বিভিন্ন দেশৰ পৰা অহা সন্মানীয় মন্ত্ৰীগণ তথা অভ্যাগতবৃন্দ, অংশদাৰ দেশসমূহৰ পৰা অহা প্ৰতিনিধিসকল আৰু সন্মানীয় অতিথিবৃন্দ, কৰ্প’ৰেট জগতৰ নেতৃবৃন্দ, আমন্ত্ৰিত অতিথিগণ, অংশগ্ৰহণকাৰীসকল, মঞ্চত উপৱিষ্ট মান্যৱৰসকল, মোৰ যুৱ বন্ধু বান্ধৱী তথা উপস্থিত সুধীবৃন্দ!
ভাইব্ৰেণ্ট গুজৰাট ছামিটৰ এই নৱম সংস্কৰণলৈ আপোনালোক সদৌটিকে স্বাগতম জনাবলৈ পাই মই ধন্য হৈছো।
আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, উমান পাইছে যে এই সন্মিলন এতিয়া এক গ্লোবেল অনুষ্ঠানলৈ পৰ্যবসিত হৈছে। প্ৰতিজনৰে বাবে ইয়াত আছে স্থান। বিশ্বৰ জ্যেষ্ঠ ৰাজনৈতিক নেতাসকলৰ উপস্থিতিয়ে এই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে। বিশ্বৰ কৰ্প’ৰেট খণ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া তথা শীৰ্ষ নেতৃবৃন্দৰ উপস্থিতিৰে সমৃদ্ধ হৈছে এই অনুষ্ঠান। বিশ্বৰ বিভিন্ন স্থানৰ পৰা অহা নীতি নিৰ্ধাৰণকাৰী আৰু অনুষ্ঠানসমূহৰ উপস্থিতিয়ে গুৰুত্ব বৃদ্ধি কৰিছে এই অনুষ্ঠানৰ, আৰু লগতে যুৱ উদ্যোগ আৰু ষ্টাৰ্ট-আপৰ অংশগ্ৰহণে অনুষ্ঠানৰ সম্ভ্ৰম ৰক্ষা কৰিছে, আৰু প্ৰদান কৰিছে অনন্য গতি।
আমাৰ উদ্যোগসমূহৰ আত্মবিশ্বাস বৃদ্ধি কৰাত এই ভাইব্ৰেণ্ট গুজৰাটে প্ৰভূত বৰঙণি যোগাইছে। দক্ষতা বৃদ্ধিৰ লগতে, এই সন্মিলনে বিশ্বৰ শ্ৰেষ্ঠ পদ্ধতিসমূহ গ্রহণ কৰাৰ ক্ষেত্রতো সহায় কৰিছে।
এক গঠনমূলক, ফলপ্রসূ আৰু সন্তোষজনক শীর্ষ সন্মিলনৰ বাবে মই আপোনালোক সকলোকে শুভ কামনা জনাইছো। গুজৰাটত এতিয়া চিলা উৎসৱ বা উত্তৰায়নৰ সময় চলিছে। সন্মিলনৰ ব্যস্ততাৰ মাজতো মই আশা কৰো, আপোনালোকে সময় উলিয়াই এই উৎসৱত চামিল হ’ব আৰু ইয়াৰ আনন্দ উপভোগ কৰিব।
এইবাৰৰ ভাইব্ৰেণ্ট গুজৰাট সন্মিলনত অংশীদাৰ হিচাপে ১৫খন দেশক আমি বিশেষভাৱে স্বাগতম তথা ধন্যবাদ জনাইছো। আমি ১১খন অংশীদাৰ দেশ, অন্যান্য দেশ, সংগঠন আৰু প্রতিষ্ঠান, যিসকলে সন্মিলন উপলক্ষে বিভিন্ন আলোচনাচক্ৰৰ আয়োজন কৰিছে, তেওঁলোককো আমাৰ তৰফৰ পৰা ধন্যবাদ জনাইছো। এইটো অতি গর্বৰ বিষয় যে ৮খনকৈ ভাৰতীয় ৰাজ্যইয়ো এই সন্মিলনত যোগ দি তেওঁলোকৰ বিনিয়োগৰ সুযোগ সুবিধা তুলি ধৰিছে।
ভাইব্ৰেণ্ট গুজৰাট শীর্ষক এই সন্মিলনে গুজৰাটৰ ব্যৱসায়–বাণিজ্যৰ অনুকূল বাতাবৰণক তুলি ধৰিব। একেই ধৰণৰ অনুকূল পৰিৱেশ ভাৰততো গঢ়ি উঠিছে। এই সন্মিলনে বিগত কেবাবছৰ ধৰি গুজৰাটৰ বাণিজ্যিক বাতাবৰণক আৰু অধিক তীব্ৰতৰ কৰি তু্লিছে। বিগত ৮টা বছৰত এই সন্মিলনৰ সাফল্যই এই কথা পৰিস্কাৰ কৰি তোলে।
