Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৯ ডিচেম্বৰত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ ডিচেম্বৰ, ২০২৩ৰ দুপৰীয়া ১২.৩০ত বিকশিত ভাৰত সংকল্প যাত্ৰা(ভিবিএছৱাই)ৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিব। এই উপলক্ষে সমবেত লোকসকলক উদ্দেশ্যি ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে।

কাৰ্যসূচীত সমগ্ৰ দেশৰ হাজাৰ হাজাৰ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীয়ে ভাৰ্চুৱেলী যোগদান কৰিব। সমগ্ৰ দেশজুৰি দুই হাজাৰৰো অধিক ভিবিএছৱাই বাহন, সহস্ৰাধিক কৃষি বিজ্ঞান কেন্দ্ৰ আৰু কমন ছাৰ্ভিছ চেণ্টাৰে অনুষ্ঠানত সংযোগ স্থাপন কৰিব।অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় জনপ্ৰতিনিধিয়ে যোগদান কৰিব।

সমগ্ৰ দেশত বিভিন্ন আঁচনিৰ সুবিধা যাতে যোগ্য হিতাধিকাৰীসকলে লাভ কৰে সেয়া সুনিশ্চিত কৰিবলৈ সমগ্ৰ দেশত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

***

DS/DB