আপোনালোক ইমান বিশাল সংখ্যক লোকে আজি ইয়াত সমবেত হৈ মোক আশীৰ্বাদ দিব আহিছে, সেইবাবে মই সকলোকে বহুত বহুত আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিগত কিছুদিন বানপানীৰ বাবে দেশত বহু ঠাইত যথেষ্ট জটিল পৰিস্থিতিৰ মোকাবিলা কৰিব লগা হৈছে। বহু লোকৰ মৃত্যু পৰ্যন্ত হৈছে। কৃষকসকলৰো যথেষ্ট লোকচান হৈছে। ৰাজস্থানতো একাধিক স্থানৰ লোকে সংকটৰ সন্মুখীন হৈছে। এই লৈ ৰাজ্য চৰকাৰে এক প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰিছে। ভাৰত চৰকাৰৰ হৈ এক উচ্চ স্তৰীয় সমিতিয়ে অলপতে ৰাজস্থানত পৰিস্থিতিৰ বুজ লয়। মই ৰাজস্থানৰ বান ক্ষতিগ্রস্ত ভাই-ভনী তথা কৃষকসকলৰ আশ্বাস দিও যে এই সংকটৰ সময়ত কেন্দ্রীয় চৰকাৰে সম্পূর্ণভাবে আপোনালোকৰ কাষত আছে আৰু এই সংকটৰ পৰা মুক্তি দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যাতে এক নতুন আস্থা লৈ আমি আগুৱাই যাব পাৰোঁ। সেইবাবে সকলোৱে মিলি সর্বশক্তিৰে কাম কৰি যাম। আজি এই অনুষ্ঠানৰ জৰিয়তে ৰাজস্থানত ১৫ হাজাৰ কোটিতকৈও অধিত টকা বিনিয়োগ সম্বলিত বিভিন্ন উন্নয়নমুলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হয়। ৰাজস্থানৰ ইতিহাসত এয়া এক অভূতপূর্ব ঘটনা। নির্বাচনৰ আগতে নানা প্রতিশ্রুতি দি বাতৰিৰ শিৰোণাম হোৱাটো; তোমালোকৰো ভাল, আমাৰো ভাল, তোমালোককো মালা দিও, আমাকো মালা পিন্ধায়। এই সকলো ৰাজনীতিৰ খেলা দেশত বছৰ বছৰ ধৰি দেখি আহিছে। আমাৰ সন্মুখত আটাইতকৈ ডাঙৰ সমস্যা হৈছে, এই পুৰনা বেমাৰৰ পৰা কেনেদৰে বাছি থাকিব পৰা যায়। গোটেই ব্যৱস্থাবোৰত ইমানে দুর্নীতি যে কোনো সহজ-সৰল মানুহ এইবোৰ দেখিয়েই ভয়ত পলায় যায়। কিন্তু মই অন্য ধাতুৰে গঢ়া। সমস্যাক লৈ যি কোনো প্ৰত্যাহ্বানৰ গ্ৰহণ কৰাৰ অভ্যাস মোৰ আছে। যি কোনো প্রত্যাহ্বান মই গ্ৰহণ কৰি আৰু তাৰ উপায় বিচাৰি গন্তব্যস্থানত দেশক উপনীত কৰাৰ বাবে আপ্রাণ যুঁজ দিবলৈ মই কুণ্ঠাবোধ নকৰোঁ। অলপ আগতে নীতিনজীয়ে চম্বলৰ সেই সেঁতুৰ কথা কৈছিল। ২০০৬ ৰ পৰা ২০১৭, এই সূদীৰ্ঘ ১১ বছৰে দলঙৰ বাবে বাজেট বছৰি ৩০০ কোটি টকাকৈ বঢ়োৱা হৈছিল। এখন চৰকাৰৰ সৈতে আন এখন চৰকাৰৰ পার্থক্য ক’ত? কোন চৰকাৰক আমি কামৰ চৰকাৰ বুলি ক’ম? সেয়া