ৰাষ্ট্রপতি ভৱনত আয়োজিত ৰাজ্যপালসকলৰ সন্মিলনৰ আৰম্ভণী অনুষ্ঠানত আজি প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ভাষণ আগবঢ়ায়।
সংবিধানৰ মর্যাদা আৰু পবিত্রতাক ৰক্ষা কৰাৰ কামত ৰাজ্যপালসকল সংকল্পৱদ্ধ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক সমাজৰ পৰিৱর্তন নিশ্চিত কৰাৰ ক্ষেত্রত এক অনুঘটকৰ ভূমিকা পালন কৰিব পাৰে বুলি কয়। অহা ২০২২ চনৰ ভিতৰত এখন ‘নতুন ভাৰত’ গঢ়ি তোলাৰ লক্ষ্যৰ প্রসংগত প্রধানমন্ত্রীয়ে কয় যে এই লক্ষ্য পুৰণৰ কামটো যদি এক জন-আন্দোলন ৰূপে গঢ়ি তুলিব পৰা যায় তেতিয়াহ’লে নতুন ভাৰতৰ অভ্যুত্থান হোৱাটো নিশ্চিত।
‘নতুন ভাৰত’ গঢ়াৰ লক্ষ্যৰে শিক্ষক আৰু ছাত্র-ছাত্রীসকলৰ সৈতে বিশদ ভাৱে আলোচনা কৰাৰ বাবে তেওঁ বিভিন্ন ৰাজ্যৰ ৰাজ্যপালসকলক পৰামৰ্শ আগবঢ়ায়। কেন্দ্রীয় চৰকাৰ শেহতীয়াভাৱে আয়োজন কৰা হেকাথনৰ উদাহৰণ দি প্রধানমন্ত্রীয়ে কয় যে বিশ্ববিদ্যালয়সমূহক একো একোটা উদ্ভাৱন কেন্দ্র ৰূপে নিজেই গঢ়ি তোলা উচিৎ। হেকাথনত ছাত্র-ছাত্রীসকলে যিবোৰ সমস্যাৰ মোকাবিলাৰ অৰ্থে প্রযুক্তিগত সমাধানৰ প্রস্তাব আগবঢ়াইছিল ভাষণ প্ৰংসগত সেই বিষয়ো উত্থাপন কৰে প্রধানমন্ত্রীয়ে। তেওঁৰ মতে প্রত্যেক ৰাজ্যৰ নৱ প্ৰজন্ম আৰু যুৱক-যুৱতীসকলে একো একোটা বিশেষ খেলৰ প্ৰতি নিজকে দক্ষ কৰে তোলা উচিৎ। স্বচ্ছতাৰ অভিযানত নেতৃত্ব দিয়াৰ বাবে তেওঁ ৰাজ্যপালসলক উৎসাহ যোগায়।
প্রধানমন্ত্রীয়ে কয় যে ২০১৯ চনত মহাত্মা গান্ধীৰ ডেৰশ বছৰীয়া জন্ম বার্ষিকী উদযাপিত হ’ব। তেওঁ আছিল আমাৰ প্রেৰণাৰ এক উৎস। তেওঁৰ সপোন সফল কৰি তুলিবলৈ আমি মুকলি ঠাইত মলত্যাগমুক্ত এক ভাৰত গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আহিছো।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিভিন্ন উৎসৱ আৰু বর্ষপূর্তিৰ অনুষ্ঠান পালন পৰিৱর্তনৰ লক্ষ্যৰে আমাৰ শক্তি আৰু সাহস যোগায়। ‘মুদ্রা’ যোজনাৰ আওঁতায় দলিত, আদিবাসী আৰু মহিলাসকলৰ ঋণ সাহাৰ্য মঞ্জুৰ কৰাৰ কামত বেংকসমূহে যাতে উৎসাহিত হয়, সেই ক্ষেত্ৰতো বিশেষ উদ্যোগ ল’বলৈ ৰাজ্যপালসকলক প্ৰধানমন্ত্ৰীয়ে পৰামর্শ আগবঢ়ায়। অহা ২৬ নৱেম্বৰত সংবিধান দিবস আৰু ৬ ডিচেম্বৰত আম্বেদকাৰৰ মহাপৰিনির্বাণ দিবস–এই সময়ছোৱাৰ ভিতৰত সেই বিশেষ বিশেষ শ্রেণীৰ মানুহে যাতে ঋণ সাহাৰ্যৰ সুযোগ পাব পাৰে, সেয়াও নিশ্চিত কৰাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।
সৌৰ শক্তি, প্রত্যক্ষ লাভ হস্তান্তৰ আৰু কেন্দ্রীয় শাসিত অঞ্চলসমূহত কেৰাচিনমুক্ত কৰাৰ কার্যসূচী সফল কৰি তুলিবলৈ বিভিন্ন কেন্দ্রীয় শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকলক অনুপ্রাণিত কৰে প্রধানমন্ত্রীয়ে। তেওঁ কয় যে কেন্দ্রীয় শাসিত অঞ্চলসমূহে যাতে দ্রুত গতিত এই কামত সাফল্য লাভ কৰে, সেয়া নিশ্চিত কৰা সকলোৰেই কর্তব্য।
***
AKT/SH/DB
Joined the Conference of Governors at Rashtrapati Bhavan. Here are the highlights of my remarks. https://t.co/hp8J1y3pok
— Narendra Modi (@narendramodi) October 12, 2017