নমস্কাৰ,
গুজৰাটৰ ৰাজ্যপাল শ্ৰীমান আচাৰ্য দেৱব্ৰতজী, লোকসভাৰ অধ্যক্ষ শ্ৰীমান ওম বিৰলাজী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীজী, ৰাজ্যসভাৰ উপ সভাপতি শ্ৰী হৰিবংশজী, সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰী অৰ্জুন মেঘৱালজী, গুজৰাটৰ বিধানসভাৰ অধ্যক্ষ শ্ৰী ৰাজেন্দ্ৰ ত্ৰিবেদীজী, দেশৰ বিভিন্ন বিধায়িকাৰ পীঠাসীন বিষয়াসকল, অন্য মহানুভৱ, ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল৷
আজি মা নৰ্মদাৰ তীৰত চৰ্দাৰ পেটেলজীৰ সান্নিধ্যত দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ সংগম হৈছে৷ সমূহ ভাৰতীয়লৈ সংবিধান দিৱসৰ শুভেচ্ছা যাচিছো৷ আমাৰ সংবিধান প্ৰণয়নৰ সৈতে জড়িত লোকসকললৈ শ্ৰদ্ধাঞ্জলি যাচিছো৷ আজি সংবিধান দিৱসো আৰু সংবিধান ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পীঠাসীন বিষয়াসকলৰ সন্মিলনো৷ এই বৰ্ষটো পীঠাসীন বিষয়াসকলৰ সন্মিলনৰ শতাব্দী বৰ্ষও৷ এই মহত্বপূৰ্ণ অৱকাশৰ বাবে আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল৷
বন্ধুসকল,
আজি ড০ ৰাজেন্দ্ৰ প্ৰসাদ আৰু বাবা চাহেব আম্বেদকাৰৰ পৰা আৰম্ভ কৰি সংবিধান সভাৰ সেই সকলো ব্যক্তিত্বক সেৱা কৰাৰ দিন যাৰ অৰ্থক প্ৰয়াসৰ ফলত আমি সকলোৱে এই সংবিধানখন লাভ কৰিলো৷ আজিৰ দিনটো পূজ্য বাপুৰ প্ৰেৰণা, চৰ্দাৰ বল্লভভাই পেটেলৰ দায়িত্ববোধক প্ৰণাম কৰাৰ দিন৷ এনেকুৱা অনেক দুৰদৰ্শী প্ৰতিনিধিয়ে স্বতন্ত্ৰ ভাৰতৰ নৱনিৰ্মাণৰ পথ নিৰ্ধাৰণ কৰিছিল৷ দেশবাসীয়ে যাতে সেই প্ৰয়াসসমূহক সোঁৱৰণ কৰে, এই উদ্দেশ্যৰেই পাঁচ বছৰ পূৰ্বে ২৬ নৱেম্বৰ তাৰিখটোক সংবিধান দিৱসৰ ৰূপত পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ মই সমগ্ৰ দেশবাসীক আমাৰ গণতন্ত্ৰৰ এই গুৰুত্বপূৰ্ণ উপলক্ষৰ বাবে অভিনন্দন জনাইছো৷
বন্ধুসকল,
আজিৰ তাৰিখটো দেশৰ সবাতোকৈ বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত৷ ২০০৮ চনত পাকিস্তানৰ পৰা অহা, পাকিস্তানৰ পৰা প্ৰেৰণ কৰা সন্ত্ৰাসবাদীয়ে মুম্বাইত আক্ৰমণ চলাইছিল৷ এই আক্ৰমণত বহু লোকৰ মৃত্যু হৈছিল৷ অনেক দেশ লোকৰ মৃত্যু হৈছিল৷ মই মুম্বাই আক্ৰমণত মৃত্যু হোৱা সকলো লোকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি যাচিছো৷ এই আক্ৰমণত আমাৰ আৰক্ষীৰ বহু লোক শ্বহীদ হৈছিল৷ মই তেওঁলোককো সেৱা জনাইছো৷ মুম্বাই আক্ৰমণৰ আঘাত ভাৰতে পাহৰিব নোৱাৰে৷ এতিয়া আজিৰ ভাৰতে নতুন নীতি-ৰীতিৰ সৈতে সন্ত্ৰাসবাদৰ মোকাবিলা কৰিছে৷ মুম্বাই আক্ৰম দৰে ষড়যন্ত্ৰ প্ৰতিহত হয়, সন্ত্ৰাসবাদীয়ে যাতে উচিত প্ৰত্যুত্তৰ লাভ কৰে, ভাৰতৰ প্ৰতিৰক্ষাত প্ৰতিপলে জড়িত আমাৰ সুৰক্ষাবলক আজি মই সেৱা জনাইছো৷
বন্ধুসকল,
