়িক সৰলতাৰ কামক স্বীকাৰ কৰিছে।
শ্ৰী মোদীয়ে নিযুক্তি প্ৰক্ৰিয়াত বংশবাদৰ ৰাজনীতি আৰু পক্ষপাতৰ কু-সংস্কাৰৰ কথা কয়। প্ৰধানমন্ত্ৰীয়ে এখন ৰাজ্যত উন্মোচিত হোৱা ‘নগদ ধন চাকৰিৰ কেলেংকাৰী’ৰ বিষয়টোৰ ওপৰত আলোকপাত কৰি যুৱক-যুৱতীসকলক এনে ব্যৱস্থাৰ বিষয়ে সকীয়াই দিয়ে। পোহৰলৈ অহা বিষয়বোৰৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে কেনেকৈ ৰেষ্টুৰেণ্টৰ মেনু কাৰ্ডৰ দৰে প্ৰতিটো চাকৰিৰ পোষ্টিঙৰ বাবে ৰেট কাৰ্ড প্ৰস্তুত কৰা হৈছিল। দেশৰ তদানীন্তন ৰে’ল মন্ত্ৰীয়ে চাকৰিৰ বিনিময়ত মাটি অধিগ্ৰহণ কৰা কেলেংকাৰীৰ ওপৰতো আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে গোচৰটো চিবিআইয়ে তদন্ত কৰি আদালতত বিচাৰাধীন হৈ থকা বুলি মন্তব্য কৰে। বংশবাদী ৰাজনীতিত লিপ্ত হৈ চাকৰিৰ নামত দেশৰ যুৱক-যুৱতীক প্ৰৱঞ্চনা কৰা এনে ৰাজনৈতিক দলৰ নেতাসকলক সকীয়াই দিয়ে প্ৰধানমন্ত্ৰীয়ে। ‘এফালে আমাৰ এনেকুৱা কিছুমান ৰাজনৈতিক দল আছে যিয়ে চাকৰিৰ বাবে ৰেট কাৰ্ড দাখিল কৰে, আনফালে বৰ্তমানৰ চৰকাৰখনে যুৱক-যুৱতীসকলৰ ভৱিষ্যত ৰক্ষা কৰি আছে। এতিয়া দেশে সিদ্ধান্ত ল’ব যুৱক-যুৱতীসকলৰ ভৱিষ্যত ৰেট কাৰ্ডৰ দ্বাৰা পৰিচালিত হ’ব নে সুৰক্ষাৰ দ্বাৰা পৰিচালিত হ’ব”, প্ৰধানমন্ত্ৰীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাষাৰ নামত আন ৰাজনৈতিক দলসমূহে জনসাধাৰণক বিভাজিত কৰাৰ চেষ্টা চলাইছে, আনহাতে চৰকাৰে ভাষাক কৰ্মসংস্থাপনৰ শক্তিশালী মাধ্যম কৰি তুলিছে। তেওঁ কয় যে মাতৃভাষাত নিযুক্তি পৰীক্ষাত গুৰুত্ব দিয়াৰ ফলত যুৱক-যুৱতীসকল উপকৃত হৈছে।
প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰি কয় যে আজিৰ দ্ৰুতগতিত চলি থকা ভাৰতত চৰকাৰী ব্যৱস্থা আৰু চৰকাৰী কৰ্মচাৰীৰ কাম-কাজৰ ধৰণ দ্ৰুতগতিত সলনি হৈছে। তেওঁ সেই সময়ৰ কথা স্মৰণ কৰে যেতিয়া দেশৰ সাধাৰণ নাগৰিকে চৰকাৰী কাৰ্যালয়ৰ দোৱাৰে দোৱাৰে ঘুৰি ফুৰিছিল,কিন্তু আজিৰ চৰকাৰে নিজৰ সেৱা জনসাধাৰণৰ দুৱাৰমুখলৈ লৈ গৈছে। শ্ৰী মোদীয়ে মোবাইল এপৰ জৰিয়তে ডিজিটেল সেৱাৰ উদাহৰণ দাঙি ধৰে, যিয়ে চৰকাৰী সুবিধাসমূহ সহজলভ্য কৰি তুলিছে, আৰু ৰাজহুৱা অভিযোগ নিষ্পত্তি ব্যৱস্থাক নিৰন্তৰ শক্তিশালী কৰি আছে।
ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় যে নতুনকৈ নিযুক্তিপ্ৰাপ্তসকলে দেশৰ নাগৰিকৰ প্ৰতি সম্পূৰ্ণ সংবেদনশীলতাৰে কাম কৰিব লাগিব। “আপোনালোকে এই সংস্কাৰসমূহক আৰু আগুৱাই নিব লাগিব। আৰু এই সকলোবোৰৰ সৈতে আপুনি সদায় আপোনাৰ শিক্ষণ প্ৰবৃত্তি বজাই ৰাখিব”, শ্ৰী মোদীয়ে কয়। শেহতীয়াকৈ ১০ লাখ ব্যৱহাৰকাৰীৰ সীমা অতিক্ৰম কৰা অনলাইন পৰ্টেল iGoT ৰ কথাও তেওঁ উল্লেখ কৰে আৰু এই অনলাইন পৰ্টেলত উপলব্ধ পাঠ্যক্ৰমৰ সম্পূৰ্ণ সুবিধা ল’বলৈ আহ্বান জনায়। “অমৃত কালৰ আগন্তুক ২৫ বছৰৰ যাত্ৰাত আহক আমি একেলগে উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত আগবাঢ়ি যাওঁ”, প্ৰধানমন্ত্ৰীয়ে এইদৰে কৈ ভাষণৰ সামৰণি মাৰে।