বুজিবলৈ এই উদাহৰণেই যথেষ্ট। এখন সৰু দলং ৩০০ কোটি টকা খৰচত একেবাৰে দেৰ বছৰৰ ভিতৰত নিৰ্মাণ হ’ব লাগিছিল, কিন্তু ১১ বছৰত ইয়াৰ খৰচ ৫ হাজাৰ ৬০০ কোটি টকা হয়গৈ। আমাৰ সাংবাদিক বন্ধুসকলে হিচাব কৰি চাব পাৰে। ২০১৪ চনত আমি চৰকাৰ গঠন কৰাৰ পাছত এই কাম শেষ কৰিবলৈ উঠি পৰি লাগিছোঁ। আৰু তিনি বছৰৰ ভিতৰত আজি ইয়াৰ উদ্বোধন কৰা হৈছে। আমি সেই সংস্কৃতি গ্রহণ কৰাৰ চেষ্টা কৰিছো যে মই কোনো কাম আৰম্ভ কৰিলে সেইটো মইয়েই সম্পূর্ণ কৰিব লাগিব। কোনো প্রকল্প পলম হ’লে হয়তো দুই এটা নির্বাচনত ৰাজনৈতিক লাভ পোৱা যায়।আধাৰশিলা স্থাপন কৰি এবাৰ ফুলৰ মালা পিন্ধা ছবি বাতৰি কাগজত প্রকাশিত হ’লে একটা নির্বাচনত জয়ী হ’ম। কিন্তু তাৰ পাছত সেই প্রকল্প অসম্পূৰ্ণ হ’লে হাজাৰ কোটি টকাৰ বিনিয়োগ বৃদ্ধি পাই থাকে। কাম সম্পূৰ্ণ নোহোৱাৰ ফলত যি ক্ষতি হয়, সেইটো বেলেগ কথা, আৰু কাম ৰৈ গ’লে যি ক্ষতি হয়– সেইটোও বেলেগ। এই অসম্পূৰ্ণ প্রকল্পসমূহৰ কাৰণে দেশৰ অর্থনীতি অৱনমিত হৈছে। এই অৱনমিত অৱস্থাৰ পৰা দেশক উদ্ধাৰ কৰি আমাৰ সেই ৰৈ থকা প্রকল্পসমূহক কাৰ্যক্ষম কৰা হৈছে। বহুতো প্রকল্প আকৌ আদালতত মীমাংসা নোহোৱাকৈ আছে। সাহস আৰু সততাৰ সৈতে যিবোৰ গোচৰ আদালতৰ বাহিৰত আলাপ-আলোচনাৰ মাধ্যমেৰে সহজে সমাধান কৰিব পৰা যায়, আমি সেয়া কৰিছোঁ। অনাগত দিনত আৰু ৯ হাজাৰ কোটিতকৈও অধিক বিনিয়োগে ৰাজস্থানত আৰু একাধিক উন্নয়নৰ কাম হ’ব। ইয়াৰ অধিকাংশই পথ সম্পৰ্কীয় প্রকল্প। কোনোবাটো মেৰামতি, কোনোবাটোত নতুন পথ নির্মাণ কৰা হ’ব। একেবাৰতে ৯ হাজাৰ কোটিতকৈও অধিক বিনিয়োগৰ কাম আৰম্ভ হ’ব। আমি যদি এই কাম এতিয়া ৫০০ কোটি টকা ব্যয় হয়, অলপ দিনৰ পাছত আৰু ৫০০ কোটি টকা, তাৰ কিছুদিনৰ পাছত আৰু ৫০০ কোটি টকা ব্যয় হ’ব, এইদৰে পৰৱর্তী নির্বাচন পর্যন্ত ৰাজনৈতিক লাভ উঠাব পাৰিলোহেতেন, উন্নয়নৰ কাম বহুত পলম হ’লহেতেন। সেইটো আমি পছন্দ নকৰোঁ। আমি যি কাম কৰিম, সেয়া নির্দিষ্ট সময়ৰ ভিতৰত শেষ কৰিমেই। সেইবাবে এটি দীৰ্ঘকালীন প্রকল্প গঢ়ি তুলি ৯ হাজাৰ কোটিতকৈও অধিক বিনিয়োগেৰে এই নতুন প্রকল্পসমূহৰ আধাৰশিলা স্থাপন কৰা হৈছে। আমি যেতিয়া ইমান দায়িত্ব লৈ কোনো প্রকল্পত হাত দিও, তেতিয়া তাক