ভাৰত-ৰাছিয়া : পৰিৱর্তনশীল বিশ্বৰ এক স্থায়ী অংশীদাৰ
১. নতুন দিল্লীত ৪ আৰু ৫ অক্টোবৰত ভাৰতৰ প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্রপতি শ্রী ভ্লাদিমিৰ পুটিনে দুয়োখন দেশৰ মাজৰ ১৯সংখ্যক বার্ষিক দ্বিপাক্ষিক সন্মিলনত মিলিত হয়। ভাৰত আৰু ৰাছিয়াৰ মাজত সহযোগিতা ১৯৭১ চনৰ শান্তি, মৈত্রী আৰু সহযোগিতা চুক্তিৰ সুদৃঢ় ভেঁটিৰ ওপৰত আধাৰিত হোৱাৰ উপৰি ১৯৯৩ চনতো দুয়োখন দেশৰ মাজত মৈত্রী আৰু সহযোগিতা সম্পৰ্কীয় এক চুক্তি, ২০০০ চনত দুয়োখন দেশৰ মাজত কৌশলগত অংশীদাৰিত্বৰ বিষয়ত ঘোষণাপত্র আৰু ২০১০ চনত দুয়োখন দেশৰ মাজৰ অংশীদাৰিত্বক বিশেষ সুবিধাপ্রাপ্ত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰাৰ ক্ষেত্ৰত যৌথ বিবৃতিয়ে দুয়োখন দেশৰ মাজত সম্পর্কৰ ভেঁটি হিচাপে কাম কৰিছে। ভাৰত আৰু ৰাছিয়াৰ মাজৰ সহযোগিতাৰ বিষয়টো বিভিন্ন ক্ষেত্রলৈ সম্প্রসাৰিত হৈছে আৰু ৰাজনৈতিক আৰু কৌশলগত সহযোগিতা, সামৰিক আৰু প্রতিৰক্ষা সহযোগিতা, অর্থনীতি, শক্তি, শিল্প, বিজ্ঞান, প্রযুক্তি, সংস্কৃতি আৰু মানবীয় সহযোগিতাৰ বিষয়টোও ইয়াত অন্তর্ভুক্ত হৈছে।
২. ২০১৮ চনৰ ২১ মে’ত ৰাছিয়াৰ ছ’চিত দুয়োখন দেশৰ মাজত যি ঘৰুৱা সন্মিলন হৈছিল, তাৰ সমসাময়িক প্রাসংগিকতা আৰু তাৎপর্যক লৈ দুই দেশে উচ্চ পৰ্যায়ৰ মূল্যায়ন কৰিছে। এই সন্মিলন আছিল প্রধানমন্ত্রী মোদী আৰু ৰাষ্ট্রপতি পুটিনৰ মাজৰ গভীৰ আস্থা আৰু বিশ্বাসৰ ভিত্তিত আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ ক্ষেত্রত এক অনন্য বাৰ্তালাপ। এই বৈঠকত দুয়ো দেশৰ মাজত নিয়মীয়া যোগাযোগ ৰক্ষা আৰু পাৰস্পৰিক স্বার্থ-সংশ্লিষ্ট বিভিন্ন বিষয়ত সঘন আলোচনা আৰু পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রৰ বিভিন্ন প্রধান বিষয়ত জনমত গঢ়ি তোলাৰ লক্ষ্যৰে উভয় দেশৰ ইচ্ছাপ্রসূত প্ৰচেষ্টা। ছ’চি সন্মিলন ভাৰত আৰু ৰাছিয়াৰ মাজত সহযোগিতা আৰু আলোচনাৰ ভিত্তিত এক বহু মেৰুসম্পন্ন বিশ্ব ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ প্ৰচেষ্টা। উভয় দেশে নিয়মীয়াকৈ এই ধৰণৰ অনানুষ্ঠানিক বৈঠক আৰু সকলো স্তৰত কৌশলগত যোগাযোগ ৰক্ষা কৰি চলাৰ বিষয়ত একমতত উপনীত হয়।
৩. ভাৰত আৰু ৰাছিয়াৰ মাজত এক বিশেষ আৰু সুবিধাযুক্ত কৌশলগত অংশীদাৰিত্ব বজায় ৰখাৰ ক্ষেত্রত তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ প্রতি পুনৰবাৰ দৃঢ় আস্থা ব্যক্ত কৰে। তেওঁলোকে ঘোষণা কৰে যে তেওঁলোকৰ সম্পর্ক বিশ্ব শান্তি আৰু সুস্থিৰতাৰ পক্ষে এক গুৰুত্বপূর্ণ বিষয় আৰু বিশ্বৰ ভিতৰত অন্যতম প্রধান শক্তি হিচাপে বিশ্বৰ শান্তি আৰু সুস্থিৰতা বজাই ৰাখিবলৈ যৌথ দায়িত্ব পালনত উভয় দেশৰ ভূমিকা বিশেষভাবে প্রশংসনীয়।
৪. দুয়োখন দেশে গভীৰ আস্থাৰ ভিত্তিত প্ৰতিষ্ঠিত সম্পর্ক আৰু পাৰস্পৰিক বিশ্বাস, শ্রদ্ধা আৰু ইখনে সিখনৰ ওপতৰ নিৰ্ভৰশীলতাৰ বিষয়ত গভীৰ বুজাবুজিৰ সন্দৰ্ভত তেওঁলোকে সহমত প্রকাশ কৰে। ভাৰত আৰু ৰাছিয়া বহু সাংস্কৃতিক, বহু ভাষিক আৰু বহু ধর্মভিত্তিক সমাজ হিচাপে আধুনিক সময়ৰ প্ৰত্যাহ্বানবোৰ মোকাবিলা কৰাত দুয়োখন দেশৰ সভ্যতাকেন্দ্রিক জ্ঞানক কামত লগোৱাৰ বিষয়ত দৃঢ় আস্থা ব্যক্ত কৰে। উভয় দেশে আৰু অধিক আন্তঃসংযোগ আৰু বৈচিত্র্যপূর্ণ বিশ্ব গঢ়ি তোলাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াবলৈ প্ৰতিশ্ৰুতি দিয়ে।
৫. আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত উত্তেজনা হ্ৰাস কৰাৰ লক্ষ্যৰে কাম কৰাৰ বাবে বিশ্বৰ সকলো ৰাষ্ট্রৰ প্রতি আহ্বান জনাই দুয়ো দেশে সহিষ্ণুতা, সহযোগিতা, স্বচ্ছতা আৰু আন্তঃৰাষ্ট্রীয় সম্পর্কত মুকলি দৃষ্টিভংগীৰে কাম কৰাৰ দিশত সহমত প্রকাশ কৰিছে। বর্তমান বিশ্বৰ আটাইতকৈ গুৰুত্বপূর্ণ আৰু প্রাথমিক প্ৰত্যাহ্বান হিচাপে ক্ষীপ্ৰ পৰিৱেশ অনুকূল সুষম অর্থনৈতিক উন্নয়ন নিশ্চিত কৰা, দৰিদ্ৰতা দূৰীকৰণ, ৰাষ্ট্রসমূহৰ মাজৰ অসমতা হ্ৰাস কৰা আৰু সকলো ৰাষ্ট্রৰ নাগৰিকৰ বাবে ন্যূনতম স্বাস্থ্য সেৱাৰ ব্যৱস্থাকে দুয়ো দেশেই স্বীকৃতি দিছে। এইবোৰ লক্ষ্যত উপনীত হ’বলৈ ভাৰত আৰু ৰাছিয়াই এখনে আনখন সৈতে সহযোগিতা আগবঢ়োৱাৰ শপত লৈছে।
৬. দুয়ো পক্ষই দুয়োখন দেশৰ যোগাযোগ ব্যৱস্থাৰ বিকাশত সন্তুষ্টি ব্যক্ত কৰিছে। দুয়ো দেশৰ মাজত মন্ত্রী পর্যায়ৰ ৫০তকৈও অধিক ভ্ৰমণে দুয়োখন দেশৰ সম্পর্কত এক নতুন গতি সঞ্চাৰ কৰিছে। ২০১৭-১৮ চনৰ ভিতৰত দুয়ো দেশৰ বৈদেশিক বিষয় সম্পৰ্কত আলোচনা প্র’ট’কলৰ ভ্ৰমণ ৰূপায়ণৰ পৰিপ্রেক্ষিতত দুয়ো দেশে আৰু পাঁচ বছৰৰ বাবে (২০১৯-২০২৩) এই আলোচনাৰ সময়সীমা বৃদ্ধিৰ ক্ষেত্ৰত আৰু এটি প্র’ট’কল স্বাক্ষৰ কৰাৰ ক্ষেত্ৰত একমতত উপনীত হৈছে। ৰাছিয়াই দেশখনৰ একাটেৰিনবার্গ আৰু অস্ত্রাখানত ভাৰতৰ অবৈতনিক বাণিজ্যিক দূত নিয়োগৰ সিদ্ধান্তক আদৰণী জনাইছে। এই সিদ্ধান্তই দুয়ো দেশৰ বিভিন্ন অঞ্চল আৰু জনসাধাৰণৰ মাজত আৰু অধিক ভালকৈ যোগাযোগ গঢ়ি তোলাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
৭. দুয়ো দেশে ২০১৭ চনৰ নৱেম্বৰ মাহত আভ্যন্তৰীণ নিৰাপত্তা, মাদক দ্ৰব্য সৰবৰাহ বন্ধ, দুৰ্যোগ ব্যৱস্থাপনা, দুয়ো দেশৰ মাদক দ্ৰব্য নিয়ন্ত্রণ সংস্থাৰ মাজত যুটীয়া কর্মপৰিকল্পনা আৰু ভাৰতৰ গৃহ পৰিক্ৰমা মন্ত্রালয় আৰু ৰাছিয়াৰ আভ্যন্তৰীণ মন্ত্রালয়ৰ মাজত সহযোগিতা সম্পৰ্কীয় চুক্তিক আদৰণি জনাইছে। ২০১৮-২০২০ পর্যন্ত এই চুক্তিখন কার্যকৰী হৈ থাকিব। ভাৰতে প্রাকৃতিক দুৰ্যোগ মোকাবিলাৰ ক্ষেত্রত ৰাছিয়াৰ প্রযুক্তিগত কৃৎকৌশলক স্বীকৃতি দিছে। দুয়ো দেশেই প্রাকৃতিক দুৰ্যোগ মোকাবিলাৰ ক্ষেত্রত কর্মী প্রশিক্ষণ আৰু জৰুৰীকালীন সহায়ৰ ব্যৱস্থা গঢ়ি তোলাৰ সম্ভাৱনাৰ সন্দৰ্ভত আলোচনা চলাই যোৱাৰ ক্ষেত্ৰত একমত হৈছে।