বিভিন্ন বিষয়ৰ ওপৰও একাধিক সভা–সমিতিৰো আয়োজন কৰা হৈছে। এই বিষয়সমূহ ভাৰতীয় সমাজ আৰু অর্থনীতিৰ লগতে, সমগ্র বিশ্ব সমুদায়ৰ ক্ষেত্রতো সমানেই গুৰুত্বপূর্ণ বিবেচিত হৈছে। উদাহৰণস্বৰূপে মই অহা বছৰ আফ্রিকা দিৱস উদযাপন আৰু আগন্তুক ২০ তাৰিখে গ্লোবেল কনক্লেভ অৱ ইন্টাৰনেশ্যনেল চেম্বাৰ্ছৰ কথা উল্লেখ কৰিবলৈ বিচাৰিছো।
বন্ধুসকল, আমি ইয়াত মহান ব্যক্তিসকলৰ সমাৱেশত সমবেত হৈছো। একাধিক দেশ আৰু ৰাষ্ট্ৰপ্রধানৰ উপৰিও বহু বিশিষ্ট অতিথিবৃন্দৰ উপস্থিতিত আমি সকলো ধন্য হৈছো। ইয়াৰ লগতে, এই সন্মিলনথলীত বিশিষ্ট লোকসকল সমবেত হোৱা বিষয়টো কেৱল দেশৰ ৰাজধানীতেই নহয়, দেশৰ বিভিন্ন ৰাজ্যসমূহতো দ্বিপাক্ষিক সম্পৰ্ক প্ৰসাৰিত হৈছে।
অধিকাংশ উদীয়মান অর্থনীতিৰ দৰে ভাৰততো প্ৰধান প্ৰত্যাহ্বান হৈছে সমান্তৰাল বিকাশৰ হাৰ অক্ষুণ্ণ ৰখা। উন্নয়নৰ দিশেৰে যিবোৰ অঞ্চল আৰু সমুদায় পিছ পৰি ৰৈছে, সেইবোৰ দিশৰ উন্নয়নৰ সুফল আমি সমান্তৰালভাৱে প্ৰদান কৰিব লাগিব। তাৰ লগতে, জীৱনধাৰণৰ মানদণ্ড উন্নত কৰা, সেৱাসমূহৰ মান উন্নত কৰা আৰু উন্নত আন্তঃগাঁথনিৰ চাহিদাও পূৰণ কৰিব লাগিব। ভাৰতত আমাৰ সাফল্যসমূহৰ বিষয়ে আমি সচেতন হৈ আছো। কাৰণ, এই সাফল্য বিশ্বৰ এক ষষ্ঠাংশ লোকক ব্যাপকভাৱে প্ৰভাৱিত কৰে।
বন্ধুসকল, আপোনালোকৰ যিসকলে নিয়মিতভাৱে ভাৰত ভ্ৰমণ কৰে তেওঁলোকে ভাৰতৰ পৰিৱৰ্তনৰ বিষয়টো উপলব্ধি কৰিব। লক্ষ্য আৰু উদ্দেশ্য পূৰণ, উভয় দিশেৰেই এই পৰিৱর্তন সাধন হৈছে। বিগত চাৰিটা বছৰত আমাৰ চৰকাৰে সুপ্রশাসন বৃদ্ধি কৰাৰ উপৰি চৰকাৰী হস্তক্ষেপ হ্ৰাস কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। আমাৰ চৰকাৰৰ মন্ত্রই হৈছে – সংস্কাৰ, কর্মসম্পাদন, ৰূপান্তৰ আৰু সংস্কাৰ সাধন।
আমি ইতিমধ্যেই ভালেমান কঠোৰ সিদ্ধান্ত গ্রহণ কৰিছো। আন্তঃগাঁথনিমূলক সংস্কাৰৰ লক্ষ্যৰে গৃহীত সিদ্ধান্তবোৰৰ ফলত আমাৰ অর্থনীতি আৰু দেশ আৰু অধিক শক্তিশালী হৈছে।
আমি যিবোৰ সংস্কাৰমূলক উদ্যোগ গ্রহণ কৰিছো, তাৰ ফলত আমি বিশ্বৰ অন্যতম প্রধান দ্রুত বিকাশশীল দেশ হৈ উঠিছো। বিশ্ব বেংক, আন্তর্জাতিক অর্থ ভাণ্ডাৰৰ দৰে অগ্রণী আন্তর্জাতিক বিত্ত প্রতিষ্ঠানসমূহৰ লগতে, বিশ্বখ্যাত মুডিছৰ দৰে ৰেটিং সংস্থাসমূহেও ভাৰতৰ আর্থিক অগ্রগতিত আস্থা প্রকাশ কৰিছে।
