Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাজমাতা বিজয়া ৰাজ সিন্ধিয়াৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১০০টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰ

ৰাজমাতা বিজয়া ৰাজ সিন্ধিয়াৰ জন্ম শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ১০০টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজমাতা বিজয়া ৰাজ সিন্ধিয়াৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আজি এক ভিডিঅ কনফাৰেন্সৰ মাধ্যমেৰে ১০০টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ৰাজমাতালৈ তেওঁৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজমাতা বিজয়া ৰাজ সিন্ধিয়াৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ১০০টকীয়া স্মাৰক মুদ্ৰা মুকলি কৰাৰ সুযোগ লাভ কৰি তেওঁ সৌভাগ্যৱান অনুভৱ কৰিছে।

বিজয়া ৰাজৰ এখন গ্ৰন্থৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই গ্ৰন্থত ৰাজমাতাই তেওঁক গুজৰাটৰ এগৰাকী তৰুণ নেতা হিচাপে চিহ্নিত কৰিছিল আৰু বহু বছৰ পিছত সেইগৰাকী তৰুণ নেতাই আজি দেশ প্ৰধান সেৱক হিচাপে কাম কৰি আছে।

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজমাতা বিজয়া ৰাজ সিন্ধিয়া আছিল দেশক সঠিক দিশত নেতৃত্ব দিয়া নেতাসকলৰ ভিতৰত অন্যতম। তেওঁ এগৰাকী নিৰ্ণায়ক নেতা আৰু এগৰাকী দক্ষ প্ৰশাসক আছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিজয়া ৰাজে ভাৰতীয় ৰাজনীতিৰ প্ৰতিটো গুৰুত্বপূৰ্ণ পৰ্যায় প্ৰত্যক্ষ কৰিছে। সেয়া হল বিদেশী বস্ত্ৰ দাহ, জৰুৰীকালীন অৱস্থা আৰু ৰাম মন্দিৰ আন্দোলন। তেওঁ কয় যে ৰাজমাতাৰ জীৱনৰ বিষয়ে বৰ্তমানৰ প্ৰজন্মই জনাটো অত্যন্ত আৱশ্যক আৰু সেয়ে তেওঁৰ বিষয়ে বাৰম্বৰ কৈ থকাৰ প্ৰয়োজন আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজমাতাই আমাক ৰাইজৰ সেৱাৰ বিষয়ে শিকাইছিল আৰু ইয়াৰ বাবে এটা নিৰ্দিষ্ট পৰিয়ালত জন্ম গ্ৰহণ কৰাৰ প্ৰয়োজন নাই। দেশৰ প্ৰতি মৰম আৰু এক গণতান্ত্ৰিক দৃষ্টিভংগী থাকিলেই হল। তেওঁ সদায় ৰাইজৰ সেৱাত জড়িত আছিল আৰু জনসাধাৰণৰ সেৱাৰ প্ৰতি সংকল্পবদ্ধ আছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজমাতাই দেশৰ ভৱিষ্যতৰ বাবে নিজকে উৎসৰ্গা কৰিছিল। তেওঁ কোনো পদবী অথবা সন্মানৰ বাবে জীয়াই থকা নাছিল, ৰাজনীতি কৰা নাছিল।

ৰাজমাতাই বহুতো পদবী গ্ৰহণৰ প্ৰস্তাৱ অস্বীকাৰ কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে। তেওঁ কয় যে অটল জী আৰু আদৱানি জীয়ে এবাৰ তেওঁক জন সংঘৰ সভাপতি হোৱাৰ আহ্বান জনাইছিল, কিন্তু তেওঁ জনসংঘৰ এগৰাকী সক্ৰিয় কৰ্মী হৈ সেৱা আগবঢ়াই থকাৰ ইচ্ছা ব্যক্ত কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে জন সচেতনতা আৰু গণ আন্দোলনৰ বাবে বিগত কিছু বছৰত দেশত কেইবাটাও পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে, বহুতো অভিযান আৰু আঁচনি সফল হিচাপে চিহ্নিত হৈছে। তেওঁ আলোকপাত কৰে যে ৰাজমাতাৰ আশীৰ্বাদত দেশ এতিয়া উন্নয়নৰ পথেৰে আগুৱাইছে।

প্ৰধানমন্ত্ৰীয়েকয় যে আজিৰ নাৰী শক্তি দিনক দিনক আগুৱাইছে আৰু দেশৰ বিভিন্ন ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে। ৰাজমাতাৰ মহিলা সৱলীকৰণৰ সপোন সাৰ্থক কৰিবলৈ চৰকাৰে হাতত লোৱা বিভিন্ন পদক্ষেপসমূহৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

 

***

VRRK/AK/MS