৮। ভাৰত আৰু ৰাছিয়াৰ মাজত কূটনৈতিক সম্পর্ক স্থাপনৰ ৭০সংখ্যক বর্ষপূর্তি অনুষ্ঠানৰ সফল সামৰণীৰ জৰিয়তে দুয়ো দেশৰ লোকসকলৰ মাজত উৎসাহ আৰু দুয়ো দেশৰ জনতাৰ মাজত সম্পর্ক আৰু অধিক সুদৃঢ় হোৱাৰ বিষয়টো দুয়োখন দেশে লক্ষ্য কৰিছে। ২০১৭ত স্বাক্ষৰিত চুক্তিৰ ভিত্তিত ২০১৭-২০১৯ চনৰ ভিতৰত সাংস্কৃতিক বিনিময় কার্যসূচী ৰূপায়ণৰ সন্দৰ্ভত দুয়ো দেশই সন্তোষ ব্যক্ত কৰিছে। তেওঁলোকে ভাৰতত বার্ষিক ৰাছিয়া উৎসৱ আৰু ৰাছিয়াত বার্ষিক ভাৰত উৎসৱ আয়োজনৰ সিদ্ধান্তক আদৰণি জনাইছে। বর্তমান অব্যাহত থকা যুৱপ্ৰজন্মৰ ভ্ৰমণ বিনিময় কার্যসূচী, লেখকসকল ভ্ৰমণ বিনিময় কার্যসূচী আৰু দুয়ো দেশৰ ৰাষ্ট্ৰীয় চলচ্চিত্র উৎসৱত ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাকো দুয়োখন দেশে আদৰণি জনাইছে। যোৱা দুবছৰত দুয়ো দেশৰ মাজত পর্যটকৰ প্ৰবাহৰ হাৰ বৃদ্ধিৰ বিষয়টোও দুয়ো পক্ষই আদৰণি জনাই এই ইতিবাচক প্রৱণতাক আগুৱাই নিয়া একমত হৈছে। ২০১৮ৰ ফিফা ফুটবল বিশ্বকাপ সফলতাৰে আয়োজন কৰাৰ বাবে ভাৰতে ৰাছিয়াৰ প্রশংসা কৰিছে। দুয়ো দেশে কেইবা দশক ধৰি ভাৰত-ৰাছিয়া সম্পর্কৰ উন্নয়নত ইনষ্টিটিউট অফ অৰিয়েণ্টেল ষ্টাডিজ আৰু ৰাছিয়া একাডেমী অফ ছায়েন্সৰ অৱদানক স্বীকৃতি প্ৰদান কৰিছে। প্রধানমন্ত্রী মোদীয়ে জনাই যে এই ইনষ্টিটিউট স্থাপনৰ ২০০তম বৰ্ষপূর্তি অনুষ্ঠান সফল কৰি তুলবলৈ ভাৰতে বিশেষ অৱদান আগবঢ়াব।
অর্থনীতি
৯. বাণিজ্য, অর্থনীতি, বিজ্ঞান, প্রযুক্তি, সাংস্কৃতিক সহযোগিতা বিষয়ক ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ যি বৈঠক ২০১৮ৰ ১৪ ছেপ্টেম্বৰত মস্কোত অনুষ্ঠিত হয়, দুয়োখন দেশে তাক আদৰণি জনাইছে। আয়োগৰ ২৩সংখ্যক এই বৈঠকত ৰাছিয়াৰ উপ-প্রধানমন্ত্রী ইউৰি আই বৰিছ’ভ আৰু ভাৰতৰ বিদেশ মন্ত্রী সুষমা স্বৰাজে যুটীয়াভাৱে সভাপতিত্ব কৰে।
১০। দুয়োখন দেশে ২০২৫ চনৰ ভিতৰত তিনি হাজাৰ কোটি মার্কিন ডলাৰ পাৰস্পৰিক বিনিয়োগৰ লক্ষ্যত উপনীত হোৱাৰ অগ্রগতি পর্যালোচনা কৰিছে আৰু এই লক্ষ্য অর্জনৰ কাম সুন্দৰভাবে আগুৱাই যোৱাত দুয়ো দেশে সন্তোষ ব্যক্ত কৰিছে। তেওঁলোকে উল্লেখ কৰে যে ২০১৭ চনত দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য ২০ শতাংশতকৈও অধিক হাৰত বৃদ্ধি পাইছে আৰু এই বাণিজ্যিক লেনদেনক আৰু বৃদ্ধি কৰাৰ লক্ষ্যৰে কাম কৰাৰ বাবে সহমত পোষণ কৰিছে। দুয়ো দেশে নিজ নিজ দেশৰ ৰাষ্ট্ৰীয় মুদ্রাৰ দ্বিপাক্ষিক বাণিজ্যক আগুৱাই নিয়াত তেওঁলোকৰ সমর্থন ব্যক্ত কৰিছে।
১১. ভাৰতৰ নীতি আয়োগ আৰু ৰাছিয়াৰ অর্থনৈতিক উন্নয়ন মন্ত্রালয়ৰ মাজত কৌশলগত অর্থনৈতিক আলোচনাৰ প্রথম বৈঠক ২০১৮ৰ শেষ ভাগত ৰাছিয়াত অনুষ্ঠিত কৰাৰ বাবে দুয়োখন দেশে সিদ্ধান্ত গ্ৰহণ কৰিছে।
১২. দুয়োখন দেশে ইউৰেছিয়ান ইকন’মিক ইউনিয়ন আৰু ইয়াৰ সদস্য ৰাষ্ট্রসমূহ তথা ভাৰতৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ বিষয়ত আলোচনা আৰম্ভ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকে এই আলোচনাক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত প্ৰচেষ্টা গ্ৰহণৰ সন্দৰ্ভতো একমত হৈছে।
১৩. দুয়োখন দেশৰ মাজত বাণিজ্যিক অর্থনৈতিক সম্পর্কৰ উন্নয়ন আৰু বিনিয়োগৰ ক্ষেত্রত সহযোগিতা সম্পৰ্কীয় এক যৌথ কৌশল স্থিৰ কৰিবলৈ যৌথ সমীক্ষা চলোৱাৰ সিদ্ধান্তক আদৰণি জনাইছে আৰু এই কামক আগুৱাই নিবলৈ ভাৰতৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ফৰেইন ট্রেড আৰু ৰাছিয়াৰ অল ৰাছিয়ান একাডেমী অফ ফৰেইন ট্রেডক মনোনীত কৰিছে।
১৪. ৰাছিয়াৰ বিনিয়োগকাৰীসকলে যাতে ভাৰতত বিনিয়োগ কৰিব পাৰে, সেই লক্ষ্যৰে ‘ইনভেষ্ট ইণ্ডিয়া’ নামৰ সন্মিলনৰ কামত সন্তুষ্টি ব্যক্ত কৰাৰ লগতে ভাৰতীয় কোম্পানীসমূহে যাতে ৰাছিয়াত বিনিয়োগ কৰিব পাৰে তাৰ বাবে ৰাছিয়াৰ অর্থনৈতিক উন্নয়ন মন্ত্রালয় কর্তৃপক্ষক ‘একক খিড়িকী সেৱা’ আৰম্ভ কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে।
১৫. ২০১৮ চনৰ ৪-৫ অক্টোবৰত ১৯তম বার্ষিক সন্মিলনৰ সমান্তৰালভাৱে নতুন দিল্লীত ভাৰত-ৰাছিয়া বাণিজ্যিক সন্মিলন সংগঠনৰ সিদ্ধান্তক দুয়ো পক্ষই আদৰণি জনাইছে। এই বৈঠকত দুয়োখন দেশৰ বৃহৎ বাণিজ্যিক প্রতিনিধিদলে অংশগ্রহণ কৰিছে আৰু ইয়াৰ ভিতৰত বাণিজ্যিক লেনদেনৰ ক্ষেত্রত দ্বিপাক্ষিক সহযোগিতাক লৈ দুয়োখন দেশৰ আগ্রহ প্রতিফলিত হৈছে। দুয়োখন দেশে বাণিজ্য ক্ষেত্রত বিনিয়োগ আৰু অর্থনৈতিক সহযোগিতা শক্তিশালী কৰাত একমত হৈছে।
১৬. দুয়োখন দেশে খনি, ধাতৱজাত সামগ্ৰী উৎপাদন, বিদ্যুৎ, তেল আৰু প্ৰাকৃতিক গেছ, ৰে’ল, ঔষধ-পাতি, তথ্য-প্রযুক্তি, ৰাসায়নিক দ্রব্য, আন্তঃগাঁথনি, অ’টোম’বাইল, অসামৰিক পৰিৱহণ, মহাকাশ, জাহাজ নির্মাণ আৰু বিভিন্ন ধৰণৰ যন্ত্রাংশ উৎপাদনৰ দৰে অগ্রাধিকাৰপ্রাপ্ত বিনিয়োগ প্রকল্প ৰূপায়ণৰ ক্ষেত্রত অগ্রগতি পর্যালোচনা কৰিছে। দুয়োখন দেশে ৰাছিয়াত এডভান্সড ফার্মা কোম্পানী কর্তৃপক্ষক ঔষধ কাৰখানা স্থাপনৰ সিদ্ধান্তক আদৰণি জনাইছে। ভাৰতলৈ ৰাছিয়াৰ পৰা সাৰ আমদানি বৃদ্ধিৰ কৰাৰ আগ্রহৰ সন্দৰ্ভত সেই দেশক অৱগত কৰা হৈছে। দুয়োখন দেশে এলুমিনিয়ামৰ ক্ষেত্রত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
১৭. ক্ষুদ্র উদ্যোগৰ ক্ষেত্রত ভাৰত আৰু ৰাছিয়াৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰক দুয়োখন দেশে আদৰণি জনাইছে।
১৮. আন্তঃগাঁথনিমূলক উন্নয়নক দুয়োখন দেশৰ ৰাষ্ট্ৰীয় অগ্রাধিকাৰপ্রাপ্ত ক্ষেত্র হিচাপে চিহ্নিত কৰি দুয়োখন দেশে এই ক্ষেত্রত সহযোগিতাৰ বিপুল সুযোগক লৈ সহমত প্ৰকাশ কৰিছে। ভাৰতৰ উদ্যোগ কৰিড’ৰ উন্নয়নত ৰাছিয়াৰ কোম্পানিসমূহক অংশগ্রহণৰ বাবে আহ্বান জনোৱা হৈছে। ইফালে, চড়ক আৰু ৰে’ল পৰিকাঠামো, সৰু চহৰ উন্নয়ন, ডবা নির্মাণ আৰু যৌথ উদ্যোগত এটি পৰিৱহণ কোম্পানী গঢ়ি তোলাৰ ক্ষেত্রতো ভাৰতে ৰাছিয়াৰ সংস্থাসমূহক অংশগ্রহণৰ বাবে আহ্বান জনাইছে। ৰাছিয়াৰ উদ্যোগ কৰিড’ৰ আন্তঃগাঁথনিৰ ক্ষেত্রত ভাৰতক উপগ্রহ-ভিত্তিক প্রযুক্তি ব্যৱহাৰ কৰি কৰ সংগ্রহৰ প্রযুক্তি প্রদানৰ বাবে কোৱা হৈছে। ভাৰতৰ ৰে’ল মন্ত্রালয়ে ৰে’লসমূহৰ গতি বৃদ্ধিৰ যি প্রকল্প গ্রহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, তাৰ আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতামূলক ভৱনৰ ক্ষেত্রত ৰাছিয়াই অংশগ্রহণ কৰিবলৈ আগ্রহ প্রকাশ কৰিছে। দুয়ো পক্ষই পৰিৱহণ, কর্মী প্রশিক্ষণ আৰু আন্তঃৰাষ্ট্ৰীয় পৰিৱহণ কৰিড’ৰ প্রকল্প ৰূপায়ণত প্রযুক্তিগত সহায়ৰ দৰে ক্ষেত্রত সহযোগিতাৰ ওপৰত গুৰুত্ব দিছে। এইবোৰ ক্ষেত্রত কামৰ বাবে দুয়োখন দেশে ভাৰতেৰ বদোদৰাৰ ৰাষ্ট্ৰীয় ৰে’ল আৰু পৰিৱহণ প্ৰতিষ্ঠান আৰু ৰাছিয়াৰ ইউনিভাচিটী অফ ট্রান্সপোর্টৰ মাজত সহযোগিতাৰে আগবাঢ়ি যোৱাৰ বাবে একমতত উপনীত হৈছে।