আমি সেই সমস্ত বাধা নিষেধ আঁতৰ কৰাত যথেষ্ট গুৰুত্ব আৰোপ কৰিছো, যিবোৰে পূৰ্ণ সম্ভাৱনাৰ বিকাশৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰি আহিছে। আমি সংস্কাৰ আৰু বিনিয়ন্ত্রণৰ গতি–প্ৰকৃতি অব্যাহত ৰাখিম।
বন্ধুসকল, ভাৰত এতিয়া ব্যৱসায়–বাণিজ্যৰ ক্ষেত্ৰত সম্পূর্ণ প্রস্তুত। ইয়াৰ পূৰ্বে এনেধৰণৰ পৰিৱেশ কেতিয়াও নাছিল। আমি ক্ষীপ্ৰতাৰে বাণিজ্যৰ পৰিৱেশ গঢ়ি তুলিছো।
বিগত চাৰিটা বছৰত বিশ্ব বেংকৰ ব্যৱসায় কৰাৰ সুচলতা সম্পৰ্কত পৰিৱেশ সংক্রান্তীয় প্রতিবেদনক বিশ্ব ক্রমতালিকাত ভাৰতে ৬৫ টা স্থান ওপৰলৈ আহিছে। আমি ২০১৪–ত ১৪২ তম স্থানত থকাৰ বিপৰীতে এতিয়া ৭৭তম স্থানত উত্তীৰ্ণ হৈছো। পিছে ইমানৰ পিছতো আমি সন্তুষ্ট হোৱা নাই। অহাবছৰ আমি প্রথম ৫০ৰ ভিতৰত স্থান গ্ৰহণ কৰাৰ বাবে আমি আমাৰ দলক কঠোৰ পৰিশ্রম কৰাৰ নির্দেশ দিছো।
কৰ ব্যৱস্থাৰ সৰলীকৰণ আৰু সমগ্র প্রক্রিয়াক আৰু অধিক সুদৃঢ় কৰিবলৈ ঐতিহাসিক পণ্য–সেৱা কৰসহ একাধিক ব্যৱস্থাৰ ৰূপায়ণৰ ফলত লেনদেন খৰচ হ্ৰাস পাইছে আৰু কৰ ব্যৱস্থা আৰু অধিক কাৰ্যকৰী হৈ উঠিছে। ডিজিটেল প্রক্রিয়া, অনলাইন লেনদেন আৰু একক অনুমোদন ব্যৱস্থাৰ মাধ্যমেৰে ব্যৱসায় বাণিজ্যৰ বাবে ক্ষীপ্ৰতাৰে অনুকূল পৰিবেশ গঢ়ি তোলা হৈছে।
প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ দিশেৰে আমি এতিয়া এক উদাৰ দেশত পৰিণত হৈছো। আমাৰ অর্থনীতিৰ অধিকাংশ ক্ষেত্রতেই এতিয়া প্রত্যক্ষ বিদেশী বিনিয়োগৰ বাবে পথ খুলি দিয়া হৈছে। বৈদেশিক বিনিয়োগৰ ক্ষেত্রত ৯০ শতাংশতকৈও অধিক ক্ষেত্ৰতেই প্ৰায় অনুমতি প্ৰদান কৰা হৈছে। এই সিদ্ধান্তই আমাৰ অর্থনীতিক এক ক্ষীপ্ৰ পথেৰে পৰিচালিত কৰিছে। বিগত চাৰিটা বছৰত আমি ২৬৩ বিলিয়ন ডলাৰ মূল্যৰ প্রত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিছো, যি বিগত ১৮ বছৰৰ বিনিয়োগৰ ৪৫ শতাংশ।
ৰাষ্ট্রসংঘৰ এক সংস্থাৰ তালিকাতো আমি প্রত্যক্ষ বিদেশী বিনিয়োগৰ ক্ষেত্রত প্রথম ১০ টা স্থানত আছো। আমাদৰ দেশত উৎপাদনৰ পৰিৱেশত প্রতিযোগিতাৰ বাতাবৰণ সৃষ্টি হৈছে। প্রত্যক্ষ সুবিধা হস্তান্তৰৰ লগতে ডিজিটেল উপায়েৰে লেনদেন সমগ্ৰ দেশতে পুৰাদমে ৰূপায়িত হৈছে। নতুন উদ্যোগ স্থাপনৰ দিশেৰেও অনুকূল পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্রত আমি বিশ্বৰ অন্যতম। প্রযুক্তিগত ক্ষেত্রতো একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই বিষয়সমূহক বিবেচনাত ৰাখি আমি সুস্পষ্টভাৱে এইকথা ক’ব পাৰো যে, আমাৰ লগত সম্প্ৰতি বাণিজ্যিক লেনদেনৰ সুযোগ যথেষ্ট।
