Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ৰাঁচীত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা শুভাৰম্ভ, ছিকিমত পাকয়ং বিমানবন্দৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ ছেপ্টেম্বৰ, ২০১৮ত ঝাৰখণ্ডৰ ৰাঁচীত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ শুভাৰম্ভ কৰিব। এই আঁচনিৰ অধীনত ১০ কোটিতকৈ অধিক পৰিয়ালক প্ৰতি বছৰে ৫ লাখ টকাকৈ বীমাৰ সুবিধা প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে পিএমজেএৱাইৰ লগত সংগতি ৰাখি এক প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব। প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰী চিনাক্তকৰণ আৰু ই-কার্ড প্ৰস্তুতৰ দৰে কার্যসূচীতো অংশগ্ৰহণ কৰিব।

একে অনুষ্ঠানত প্রধানমন্ত্রীয়ে চাইবাছা আৰু কোডাৰমা চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ ১০টা স্বাস্থ্য আৰু আৰোগ্য কেন্দ্রৰো উদ্বোধন কৰিব। ছিকিমৰ গেংটকলৈ ৰাওনা হোৱাৰ পূর্বে প্ৰধানমন্ত্ৰীয়ে এক জনসভাত ভাষণ আগবঢ়াব।

২৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে প্রধানমন্ত্রীয়ে পাকয়ং বিমানবন্দৰ উদ্বোধন কৰিব, যিটোৱে ছিকিমক দেশৰ অসামৰিক বিমান পৰিবহণৰ মানচিত্রত স্থান দিব। এই বিমানবন্দৰে হিমালয়ান ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাত ব্যাপক সকাহ দিয়াৰ লগতে তাৰ পর্যটনৰো বিকাশ ঘটাব। প্রধানমন্ত্রীয়ে পাকয়ং বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত বিমানবন্দৰ আৰু টার্মিনেল ভৱনৰ বিষয়ে তেওঁক জনোৱা হ’ব। তেওঁ পাকয়ং বিমানবন্দৰ উদ্বোধনৰ লগত সংগতি ৰাখি এখন নামফলকো উন্মোচন কৰিব। তাৰপাছতে প্রধানমন্ত্রীয়ে উপস্থিত জনতাক উদ্দেশ্যি ভাষণ আগবঢ়াব।

***

AKT/ VJ/DB