১৯. দুয়োখন দেশে আন্তঃৰাষ্ট্ৰীয় পর্যায়ত উত্তৰ-দক্ষিণ পৰিৱহণ কৰিড’ৰ উন্নয়নৰ জৰিয়তে যোগাযোগ বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। সেয়েহে এই কাম আগুৱাই নিবলৈ হ’লে সংশ্লিষ্ট দেশসমূহৰ সীমাশুল্ক কর্তৃপক্ষৰ মাজত বকেয়াক লৈ আলোচনাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব, ৰে’ল আৰু চড়ক আন্তঃগাঁথনি গঢ়ি তুলিব লাগিব, দ্বিপাক্ষিক পর্যায়ত আলোচনাৰ জৰিয়তে আর্থিক লেনদেনৰ উপযুক্ত ব্যৱস্থা গঢ়ি তুলিব লাগিব আৰু অন্যান্য সহযোগী দেশসমূহৰ সৈতে এই বিষয়ত আলোচনা কৰি সমগ্র বিষয়টো চূড়ান্ত কৰিব লাগিব। ইয়াৰ পৰিপ্রেক্ষিতত মস্কোত ‘পৰিৱহণ সপ্তাহ-২০১৮’ অনুষ্ঠানৰ মাজতে ভাৰত, ৰাছিয়া আৰু ইৰানৰ মাজত ত্রিপাক্ষিক বৈঠকক দুয়োখন দেশে আদৰণি জনাইছে। এই বৈঠকত ইৰানৰ ভূখণ্ডই দি ভাৰতীয় সামগ্ৰী ৰাছিয়ালৈ পৰিৱহণ কৰাক লৈ আলোচনা কৰা হয়। ভাৰতে ৰাছিয়াক আন্তঃৰাষ্ট্ৰীয় সামগ্ৰী পৰিৱহণ সংক্রান্তীয় সীমাশুল্ক চুক্তিত ভাৰতৰ অন্তর্ভুক্তিৰ বিষয়টো জনাই দিছে। দুয়োখন দেশে এই বিষয়ত এক মন্ত্রী পর্যায়ৰ সমন্বয় বৈঠক আয়োজনৰ ক্ষেত্ৰত একমত হৈছে।
২০. দুয়োখন দেশৰ মাজত বাণিজ্যিক লেনদেনক উৎসাহিত কৰিবলৈ দুয়োখন দেশে বাধ্যতামূলক পৰিদর্শন/নিয়ন্ত্রণ সংক্রান্তীয় যিবোৰ বিষয়ত কোনো পণ্যদ্রব্যৰ আমদানি বা ৰপ্তানিৰ সময়ত ৰ’বলগীয়া হয়, তাত বিলম্ব এৰাই চলাৰ ক্ষেত্ৰত প্ৰচেষ্টা ল’বলৈ সহমত প্ৰকাশ কৰে।
২১. দুয়োখন দেশে তেওঁলোকৰ বাণিজ্যিক প্রদর্শনী আৰু বাণিজ্য মেলাৰ তালিকা বিনিময় আৰু ৰপ্তানি উন্নয়ন পৰিষদ বা ৰপ্তানি সংক্রান্তীয় বিভিন্ন সংস্থাৰ তালিকা বিনিময় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দুয়োখন দেশৰ আমদানি বা ৰপ্তানি কৰাৰ সময়ত যাতে সংশ্লিষ্ট সামগ্ৰীৰ বাণিজ্যিক লেনদেন বিষয়ত সকলো ধৰণৰ বিস্তৃত খবৰ প্রদর্শনী বা আমদানি-ৰপ্তানি সংস্থাৰ পৰা পাব পাৰে, সেই লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
২২. ভাৰত আৰু ৰাছিয়াৰ মাজত সামগ্ৰী পৰিৱহণৰ সুবিধার্থে সীমাশুল্ক সম্পৰ্কীয় নিয়মকানুনৰ সৰলীকৰণৰ লক্ষ্যৰে ‘সেউজ কৰিড’ৰ’ প্রকল্প আৰম্ভ কৰাৰ সন্দৰ্ভত দুয়োখন দেশ একমত হৈছে। পাৰস্পৰিক বাণিজ্যি লেনদেন বৃদ্ধিৰ লক্ষ্যৰে এয়া অত্যন্ত গুৰুত্বপূর্ণ পদক্ষেপ বুলি দুয়োখন দেশে সহমত প্ৰকাশ কৰিছে। এই প্রকল্পটোৰ আৰম্ভ হোৱাৰ পাছত দুয়োখন দেশৰ সীমাশুল্ক প্রশাসনে এইক্ষেত্রৰ সহযোগিতাক আৰু অধিক প্রসাৰিত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি স্থিৰ কৰা হৈছে।
২৩. দুয়োখন দেশৰ মাজত ব্যৱসায়-বাণিজ্য উদ্যোগ আৰু চৰকাৰী সংস্থাসমূহৰ মাজত প্রত্যক্ষ যোগাযোগ আৰু অধিক বৃদ্ধিৰ লক্ষ্যৰে দুয়োখন দেশে উদ্যোগ গ্রহণৰ ক্ষেত্ৰত একমত হৈছে। তদুপৰি, দুয়োখন দেশৰ বিভিন্ন ৰাজ্যৰ মাজত পৃথক চুক্তি স্বাক্ষৰৰ বিষয়টোকো দুয়োখন দেশে আদৰণি জনাইছে। যেনেকৈ, অসম আৰু সাখালিন, হাৰিয়ানা আৰু বাস্কোৰতোস্তান, গোৱা আৰু কালিনিনগ্রাদ, ওড়িশা আৰু ইৰকুট্স্ক, বিশাখাপট্টনম আৰু ব্লাদিভোস্তকৰ মাজত এই ধৰণৰ চুক্তি স্বাক্ষৰিত হৈছে। ছেইন্ট পিটার্ছবার্গত আয়োজিত আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক ফ’ৰাম, পূর্বাঞ্চলীয় অর্থনৈতিক ফ’ৰাম আৰু অংশীদাৰিত্ব শীর্ষ সন্মিলনৰ দৰে অনুষ্ঠানত আঞ্চলিক পর্যায়ৰ প্রতিনিধিদলৰ অংশগ্রহণক দুয়োখন দেশে আদৰণি জনাইছে। একেদৰে, দুয়োখন দেশে ভাৰত-ৰাছিয়া আন্তঃআঞ্চলিক ফ’ৰামৰ বৈঠক আয়োজনৰ সিদ্ধান্তক আদৰণি জনাইছে।
২৪. দুয়োখন দেশৰ মাজত প্রাকৃতিক সম্পদৰ সুদক্ষ আৰু উপযুক্ত ব্যৱহাৰৰ লক্ষ্যৰে যুটীয়া প্রকল্প গঢ়ি তোলা হ’বনে নাই, সেই বিষয়ে উদ্যোগ গ্রহণৰ বাবে দুয়োখন দেশ একমত হৈছে। উপযুক্ত প্রযুক্তিৰ প্রয়োগৰ জৰিয়তে অথচ একেলগে পৰিবেশ অনুকূল পদ্ধতিত প্রাকৃতিক সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত উদ্যোগ গ্রহণত দুয়োখন দেশে সন্মিতি প্ৰকাশ কৰিছে হৈছে। দুয়োখন দেশে কৃষি খণ্ডক সহযোগিতাৰ এক গুৰুত্বপূর্ণ ক্ষেত্র হিচাপে চিহ্নিত কৰিছে আৰু দুয়োখন দেশৰ মাজত বাণিজ্যিক প্রতিবন্ধকতাসমূহ দূৰ কৰা, উৎপাদন বৃদ্ধি কৰা আৰু কৃষিজাত সামগ্ৰীৰ বাণিজ্যিক লেনদেন বৃদ্ধিৰ ক্ষেত্ৰত একমত হৈছে।
২৫. দুয়োখন দেশে হীৰাৰ ব্যৱসায়ৰ ক্ষেত্রত সহযোগিতাৰ মাত্রা বৃদ্ধি পোৱাক লৈ সন্তোষ ব্যক্ত কৰিছে। বিশেষকৈ, ৰাছিয়াৰ পিজেএছচি আলৰোছা কোম্পানীৰ কর্তৃপক্ষই ভাৰতীয় প্ৰতিষ্ঠানসমূহক অপৰিশোধিত হীৰা খণ্ড যোগানক লৈ দীর্ঘম্যাদী চুক্তি স্বাক্ষৰ, মুম্বাইত আলৰোছা কোম্পানীৰ এটি কাৰ্যালয় খোলা, ভাৰতীয় বজাৰত দুয়োখন দেশৰ হীৰা ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ সহযোগিতাত উৎপাদিত হীৰাৰ বিপণনৰ ক্ষেত্রত থকা সহযোগিতাক আৰু অধিক বৃদ্ধি কৰাৰ বিষয়ত একমত হৈছে। ৰাছিয়াৰ দূৰপ্ৰাচ্য অঞ্চলত ভাৰতীয় কোম্পানীসমূহে হীৰা উৎপাদনৰ ক্ষেত্রত কৰা শেহতীয়া বিনিয়োগকো দুয়োখন দেশে আদৰণি জনাইছে। মূল্যবান ধাতু, খনিজ দ্রব্য আৰু অন্যান্য প্রাকৃতিক সম্পদ, বনজ সম্পদৰ দৰে ক্ষেত্রত যৌথ প্ৰচেষ্টা গঢ়ি তোলাৰ সম্ভাৱনীয়তা দুয়োখন দেশ একমত হৈছে।
২৬. ৰাছিয়াত ভাৰতৰ বিভিন্ন কোম্পানীৰ বাবে সেই দেশৰ দূৰপ্রাচ্য হিচাপে চিহ্নিত প্রদেশত বিনিয়োগৰ আহ্বান জনোৱা হৈছে। মুম্বাইত ৰাছিয়াৰ দূৰপ্রাচ্য সংস্থাৰ এক কাৰ্যালয় খোলা বিষয়টোক ভাৰতীয় কোম্পানীসমূহে আদৰণি জনাইছে। ২০১৮ৰ ছেপ্টেম্বৰত ব্লাদিভোষ্টকত পূর্বাঞ্চলীয় অর্থনৈতিক ফ’ৰামৰ বৈঠকত ভাৰতৰ উদ্যোগ আৰু বাণিজ্য মন্ত্রী শ্রী সুৰেশ প্রভুৰ নেতৃত্বত এক প্রতিনিধি দলে অংশগ্রহণ কৰে। একেদৰে, ৰাছিয়াৰ এক উচ্চপর্যায়ৰ প্রতিনিধি দলে সেই দেশৰ দূৰপ্রাচ্যত আৰু অধিক পৰিমাণে ভাৰতীয় কোম্পানীৰ বিনিয়োগক উৎসাহিত কৰিবলৈ ভাৰতত ৰোড শ্ব’ আয়োজন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।