সম্পূৰ্ণ কৰাৰ সংকল্পও গ্রহণ কৰোঁ। মই ৰাজস্থানবাসীক আশ্বাস দিওঁ যে আমি ৰাজস্থানৰ চাহাৰা সলনি কৰিহে এৰিম। দেশৰ উন্নয়নত আন্তঃগাঁথনিৰ বিকাশ সর্বাধিক গুৰুত্বপূর্ণ। আন্তঃগাঁথনি উন্নয়নত অধিক ধন বিনিয়োগ হয়। কিন্তু ইয়াৰ প্রভাবো দীৰ্ঘকালীন হয়। ৰাজনৈতিক দৃষ্টিকোণৰ পৰা এই ক্ষেত্রত ধৈর্য্যচ্যুতিৰ সম্ভাৱনা থাকে। সেইবাবে আমি স্বাধীনতাৰ পাছত পৰাই দেখিছোঁ যে ৰাজনৈতিক দল আৰু নেতাসকলৰ কোনেও দীৰ্ঘকালীন প্রকল্পৰ পৰা আঁতৰত থাকে। কিন্তু এইটো সত্য যে দেশক নতুন উচ্চতাত উপনীত কৰিবলৈ হ”লে আমাৰ সৰ্বাংগীন আন্তঃগাঁথনিক বিশ্বমানৰ ৰূপত গঢ়ি তুলিব লাগিব। ৰে’লৰ পৰা আৰম্ভ কৰি পথ পৰিবহণ, জলপথ, উপকূলৱৰ্তী পথ ব্যৱস্থা, পানী, বিদ্যুৎ, অপ্টিকেল ফাইবাৰ নেটৱর্ক ইত্যাদি সকলো ধৰণৰ আধুনিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত পলম কৰিলে, সেয়া ভাৰতৰ পক্ষে মংগলজনক নহ’ব। এবাৰ যদি এই আধুনিক আন্তঃগাঁথনি গঢ়ি তুলিব পৰা যায়, তেতিয়া হ’লে ই অনন্তকাললৈ পথৰ দুয়ো কাষৰ জনসাধাৰণৰ জীৱন আলোকিত কৰি তুলিব পাৰে।
এই ৯ হাজাৰ কোটি টকা বিনিয়োগে যে নতুন পথৰ আন্তঃগাঁথনি ব্যৱস্থা গঢ়ি উঠিব, সেয়া ৰাজস্থানৰ কৃষকসকলৰ যথেষ্ট উপকাৰ সাধন কৰিব। আপোনালোকৰ উৎপাদিত ফচল, ফল, ফুল, শাক-পাচলি সহজেই সমীপৰ বজাৰলৈ নিব পাৰিব। শ্রদ্ধাৰ অটল বিহাৰী বাজপেয়ী যেতিয়া দেশত ‘সোনালী চতুষ্ক’ প্রকল্প আনিছিল, তাৰ সুফল বাস্তবায়িত হোৱাৰ পাছত আমি সকলোৱে কিমান আনন্দ পাইছোঁ। দেশত ইয়াৰ আগতে এনে কোনো পথ ব্যৱস্থা গঢ়ি উঠা নাছিল। গাড়ীৰ গতি বাঢ়িল। কেৱল ইমানেই নহয়, মোৰ স্পষ্টকৈ মনত আছে যে ৰাজস্থানৰ এই অঞ্চলৰ সৈতে সংলগ্ন গুজৰাটৰ সাবৰকাঁঠা অথবা আহমেদাবাদ জিলাৰ কিছু কৃষকে তেওঁলোকৰ উৎপাদিত ফল, ফুল, শাক-পাছলি আৰু গাখীৰ একেদিনাই দিল্লীৰ বজাৰত নি বিক্রি কৰা আৰম্ভ কৰিলে। ফলত গাঁৱৰ কৃষকসকলৰ আয়ৰ আমূল পৰিবর্তন আহিল। কিন্তু আগতে এই ফুল, ফল, শাক-পাছলি আৰু গাখীৰ দিল্লী পাবলৈ দুদিন লাগিছিল। ফলত সেইবোৰৰ ২০-৩০ শতাংশ পথতে নষ্ট হৈ গৈছিল। এবাৰ ভাল পথ নিৰ্মাণ হ’লে আমাৰ কৃষকসকলে যিমান লাভবান হয়, সিমানেই দেশৰ অর্থনীতিৰো বৃদ্ধি হয়। তদুপৰি, গাঁৱৰ দুখীয়া গর্ভৱতী মাতৃৰ ঔষুধ নিবলৈ ২৫-৩০ কিলোমিটাৰ দূৰৈৰ চৰকাৰী হাস্পতাললৈ যাব লাগে, প্রসৱৰ আগতে ভাল পথ থাকিলে সঠিক সময়ত হাস্পতাল পাবগৈ পাৰিলে বহু মাতৃ আৰু শিশুৰ জীৱন বাছি যায়। ৰাজস্থানত পথৰ গুৰুত্ব অধিক। দেশৰ অন্য যি কোনো অঞ্চলত উন্নত পথ জনসাধৰণৰ জীৱনৰ বাবে যিমান লাভজনক হয়, ৰাজস্থানত তাৰ পাঁচ গুণ বেছি লাভজনক হয়। কাৰণ ৰাজস্থানৰ মৰুভূমি অঞ্চলত এটি পথৰ পৰা আন এটা পথৰ দূৰত্ব বহুত বেছি। ৰাজস্থানৰ জনজীৱনত পর্যটনৰ ভূমিকা অতি গুৰুত্বপূর্ণ। সমগ্ৰ বিশ্বৰ পৰা ইয়ালৈ পর্যটক আহে। পুষ্কৰ মেলা চাবলৈ আহে, জয়ছালমেৰ মৰুভূমিত গৈ এটি নতুন জীৱন যাপনৰ অনুভৱ কৰে। বহুতে এবাৰ সৰোবৰ নগৰী উদয়পুৰত সময় অতিবাহিত কৰিবলৈ ভাল পায়। দেশীয় পর্যটকসকলে এবাৰ শ্রীনাথৰ একলিংগ দর্শনৰ বাবে যায়। ৰাজস্থানত এনে অসংখ্য ঠাই আছে, ৰাজ্যৰ প্রত্যেক প্রান্তত পর্যটকসকলৰ আকর্ষণ কৰাৰ নিজস্ব শক্তি আছে। এই চুম্বকীয় শক্তিয়ে দেশ-বিদেশৰ পর্যটকসকলক এই সুন্দৰ ৰাজ্যলৈ টানি আনে। যেতিয়া পর্যটকসকল আহে, তেতিয়া তেওঁলোকে নিজৰ পকেট খালী কৰি ইয়াৰ মানুহৰ পকেট ভৰিবলৈ আহে। পর্যটন এনে এটি ক্ষেত্র, য’ত ন্যূনতম বিনিয়োগ কৰি অধিকতম সংস্থাপন কৰিব পৰা যায়। প্রত্যেককে সংস্থাপন দিয়ে। ফুল, ফল, প্রসাদ, পুজাৰ সামগ্ৰী বিক্রেতাৰ পৰা আৰম্ভ কৰি ৰিক্সা, অটো ৰিক্সা, টেক্সি চালক, গেষ্ট হাউচৰ মালিক আৰু কর্মচাৰী, হস্তশিল্প নির্মাতা আৰু বিক্রেতা, চাহ বিক্রেতা আদি। এই শক্তি যি ৰাজ্যৰ আছে, তাত ট্ৰেফিক জাম, ভগ্ন পথ অপৰিকল্পিত নর্দমা ব্যৱস্থা, পেট্র’ল পাম্প আৰু পাৰ্কিঙৰ ব্যৱস্থা নথকাৰ ফলত বহু পর্যটকে তৎক্ষণাত ঘুৰি যোৱাৰ কথা ভাবে। সেইবাবে আজি এই ১৫ হাজাৰ কোটি টকা বিনিয়োগেৰে যিবোৰ প্রকল্পৰ কাম উদ্বোধন কৰা হৈছে আৰু যিবোৰ প্রকল্পৰ আধাৰশিলা স্থাপন হ’ল সেইবোৰ বাস্তবায়িত হ’লে ৰাজস্থানৰ ভাগ্য মুলকি হ’ব। মই স্পষ্টকৈ দেখিবলৈ পাইছো যে কেন্দ্রীয় চৰকাৰে যিদৰে আন্তঃগাঁথনি নির্মাণক অগ্রাধিকাৰ দিছে, সেয়া অদূৰ ভৱিষ্যতে দেশক বিশ্বৰ আধুনিক দেশসমূহৰ সমকক্ষ কৰি তুলিব। অপ্টিকেল ফাইবাৰ নেটৱর্ক দেশৰ প্রত্যেক গাঁৱত পাই গ’লে প্রত্যেক গাঁৱৰ ল’ৰা-ছোৱালীয়ে বিশ্বমানৰ শিক্ষাৰে শিক্ষিত