আমাৰ দেশত জ্ঞান আৰু প্রাণশক্তিৰে ভৰপুৰ সুদক্ষ পেছাদাৰী লোক আছে। ইয়াৰ উপৰিও আমাৰ আছে, বিশ্বমানৰ কাৰিকৰী শিক্ষা ব্যৱস্থা আৰু এক সুদৃঢ় গৱেষণা তথা উন্নয়নৰ আন্তঃগাঁথনি। গড় আয়ৰ দিশেৰে বৃদ্ধি, মধ্যবিত্ত শ্রেণীৰ লোকৰ সংখ্যা বৃদ্ধিৰ ফলত ক্রয় ক্ষমতাও বৃদ্ধি হৈছে। তাৰ লগে লগে অগ্রগতি দেশীয় বজাৰো সম্প্রসাৰিত হৈছে। বিগত দুটা বছৰত আমি কর্পোৰেট ক্ষেত্রসমূহৰ বাবে কৰৰ হাৰ হ্ৰাস কৰা হৈছে। নতুন হাৰৰ সমান্তৰালকৈ ক্ষুদ্ৰ, সূক্ষ্ম আৰু মজলীয়া উদ্যোগবোৰৰ বাবে কৰৰ বোজা ৩০ শতাংশৰ পৰা ৫ শতাংশ হ্ৰাস কৰি ২৫ শতাংশ কৰা হৈছে। মেধাসত্ত্ব অধিকাৰ ৰক্ষাৰ ক্ষেত্রতো আমি এক নতুন মানদণ্ড উদ্ভাৱন কৰিছো। ট্রেডমার্ক ব্যৱস্থাতো আমি ক্ষীপ্ৰ বিকাশ লাভ কৰিছো। ঋণ পৰিশোধৰ অক্ষমতা আৰু দেউলিয়াবিধিৰ ফলত ব্যৱসায় বাণিজ্য ক্ষেত্ৰতো দীৰ্ঘনিদৰ আইনী আৰু আৰ্থিক সমস্যা যথেষ্ট আঁতৰ হৈছে।
আমাৰ যুৱসম্প্রদায়ৰ বাবে কর্মসংস্থানৰ সুযোগ সৃষ্টিত উৎপাদন ক্ষেত্রৰ প্রসাৰৰ বাবে আমি কঠোৰ পৰিশ্ৰম কৰিছো। মেক ইন ইণ্ডিয়া আঁচনিত ডিজিটেল ইণ্ডিয়া আৰু স্কিল ইণ্ডিয়াৰ দৰে কাৰ্যসূচীবোৰৰ বিনিয়োগৰ ক্ষেত্রত সহায়ক ভুমিকা গ্ৰহণ কৰিছে। এতিয়া আমাৰ উদ্দেশ্য হ’ল – বিশ্বৰ শ্রেষ্ঠ পদ্ধতিবোৰ অনুসৰণ কৰি ভাৰতক উৎপাদন ক্ষেত্রত বিশ্বৰ অন্যতম কেন্দ্রত পৰিণত কৰা।
পৰিচ্ছন্ন শক্তি আৰু অনুকূল পৰিৱেশৰ উন্নয়ন নিখুঁত উৎপাদন আৰু পৰিৱেশৰ ওপৰত বিৰূপহীন। এই সকলোবোৰৰ বাবেই আমি অঙ্গীকাৰবদ্ধ। জলবায়ুৰ পৰিৱর্তনগত প্রভাৱ হ্রাস কৰাৰ লক্ষ্যৰে একত্ৰিত হৈ কাম কৰাৰ বাবে আমি দায়বদ্ধ। শক্তি উৎপাদনৰ দিশেৰে বিশ্বত আমি পঞ্চম বৃহত্তম পুনর্নবীকৰণযোগ্য শক্তি উৎপাদনকাৰী দেশত পৰিণত হৈছো। ইয়াৰ উপৰিও, বায়ুশক্তি উৎপাদনৰ দিশেৰেও বিশ্বত আমাৰ স্থান চতুর্থ আৰু সৌৰশক্তি উৎপাদনৰ দিশেৰে আমাৰ স্থান বিশ্বত পঞ্চম।
পথ, বন্দৰ, ৰে’ল, বিমানবন্দৰ, টেলিসংযোগ, ডিজিটেল নেটৱর্ক আৰু শক্তি ক্ষেত্রৰ লগতে পৰৱর্তী প্রজন্মৰ আন্তঃগাঁথনিক্ষেত্ৰত বিনিয়োগ বৃদ্ধি কৰাত আমি অতি আগ্ৰ্হী। ইয়াৰ উপৰিও, আমি সামাজিক, শিল্প আৰু কৃষি আন্তঃগাঁথনিৰ ক্ষেত্ৰতো বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিছো। ইয়াৰ উদ্দেশ্য হৈছে সৰ্বসাধাৰণ জনতাৰ আয় বৃদ্ধি আৰু জীৱনধাৰণৰ মানদণ্ড উন্নত কৰা। ইফালে প্রথমবাৰৰ বাবে ভাৰতে, আন দেশলৈ বিদ্যুৎ সৰবৰাহ কৰিছে। বৃহৎ সংখ্যক এলইডি বাল্ব বিতৰণ কৰাও হৈছে। ইয়াৰ ফলত, বিপুল পৰিমাণৰ বিদ্যুৎ শক্তি ৰাহি হৈছে। নজিৰবিহীন গতিত বিদ্যুৎ সৰবৰাহকাৰী লাইন স্থাপন কৰা হৈছে। পথ নির্মাণৰ গতি প্রায় দ্বিগুণ হৈছে। দেশৰ প্রধান বন্দৰসমূহৰ পণ্য পৰিবহণ ক্ষমতা অপ্রত্যাশিতভাৱে বৃদ্ধি হৈছে। গ্রামীণ পথ যোগাযোগ ব্যৱস্থাৰ পৰিধি বৃদ্ধি হৈ ৯০ শতাংশ হৈছে। নতুন ৰে’ল লাইন স্থাপন, গজ ৰূপান্তৰণ, ৰে’ল লাইন ডবল কৰা আৰু ৰে’ল লাইনৰ বৈদ্যুতিকৰণৰ গতিও দ্বিগুণ হৈছে। আন্তঃগাঁথনি ক্ষেত্ৰত আমাৰ চৰকাৰী – বেচৰকাৰী অংশীদাৰীত্ব ব্যৱস্থাক আৰু অধিক বিনিয়োগ সুচল কৰি তুলিছো। আমাৰ চৰকাৰৰ সময়ছোৱাত গড় জাতীয় আয় ৭ শতাংশ হৈছে। ১৯৯১ চনৰ পিছত প্রথমবাৰৰ বাবে কোনো কেন্দ্রীয় চৰকাৰৰ সময়ছোৱাত গড় জাতীয় আয় ৭.৩ শতাংশ হৈছেগৈ। তাৰ সমান্তৰালকৈ ১৯৯১ চনৰ পিছত প্ৰথমবাৰৰ বাবে কোনো কেন্দ্ৰীয় চৰকাৰৰ শাসনকালত মূদ্ৰাস্ফীতিৰ হাৰ সৰ্ব্নিম্ন ৪ শতাংশ হৈছেগৈ। ভাৰত উদাৰীকৰণৰ মাজেৰে সময় অতিবাহিত কৰাৰ সময়তই এই হাৰ ৬ শতাংশলৈ আছিল।
মই বিশ্বাস কৰো, উন্নয়নৰ সুফল সহজ আৰু নিপুণতাৰে সাধাৰণ জনতাৰ কাষত উপৱিষ্ট কৰাব পাৰিম। এই প্রসঙ্গতে উদাহৰণস্বৰূপে ক’ব পাৰো, এতিয়া প্রতিটো পৰিয়ালৰে একোটিকৈ বেংক একাউণ্ট আছে। আমি ক্ষুদ্ৰ উদ্যোগবোৰক কোনোধৰণৰ বন্ধকবিহীনভাৱেই ঋণ লাভ কৰাত সুবিধা কৰি দিছো। এতিয়া দেশৰ প্রতিখন গাওঁতেই বিদ্যুৎ সংযোগ আছে। প্রায় প্রতিটো পৰিয়ালেই লাভ কৰিছে বিদ্যুৎ সংযোগ। দেশৰ কোটি কোটি লোক, যিসকলে ৰন্ধন গেছ ক্ৰয়ৰ বাবে সক্ষম নাছিল তেওঁলোকৰ বাবে বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ প্ৰদান কৰা হৈছে। চহৰ আৰু গ্রামাঞ্চলৰ সকলোতে অনাময় ব্যৱস্থা সুনিশ্চিত কৰা হৈছে। প্রতিটো পৰিয়ালৰ বাবে শৌচালয়ৰ ব্যৱস্থাও কৰি দিয়া হৈছে। তাৰ উপৰিও শৌচালয়ৰ সদ্ব্যৱহাৰতো গুৰুত্ব দিয়া হৈছে।
উপস্থিত সুধীবৃন্দ, ২০১৭ চনত পৰ্যটন ক্ষেত্ৰত আকৰ্ষণীয় গন্তব্যস্থান হিচাপে ভাৰতৰ স্থান আছিল লক্ষণীয়। ২০১৬ চনত পৰ্যটন ক্ষেত্ৰত ভাৰতৰ বিকাশ আছিল ১৪ শতাংশ। সেইসময়ত বিশ্বত পর্যটন ক্ষেত্রৰ বিকাশৰ হাৰ আছিল ৭ শতাংশ। বিমান পৰিবহণ ক্ষেত্রতো আমাৰ বিকাশ উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। বিগত চাৰি বছৰত বিমানৰ টিকট ক্রয়ে দ্বৈত সংখ্যাৰ বিকাশ লাভ কৰিছে।