প্ৰিজাইডিং বিষয়া হিচাপে আপোনালোকে আমাৰ গণতন্ত্ৰত মূল ভূমিকা পালন কৰে৷ আপোনালোক সকলো পীঠাসীন বিষয়া, আইন নিৰ্মাতাৰ ৰূপত সংবিধান আৰু দেশৰ সাধাৰণ জনতাক সংযোজিত কৰাৰ এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে বিবেচিত হৈছে৷ বিধায়ক হোৱাৰ লগতে আপোনালোক সদনৰ স্পীকাৰো৷ এনে অৱস্থাত সংবিধানৰ তিনিটা গুৰুত্বপূৰ্ণ অংশ- বিধায়িকা, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত উন্নত সামঞ্জস্য স্থাপন কৰাত আপোনালোকে বৃহৎ ভূমিকা পালন কৰিব পাৰে৷ আপোনালোকে সন্মিলনত এই বিষয়ৰ ওপৰত বহু চৰ্চাও কৰিছে৷ সংবিধানৰ ৰক্ষাত ন্যায়পালিকাৰ ভূমিকা অধিক হয়৷ কিন্তু স্পীকাৰ আইন প্ৰস্তুতকাৰী সংস্থা হিচাপে বিবেচিত হয়৷ সেইবাবে স্পীকাৰ একধৰণে সংবিধানৰ সুৰক্ষা কৱচৰ প্ৰথম প্ৰহৰী হিচাপেও কাম কৰে৷
বন্ধুসকল,
সংবিধানৰ তিনিটা অংগৰ ভূমিকাৰ পৰা আৰম্ভ কৰি মৰ্যাদালৈ সকলো সংবিধানত বৰ্ণিত কৰা হৈছে৷ ৭০ৰ দশকত আমি দেখিছিলো যে কিদৰে ক্ষমতাৰ পৃথকীকৰণৰ মৰ্যাদা ভংগ কৰাৰ প্ৰয়াস হৈছিল৷ কিন্তু ইয়াৰ উত্তৰো দেশৰ সংবিধানেই প্ৰদান কৰিছিল৷ আনকি জৰুৰীকালীন অৱস্থাৰ সেই সময়ছোৱাৰ পিছত পৰীক্ষণ আৰু ভাৰসাম্যতাৰ প্ৰণালী অধিক শক্তিশালী হৈ পৰিল৷ বিধায়িকা, কাৰ্যপালিকা আৰু ন্যায়পালিকা, তিনিওটাই সেই সময়ছোৱাৰ পৰা শিকি আগবাঢ়িবলৈ সমৰ্থ হ’ল৷ আজিও সেই শিকনি সিমানেই প্ৰাসংগিক৷ বিগত ৬-৭ বছৰত বিধায়িকা, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ সামঞ্জস্যক অধিক উন্নত কৰাৰ বাবে প্ৰয়াস কৰা হৈছে৷
বন্ধুসকল,
এই ধৰণৰ প্ৰয়াসৰ সবাতোকৈ বৃহৎ প্ৰভাৱ পৰে জনসাধাৰণৰ বিশ্বাসৰ ওপৰত৷ কঠিনতকৈও কঠিন সময়তো জনতাৰ আস্থা এই তিনিটা অংগত বৰ্তি থাকে৷ এয়া আমি সদ্যহতে এই বৈশ্বিক মহামাৰীৰ সময়ত ভালদৰেই দেখা পাইছো৷ ভাৰতৰ ১৩০ কোটিতকৈও অধিক জনতাই যিয়ে পৰিপক্কতাই পৰিচয় দিছে, ইয়াৰ আটাইতকৈ এক ডাঙৰ কাৰণ হ’ল সকলো ভাৰতীয়ৰে সংবিধানৰ তিনিওটা অংগৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে৷ এই বিশ্বাস বৃদ্ধিৰ বাবে নিৰন্তৰে কামো হৈছে৷
মহামাৰীৰ এই সময়ছোৱাত দেশৰ সংসদে ৰাষ্ট্ৰহিতৰ সৈতে জড়িত আইনৰ বাবে, আত্মনিৰ্ভৰ ভাৰতৰ বাবে, গুৰুত্বপূৰ্ণ আইনৰ বাবে যি তৎপৰতা আৰু দায়ৱদ্ধতা প্ৰদৰ্শিত কৰিছে সেয়া অভুতপূৰ্ব৷ এই সময়ছোৱাত সংসদৰ দুয়োটা সদনতে নিৰ্ধাৰিত সময়তকৈ অধিক কাম হৈছে৷ সাংসদসকলে নিজৰ বেতনৰ অংশ দান কৰিও নিজৰ দায়ৱদ্ধতা প্ৰদৰ্শিত কৰিছে৷ এনেক ৰাজ্যৰ বিধায়কসকলেও নিজৰ বেতনৰ কিছু অংশ দান কৰি ক’ৰোনাৰ বিৰুদ্ধে যুঁজত নিজৰ সহযোগিতা প্ৰদৰ্শন কৰিছে৷ মই এই প্ৰয়াসসমূহক প্ৰশংসা জনাইছো৷ ক’ভিডৰ এই সময়ছোৱাত এই পদক্ষেপসমূহে জনতাৰ আস্থা জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷
বন্ধুসকল,
ক’ৰোনাৰ এই সময়ছোৱাত আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ দৃঢ়তাও বিশ্বই দেখিছে৷ এনে বৃহৎ পৰ্যায়ত নিৰ্বাচন হোৱা, সময়ত ফলাফল ওলোৱা, সুচাৰুৰূপত নতুন চৰকাৰ গঠন হোৱা, এয়া ইমানো সহজ নহয়৷ আমি আমাৰ সংবিধানৰ পৰা যি শক্তি লাভ কৰিছো, সিয়ে এনে সকলো কঠিন কামক সহজ কৰি তোলে৷ আমাৰ সংবিধানে একবিংশ শতিকাত পৰিৱৰ্তিত সময়ৰ সকলো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ বাবে আমাৰ দিগদৰ্শন কৰে, নতুন প্ৰজন্মই যাতে ইয়াৰ সৈতে জড়িত হ’ব পাৰে, এই দায়িত্বও আমাৰ ওপৰত৷