হ’ব। উদয়পুৰ বা আজমেৰ চহৰৰ ভাল ভাল স্কুলৰ ল’ৰা-ছোৱালীয়ে যি শিক্ষা পায়, একেই মানসম্পন্ন শিক্ষা সুদূৰ অৰণ্যত বসবাস কৰা আমাৰ আদিবাসী ভাই-ভনীৰ সন্তানসকলেও পাব। এই ডিজিটেল নেটৱর্ক, অপ্চিকেল ফাইবাৰ নেটৱর্ক আৰু ‘দূৰৱৰ্তী শিক্ষা’ৰ জৰিয়তে নতুন প্রজন্মৰ ল’ৰা-ছোৱালীয়ে আধুনিক শিক্ষা, প্রযুক্তিনির্ভৰ শিক্ষা প্রদানৰ এটি ডাঙৰ অভিযান আমি আৰম্ভ কৰিছোঁ। সেইবাবে দেশৰ লাখ লাখ কিলোমিটাৰ দৈর্ঘ্যৰ অপ্টিকেল ফাইবাৰ নেটৱর্ক সংস্থাপন কৰা হৈছে। ইয়াৰ বাবে কোটি কোটি টকা খৰচ হৈছে। কিন্তু য’ত সংস্থাপন কৰে, কোনেও নেদেখে। লোকক দেখুৱাই কাম কৰাটো আমাৰ উদ্দেশ্য নহয়। সকলো কামৰ পৰা আমি ৰাজনৈতিক মুনাফা তুলিব নিবিচাৰোঁ। কিন্তু যেতিয়া এই যোগাযোগ সম্পূর্ণ হ’ব, তেতিয়া ল’ৰা-ছোৱালীৰ পঢ়া-শুনাৰ পৰা আৰম্ভ কৰি অসুস্থ ৰোগীৰ টেলিমেডিচিন ব্যৱস্থাৰ জৰিয়তে সুলভ ঔষুধ প্রাপ্ত আৰু উপচাৰৰ নতুন পথ মুকলি কৰিব। গাঁৱত বহিয়েই মানুহে চহৰৰ সেৱা পাব পাৰিব। কল্পনা কৰকচোন তেতিয়া ভাৰতৰ গাঁওসমূহত কিমান ডাঙৰ পৰিৱর্তন আহিব? আমি সেইবাবেই আন্তঃগাঁথনিগত উন্নয়নক অগ্রাধিকাৰ দি কাম কৰি আহিছো।
অলপ আগতে মুখ্যমন্ত্রীয়ে উজ্জ্বলা যোজনাৰ সম্পর্কে ক’লে। লাখ-লাখ দুখীয়া মাতৃয়ে আজি ৰন্ধন গেছ আৰু চুলা লাভ কৰিছে। এগৰাকী মাতৃ যেতিয়া খৰি চৌকা ধোঁয়াত চকু লাল কৰি ৰন্ধা-বহা কৰে, তেতিয়া এদিনত তেওঁৰ শৰীৰত ৪০০টা চিগাৰেটৰ সমান ধোঁৱা প্রৱেশ কৰে। সেই ঘৰত যিবোৰ সন্তানে খেলি থাকে, তেওঁলোকেও একেই প্ৰদূষণৰ চিকাৰ হয়। সেই মা-ভনী আৰু সন্তানৰ স্বাস্থ্য লৈ কোনে ভাবে? এটা সময় আছিল, যেতিয়া গেছ চিলিণ্ডাৰ সংযোগ কৰে, বহুত কাঠ খৰি পোৰা হয়, নেতাসকলৰ দুৱাৰে দুৱাৰে ঘুৰিব লাগিছিল। বর্তমানৰ চৰকাৰে দুখীয়াৰ ঘৰে ঘৰে গৈ গেছৰ চুলা আৰু চিলিণ্ডাৰ লাভ কৰিছে।
আগতে প্রতিদিনে গড়ে যিমান পথ আৰু ৰে’লপথ নিৰ্মাণ হৈছিল, আজি তাৰ দুগুণ হৈছে। জলসিঞ্চন অথবা অপ্টিকেল ফাইবাৰ সংস্থাপনৰ কামৰ গতিও আমি ক্রমে বৃদ্ধি কৰিছোঁ। এনেকৈ প্রত্যেক কামৰ ‘মাত্ৰা’, ‘পৰিসৰ’ আৰু ‘দক্ষতা’ বৃদ্ধি পাইছে। প্রতিটো ক্ষেত্রত দেশক আধুনিক ৰূপত তোলাত আমি সফল হৈছোঁ।
