প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজকোটত মহাত্মা গান্ধী সংগ্ৰহালয় উদ্বোধন কৰে৷ মহাত্মা গান্ধীৰ গঠনমূলক বৰ্ষসমূহৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিচিত আলফ্ৰেড হাইস্কুলত সংগ্ৰহালয়টো স্থাপন কৰা হৈছে৷ ইয়ে গান্ধীয়ান সংস্কৃতি, প্ৰমূল্যবোধ আৰু দৰ্শনৰ বিষয়ে সজাগতা সৃষ্টিত সহায় কৰিব৷
প্ৰধানমন্ত্ৰীয়ে এখন ফলক মুকলি কৰি ৬২৪টা আৱাসগৃহৰ নিৰ্মাণ প্ৰকল্পৰো শুভাৰম্ভ কৰে। তেওঁ লগতে ২৪০ টা উপভোক্তা পৰিয়ালৰ ই-গৃহ প্ৰৱেশ প্ৰত্যক্ষ কৰে৷
অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে মহাত্মা গান্ধীৰ পৰা যথেষ্ট কথা শিকিবলগীয়া আছে৷ গুজৰাটবাসী ধন্য যে এই ভূমি বাপুজীৰ সৈতে জড়িত৷
পৰিৱেশক লৈ বাপুজী সজাগ আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গান্ধীজীৰ পৰা অনুপ্ৰাণিত হৈ আমি এখন স্বচ্ছ আৰু সেউজীয়া পৃথিৱীৰ নিৰ্মাণৰ বাবে কাম কৰিব লাগিব৷
প্ৰধানমন্ত্ৰীয়ে সোঁৱৰাই দিয়ে যে বাপুজীয়ে সদায় আমাক সমাজৰ নিম্ন স্তৰৰ লোক, শোষিত, নিষ্পেষিতসকলৰ কল্যাণৰ হকে চিন্তা কৰিছিল৷ এই আদৰ্শৰদ্বাৰা অনুপ্ৰাণিত হৈ আমি দৰিদ্ৰৰ সেৱা আগবঢ়াই আছো৷ আমাৰ পদক্ষেপৰ জৰিয়তে আমি তেওঁলোকৰ জীৱন সলনি কৰিব বিচাৰো৷ আমি দৰিদ্ৰৰ বাবে গৃহ নিৰ্মাণ কৰিব বিচাৰো৷
তেওঁ কয় যে স্বাধীনতাৰ ৭০বছৰ অতিক্ৰম কৰিলে, কিন্তু বাপুজীৰ স্বচ্ছ ভাৰতৰ সপোন এতিয়াও আধৰুৱা হৈ আছে৷ আমি ঐক্যবদ্ধভাৱে এই সপোন সাৰ্থক কৰিব লাগিব৷
যোৱা চাৰিটা বছৰত আমি স্বচ্ছ ভাৰত অভিযানৰ গুৰুত্বপূৰ্ণ দিশসমূহ সাঙুৰি লৈছো, কিন্তু আমি এই দিশত অধিক কাম কৰিব লাগিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷
ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধী মিউজিয়াম পৰিদৰ্শন কৰে৷
****
AKT/SH/MS
There is so much to learn from Mahatma Gandhi.
— PMO India (@PMOIndia) September 30, 2018
Gujarat is blessed that this is the land that is so closely associated with Bapu.
On 2nd October 1869, not only was a person born but also an era began: PM @narendramodi in Rajkot
Bapu was concerned about the environment.
— PMO India (@PMOIndia) September 30, 2018
Inspired by Gandhi Ji, we have to work for a cleaner and greener tomorrow: PM @narendramodi in Rajkot
It must make us all happy that a museum dedicated to Bapu is open in Rajkot: PM @narendramodi
— PMO India (@PMOIndia) September 30, 2018
Bapu always said that think of the last person in the queue, the poorest person, and serve the underprivileged.
— PMO India (@PMOIndia) September 30, 2018
Inspired by this ideal we are serving the poor. Through our initiatives we want to transform their lives. We want to build homes for the poor: PM @narendramodi
It's been over seventy years since Independence but Bapu's dream of a Swachh Bharat remains unfulfilled. Together, we have to fulfil this dream.
— PMO India (@PMOIndia) September 30, 2018
In the last four years we have covered significant ground in Swachh Bharat Mission but we must continue to do more: PM @narendramodi
Delighted to be in Rajkot. Addressing a public meeting. Watch. https://t.co/tjPoiwa1yF
— Narendra Modi (@narendramodi) September 30, 2018
Inaugurated the Mahatma Gandhi Museum in Rajkot. The Museum is at the Alfred High School, which is associated with the early years of Gandhi Ji.
— Narendra Modi (@narendramodi) September 30, 2018
The next time you visit Rajkot, do visit this museum. pic.twitter.com/oNeZOP6Njr