আগন্তুক সময়ত সংবিধানৰ ৭৫তম বৰ্ষ পালন কৰা হ’ব৷ ঠিক সেইদৰে স্বাধীন ভাৰতৰো ৭৫তম বৰ্ষ পালন কৰা হ’ব৷ এনে অৱস্থাত ব্যৱস্থাসমূহ সময়ৰ অনুকূল কৰি তোলাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে আমি সংকল্পিত মনোভাৱেৰে কাম কৰিব লাগিব৷ ৰাষ্ট্ৰৰ ৰূপত গ্ৰহণ কৰা প্ৰতিটো সংকল্প সিদ্ধ কৰি তোলাৰ বাবে বিধায়িকা, কাৰ্যপালিকা আৰু ন্যায়পালিকাই উন্নত সামঞ্জস্যৰ সৈতে কাম কৰিব লাগিব৷ আমাৰ প্ৰতিটো সিদ্ধান্তৰ আধাৰ এখন তুলাচনীতেই হ’ব লাগিব, এটাই মানদণ্ড হ’ব লাগিব আৰু সেই মানদণ্ড হ’ব লাগিব ৰাষ্ট্ৰহিত৷ ৰাষ্ট্ৰহিতেই আমাৰ তুলাচনী হ’ব লাগিব৷
আমি এয়া মনত ৰাখিব লাগিব যে যেতিয়া চিন্তাধাৰাত দেশহিত, লোকহিতৰ পৰিৱৰ্তে ৰাজনীতি অধিক হৈ পৰে তেতিয়া দেশে লোকচান ভৰিব লাগে৷ যেতিয়া সকলোৱে পৃথক পৃথক চিন্তা কৰে, ইয়াৰ পৰিণাম কি হয়, ইয়াৰ সাক্ষী….আপোনালোকে দুদিন ধৰি ইয়াত আছে, সেই চৰ্দাৰ সৰোবৰ বান্ধো ইয়াৰ এক বৃহৎ উদাহৰণ৷
বন্ধুসকল,
কেৱড়িয়া প্ৰবাসৰ সময়ত আপোনালোক সকলোৱে চৰ্দাৰ সৰোবৰ বান্ধৰ বিশলতা প্ৰত্যক্ষ কৰিছে, ভব্যতা প্ৰত্যক্ষ কৰিছে, ইয়াৰ শক্তি দেখিছে৷ কিন্তু এই বান্ধৰ কাম বৰ্ষজুৰি বন্ধ হৈ আছিল৷ স্বাধীনতাৰ কিছু বৰ্ষৰ পিছতেই আৰম্ভ হৈছিল আৰু স্বাধীনতাৰ ৭৫তম বৰ্ষৰ প্ৰাক্মুহূৰ্তত কিছু বৰ্ষ পূৰ্বেই ইয়াৰ কাম সম্পূৰ্ণ হৈছে৷ কিমান বাধা, কিমান লোকৰ বাধা, কিদৰে সংবিধানৰ অপপ্ৰয়োগৰ প্ৰয়াস হ’ল আৰু ইমান ডাঙৰ প্ৰকল্প, জনহিতৰ প্ৰকল্প অনেক বৰ্ষলৈ ওলমি আছিল৷
আজি এই বান্ধৰ লাভ গুজৰাটৰ সৈতে মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ লোকেও লাভ কৰিছে৷ এই বান্ধৰ দ্বাৰা গুজৰাটৰ ১০ লাখ হেক্টৰ, ৰাজস্থানৰ আঢ়ৈ লাখ হেক্টৰ ভূমিৰ জলসিঞ্চন সুনিশ্চিত হৈছে৷ গুজৰাটৰ ৯ হাজাৰতকৈও অধিক গাঁও, ৰাজস্থান আৰু গুজৰাটৰ অনেক সৰু-ডাঙৰ চহৰৰ ঘৰুৱা পানীৰ যোগান এই চৰ্দাৰ সৰোবৰ বান্ধৰ ফলতেই সম্ভৱ হৈছে৷
আৰু যেতিয়া পানীৰ কথা ওলায় তেতিয়া মোৰ এটা কথা মনলৈ আহে৷ যেতিয়া নৰ্মদাৰ পানী অনেক বিবাদেৰে ঘেৰা আছিল, অনেক সংকটৰ মাজত আছিল, বাস্তৱিকতে কোনো পথ ওলাওক, কিন্তু যেতিয়া ৰাজস্থানলৈ পানী যোগান ধৰা হ’ল তেতিয়া ভৈৰো সিং শেখাৱট আৰু যশৱন্ত সিংজী, দুয়ো গান্ধী নগৰলৈ বিশেষভাৱে মোক সাক্ষাৎ কৰিবলৈ আহিল৷ মই সুধিলো কি কাম আছে, তেওঁলোকে ক’লে যে মুখামুখিকৈ ল’গ হ’লে কম৷ তেওঁলোক আহিল আৰু মোক অভিনন্দন জনাই আশীৰ্বাদ দিলে৷ মই ক’লো ইমান মৰম, ইমান ভাৱনা কিয়৷ তেতিয়া ক’লে- ভাই, ইতিহাস সাক্ষী যে পানীৰ টোপালৰ বাবে যুদ্ধ হৈছে, আক্ৰমণ হৈছে, দুটা পৰিয়াল বিভাজিত হৈছে৷ কোনো সংঘৰ্ষ, কোনো কাজিয়া নোহোৱাকৈ গুজৰাটৰ পৰা নৰ্মদাৰ পানী ৰাজস্থান গৈ পাইছে, ৰাজস্থানৰ শুষ্ক ভূমিয়ে পানী লাভ কৰিছে, এয়া আমাৰ বাবে গৰ্ব আৰু আনন্দৰ বিষয় আৰু সেইবাবেই আমি তোমাৰ সাক্ষাতৰ বাবেই আহিছো৷ আপোনালোকে চাওক, এই কাম যদি পূৰ্বেই হ’লহেঁতেন….এই বান্ধৰ পৰা যি বিদ্যুৎ উৎপন্ন হৈছে ইয়াৰ অধিকাংশ লাভ মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰই লাভ কৰিছে৷