ইতিমধ্যে দেশত জিএছটি কাৰ্যকৰী কৰা হৈছে। ১২৫ কোটি লোকৰ দেশত আৰম্ভনিতে বহুতে এয়া অসম্ভৱ কাম বুলি ভাবিছিল। ৰাতিটোৰ ভিতৰতে দীৰ্ঘদিনীয়া এক ব্যৱস্থাৰ সলনি হৈ যাব আৰু ১২৫ কোটি মানুহে নতুন ব্যৱস্থাৰ সৈতে নিজকে খাপ খুৱাই ল’ব যে পাৰিব ইত্যাদি কথা ভাবি বিশ্ববাসী আশ্চম্বিত হৈছিল! ইয়েই ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য আৰু শক্তিৰ পৰিচয়-বন্ধুসকল। আজি মই গৌৰৱেৰে ক’ব পাৰোঁ যে দেশৰ প্রত্যেক গাঁৱত থকা ক্ষুদ্ৰ ব্যৱসায়ীসকলেও প্রযুক্তিৰ মাধ্যমত নিজকে অত্যাধুনিক ব্যৱস্থাৰ সৈতে যুক্ত কৰিছে আৰু মই বিচাৰো বিশেষকৈ ৰাজস্থানৰ বিষয়াসকলক অনুৰোধ কৰোঁ যে তেওঁলোকে এটা ১৫ দিনীয়া অভিযান আৰম্ভ কৰক। গাঁৱে গাঁৱে গৈ প্রত্যেক ক্ষুদ্র ব্যৱসায়ীৰ সৈতে বহক। যাৰ বার্ষিক আয় ২০ লাখতকৈ কম, তেনেকৈ যাৰ আয় ১০ লাখৰ টকাৰ কম-তেওঁলোকৰ সৈতেও বহক, যাতে জিএছটিয়ে সেই দুখীয়া ব্যৱসায়ীসকলকো লাভবান কৰে। তেওঁলোক যদি ইয়াৰ সৈতে জড়িত নহয়, তেনেহ’লে গাড়ী কেতিয়াবা গতিৰুদ্ধ হৈ যাব, তৃণমূল স্তৰলৈকে লাভ নাপাব। সেইবাবেই এই সংযুক্তিকৰণৰ কাম আপোনালোৰ এটি অভিযানৰ মাধ্যমতে সফল কৰি তুলিব লাগিব। আপোনালোকে কল্পনাও কৰিব নোৱাৰিব যে ৰাজস্থানৰ আয়ৰ ইমান পৰিৱর্তন হ’ব আৰু চৰকাৰে ৰাজস্থানৰ দৰিদ্রসকলৰ কল্যাণত ইমান নতুন প্রকল্প হাতত ল’ব! জিএছটিৰ ফলত কেৱল পৰিবহনৰ ক্ষেত্রত যি বিভাগৰ দায়িত্বত আমাৰ নীতিনজীয়ে লৈছে, ইমান পৰিবর্তন আহিছে যে ট্রাক চালকে কোনো সমুদ্রবন্দৰত সামগ্ৰী পোৱাবলৈ তিনদিন সময় লগাৰ ঠাইত পথৰ দূৰত্ব, ট্রাকৰ গতি হিচাপ কৰিলে তিনদিন লগাৰ কথা, পথত নানাধৰণৰ চেকগেট, কিমান সময় ৰ’ব লাগিব আগতীয়াকৈ নাজানে; তিনদিনৰ ঠাইত পাঁচদিন লাগিছিল। এই দুই দিনৰ পার্থক্য; প্রতি সপ্তাহত যদি প্রত্যেক ট্রাককে দুদিন ৰৈ থাকিব লাগে, তেতিয়াহ’লে দেশৰ অর্থনীতিৰ ২৫ শতাংশ লোকচান হয়। জিএছটি কাৰ্যকৰী কৰাৰ পাছত সমগ্ৰ দেশৰ চেকগেট উঠাই দিয়া হ’ল। ফলত ট্রাকচালকসকলৰ বাবে ৰঙা পাছ, নীলা পাছৰ ঝামেলা নাইকিয়া হ’ল। পাঁচদিনৰ ঠাইত তিনদিনত পোৱাৰ ফলত সামগ্ৰী পৰিবহণৰ খৰচ বহু পৰিমাণে কমিল। পৰিবহণ ব্যৱসায়ৰ আয় বৃদ্ধি হৈছে। মই নীতিনজীক অনুৰোধ জনাও যে পৰিস্থিতি অনুযায়ী পৰিবহণ আইনৰো পৰিৱর্তন