আধুনিক আৰু প্রতিযোগিতামুখীতাৰে যিধৰণে নতুন ভাৰতৰ উত্থান হৈছে, তাৰ সমান্তৰালকৈ সকলো জনসাধাৰণৰ প্ৰতি গুৰুত্ব আৰু সেৱা প্ৰদানৰ বিষয়টোৱে অগ্রাধিকাৰ লাভ কৰিছে। এই অগ্রাধিকাৰৰ অন্যতম এক দৃষ্টান্ত হ’ল চিকিৎসা বীমা প্রকল্প, যাক আয়ুষ্মান ভাৰত নামেৰে জনা যায়। এই প্রকল্পৰ মাধ্যমেৰে ৫০ কোটি জনতা উপকৃত হ’ব। উপকৃত লোকৰ এই সংখ্যা মার্কিন যুক্তৰাষ্ট্র, কানাডা আৰু মেক্সিকোৰ সৰ্বমুঠ জনসংখ্যাতকৈও অধিক। এই কাৰ্যসূচীৰ ফলত স্বাস্থ্য আন্তঃগাঁথনি, চিকিৎসাৰ সা-সৰঞ্জাম আৰু উপকৰণ তথা স্বাস্থ্য পৰিচর্যা সেৱাৰ ক্ষেত্রত ব্যাপক বিনিয়োগৰ সা-সুবিধা সৃষ্টি হ’ব।
আমি আৰু কেবাটাও বিষয়ৰ কথা উদাহৰণস্বৰূপে উল্লেখ কৰিবলৈ বিচাৰিছো। দেশৰ ৫০খন চহৰ ইতিমধ্যেই মেট্রো ৰেল সেৱা আৰম্ভ কৰাৰ অপেক্ষাত আছে। আমি আৰু ৫ কোটি গৃহ নির্মাণ কৰিব লাগিব। স্বাভাৱিকতেই স্থলপথ, ৰে’লপথ আৰু জলপথৰ ক্ষেত্রত বৃহৎ পৰিমাণৰ বিনিয়োগৰ প্রয়োজনীয়তা আছে। আমাৰ উদ্দেশ্যবোৰ দ্রুত আৰু পৰিৱেশ অনুকূল উপায়েৰে অৰ্জনৰ বাবে আমাক বিশ্বমানৰ প্ৰযুক্তিৰ প্ৰয়োজনীয়তা আছে।
বন্ধুসকল, ভাৰত এতিয়া ব্যাপক সুবিধাসম্পন্ন দেশ হৈ উঠিছে। ভাৰত এতিয়া এনে এক দেশ হৈ উঠিছে য’ত আপোনালোকৰ বাবে আছে গণতন্ত্ৰ, জনসংখ্যাগত অসংখ্য সুযোগ সুবিধা। আপোনালোকৰ মাজৰ যিসকল ইতিমধ্যেই ভাৰতত ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত হৈছে তেওঁলোকক আমি আস্বস্ত কৰিবলৈ বিচাৰিছো যে আমাৰ গণতান্ত্ৰিক ব্যৱস্থা, মানৱীয় মূল্যবোধ আৰু মজবুত আইনী সংস্থাপনে আপোনালোকৰ বিনিয়োগক সুৰক্ষা আৰু নিৰাপত্তা প্রদান কৰিব। বিনিয়োগৰ অনুকূল বাতাবৰণ গঢ়ি তুলিবলৈ আমি নিৰন্তৰ কাম কৰি আহিছো। ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে দেশৰ বাতাবৰণ আৰু অধিক প্রতিযোগিতামুখী কৰি তোলা।
আপোনালোকৰ মাজৰ যিসকল ভাৰতত ব্যৱসায় বাণিজ্যৰ সৈতে জড়িত হৈ থকা নাই তেওঁলোকক আমি এই দেশলৈ আহি ব্যৱসায় বাণিজ্য কৰাৰ সুযোগ সৃষ্টি কৰি দিয়াৰ প্ৰেৰণা যোগাবলৈ বিচাৰো। ভাৰতলৈ আহি বিনিয়োগ কৰাৰ বাবে এয়াই শ্ৰেষ্ঠ সময়। বিনিয়োগকাৰীসকলৰ সুবিধার্থে আমি বিশেষ ব্যৱস্থা গ্রহণ কৰিছো। তদুপৰি, মই আপোনালোকক আশ্বস্ত কৰিবলৈ বিচাৰো যে আপোনালোকৰ যাত্রাপথত মই সদায়েই কাষত থাকিম।
ধন্যবাদ। আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাইছো।
*****
AKT/KP/RD
We are honoured by the presence of many Heads of State and Government and several other distinguished delegates.