বন্ধুসকল,
এই আটাইবোৰ পূৰ্বতেও হ’লহেঁতেন৷ লোক কল্যাণৰ চিন্তাধাৰাৰ সৈতে, বিকাশৰ সৰ্বোচ্চ প্ৰাথমিকতাৰ সৈতে, এই লাভ পূৰ্বেও লাভ কৰিলেহেঁতেন৷ কিন্তু বৰ্ষজুৰি জনতা ইয়াৰ পৰা বঞ্চিত হৈ থাকিল৷ আৰু আপোনালোকে চাওক, যিসকলে এনেকুৱা কৰিলে তেওঁলোকে অনুতাপো নকৰিলে৷ দেশৰ ইমান ডাঙৰ লোকচান হ’ল, বান্ধৰ প্ৰয়োজনীয়তা ক’ৰ পৰা ক’লৈ গুচি গ’ল, কিন্তু যিসকল লোক ইয়াৰ বাবে দায়ৱদ্ধ আছিল তেওঁলোকৰ মুখত কোনো চিন্তা দেখা নগ’ল৷ আমি দেশক এই প্ৰবৃত্তিৰ পৰা বাহিৰলৈ উলিয়াব লাগে৷
বন্ধুসকল,
চৰ্দাৰ পেটেলজীৰ এনে ভব্য প্ৰতিমাৰ কাষলৈ গৈ, দৰ্শন কৰি আপোনালোকে নতুন শক্তি অনুভৱ কৰিছে৷ আপোনালোকেও এক নতুন প্ৰেৰণা লাভ কৰিছে৷ বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমা, ষ্টেচু অব্ ইউনিটীয়ে প্ৰতিজন ভাৰতীয়ৰ গৌৰৱ বৃদ্ধি কৰিছে৷ আৰু যেতিয়া চৰ্দাৰ পেটেলৰ প্ৰতিমা নিৰ্মাণ হ’ল তেতিয়া তেওঁ জনসংঘৰ সদস্য নাছিল, ভাজপাৰ সদস্য নাছিল, কোনো ৰাজনৈতিক অস্পৃশ্যতা নাই৷ যিদৰে সদনত এটা ভাৱনাৰ আৱশ্যকতা হয় ঠিক সেইদৰে দেশতো এটা ভাৱনাৰ আৱশ্যক হয়৷ এই চৰ্দাৰ চাহাবৰ স্মাৰক সেই কথাৰ জীৱন্ত প্ৰমাণ যে ইয়াত কোনো ৰাজনৈতিক অস্পৃশ্যতা নাই৷ দেশতকৈ ডাঙৰ একো নাই, দেশৰ গৌৰৱতকৈ ডাঙৰ একো নাই৷
আপোনালোকে কল্পনা কৰিব পাৰে, ২০১৮ চনত ষ্টেচু অব্ ইউনিটী লোকাৰ্পণৰ পিছত প্ৰায় ৪৬ লাখ লোকে ইয়ালৈ সেৱা কৰিবলৈ আহিছিল৷ ক’ৰোনাৰ বাবে ৭ মাহ প্ৰতিমাৰ দৰ্শন বন্ধ হোৱা নাছিল৷ অন্যথা এই সংখ্যা অধিক হ’লহেঁতেন৷ মা নৰ্মদাৰ আশীৰ্বাদত ষ্টেচু অব্ ইউনিটী, এই সমগ্ৰ কেৱড়িয়া চহৰ, ভাৰতৰ ভব্যতম চহৰত অন্তৰ্ভুক্ত হোৱাৰ বাবে দ্ৰুত গতিত আগবাঢ়িছে৷ কেৱল কেইটামান বৰ্ষৰ ভিতৰতেই…আৰু এতিয়া গৱৰ্ণৰ শ্ৰীমান আচাৰ্যজীয়ে অতিশয় বিস্তাৰিত ৰূপত ইয়াৰ বৰ্ণনা কৰিছে..কিছু বৰ্ষৰ ভিতৰতেই ইয়াৰ কায়াকল্প প্ৰস্তুত হৈ উঠিছে৷ যেতিয়া বিকাশক সৰ্বোপৰি ৰাখি, কৰ্তব্য ভাৱক সৰ্বোপৰি ৰাখিলে পৰিণামো সুন্দৰ হয়৷
আপোনালোকে চাব পাৰে, এই দুদিনৰ সময়ছোৱাত আপোনালোকে বহু গাইডক লগ পাইছে, বহু ব্যৱস্থাৰ সৈতে জড়িত লোকসকলক সাক্ষাৎ কৰিছে৷ এই সকলো তৰুণ এই এলেকাৰেই, আদিবাসী পৰিয়ালৰ আৰু আপোনালোকৰ সৈতে যেতিয়া কথা পাতে তেতিয়া তেওঁলোকে উপযুক্ত শব্দৰেই ব্যৱহাৰ কৰে, আপোনালোকে বোধহয় প্ৰত্যক্ষ কৰিছে৷ এই শক্তি আমাৰ দেশত আছে৷ আমাৰ গাঁৱতো এই শক্তি আছে৷ কেৱল সামান্য ধূলি-মাকতি আঁতৰাবলৈ আছে, ই পৰিষ্কাৰ হৈ পৰিব৷ বিকাশমূলক কাৰ্যই ইয়াৰ আদিবাসী ভাই-ভনীসকলক নতুন আত্মবিশ্বাস প্ৰদান কৰিছে৷
বন্ধুসকল,