না প্রয়োজন। যিমান ট্রাক আৰু ট্রলীৰ ক্ষেত্রত বেলেগে আইন হোৱা উচিৎ। ট্রেক্টৰৰ ক্ষেত্রত যেনে হয়। লক্ষ্য কৰক, ট্রাকৰ সৈতে ট্রলী লাগি ট্রাক আৰু ট্রলীত সামগ্ৰী কঢ়িওৱা হয়, জয়পুৰত গৈ ট্রলী পৃথক কৰি অন্য ট্রলীত সামগ্ৰী ভৰাই লৈ ট্রাক গুচি গ’ল। এনে ব্যৱস্থা হোৱা উচিৎ যে প্রত্যেক চালকে যেন ৰাতি ঘৰ পাবগৈ পাৰে, পৰিয়ালৰ সন্তানৰ সৈতে সময় কটাব পাৰে। পৰিবহণ ব্যৱস্থাত আমি এনে পৰিৱর্তন আনিব লাগিব। সেই পৰিৱর্তন, পৰিবহণ পদ্ধতিৰ দিশত দ্রুতভাৱে অনাটো সম্ভৱ। এক ব্যাপক আৰু দীৰ্ঘকালীন প্রকল্পৰ জৰিয়তে উন্নয়নৰ নতুন উচ্চতা অতিক্রম কৰাৰ লক্ষ্য লৈ আমি আগুৱাই গৈছোঁ।
মই পুনৰবাৰ মোক জনোৱা সন্মানৰ বাবে আপোনালোকৰ মৰমৰ বাবে, আপোনালোকৰ আশীর্বাদৰ বাবে আপোনালোক অন্তৰৰ পৰা বহুত বহুত কৃতজ্ঞতা জনাইছোঁ।
বহুত বহুত ধন্যবাদ।
******
AKT/SH/SBP/VK /DB
Governor Shri Kalyan Singh, CM @VasundharaBJP and others welcomed PM @narendramodi to Udaipur. #ModiAtUdaipur #RisingRajasthan pic.twitter.com/CZUWAAqJrU
— PMO India (@PMOIndia) August 29, 2017
PM @narendramodi's name is synonymous with trust. Based on PM's vision, we are poised to usher in a New India: @VasundharaBJP #ModiAtUdaipur
— PMO India (@PMOIndia) August 29, 2017
We in Rajasthan have embraced Mantra of Sabka Saath, Sabka Vikas. We have transformed the education sector: @VasundharaBJP #RisingRajasthan
— PMO India (@PMOIndia) August 29, 2017
In Rajasthan we are focussing on Digital India and providing water to our farmers: CM @VasundharaBJP #ModiAtUdaipur #RisingRajasthan
— PMO India (@PMOIndia) August 29, 2017
Our focus is to make Rajasthan ODF. I thank PM for allocating resources for the smart cities in Rajasthan: @VasundharaBJP #RisingRajasthan
— PMO India (@PMOIndia) August 29, 2017
Rajasthan is a family. We are all together moving on the path of progress: CM @VasundharaBJP #ModiAtUdaipur #RisingRajasthan
— PMO India (@PMOIndia) August 29, 2017