২৭. দুয়োখন দেশে ৰে’ল, শক্তি আৰু অন্যান্য ক্ষেত্রত কোনো তৃতীয় দেশত প্রযুক্তি আৰু সাহায়্য সম্পদভিত্তিক যৌথ প্রকল্প গঢ়ি তোলাৰ ক্ষেত্ৰত সক্রিয় প্ৰচেষ্টা গ্রহণ কৰাৰ লক্ষ্যৰে কাম কৰিবলৈ একমত হৈছে।
বিজ্ঞান আৰু প্রযুক্তি
২৮. দুয়ো পক্ষই বিজ্ঞান আৰু প্রযুক্তিৰ ক্ষেত্রত দুয়োখন দেশৰ মাজত সহযোগিতা বৃদ্ধিৰ প্রয়োজনীয়তাক লৈ একমত হৈছে আৰু বিজ্ঞান আৰু প্রযুক্তিৰ ক্ষেত্ৰত দশম ভাৰত-ৰাছিয়াৰ কর্মীগোটৰ সফল বৈঠকক আদৰণি জনাইছে। ২০১৮ৰ ফেব্রুৱাৰীত দুয়োখন দেশৰ বিজ্ঞান আৰু প্রযুক্তি দপ্তৰৰ যুটীয়া উদ্যোগত এই বৈঠক আয়োজন কৰা হৈছিল।
২৯. মৌল আৰু প্রায়োগিক ক্ষেত্রত বিজ্ঞান আৰু প্রযুক্তিৰ যৌথ গৱেষণাৰ দশম বর্ষপূর্তি উদযাপনৰ সফলতাৰ ক্ষেত্ৰত দুয়ো দেশৰ বিজ্ঞান আৰু প্রযুক্তি বিভাগৰ সহযোগিতাত উভয় পক্ষই সন্তোষ ব্যক্ত কৰিছে। দুয়োখন দেশৰ মাজত বিজ্ঞান, প্রযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্রত দীর্ঘম্যাদী সুসংহত কার্যসূচীত শক্তিশালী সহযোগিতা আগবঢ়োৱাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে। এই কার্যসূচীত দুয়োখন দেশৰ গৱেষণাগাৰ, বিশ্ববিদ্যালয় আৰু বিজ্ঞান-প্রযুক্তি সংগঠনসমূহৰ মাজত সহযোগিতা সংক্রান্তীয় এক ৰূপৰেখা প্রণয়নৰ বিষয়ত দুয়োখন দেশ একমত হৈছে।
৩০. দুয়ো দেশে তথ্য আৰু যোগাযোগ প্রযুক্তি, বিশেষকৈ বৈদ্যুতিন ব্যৱস্থা নির্মাণ আৰু উৎপাদন, ছফটৱেৰ উৎপাদন, ছুপাৰ কম্পিউটিং, ই-গভর্নেন্স, জনসেৱা ব্যৱস্থা, নেটৱর্ক নিৰাপত্তা, তথ্য আৰু যোগাযোগ প্রযুক্তিৰ ব্যৱহাৰৰ নিৰাপত্তা, আর্থিক প্রযুক্তি, ইণ্টাৰনেট অফ থিংছ, ৰেডিঅ’ ফ্রিকুৱেন্সি স্পেকট্রামৰ নিয়ন্ত্রণ ব্যৱস্থা ইত্যাদিৰ দৰে ক্ষেত্রত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত একমত হৈছে। ব্রিক্ছ আৰু আইটিইউৰ দৰে মঞ্চত দুয়োখন দেশে পাৰস্পৰিক সহযোগিতা আৰু সমন্বয় সাধনৰ বিষয়ত কাম কৰাৰ বাবে একমত হৈছে।
৩১. ২০১৮ চনৰ মার্চ মাহত নতুন দিল্লীত ভাৰতৰ বাণিজ্য মন্ত্রানয় আৰু ৰাছিয়াৰ অর্থনৈতিক উন্নয়ন মন্ত্রালয়ৰ উদ্যোগত আয়োজিত অর্থনৈতিক সহযোগিতা সম্পৰ্কীয় যৌথ ঘোষণাপত্র স্বাক্ষৰক আদৰণি জনাইছে। ২০১৮ চনৰ ডিচেম্বৰত ভাৰত আৰু ৰাছিয়াৰ মাজত ষ্টার্ট-আপৰ সন্মিলন আয়োজনৰ সিদ্ধান্তকো দুয়োখন দেশে আদৰণি জনাইছে। ভাৰতীয় উদ্যোগ মহাসংঘ আৰু ৰাছিয়াৰ স্কলক’ভ’ ফাউণ্ডেচনৰ যুটীয়া উদ্যোগত এই সন্মিলন আয়োজন কৰা হ’ব। এই লক্ষ্যৰে দুয়োখন দেশৰ ষ্টার্ট-আপ বিনিয়োগকাৰীৰ উদ্ভাৱন সংস্থা আৰু উদীয়মান উদ্যোগপতিসকলে নিজৰ মাজত আলোচনাৰ বাবে এটি অনলাইন প’র্টেল আৰম্ভ কৰাৰ সিদ্ধান্তকো দুয়ো দেশ আদৰণি জনাইছে।
৩২. বৰ্হিঃমহাকাশৰ গৱেষণাৰ ক্ষেত্রত ভাৰত আৰু ৰাছিয়াৰ মাজত দীৰ্ঘম্যাদী আৰু পাৰস্পৰিক সুবিধাৰ সহযোগিতাৰ গুৰুত্বৰ ক্ষেত্ৰত দুয়োখন দেশে জোৰ দিছে আৰু ভাৰতৰ আঞ্চলিক নেভিগেচন ছেটেলাইট ব্যৱস্থাৰ গ্রাউণ্ড ষ্টেচন মাৰফৎ তথ্য সংগ্রহৰ কামক আদৰণি জনাইছে। শান্তিপূর্ণ কামত বৰ্হিঃমহাকাশৰ ব্যৱহাৰ আৰু মানৱপৰিবাহী মহাকাশ যান কার্যসূচীকে ধৰি বিভিন্ন ধৰণৰ বিজ্ঞানভিত্তিক প্রকল্পত সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰতো একমত হৈছে। দুয়োখন দেশে ব্রিক্ছৰ দূৰসংবেদী উপগ্রহ ব্যৱস্থাৰ উন্নয়নত সহযোগিতাৰ ক্ষেত্রতো একমত হৈছে।
৩৩. মেৰু অঞ্চলত দুয়ো দেশৰ স্বার্থজড়িত প্রকল্পত সহযোগিতাৰ ক্ষেত্রত দুয়োখন দেশে আগ্রহ প্রকাশ কৰিছে। কুমেৰু অঞ্চলত দীৰ্ঘম্যাদী সহযোগিতাৰ কামৰ অগ্রগতিত ভাৰত আৰু ৰাছিয়াৰ বিজ্ঞানীসকলে যি কাম কৰিছে, তাক লৈ দুয়ো দেশই সন্তুষ্টি ব্যক্ত কৰিছে।
৩৪. দুয়োখনখন দেশৰ উচ্চশিক্ষা প্রতিষ্ঠানসমূহৰ মাজত সংযোগ বৃদ্ধি আৰু ভাৰত আৰু ৰাছিয়াৰ বিশ্ববিদ্যালয়সমূহ লৈ গঢ়ি উঠা নেটৱর্কৰ কাম-কাজৰ অগ্রগতিত সন্তোষ ব্যক্ত কৰিছে। ২০১৫ চনত এই নেটৱর্ক প্রতিষ্ঠাৰ পাছত ৪২গৰাকী সদস্যৰে গঠিত এই সংস্থাৰ তিনিখন বৈঠক অনুষ্ঠিত হৈছে। ছাত্র, গৱেষক আৰু শিক্ষকসকলৰ বাবে ভ্ৰমণ বিনিময় আৰু যৌথ উদ্যোগত বিজ্ঞান-ভিত্তিক আৰু শিক্ষা সম্পৰ্কীয় প্রকল্প ৰূপায়ণত দেখুওৱা আগ্ৰহক লৈ দুই দেশে সন্তোষ ব্যক্ত কৰিছে।
শক্তি
৩৫. ভাৰত আৰু ৰাছিয়াৰ মাজত শক্তিক্ষেত্রত সহযোগিতা বৃদ্ধিৰ গুৰুত্বক লৈও দুয়োখন পক্ষ একমত হৈছে। ভাৰতত ৰাছিয়াৰ শক্তিসম্পদৰ ক্ষেত্রত, বিশেষকৈ প্রাকৃতিক গেছৰ ক্ষেত্রত বিশেষ আগ্রহ দেখুৱাইছে। তদুপৰি, দুয়োখন দেশে যৌথ প্ৰচেষ্টাত নবীকৰণযোগ্য শক্তিৰ ক্ষেত্রত প্রকল্প ৰূপায়ণৰ সম্ভাৱনীয়তাক গুৰুত্ব দিবলৈ সন্মত হৈছে।
৩৬. শক্তি খণ্ডত দুয়োখন দেশৰ স্বার্থজড়িত বিভিন্ন ক্ষেত্রত সহযোগিতাৰ সম্ভাৱনাক লৈ দুয়োখন দেশ আগ্রহ প্রকাশ কৰিছে আৰু নিজ নিজ দেশৰ কোম্পানীসমূহক শক্তিখণ্ডত দীৰ্ঘম্যাদী চুক্তি, যৌথ উদ্যোগ আৰু শক্তি সম্পদৰ পাৰস্পৰিক অধিগ্রহণ আৰু কোনো তৃতীয়খন দেশৰ সৈতে সম্ভাব্য সহযোগিতাক স্বীকাৰ কৰিছে।
৩৭. দুয়োখন দেশে ৰাছিয়া আৰু ভাৰতৰ শক্তি কোম্পানীসমূহৰ মাজত চলি থকা বিভিন্ন প্রকল্পৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাক আদৰণি জনাইছে। বিশেষকৈ, ৰাছিয়াৰ ভাংকোৰনেফ্ট আৰু তাছইউৰিয়াখ নেফ্টেগাজোডোবাইকাত ভাৰতীয় প্ৰতিষ্ঠানসমূহৰ বিনিয়োগ আৰু ভাৰতৰ এছাৰ অইল কেপিটেলৰ সৈতে ৰাছিয়াৰ পিজিএছচি ৰ’ছনেম অইল কোম্পানীৰ যৌথ প্ৰচেষ্টাক আদৰণি জনাইছে। ভেংকোৰ শক্তি প্লাষ্টাৰত দুয়োখন দেশৰ কোম্পানীসমূহৰ মাজত সৰ্বাংগীন সহযোগিতাৰ বাবে আলোচনা চূড়ান্ত কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা প্ৰচেষ্টাক দুয়োখন দেশে আদৰণি জনাইছে।
৩৮. তৰলীকৃত প্রাকৃতিক গেছৰ ক্ষেত্রত ভাৰত আৰু ৰাছিয়াৰ কোম্পানীসমূহৰ মাজত সহযোগিতা আগবঢ়াবলৈ আগ্রহ প্ৰকাশ কৰিছে। ভাৰতৰ গেইল ইণ্ডিয়া লিমিটেড আৰু ৰাছিয়াৰ গাজপম গ্রুপৰ মাজত এলএনজি যোগানক লৈ দীৰ্ঘম্যাদী চুক্তি ৰূপায়ণৰ কাম আৰম্ভ হোৱাৰ বাবে দুয়ো দেশে ইয়াক আদৰণি জনাইছে।