— PMO India (@PMOIndia) January 18, 2019
This shows that international bilateral cooperation is no longer limited to national capitals, but now extends to our state capitals as well: PM
In India our challenge is to grow horizontally & vertically.
— PMO India (@PMOIndia) January 18, 2019
Horizontally we have to spread benefits of development to regions & communities that have lagged behind.
Vertically we have to meet enhanced expectations in terms of quality of life & quality of infrastructure: PM
India is now ready for business as never before.
— PMO India (@PMOIndia) January 18, 2019
In the last 4 years, we have jumped 65 places in the Global Ranking of World Bank’s Doing Business Report.
But we are still not satisfied. I have asked my team to work harder so that India is in the top 50 next year: PM
We have also made Doing Business cheaper.
— PMO India (@PMOIndia) January 18, 2019
The implementation of GST and other measures of simplification of taxes have reduced transaction costs and made processes efficient.
We have also made Doing Business Faster through digital processes and single point interfaces: PM
From the start of business to its operation and closure, we have paid attention in building new institutions, processes and procedures.
— PMO India (@PMOIndia) January 18, 2019
All this is important, not just for doing business but also for ease of life of our people: PM
We have worked hard to promote manufacturing to create jobs for our youth.
— PMO India (@PMOIndia) January 18, 2019
Investments through our 'Make in India' initiative, have been well supported by programmes like ‘Digital India’ and ‘Skill India’: PM
At 7.3%, the average GDP growth over the entire term of our Government, has been the highest for any Indian Government since 1991.
— PMO India (@PMOIndia) January 18, 2019
At the same time, the average rate of inflation at 4.6% is the lowest for any Indian Government since 1991: PM