The Prime Minister has begun his speech in Udaipur. Watch. https://t.co/Iy8hu3Nre5 #ModiAtUdaipur #RisingRajasthan
— PMO India (@PMOIndia) August 29, 2017
I am delighted to be in this Veer Bhumi. I bow to the brave people of this land: PM @narendramodi #ModiAtUdaipur #RisingRajasthan
— PMO India (@PMOIndia) August 29, 2017
We are standing shoulder to shoulder with the people of Rajasthan who are battling the floods. We have assured all possible support: PM
— PMO India (@PMOIndia) August 29, 2017
The number of projects being inaugurated today is a matter of joy: PM @narendramodi #ModiAtUdaipur #RisingRajasthan https://t.co/Iy8hu3Nre5
— PMO India (@PMOIndia) August 29, 2017
Some of the projects being inaugurated were pending for years. Our focus is on timely completion. We will complete projects we begin: PM
— PMO India (@PMOIndia) August 29, 2017
To take India to newer heights, the role of infrastructure, railways, roads is very important: PM @narendramodi https://t.co/Iy8hu3Nre5
— PMO India (@PMOIndia) August 29, 2017
Better roads will help our farmers immensely. This is one of the reasons why Atal Ji dreamt of a strong roads network across India: PM
— PMO India (@PMOIndia) August 29, 2017
Good roads will help Rajasthan in particular. Tourism will get a big boost due to a strong roads network in the state: PM @narendramodi pic.twitter.com/DIwYlljyPB
— PMO India (@PMOIndia) August 29, 2017
With a tourist comes economic opportunities for the locals: PM @narendramodi #ModiAtUdaipur #RisingRajasthan pic.twitter.com/Up5qsLlUP7
— PMO India (@PMOIndia) August 29, 2017
These roads are not only connecting Rajasthan & the nation, they are gateways to progress: PM @narendramodi #ModiAtUdaipur #RisingRajasthan pic.twitter.com/r63y9NmS8w
— PMO India (@PMOIndia) August 29, 2017