প্ৰতিজন নাগৰিকৰ আত্মসন্মান আৰু আত্মবিশ্বাস যাতে বৃদ্ধি হয় এয়া সংবিধানৰ দায়িত্বও আৰু আমাৰ এয়া নিৰন্তৰ প্ৰয়াসো৷ আমি সকলোৱে নিজৰ কৰ্তব্য, নিজৰ অধিকাৰক স্ৰোত হিচাপে বিবেচনা কৰিম, নিজৰ কৰ্তব্যক সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদান কৰিম৷ সংবিধানত কৰ্তব্যত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে কিন্তু পূৰ্বে ইয়াক নস্যাৎ কৰা হৈছিল৷ সাধাৰণ নাগৰিকেই হওক, কৰ্মচাৰীয়েই হওক, জন প্ৰতিনিধিয়েই হওক, ন্যায়িক ব্যৱস্থাৰ সৈতে জড়িত লোকেই হওক, প্ৰতিটো সংস্থাৰ বাবে কৰ্তব্যৰ পালন অতিশয় জৰুৰী৷ সংবিধানত প্ৰতিজন নাগৰিকৰ বাবে এই কৰ্তব্য লিখিত ৰূপতো আছে৷ আৰু আমাৰ অধ্যক্ষ আদৰণীয় বিৰলাজীয়েও কৰ্তব্য সন্দৰ্ভত সুন্দৰকৈ দাঙি ধৰিছে৷
বন্ধুসকল,
আমাৰ সংবিধানত বহু বিশেষ বৈশিষ্ট আছে কিন্তু এটা বৈশিষ্ট অতিশয় গুৰুত্বপূৰ্ণ আৰু সেয়া হ’ল কৰ্তব্য৷ মহাত্মা গান্ধীয়ে নিজে ইয়াৰ বিষয়ে সচেতন আছিল৷ তেওঁ অধিকাৰ আৰু কৰ্তব্যৰ বাবে সুক্ষ্ম সংযোগ দেখা পাইছিল৷ আমি আমাৰ কৰ্তব্য সমাপন কৰিলে অধিকাৰ স্বয়ং সুৰক্ষিত হ’ব বুলি তেওঁ অনুভৱ কৰিছিল৷
বন্ধুসকল,
এতিয়া আমাৰ প্ৰয়াস এয়াই হ’ব লাগে যে সংবিধানৰ প্ৰতি সাধাৰণ নাগৰিকৰ আস্থা অধিক ব্যাপক হওক৷ ইয়াৰ বাবে সংবিধানক জনা আৰু বুজাটো অতিশয় আৱশ্যক৷ আজি আমি সকলোকে শুনো যে কেৱাইচি…এয়া অতিশয় সাধাৰণ শব্দ, সকলোৱে জানে৷ কেৱাইচিৰ অৰ্থ হ’ল Know Your Customer৷ ই ডিজিটেল সুৰক্ষাৰ এক বৃহৎ পদক্ষেপ৷ ঠিক সেইদৰে কেৱাইচিৰ নতুন অৰ্থ হিচাপত Know Your Constitution য়ে আমাৰ সাংবিধানিক সুৰক্ষা কৱচক অধিক শক্তিশালী কৰি তোলে৷ সেইবাবে সংবিধানৰ প্ৰতি সজাগতাৰ বাবে নিৰন্তৰ অভিযান চলাই ৰখাটো দেশৰ আগন্তুক প্ৰজন্মৰ বাবে আৱশ্যক বুলি ভাবো৷ বিশেষকৈ বিদ্যালয়ত, মহাবিদ্যালয়ত, আমাৰ নতুন প্ৰজন্মক ইয়াক অতি কাষৰ পৰা পৰিচিত কৰাব লাগিব৷ তৰুণ প্ৰজন্মৰ মাজলৈ সংবিধানক লৈ যোৱাৰ বাবে মই আপোনালোকক আহ্বান জনাইছো৷ সেয়াও অতিশয় উদ্ভাৱনী প্ৰক্ৰিয়াৰে হ’ব লাগিব৷
বন্ধুসকল,
আমাৰ ইয়াত ডাঙৰ সমস্যাটো হ’ল যে সাংবিধানিক আৰু আইনী ভাষা সেইজন ব্যক্তিয়ে বুজিবলৈ টান পায় যাৰ বাবে এই আইন প্ৰস্তুত কৰা হৈছে৷ কঠিন শব্দ, দীঘল দীঘল শাৰী, ডাঙৰ ডাঙৰ পেৰাগ্ৰাফ, ক্ল’জ-চাব ক্ল’জ অৰ্থাৎ এক প্ৰকাৰে ই কঠিন হৈ পৰে৷ আমাৰ আইনৰ ভাষা ইমান সৰল হ’ব লাগে যে সাধাৰণতকৈও সাধাৰণ ব্যক্তিয়ে যাতে ইয়াক বুজি পায়৷ আমি ভাৰতৰ লোকসকলে সংবিধান নিজকে দিছো৷ সেইবাবে ইয়াৰ অধীনত গ্ৰহণ কৰা প্ৰতিটো সিদ্ধান্ত, প্ৰতিটো আইনৰ সৈতে সাধাৰণ নাগৰিকক যাতে প্ৰত্যক্ষভাৱে সংযোজিত কৰিব পাৰো সেয়া সুনিশ্চিত কৰিব লাগিব৷
ইয়াত আপোনালোকৰ দৰে পীঠাসীন বিষয়াসকলে বহু সহায় লাভ কৰিব পাৰে৷ সময়ৰ সৈতে যিবোৰ আইনে নিজৰ মহত্ব হেৰুৱাইছে সেইসমূহ আঁতৰ কৰাৰ প্ৰক্ৰিয়াও সহজ হ’ব লাগে৷ অলপতে আমাৰ মাননীয় হৰিবংশজীয়ে ইয়াৰ এক উৎকৃষ্ট উদাহৰণ আমাৰ সন্মুখত দাঙি ধৰিছে৷ এনেকুৱা আইন জীৱন সহজ কৰি তোলাৰ পৰিৱৰ্তে বাধালৈহে পৰিৱৰ্তন হয়৷ বিগত বৰ্ষসমূহত এনে বহু আইন বিলোপ কৰা হৈছে৷