Addressing the Rozgar Mela. Congratulations to the newly inducted appointees. https://t.co/MLd0MAYOok
— Narendra Modi (@narendramodi) June 13, 2023
मैं आज नियुक्ति पत्र पाने वाले सभी युवाओं को बहुत-बहुत बधाई और शुभकामनाएं देता हूं: PM @narendramodi pic.twitter.com/XxJmbOejeh
— PMO India (@PMOIndia) June 13, 2023
***
Addressing the Rozgar Mela. Congratulations to the newly inducted appointees. https://t.co/MLd0MAYOok
— Narendra Modi (@narendramodi) June 13, 2023
मैं आज नियुक्ति पत्र पाने वाले सभी युवाओं को बहुत-बहुत बधाई और शुभकामनाएं देता हूं: PM @narendramodi pic.twitter.com/XxJmbOejeh
— PMO India (@PMOIndia) June 13, 2023
आज भारत में प्राइवेट और पब्लिक सेक्टर, दोनों में ही नौकरियों के निरंतर नए मौके बन रहे हैं।
— PMO India (@PMOIndia) June 13, 2023
बहुत बड़ी संख्या में हमारे नौजवान स्वरोजगार के लिए भी आगे आ रहे हैं। pic.twitter.com/u2vIjvluhf
आज पूरी दुनिया हमारी विकास यात्रा में साथ चलने के लिए तत्पर है। pic.twitter.com/MVHMtsZ0dq
— PMO India (@PMOIndia) June 13, 2023
आज भारत एक दशक पहले की तुलना में ज्यादा स्थिर, सुरक्षित और मजबूत देश है। pic.twitter.com/71d0PTBWqW
— PMO India (@PMOIndia) June 13, 2023
आज भारत सरकार की पहचान उसके निर्णायक फैसलों से होती है।
— PMO India (@PMOIndia) June 13, 2023
आज भारत सरकार की पहचान उसके आर्थिक और सामाजिक सुधारों से हो रही है। pic.twitter.com/jT6834bB9x
The NDA Government is making numerous efforts to ensure the aspirations of our youth are fulfilled. pic.twitter.com/dw8X0KMVaJ
— Narendra Modi (@narendramodi) June 13, 2023
This example of the auto industry shows how numerous opportunities are being created for the youth. pic.twitter.com/rwqcRTZJA2
— Narendra Modi (@narendramodi) June 13, 2023
Good social infrastructure hastens progress and an example of that is the Jal Jeevan Mission. pic.twitter.com/WcIjLPSYlo
— Narendra Modi (@narendramodi) June 13, 2023
Those who ruled the nation for decades used language as a means to divide people. Our approach is different… pic.twitter.com/oo4cHIPOEY
— Narendra Modi (@narendramodi) June 13, 2023
Dynastic parties prefer ‘rate cards’ for giving jobs whereas our sole aim is to safeguard the future of our youth. pic.twitter.com/hlu1T9NOT9
— Narendra Modi (@narendramodi) June 13, 2023