৩৯. দুয়োখন দেশে পিজেএছচি নোভাটেক আৰু ভাৰতৰ শক্তি কোম্পানীসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে আলোচনাক আদৰণি জনাইছে আৰু এলএনজিৰ ক্ষেত্রত যৌথ উদ্যোগত প্রকল্প ৰূপায়ণৰ প্রয়াসক আদৰণি জনোৱা হৈছে।
৪০. ৰাছিয়াৰ মেৰু অঞ্চলত, বিশেষকৈ পেচোৰা আৰু ওখটস্ক সাগৰত যৌথ উদ্যোগত খনিজ তেল উত্তোলনৰ প্রকল্পত সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে দুয়োখন দেশৰ বিভিন্ন কোম্পানীসমূহৰ মাজৰ আলোচনাক দুয়ো দেশে আদৰণি জনাইছে।
৪১. ২০১৭ চনত ৰাছিয়া আৰু অন্যান্য দেশৰ পৰা ভাৰত হৈ গেছ সৰবৰাহৰ বাবে পাইপলাইন স্থাপনত যি যৌথ সমীক্ষা চলোৱা হৈছে, দুয়োখন দেশে তাক আদৰণি জনাইছে আৰু গেছ পাইপলাইন নির্মাণৰ সম্ভাৱনাৰ দিশত ভাৰত আৰু ৰাছিয়াৰ সংশ্লিষ্ট মন্ত্রালয়ৰ মাজৰ আলোচনাক আৰু আগুৱাই নিয়াৰ বাবে দুয়ো দেশৰ ফালৰ পৰা সহায়ৰ আশ্বাস দিয়া হৈছে। দুয়োখন দেশৰ সংশ্লিষ্ট মন্ত্রালয়ৰ মাজত এই সংক্ৰান্তত এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ প্ৰস্তাৱত উভয়ে আদৰণি জনাইছে।
৪২. ভাৰত আৰু ৰাছিয়াৰ মাজত অসামৰিক ক্ষেত্রত আনৱিক সহযোগিতা দুয়োখন দেশৰ কৌশলগত সম্পর্কৰ এক গুৰুত্বপূর্ণ অংগ। ই ভাৰতৰ শক্তি নিৰাপত্তাৰ বাবে বিশেষভাবে গুৰুত্বপূর্ণ আৰু জলবায়ু পৰিৱর্তন সম্পৰ্কীয় পেৰিছ চুক্তিত দুয়োখন দেশে প্ৰদান কৰা প্রতিশ্রুতিসমূহ পূৰণো এই ক্ষেত্রত সহযোগিতাৰ বিশেষ ভূমিকা আছে। দুয়োখন দেশে তামিলনাড়ুৰ কুণ্ডামকুলাম আনৱিক শক্তি উৎপাদন কেন্দ্রৰ বাকী ৬টা ইউনিট নির্মাণ কাৰ্যৰ অগ্রগতিত সন্তোষ ব্যক্ত কৰিছে। তদুপৰি, স্থানীয় পর্যায়ত এই ধৰণৰ পৰমাণু শক্তি উৎপাদন কেন্দ্রৰ যন্ত্রাংশ নির্মাণৰ প্ৰচেষ্টাকো আদৰণি জনাইছে। দুয়োপক্ষই ভাৰতত ৰাছিয়া পৰিকল্পিত নতুন পাৰমানৱিক শক্তি উৎপাদন কেন্দ্র স্থাপনৰ বিষয়ে আলোচনা, পাৰমানৱিক যন্ত্রাংশৰ যৌথ উৎপাদন আৰু তৃতীয় কোনো দেশত এই সম্পৰ্কীয় সহযোগিতাক আদৰণি জনাইছে।
বাংলাদেশৰ ৰূপপুৰ আনৱিক শক্তি প্রকল্প ৰূপায়ণত ত্রিপাক্ষিক সহযোগিতা সংক্রান্তীয় যি বুজাবুজি চুক্তি হৈছে, সেয়া পূৰণত কামৰ অগ্রগতিৰ বিষয়ে দুয়ো দেশে পর্যালোচনা কৰিছে। দুয়োখন দেশে আনৱিক ক্ষেত্রত যুটীয়া প্ৰচেষ্টাত চিহ্নিত বিষয়ত সহযোগিতাৰ বিষয়টোক অগ্রাধিকাৰভিত্তিক ৰূপায়ণৰ বাবে কর্মপৰিকল্পনা স্বাক্ষৰক আদৰণি জনোৱাৰ লগতে সন্তোষ ব্যক্ত কৰিছে।
৪৩. জলবিদ্যুৎ আৰু নবীকৰণযোগ্য বিদ্যুৎ শক্তিৰ উৎসৰ বিষয়ে সহযোগিতাৰ সম্ভাৱনাক লৈ দুয়োখন দেশ একমত হৈছে। তদুপৰি, শক্তি সক্ষমতা আৰু জলবায়ু পৰিৱর্তনৰ নেতিবাচক প্রভাৱ হ্রাস কৰা বাবে গ্ৰহণ কৰা প্ৰচেষ্টাকো দুয়োখন দেশে আদৰণি জনাইছে।
সামৰিক প্রযুক্তিগত সহযোগিতা
৪৪. দুয়োখন দেশে বিশ্বাস কৰে যে ইয়াৰ কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্রত সামৰিক প্রযুক্তিগত সহযোগিতাৰ বিষয়টো এক গুৰুত্বপূর্ণ স্তম্ভস্বৰূপ, দুয়োখন দেশে ২০১৮ৰ ডিচেম্বৰ মাহত ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ বৈঠকত সামৰিক প্রযুক্তিগত সহযোগিতাৰ বিষয়ে আলোচনাৰ সম্ভাৱনাক আদৰণি জনাইছে। দুয়োখন দেশৰ সামৰিক বাহিনীৰ মাজত প্রশিক্ষণ আৰু জ্যেষ্ঠ সামৰিক কর্মকর্তাসকলৰ ভ্ৰমণ বিনিময়, কর্মীচাৰীসকলৰ মাজত আলাপ-আলোচনা আৰু যৌথ সমূহীয়া অনুশীলন ইত্যাদিৰ ক্ষেত্রত সামৰিক সহযোগিতাৰ ৰূপৰেখা এই ক্ষেত্রত সহযোগিতাৰ পথকে আৰু অধিক প্রশস্ত কৰিছে বুলি দুয়োখন দেশে ভাৱে। ৰাছিয়াত ২০১৮ৰ আর্মি গেম্ছ, আর্মি, ২০১৮ আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা সংক্রান্তীয় মস্কো সন্মিলনত ভাৰতৰ অংশগ্রহণকে ইতিবাচক ৰূপত আদৰণি জনোৱা হৈছে। দুয়োখন দেশে তিনিওটা বাহিনীৰ ত্ৰিপাক্ষিক অনুশীলন ‘ইন্দ্র, ২০১৭’ক আদৰণি জনাইছে আৰু ২০১৮ত নৌ-সেনা, স্থলবাহিনী আৰু বায়ুসেনাৰ ‘ইন্দ্র’ পর্যায়ৰ যৌথ সমূহীয়া অনুশীলন চলাইয়ে যোৱাৰ বিষয়ে তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ হয়।
৪৫. দুয়োখন দেশে ‘এছ-৪০০’ শ্রেণীৰ ভূপৃষ্ঠৰ পৰা আকাশত ক্ষেপণযোগ্য ক্ষেপণাস্ত্র ব্যৱস্থা ভাৰতলৈ যোগান ধৰাৰ বাবে চুক্তি সম্পাদনক আদৰণি জনাইছে। দুয়োখন দেশে সামৰিক প্রযুক্তিগত সহযোগিতা আৰু অধিক বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ দৃঢ় প্ৰতিশ্ৰুতি ব্যক্ত কৰে। দুয়োখন দেশৰ মাজত এই ক্ষেত্রত পাৰস্পৰিক সহযোগিতা আৰু আস্থাৰ এক দীর্ঘ ইতিহাস আছে। সামৰিক প্রযুক্তিগত ক্ষেত্রত বিভিন্ন প্রকল্পত উল্লেখযোগ্য অগ্রগতিত দুয়োখন দেশে সন্তোষ ব্যক্ত কৰিছে আৰু দুয়োখন দেশৰ মাজত সামৰিক যন্ত্রাংশ উৎপাদন আৰু এই সম্পৰ্কীয় গৱেষণাক স্বীকৃতি দিছে। ভাৰত চৰকাৰৰ ‘মেক ইন ইণ্ডিয়া’ নীতিক উৎসাহ দিয়াৰ বাবে সামৰিক উদ্যোগ ক্ষেত্রত এই প্ৰচেষ্টাই বিশেষ ভূমিকা পালন কৰিব বুলি উভয়ে একমত হৈছে। ২০১৭ৰ নৱেম্বৰ মাহত উচ্চপ্রযুক্তিৰ ক্ষেত্রত সহযোগিতা সম্পৰ্কীয় যি উচ্চপর্যায়ৰ কমিটি আছে, তাৰ বৈঠকক দুয়োখন দেশে আদৰণি জনাইছে। এই বৈঠকৰ পৰাই পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন ক্ষেত্রত যুটীয়া প্ৰচেষ্টাত গৱেষণা আৰু উন্নয়নৰ বিভিন্ন বিষয়ক চিহ্নিত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।
আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহ
৪৬. দুয়োখন দেশে ৰাষ্ট্রসংঘৰ চনদ অনুসৰি আন্তঃৰাষ্ট্ৰীয় আইনৰ সার্বজনীন স্বীকৃত সমতা, পাৰস্পৰিক আস্থা আৰু অন্য দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা নীতিৰ প্রতি প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে। তদুপৰি, ৰাষ্ট্রসংঘৰ চনদৰ সৈতে সংগতি ৰাখি বিভিন্ন ৰাষ্ট্রৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পর্ক আৰু সহযোগিতাৰ ক্ষেত্রত ১৯৭০ চনত আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতিসমূহৰ প্রতি তেওঁলোকৰ আস্থা ব্যক্ত কৰিছে।