এতিয়া কিছুমান আইনত ছানছেটৰ ক্ল’জৰ ব্যৱস্থা আৰম্ভ হৈছে৷ এতিয়া এপ্ৰ’প্ৰিয়েচন এক্ট আৰু আন কিছুমান আইনতো ইয়াৰ বিস্তৃতি বৃদ্ধি কৰাৰ চিন্তা-চৰ্চা চলি আছে৷ মোৰ প্ৰস্তাৱ এয়াই যে ৰাজ্যৰ বিধানসভাতো এনেধৰণৰ ব্যৱস্থাৰ বিষয়ে চিন্তা কৰিব পাৰি যাতে পুৰণি অনুপযোগী আইন বিলোপ কৰাৰ বাবে প্ৰক্ৰিয়াগত প্ৰয়োজনীয়তাৰ পৰা ৰক্ষা কৰিব পাৰি৷ এইধৰণৰ ব্যৱস্থাৰ পৰা আইনৰ ভ্ৰান্তি আঁতৰ হ’ব আৰু সাধাৰণ নাগৰিকৰ বাবেও সহজ হ’ব৷
বন্ধুসকল,
আৰু এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল নিৰ্বাচনৰ বিষয়টো৷ এক দেশ এক নিৰ্বাচন কেৱল এক চৰ্চাৰ বিষয়েই নহয় বৰঞ্চ ই ভাৰতৰ বাবে প্ৰয়োজনো৷ প্ৰতি মাহত ভাৰতত কোনোবাটো নহয় কোনোবাটো নিৰ্বাচন অনুষ্ঠিত হয়৷ ইয়াৰ দ্বাৰা বিকাশমূলক কাৰ্যত বাধাৰ যি সৃষ্টি হয় সেয়া আপোনালোকে ভালদৰেই জানে৷ এনে অৱস্থাত এক দেশ আৰু এক নিৰ্বাচনৰ ওপৰত অধ্যয়ন আৰু মন্থন অতিশয় আৱশ্যক৷ আৰু ইয়াত পীঠাসীন বিষয়াই দিশ নিৰ্দেশনা কৰিব পাৰে, গাইড কৰিব পাৰে, নেতৃত্ব প্ৰদান কৰিব পাৰে৷ ইয়াৰ সৈতে লোকসভাই হওক, বিধানসভাই হওক, অথবা পঞ্চায়ত নিৰ্বাচনেই হওক, ইয়াৰ বাবে এখনেই ভোটাৰ তালিকা হ’ব লাগে৷
ইয়াৰ বাবে আমি প্ৰথমে পথ প্ৰস্তুত কৰিব লাগিব৷ আজি প্ৰত্যেকৰ বাবে পৃথক পৃথক ভোটাৰ তালিকা আছে, আমি কিয় ব্যয় কৰি আছো, কিয় সময় নষ্ট কৰি আছো৷ এতিয়া প্ৰত্যেকৰে বয়স ১৮ৰ অধিক হোৱাটো নিশ্চিত কৰা হৈছে৷ প্ৰথমে বয়সৰ তাৰতম্য আছিল, সেয়ে অলপ পৃথক আছিল৷ এতিয়া কোনো প্ৰয়োজন নাই৷
বন্ধুসকল,
ডিজিটাইজেছনৰ পৰা আৰম্ভ কৰি সংসদত আৰু কিছুসংখ্যক বিধানসভাত কিছুমান প্ৰচেষ্টা কৰা হৈছে, এতিয়া পূৰ্ণ ডিজিটেলকৰণৰ কাম সময় আহি পৰিছে৷ যদি আপোনালোক প্ৰিজাইডিং বিষয়া ইয়াৰ সৈতে জড়িত পদক্ষেপসমূহৰ সৈতে সংবদ্ধ হ’ব, মোৰ বিশ্বাস যে আমাৰ বিধায়কসকল, সাংসদসকলেও দ্ৰুত গতিত প্ৰযুক্তিসমূহ আঁকোৱালি ল’ব৷
বন্ধুসকল,
আজি দেশৰ সকলো বিধায়িনী সদনে তথ্য বিনিময় কৰাটো আৱশ্যক যাতে দেশত এক কেন্দ্ৰীয় ডাটাবেছৰ সৃষ্টি হয়৷ সকলো সদনৰ কাম কাজ এক বাস্তৱিক সময়ত সাধাৰণ নাগৰিকৰ বাবে যাতে উপলব্ধ হয় আৰু দেশৰ সকলো সদনৰ বাবে উপলব্ধ হয়৷ ইয়াৰ বাবে “National e-Vidhan Application” ৰ ৰূপত এক আধুনিক ডিজিটেল প্লেটফ’ৰ্ম পূৰ্বৰ পৰাই বিকশিত কৰা হৈছে৷
বন্ধুসকল,
বিধানসভাৰ চৰ্চাসমূহৰ মাজত জন সহযোগিতা কিদৰে বৃদ্ধি হ’ব পাৰে, আজিৰ তৰুণ প্ৰজন্ম কিদৰে জড়িত হ’ব পাৰে ইয়াৰ বাবেও চিন্তা কৰিব লাগে৷ ঠিক সেইদৰে মহাবিদ্যালয়সমূহতো ‘মক সংসদ’ অনুষ্ঠিত কৰি ইয়াক বৃহৎ মাত্ৰাত প্ৰচাৰিত কৰিব লাগে৷ ইয়াৰ দ্বাৰা বিদ্যাৰ্থীসকলে প্ৰেৰণা লাভ কৰিব পাৰিব৷
পুনৰবাৰ এই কাৰ্যসূচীলৈ মোক নিমন্ত্ৰিত কৰাৰ বাবে অধ্যক্ষ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো৷
বন্ধুসকল,
নমৰ্দাজী আৰু চৰ্দাৰ চাহাবৰ সান্নিধ্যত এই প্ৰবাসে আপোনালোকক অনুপ্ৰেৰিত কৰি থাকক, এই কামনাৰ সৈতে মোৰ তৰফৰ পৰা আপোনালোক সকলোলৈ অলেখ অভিনন্দন থাকিল৷
অশেষ ধন্যবাদ!!!
