Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকাৰ ৰাষ্ট্ৰপতি শ্ৰীযুত জোচেফ আৰ বাইডেনৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে গণতন্ত্ৰ, আইনৰ শাসন আৰু জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্কৰ মিলিত মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত ভাৰত-আমেৰিকাৰ বিস্তৃত বৈশ্বিক কৌশলগত অংশীদাৰিত্বৰ বাবে ৰাষ্ট্ৰপতি বাইডেনৰ দায়বদ্ধতাৰ প্ৰশংসা প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ উল্লেখযোগ্য অগ্ৰগতিৰ পৰ্যালোচনা কৰি আলোকপাত কৰে যে ভাৰত-আমেৰিকাৰ অংশীদাৰিত্বৰ লক্ষ্য হৈছে দুয়োখন দেশৰ জনসাধাৰণৰ লগতে সমগ্ৰ মানৱ জাতিক উপকৃত কৰা।

 

দুয়োগৰাকী নেতাই আঞ্চলিক আৰু বৈশ্বিক কেইবাটাও বিষয়ত বিশদভাৱে মত বিনিময় কৰে।

ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি বাইডেনক শেহতীয়া ইউক্ৰেইন ভ্ৰমণৰ বিষয়ে অৱগত কৰে। তেওঁ আলোচনা আৰু কূটনীতিৰ সপক্ষে ভাৰতৰ ধাৰাবাহিক স্থিতি পুনৰ উল্লেখ কৰি দেশখনত শান্তি আৰু সুস্থিৰতা শীঘ্ৰে ঘূৰি অহাৰ বাবে সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰে।

বাংলাদেশৰ পৰিস্থিতিক লৈ দুয়োগৰাকী নেতাই উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে আইন-শৃংখলা পুনৰুদ্ধাৰ আৰু বাংলাদেশৰ সংখ্যালঘু বিশেষকৈ হিন্দুসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে।

দুয়োগৰাকী নেতাই কোৱাডকে ধৰি বহুপক্ষীয় মঞ্চত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দোঁহাৰে।

দুয়োগৰাকী নেতাই সঘনে যোগাযোগ অব্যাহত ৰখাৰ সহমত প্ৰকাশ কৰে।

***

MJPS/ST/DB