৪৭. ২০১৮ চনৰ জুলাই মাহত দক্ষিণ আফ্রিকাত ব্রিক্ছ সন্মিলনৰ দশম বর্ষপূর্তিৰ ফলাফলৰ কথা উল্লেখ কৰি এই সংগঠনৰ মাজত কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু ৰাছিয়াৰ আগ্রহক পুনৰ দোঁহাৰে। আন্তঃৰাষ্ট্ৰীয় আইন আৰু ৰাষ্ট্রসংঘৰ চনদৰ ভিত্তিতে এক নীতিনিষ্ঠ বহু মেৰুৰ বিশ্ব ব্যৱস্থা গঢ়ি তোলাৰ কামক অগ্রাধিকাৰ প্রদান কৰাৰ ক্ষেত্ৰতো দুয়োখন দেশে সহমত প্রকাশ কৰিছে।
৪৮। দুয়োখন দেশে আফগানিস্তানত সেই দেশৰ নেতৃত্বত ৰাষ্ট্ৰীয় শান্তি আলোচনাৰ প্রক্রিয়াৰ প্রতি সমর্থন জনাইছে। আফগানিস্তানত ক্রমৱর্ধমান হিংসাত্মক ঘটনাৰ ফলত সেই দেশৰ নিৰাপত্তা পৰিস্থিতিৰ অৱনতি ঘটাক লৈ উদ্বেগ প্রকাশ কৰি অঞ্চলটোৰ ওপৰতত পৰা ইযাৰ নেতিবাচক প্রভাৱক লৈ নিজৰ মাজত আলোচনা কৰে। দুয়োখন দেশে মস্কো ফৰমেট আৰু আফগানিস্তান সম্পৰ্কীয় এছচিঅ’ যোগাযোগ গোটৰ জৰিয়তে সেই দেশৰ সমস্যাৰ সমাধানত কাম কৰাৰ সিদ্ধান্ত লৈছে। আফগানিস্তানৰ দীর্ঘদিনীয়া বিৰোধ ক্ষীপ্ৰতাৰে নিষ্পত্তি কৰাৰ অৰ্থে সসকলো স্বীকৃত পদ্ধতিত কাম আগবঢ়াই নিয়া, সন্ত্রাসবাদীৰ কাৰ্যকলাপ নির্মূল কৰা, সন্ত্রাসবাদীৰ আশ্রয়দানৰ ঘটনা বন্ধ কৰা আৰু ক্রমৱর্ধমান চোৰাং মাদক দ্ৰব্যৰ সমস্যা নিৰ্মূলৰ বাবে প্ৰচেষ্টা গ্ৰহণত গুৰুত্ব আৰোপ কৰিছে। দুয়োখন দেশে আন্তঃৰাষ্ট্ৰীয় গোষ্ঠীৰ বাবে আফগানিস্তানত কোনো বহিৰাগত হস্তক্ষেপ বন্ধ কৰাৰ লক্ষ্যৰে যৌথ প্ৰচেষ্টা গ্রহণৰ আহ্বান জনাইছে। তদুপৰি, আফগান অর্থনীতিৰ পুনৰুত্থান, সেই দেশৰ শান্তি আৰু নিৰাপত্তাত অৱদান যোগাৱা আৰু এক সুস্থিৰ, সমৃদ্ধ আৰু স্বাধীন আফগানিস্তান গঢ়ি তোলাৰ লক্ষ্যৰে আর্থ-ৰাজনৈতিক উন্নয়নৰ বাবে কাম কৰাৰ বিষয়ত দুয়োখন দেশ একমত হৈছে।
৪৯. দুয়োখন দেশে ছিৰিয়াৰ সংঘাতৰ ৰাজনৈতিক সমাধানৰ লক্ষ্যৰে ছিৰিয়াৰ নেতৃত্বত ৰাষ্ট্রীয় সার্বভৌমত্বৰ ৰক্ষাকবচকে ধৰি ছিৰিয়াৰ অখণ্ডতা আৰু স্বাধীনতা বজাই ৰাখি প্ৰচেষ্টা গ্রহণৰ আহ্বান জনাইছে। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ প্রস্তাৱ অনুসৰি আৰু জেনেভা আৰু আস্তানা আলোচনা-চক্ৰত গৃহীত পদক্ষেপ অনুসৰি কাম কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় গোষ্ঠীৰ প্ৰতি আহ্বান জনাইছে। সংশ্লিষ্ট সকলোৰে প্ৰতি এক শান্তিপূর্ণ, সুস্থিৰ আৰু সার্বভৌম ছিৰিয়া গঢ়ি তোলাৰ লক্ষ্যৰ লগতে ছিৰিয়াৰ গোষ্ঠীসমূহৰ মাজত চর্ত অবিহনে আৰু বহিৰাগত হস্তক্ষেপ অবিহনে আলোচনা প্রক্রিয়াৰ প্রতি সমর্থন ব্যক্ত কৰা হৈছে। ছিৰিয়াৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দূৰ্ভোগ দূৰ কৰিবলৈ মানৱীক সাহায্যৰ কথা আৰু ততালিকে সেই দেশৰ পুনন গঠনৰ প্রয়োজনীয়তা, গৃহযুদ্ধৰ ফলত উৎখাত হোৱা শৰণার্থীসকলক দেশৈল ঘুৰাই পঠোৱা আৰু দেশৰ অভ্যন্তৰত গৃহহীন লোকৰ পুনৰ সংস্থাপনৰ লক্ষ্যৰে প্ৰচেষ্টা জোৰদাৰ কৰাৰ আহ্বান জনোৱা হৈছে।
৫০. দুয়োখন দেশে ইৰানৰ পাৰমানৱিক কার্যসূচী বিষয়ত যৌথ সার্বিক কর্মপৰিকল্পনা ৰূপায়ণৰ গুৰুত্বৰ ওপৰতত জোৰ দিছে। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ স্বার্থত আৰু আনৱিক শক্তি প্রসাৰ ৰোধ ব্যৱস্থাক শক্তিশালী কৰিবলৈ উদ্যোগ গ্রহণৰ ওপৰত দুয়োখন দেশে জোৰ দিছে। তদুপৰি, ইৰানৰ সৈতে স্বাভাৱিক অর্থনৈতিক সহযোগিতা গঢ়ি তোলাৰ কথাও দুয়োখন দেশ সদৰি কৰিছে। ইৰানৰ পাৰমানৱিক কর্মসূচী বিষয়ক সমস্ত সমস্যা শান্তিপূর্ণভাবে আলোচনাৰ জৰিয়তে সমাধান কৰাৰ আহ্বানো দুয়োখন দেশৰ ফালৰ জনোৱা হৈছে।
৫১. দুয়োখন দেশে কোৰিয়া উপদ্বীপৰ ইতিবাচক ঘটনাৱলীক আদৰণি জনাইছে আৰু এই অঞ্চলত কূটনৈতিক আলোচনাৰ জৰিয়তে স্থায়ী শান্তি আৰু সুস্থিৰতা অনাৰ প্ৰচেষ্টাৰ প্রতি দুয়োখন দেশে তেওঁলোকৰ সমর্থন ব্যক্ত কৰিছে। কিন্তু কোৰীয়া উপদ্বীপৰ সমস্যাৰ সমাধানৰ লগতে এই সমস্যাৰ সৈতে জড়িত পৰমাণু শক্তিৰ প্রসাৰৰ বিষয়টোও উপযুক্তভাৱে গুৰুত্ব দিয়া উচিৎ বুলি দুয়োখন দেশে মত প্রকাশ কৰিছে।
৫২. দুয়োখন দেশে বৰ্হিঃমহাকাশত অস্ত্র প্রতিযোগিতাৰ সম্ভাৱনাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰাৰ লগতে আৰু বৰ্হিঃমহাকাশক সামৰিক সংঘাতৰ মঞ্চত পৰিণত নকৰাৰ বাবে সংশ্লিষ্ট সকলোৰে প্ৰতি আহ্বান জনাইছে। দুয়োখন দেশে বৰ্হিঃমহাকাশত অস্ত্র প্রতিযোগিতাৰ সম্ভাৱনা বন্ধ কৰাৰ জৰিয়তেহে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্রৰ সাম্ভাব্য বিপদ এৰাই চলা সম্ভৱ বুলি কয়। ৰাষ্ট্রসংঘৰ চৰকাৰী বিশেষজ্ঞ গোটৰ প্রথম অধিৱেশনত বৰ্হিঃমহাকাশত অস্ত্র প্রতিযোগিতা বন্ধক লৈ এক আইনগত বাধ্যতামূলক চুক্তি অথবা ব্যৱস্থা গঢ়ি তোলাৰ বিষয়ত যি আলোচনা হৈছে, দুয়োখন দেশে তাক আদৰণি জনাইছে। এই ক্ষেত্রত বিভিন্ন দেশৰ কামৰ মাজত স্বচ্ছতা আৰু আস্থাবর্ধক প্ৰচেষ্টা বিশেষ কার্যকৰী হ’ব পাৰে বুলি দুয়োখন দেশে মত ব্যক্ত কৰিছে।
৫৩. দুয়োখন দেশে ৰাসায়নিক অস্ত্র উৎপাদন, জমা কৰা আৰু ব্যৱহাৰ নিষিদ্ধকৰণ বিষয়ে আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ কার্যকৰী ব্যৱস্থাক বজায়ই ৰখাৰ বাবে লোৱা প্ৰচেষ্টাৰ প্রতি তেওঁলোকৰ সমর্থন আগবঢ়াইছে। তদুপৰি, ৰাসায়নিক অস্ত্র নিষিদ্ধকৰণ সংগঠনৰ কামৰ ৰাজনীতিকৰণ বন্ধৰ দিশতো ব্যৱস্থা গ্রহণতো একমত হৈছে। ৰাছিয়াত সেই দেশৰ ৰাসায়নিক অস্ত্র ভাণ্ডাৰ ধ্বংস কৰাৰ কাম দ্রুতগতিত শেষ কৰাৰ বাবে ভাৰতে এই ক্ষেত্ৰত আদৰণি জনাইছে। ৰাসায়নিক অস্ত্রমুক্ত এক বিশ্ব গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত এই কাৰ্যই অত্যন্ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি দুয়োখন দেশে জনাইছে।
৫৪. দুয়োখন দেশ যি কোনো ধৰণৰ সন্ত্রাসবাদৰ গৰিহণ দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ প্রতিৰোধত কোনো ধৰণৰ দুমুখীয়া নীতি অভিহনে সন্মিলিতভাবে কঠোৰ ব্যবস্থা গ্রহণৰ আহ্বান জনাইছে। দুয়োখন দেশে সন্ত্রাসবাদীৰ নেটৱর্ক ধ্বংস কৰা, তেওঁলোকৰ আয়ৰ পথ বন্ধ কৰা, অস্ত্র আৰু অন্যান্য সৰবৰাহ চেনেল বন্ধ কৰা, তেওঁলোকৰ আদর্শ, প্রচাৰ আৰু নিয়োগ বন্ধ কৰাৰ লক্ষ্যৰে একেলগে কাম কৰাৰ কথা কয়। দুয়োখন দেশে সীমান্তৰ সন্ত্রাসবাদ ধৰি যি কোনো ধৰণৰ সন্ত্রাসবাদৰ প্রতি আগবঢ়োৱা ৰাষ্ট্রীয় সমর্থনৰ নিন্দা কৰিছে আৰু দ্রুত আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদ প্রতিৰোধত এক সৰ্বাংগীন চুক্তি স্বাক্ষৰৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। দীর্ঘদিন ধৰি ৰাষ্ট্রসংঘত মীমাংসা নোহোৱাকৈ থকা এই চুক্তিখন যাতে আন্তঃৰাষ্ট্ৰীয় আইনত পৰিণত হয়, দুয়োখন দেশে তাৰ বাবে আন্তঃৰাষ্ট্ৰীয় গোষ্ঠীৰ প্ৰতি আহ্বান জনাইছে। ৰাসায়নিক আৰু জৈৱ সন্ত্রাসৰ সমস্যা সমাধান কৰিবলৈ ভাৰত আৰু ৰাছিয়াই নিৰস্ত্রীকৰণ সংক্রান্তীয় সন্মিলনত বহুপাক্ষিক আলোচনা আৰম্ভ কৰাৰ প্রয়োজনীয়তাৰ ওপৰত জোৰ দিছে। কোনো কাৰণতে যাতে গোপনে ৰাসায়নিক আৰু জৈৱ সন্ত্রাসবাদৰ কাম কৰিব নোৱাৰে, তাৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় চুক্তি সম্পাদনৰ কথাও দুয়োখন দেশে সদৰি কৰিছে।