অলেখ শুভকামনা!!
Addressing the All India Presiding Officers Conference. https://t.co/vwPvZRWMff
— Narendra Modi (@narendramodi) November 26, 2020
आज का दिन पूज्य बापू की प्रेरणा को, सरदार वल्लभभाई पटेल की प्रतिबद्धता को प्रणाम करने का है।
— PMO India (@PMOIndia) November 26, 2020
ऐसे अनेक प्रतिनिधियों ने भारत के नवनिर्माण का मार्ग तय किया था
देश उन प्रयासों को याद रखे, इसी उद्देश्य से 5 साल पहले 26 नवंबर को संविधान दिवस के रूप में मनाने का फैसला किया गया था: PM
आज की तारीख, देश पर सबसे बड़े आतंकी हमले के साथ जुड़ी हुई है।
— PMO India (@PMOIndia) November 26, 2020
2008 में पाकिस्तान से आए आतंकियों ने मुंबई पर धाबा बोल दिया था।
इस हमले में अनेक भारतीयों की मृत्यु हुई थी। कई और देशों के लोग मारे गए थे।
मैं मुंबई हमले में मारे गए सभी को अपनी श्रद्धांजलि अर्पित करता हूं: PM
इस हमले में हमारे पुलिस बल के कई जाबांज भी शहीद हुए थे। मैं उन्हें नमन करता हूं।
— PMO India (@PMOIndia) November 26, 2020
आज का भारत नई नीति-नई रीति के साथ आतंकवाद का मुकाबला कर रहा है: PM
मैं आज मुंबई हमले जैसी साजिशों को नाकाम कर रहे, आतंक को एक छोटे से क्षेत्र में समेट देने वाले, भारत की रक्षा में प्रतिपल जुटे हमारे सुरक्षाबलों का भी वंदन करता हूं: PM
— PMO India (@PMOIndia) November 26, 2020
संविधान के तीनों अंगों की भूमिका से लेकर मर्यादा तक सबकुछ संविधान में ही वर्णित है।
— PMO India (@PMOIndia) November 26, 2020
70 के दशक में हमने देखा था कि कैसे separation of power की मर्यादा को भंग करने की कोशिश हुई थी, लेकिन इसका जवाब भी देश को संविधान से ही मिला: PM
इमरजेंसी के उस दौर के बाद Checks and Balances का सिस्टम मज़बूत से मज़बूत होता गया।
— PMO India (@PMOIndia) November 26, 2020
विधायिका, कार्यपालिका और न्यायपालिका तीनों ही उस कालखंड से बहुत कुछ सीखकर आगे बढ़े: PM
भारत की 130 करोड़ से ज्यादा जनता ने जिस परिपक्वता का परिचय दिया है,
— PMO India (@PMOIndia) November 26, 2020
उसकी एक बड़ी वजह, सभी भारतीयों का संविधान के तीनों अंगों पर पूर्ण विश्वास है।
इस विश्वास को बढ़ाने के लिए निरंतर काम भी हुआ है: PM
इस दौरान संसद के दोनों सदनों में तय समय से ज्यादा काम हुआ है।
— PMO India (@PMOIndia) November 26, 2020
सांसदों ने अपने वेतन में भी कटौती करके अपनी प्रतिबद्धता जताई है।
अनेक राज्यों के विधायकों ने भी अपने वेतन का कुछ अंश देकर कोरोना के खिलाफ लड़ाई में अपना सहयोग दिया है: PM
कोरोना के इसी समय में हमारी चुनाव प्रणाली की मजबूती भी दुनिया ने देखी है।
— PMO India (@PMOIndia) November 26, 2020
इतने बड़े स्तर पर चुनाव होना, समय पर परिणाम आना, सुचारु रूप से नई सरकार का बनना, ये इतना भी आसान नहीं है।
हमें हमारे संविधान से जो ताकत मिली है, वो ऐसे हर मुश्किल कार्यों को आसान बनाती है: PM
केवड़िया प्रवास के दौरान आप सभी ने सरदार सरोवर डैम की विशालता देखी है, भव्यता देखी है, उसकी शक्ति देखी है।
— PMO India (@PMOIndia) November 26, 2020
लेकिन इस डैम का काम बरसों तक अटका रहा, फंसा रहा।
आज इस डैम का लाभ गुजरात के साथ ही मध्य प्रदेश, महाराष्ट्र और राजस्थान के लोगों को हो रहा है: PM
इस बांध से गुजरात की 18 लाख हेक्टेयर जमीन को, राजस्थान की 2.5 लाख हेक्टेयर जमीन को सिंचाई की सुविधा सुनिश्चित हुई है।
— PMO India (@PMOIndia) November 26, 2020
गुजरात के 9 हजार से ज्यादा गांव, राजस्थान और गुजरात के अनेकों छोटे-बड़े शहरों को घरेलू पानी की सप्लाई इसी सरदार सरोवर बांध की वजह से हो पा रही है: PM