৫৫. দুয়োখন দেশ আন্তঃৰাষ্ট্ৰীয় আইনেৰ নীতিৰ প্রতি তেওঁলোকৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰি আন্তঃৰাষ্ট্ৰীয় সম্পর্কৰ ক্ষেত্রত ৰাষ্ট্রসঙ্ঘেৰ কেন্দ্রীয় ভূমিকাৰ ওপৰত বিশেষ জোৰ দিছে। দুয়োখন দেশে আন্তঃৰাষ্ট্ৰীয় আইনকানুনেৰ ক্ষেত্রত আস্থাৰ বিষয়টোক সাধাৰণ নীতি হিচাপে গ্রহণ কৰে দুপন্থীয়া স্ববাৱ এৰি এখন ৰাষ্ট্রই আনৰ ওপৰত দায় ঠেলি আনফালে আন্তঃৰাষ্ট্ৰীয় আইন বিৰোধী শক্তি প্রয়োগ কৰা এনে ধৰণৰ কামৰ বিৰোধীতা কৰিছে। দুয়োখন দেশে সংশ্লিষ্ট সকলোৰে স্বার্থৰ প্ৰতি গুৰু্ত্ব আৰোপ কৰি গণতান্ত্রিক মূল্যবোধভিত্তিক এক বিশ্ব ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছে।
৫৬. দুয়োখন দেশে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ প্রয়োজনীয়তাৰ ওপৰত সংস্কাৰত জোৰ দিয়াৰ লগতে বর্তমান বিশ্বই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ মোকাবিলাৰ প্ৰতি অতি ক্ষীপ্ৰতাৰে এই কাম সম্পন্ন কৰাৰ আহ্বান জনাইছে। ৰাছিয়াই ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ প্রতি তেওঁলোকৰ সমর্থনৰ কথা পুনৰ দোঁহাৰে। দুয়োখন দেশে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত শান্তি, নিৰাপত্তা আৰু সমতাৰ ভিত্তিত উন্নয়ন সুনিশ্চিত কৰিবলৈ একেলগে কাম কৰিবলৈ সন্মত হৈছে আৰু বিশ্ব ব্যৱস্থাত সুস্থিতিৰতা অনাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত তেওঁলোকৰ কামৰ মাজত সমন্বয় সাধনৰ কথা উল্লেখ কৰে।
৫৭. দুয়োখন দেশে ২০৩০ চনৰ বহনক্ষম উন্নয়নৰ লক্ষ্য সম্পৰ্কীয় কার্যসূচী ৰূপায়ণৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা দোঁহাৰি সমতাৰ ভিত্তিত সৰ্বাংগীন আৰু উদ্ভাৱনকেন্দ্রিক অন্তর্ভুক্ত উন্নয়ন সুনিশ্চিত কৰিবলৈ আৰু অর্থনৈতিক, সামাজিক আৰু পৰিৱেশীয় সুষম উন্নয়নৰ লক্ষ্যত উপনীত হ’বলৈ কাম কৰাৰ কথা সদৰি কৰিছে। এই ক্ষেত্রত ৰাষ্ট্রসংঘৰ গুৰুত্বপূর্ণ ভূমিকা, বিশেষকৈ সুষম উন্নয়ন সংক্রান্তীয় উচ্চপর্যায়ৰ ৰাজনৈতিক মঞ্চ, ২০৩০ৰ বহনক্ষম উন্নয়ন লক্ষ্যৰ বিষয়ত কাম-কাজৰ সমন্বয় আৰু পর্যালোচনাত বিশেষ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি দুয়োখন দেশে মত ব্যক্ত কৰিছে। ৰাষ্ট্রসংঘৰ উন্নয়ন ব্যৱস্থাৰ সংস্কাৰ আৰু যথা সময়ত প্রতিশ্রুতি প্রদান কৰা মতে আর্থিক সাহায্য প্রদান কৰি উন্নয়নশীল দেশসমূহৰ উন্নয়নৰ বাবে প্রয়োজনীয় সাহায্য সম্পদৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।
৫৮. দুয়োখন দেশে পৰিৱেশ অনূকুল উন্নয়ন আৰু কম কার্বন নির্গমনৰ অর্থনীতিক তুলি ধৰিবলৈ তেওঁলোকৰ দৃঢ় বিশ্বাস ব্যক্ত কৰিছে। সুষম উন্নয়ন আৰু দাৰিদ্র্য দূৰীকৰণৰ পৰিপ্রেক্ষিতত তেওঁলোকে পেৰিছ চুক্তিৰ সম্পূর্ণ ৰূপায়ণৰ ওপৰত জোৰ দিছে। এই ক্ষেত্রত জলবায়ু পৰিৱর্তন সংক্রান্তীয় ৰাষ্ট্রসংঘৰ ফ্রেমৱর্ক কনভেনচনত যি অভিন্ন কিন্তু স্বতন্ত্র দায়িত্ব আছে, সেয়া পালনৰ কথা কোৱা হৈছে আৰু উন্নত দেশসমূহক আর্থিক, প্রযুক্তিগত আৰু অন্যান্য সহায় আগঢ়াবলৈ আহ্বান জনাইছে।
৫৯. দুয়ো পক্ষই বিশ্বব্যাপী পৰমাণু শক্তিৰ প্রসাৰ ৰোধৰ ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে। ৰাছিয়া, ‘পাৰমানৱিক সৰঞ্জাম সৰবৰাহ গোষ্ঠী’ত ভাৰতৰ সদস্যপদৰ সমর্থন ব্যক্ত কৰিছে।
৬০. দুয়ো পক্ষই তথ্য আৰু যোগাযোগ প্রযুক্তি ব্যৱহাৰৰ ক্ষেত্রত বিভিন্ন ৰাষ্ট্রৰ দায়বদ্ধ কামৰ বিষয়ত নীতি-নিয়ম প্রণয়নৰ প্রয়োজনীয়তাৰ ওপৰত জোৰ দিছে। তদুপৰি, তথ্য আৰু যোগাযোগ প্রযুক্তিক অপৰাধমূলক কামত ব্যৱহাৰ বন্ধ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধিৰ বাবে এই ক্ষেত্রত এক আন্তঃৰাষ্ট্ৰীয় আইন ব্যৱস্থা প্ৰস্তুত কৰাৰ প্রয়োজনীয়তা দুয়োখন দেশে গুৰুত্ব দিছে। ইয়াৰ পৰিপ্রেক্ষিতত ৰাষ্ট্রসংঘৰৰ ৭৩তম সাধাৰণ সভাত এই বিষয়ত এক প্রস্তাৱ গ্রহণৰ ওপৰত দুয়োখন দেশে জোৰ দিছে। দুয়োখন দেশে এই ক্ষেত্রত সহযোগিতামূলক আন্তঃগাঁথনি গঢ়ি তুলিবলৈ ব্রিক্ছ দেশসমূহে নিজৰ মাজত আলোচনাৰ কৰাৰ কথা কৈছে আৰু এই বিষয়ত সহযোগিতামূলক ব্রিক্ছভুক্ত আন্তঃচৰকাৰী চুক্তি সম্পাদনৰ প্রয়োজনীয়তাৰ ক্ষেত্ৰতো মত প্রকাশ কৰিছে।
৬১. দুয়োখন দেশ তথ্য আৰু যোগাযোগ প্রযুক্তি ব্যৱহাৰৰ ক্ষেত্রত নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এক অভিন্ন অৱস্থান গ্রহণ কৰা আৰু দ্বিপাক্ষিক পর্যায়ত দুয়ো দেশেৰ নিৰাপত্তা সংস্থাসমূহৰ মাজত সহযোগিতা শক্তিশালীৰ কৰাৰ আগ্রহ প্রকাশ কৰিছে। তথ্য আৰু যোগাযোগ প্রযুক্তি ব্যৱহাৰৰ নিৰাপত্তাৰ ক্ষেত্রত সহযোগিতা সংক্রান্ত এক আন্তঃচৰকাৰী চুক্তিত উপনীত হোৱাৰ লক্ষ্যৰে দুয়ো দেশৰ নিৰাপত্তা সংস্থাসমূহৰ মাজত আলোচনা চলাই নিয়াৰ ক্ষেত্ৰতো ঐকমত উপনীত হয়।
৬২. দুয়োখন দেশে এছিয়া, প্রশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ দেশসমূহৰ মাজত সমতাৰ ভিত্তিত নিৰাপত্তা সুনিশ্চিত কৰিবলৈ এক আঞ্চলিক নিৰাপত্তা কাঠামো প্রতিষ্ঠাৰ প্রস্তাৱৰ প্রতি সহমত পোষণ কৰিছে। পূব এছিয়া সন্মিলন আৰু অন্যান্য আঞ্চলিক মঞ্চৰ মাজত এই লক্ষ্যৰে বহুপাক্ষিক আলোচনা চলাই যোৱাৰ ওপৰত দুয়োখন দেশে গুৰুত্ব আৰোপ কৰিছে। দুয়োখন দেশে বিশ্বাস কৰে যে আঞ্চলিক ব্যৱস্থাক শক্তিশালী কৰাৰ যি কোনো ধৰণৰ প্ৰচেষ্টাক বহুপাক্ষিকতা, স্বচ্ছতা, অন্তর্ভুক্তি, পাৰস্পৰিক আস্থা আৰু সমৃদ্ধি তথা অগ্রগতিৰ লক্ষ্যৰে সমন্বিত প্রচেষ্টাৰ ভিত্তিত আগৱাই নিয়া দৰকাৰ। আনহাতে, এই কাম যাতে কোনো দেশৰ বিৰুদ্ধে পৰিচালিত নহয়, তাক লৈয়ো দুয়োখন দেশে ২০১৮ চনৰ ২৪ আগষ্টত মস্কোত ৰাছিয়াৰ উপ-বিদেশমন্ত্রী ইগৰ মৰগুলভ আৰু ভাৰতৰ বৈদেশিক সচিব বিজয় গোখলেৰ মাজত যি গঠনমূলক আলোচনা হয়, তাক আদৰণি জনাইছে।
৬৩. দুয়োখন দেশে ব্রিক্ছ, জি-২০, এছচিঅ’, আৰআইচি, ইষ্ট এছিয়া সন্মিলনৰ দৰে বহুপাক্ষিক আঞ্চলিক মঞ্চত তেওঁলোকৰ অৱস্থান আৰু কামৰ ক্ষেত্রত পাৰস্পৰিক সমন্বয় বজাই ৰখাৰ প্রতি প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে। ভাৰতে ইউৰেছিয়ান ইকন’মিক ইউনিয়নৰ সৈতে সহযোগিতা আৰু অধিক ব্যাপক কৰাৰ প্ৰতি আগ্রহ প্রকাশ কৰিছে।
৬৪. দুয়োখন দেশে ২০১৮ চনৰ জুন মাহত কুইনডাওত ছাংহাই সহযোগিতা সংস্থাৰ ৰাষ্ট্রপ্রধানসকলৰ বৈঠকত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অংশগ্রহণক সেই সংস্থাৰ পূর্ণ সদস্য হিচাপে ভাৰতৰ সফল অন্তর্ভুক্তি বুলি গণ্য কৰিছে। ছাংহাই সহযোগিতা সংস্থাৰ চনদ, নিয়মনীতি আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ নীতিৰ প্রতি দুয়ো দেশে তেওঁলোকৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰিছে। এই সংস্থাৰ কামৰ সম্ভাৱনাক সকলো ফালৰ পৰা বাস্তবায়িত কৰাৰ লক্ষ্যৰে দুয়োখন দেশে সমন্বিত প্ৰচেষ্টা গ্ৰহণৰ সিদ্ধান্ত লৈছে। নিৰাপত্তা আৰু সুস্থিতিৰতা, সন্ত্রাসবাদী সমস্যা সমাধান, মাদক দ্ৰব্যৰ অবৈধ সৰবৰাহ আৰু সংগঠিত অপৰাধ মোকাবিলা সম্পৰ্কীয় বিষয়ত বিশেষ জোৰ দিয়া হ’ব বুলি দুয়োখন দেশ স্থিৰ কৰিছে। ইয়াৰ ফলত, সংগঠনৰ আঞ্চলিক পর্যায়ত সন্ত্রাসবাদ বিৰোধী কাঠামোগত সহযোগিতা আৰু অধিক বৃদ্ধি পাব বুলি উভয়ে মত প্রকাশ কৰিছে। ৰাছিয়াত সন্ত্রাসবাদ বিৰোধী সামৰিক অনুশীলন ‘শান্তি অভিযান, ২০১৮’ত অংশগ্রহণক আদৰণি জনোৱা হৈছে। দুয়ো পক্ষই ছাংহাই সহযোগিতা সংস্থাৰ অর্থনৈতিক বিষয়টোক তুলি ধৰাটো এক গুৰুত্বপূর্ণ কাম বুলি গণ্য কৰে। ইয়াৰ ভিতৰত সংস্থাভুক্ত দেশসমূহে নিজৰ মাজত পৰিৱহণৰ আন্তঃগাঁথনিমূলক প্রকল্প ৰূপায়ণতো আছে। দুয়োখন দেশে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রত ছাংহাই সহযোগিতা সংস্থাৰ ক্রমৱর্ধমান ভূমিকাৰ প্রতি সহমত পোষণ কৰি ৰাষ্ট্রসংঘ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় তথা আঞ্চলিক সংস্থাৰ সহযোগিতাৰ কথা সদৰি কৰিছে। তদুপৰি, এই সংস্থাৰ মাজত সাংস্কৃতিক আৰু মানৱীয় সংযোগক অধিক সুদৃঢ় কৰাৰ বিষয়ত দুয়োখন দেশ একমত হৈছে।
৬৫. দুয়োখন দেশে এক উন্মুক্ত, অন্তর্ভুক্তিমূলক, স্বচ্ছ, বৈষম্যহীন আৰু আইন-ভিত্তিক বহুপাক্ষিক বাণিজ্যিক ব্যৱস্থাক শক্তিশালী কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্পর্কৰ বিচ্ছিন্নতা প্রতিৰোধ কৰা আৰু বাণিজ্যিক লেনদেনৰ ক্ষেত্রত যিকোনো ধৰণৰ ৰক্ষণশীলতাৰ বিৰুদ্ধে মাতি মাতিছে।
৬৬. এক বৃহত্তৰ ইউৰেছিয়ান অংশীদাৰিত্ব গঢ়ি তুলিবলৈ ৰাছিয়াই গ্ৰহণ কৰা প্ৰচেষ্টাসমূহক ভাৰতে আদৰণি জনাইছে। এই প্ৰচেষ্টাৰ মাজত ৰাষ্ট্ৰীয় পর্যায়ৰ উন্নয়নমূকল কার্যসূচী আৰু আন্তঃৰাষ্ট্ৰীয় আইন, সমতাৰ নীতি, পাৰস্পৰিক আস্থাৰ ভিত্তিত গঠনমূলক সহযোগিতাৰ মঞ্চ হিচাপে বিভিন্ন প্রকল্পৰ ৰূপায়ণৰ কথা ভবা হৈছে।
৬৭. দুয়োখন দেশেই ভাৰত আৰু ৰাছিয়াৰ সম্পর্ক, অভিন্ন স্বার্থ আৰু বিভিন্ন দ্বিপাক্ষিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ৰ অভিন্ন অৱস্থান গ্রহণক আদৰণি জনাইছে আৰু বিভিন্ন ক্ষেত্রত ঘনিষ্ঠ সহযোগিতাৰ সমন্বয় আৰু বিশেষ তথা সুবিধাপ্রাপ্ত অংশীদাৰিত্বক অধিক আগৱাই নিবলৈ দুয়োখন দেশৰ স্বার্থক সংহত কৰিবলৈ সহমত প্ৰকাশ কৰিছে।
৬৮. ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনে তেওঁক জনোৱা আতিথ্যৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক ধন্যবাদ জনাই আৰু ২০১৯ চনত দুয়োখন দেশৰ মাজত ২০সংখ্যক বার্ষিক সন্মিলনত অংশগ্রহণৰ বাবে আমন্ত্রণ জনায়। প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে অতি আনন্দৰ এই আমন্ত্রণ গ্রহণ কৰে।
****
AKT/AP/SK/DB
Human resource development से लेकर natural resources तक,
— PMO India (@PMOIndia) October 5, 2018
trade से लेकर investment तक,
नाभिकीय ऊर्जा के शान्तिपूर्ण सहयोग से लेकर सौर ऊर्जा तक,
technology से लेकर tiger कन्ज़र्वेशन तक,
सागर से लेकर अंन्तरिक्ष तक,
भारत और रूस के सम्बन्धों का और भी विशाल विस्तार होगा: PM
आतंकवाद के विरूद्ध संघर्ष, अफगानिस्तान तथा Indo Pacific के घटनाक्रम, जलवायु परिवर्तन, SCO, BRICS जैसे संगठनों एवं G20 तथा ASEAN जैसे संगठनों में सहयोग करने में हमारे दोनों देशों के साझा हित हैं।
— PMO India (@PMOIndia) October 5, 2018
हम अंतरराष्ट्रीय संस्थानों में अपने लाभप्रद सहयोग को जारी रखने पर सहमत हुए हैं: PM
भारत- रूस मैत्री अपने आप में अनूठी है।
— PMO India (@PMOIndia) October 5, 2018
इस विशिष्ट रिश्ते के लिए President Putin की प्रतिबद्धता से इन संबंधों को और भी ऊर्जा मिलेगी।
और हमारे बीच प्रगाढ़ मैत्री और सुदृढ़ होगी और हमारी Special and Privileged Strategic Partnership को नई बुलंदियां प्राप्त होंगी: PM
Addressing a joint press meet with President Putin. Watch. @KremlinRussia_E https://t.co/Ybc7EU67AF
— Narendra Modi (@narendramodi) October 5, 2018
Here is my speech at the business summit with President Putin. https://t.co/VCS5uDyUF3
— Narendra Modi (@narendramodi) October 5, 2018
President Putin has played a vital role in further enhancing the friendship between India and Russia.
— Narendra Modi (@narendramodi) October 5, 2018
We had fruitful talks today, covering various aspects of the Special and Privileged Strategic Partnership between our nations. @KremlinRussia_E pic.twitter.com/395yFKeGzt