ये सब बरसों पहले भी हो सकता था।
— PMO India (@PMOIndia) November 26, 2020
लेकिन बरसों तक जनता इनसे वंचित रही।
जिन लोगों ने ऐसा किया, उन्हें कोई पश्चाताप भी नहीं है।
इतना बड़ा राष्ट्रीय नुकसान हुआ, लेकिन जो इसके जिम्मेदार थे, उनके चेहरे पर कोई शिकन नहीं है।
हमें देश को इस प्रवृत्ति से बाहर निकालना है: PM
हर नागरिक का आत्मसम्मान और आत्मविश्वास बढ़े, ये संविधान की भी अपेक्षा है और हमारा भी ये निरंतर प्रयास है।
— PMO India (@PMOIndia) November 26, 2020
ये तभी संभव है जब हम सभी अपने कर्तव्यों को, अपने अधिकारों का स्रोत मानेंगे, अपने कर्तव्यों को सर्वोच्च प्राथमिकता देंगे: PM
Our Constitution has many features but one very special feature is the importance given to duties.
— PMO India (@PMOIndia) November 26, 2020
Mahatma Gandhi was very keen about this.
He saw a close link between rights & duties.
He felt that once we perform our duties, rights will automatically be safeguarded: PM
अब हमारा प्रयास ये होना चाहिए कि संविधान के प्रति सामान्य नागरिक की समझ और ज्यादा व्यापक हो।
— PMO India (@PMOIndia) November 26, 2020
आजकल आप लोग सुनते हैं KYC..
Know Your Customer डिजिटल सुरक्षा का अहम पहलू है।
उसी तरह KYC यानि Know Your Constitution हमारे संवैधानिक सुरक्षा कवच को भी मज़बूत कर सकता है: PM
हमारे यहां बड़ी समस्या ये भी रही है कि संवैधानिक और कानूनी भाषा, उस व्यक्ति को समझने में मुश्किल होती है जिसके लिए वो कानून बना है।
— PMO India (@PMOIndia) November 26, 2020
मुश्किल शब्द, लंबी-लंबी लाइनें, बड़े-बड़े पैराग्राफ, क्लॉज-सब क्लॉज, यानि जाने-अनजाने एक मुश्किल जाल बन जाता है: PM
हमारे कानूनों की भाषा इतनी आसान होनी चाहिए कि सामान्य से सामान्य व्यक्ति भी उसको समझ सके।
— PMO India (@PMOIndia) November 26, 2020
हम भारत के लोगों ने ये संविधान खुद को दिया है।
इसलिए इसके तहत लिए गए हर फैसले, हर कानून से सामान्य नागरिक सीधा कनेक्ट महसूस करे, ये सुनिश्चित करना होगा: PM
समय के साथ जो कानून अपना महत्व खो चुके हैं, उनको हटाने की प्रक्रिया भी आसान होनी चाहिए।
— PMO India (@PMOIndia) November 26, 2020
बीते सालों में ऐसे सैकड़ों कानून हटाए जा चुके हैं।
क्या हम ऐसी व्यवस्था नहीं बना सकते जिससे पुराने कानूनों में संशोधन की तरह, पुराने कानूनों को रिपील करने की प्रक्रिया स्वत: चलती रहे?: PM
आज उन सभी व्यक्तित्वों को नमन करने का दिन है, जिनके अथक प्रयासों से हमें संविधान मिला।
— Narendra Modi (@narendramodi) November 26, 2020
आज की तारीख देश पर सबसे बड़े आतंकी हमले से भी जुड़ी है। अब भारत नई नीति, नई रीति के साथ आतंकवाद का मुकाबला कर रहा है।
भारत की रक्षा में प्रतिपल जुटे सुरक्षाबलों का मैं वंदन करता हूं। pic.twitter.com/3inFgLvnOc
बीते 6-7 सालों में विधायिका, कार्यपालिका और न्यायपालिका में सामंजस्य को और बेहतर करने का प्रयास हुआ है। ऐसे प्रयासों का सबसे बड़ा प्रभाव जनता के विश्वास पर पड़ता है।
— Narendra Modi (@narendramodi) November 26, 2020
कठिन से कठिन समय में भी जनता का विश्वास इन तीनों पर बना रहता है। यह हमने इस वैश्विक महामारी के समय भी देखा है। pic.twitter.com/5I4qPuGdYl
सरदार सरोवर डैम का काम बरसों तक अटका रहा, फंसा रहा। संविधान का दुरुपयोग करने का प्रयास हुआ।
— Narendra Modi (@narendramodi) November 26, 2020
लेकिन हमें हमारे संविधान से जो ताकत मिली है, वह ऐसे हर मुश्किल कार्य को आसान बनाती है। pic.twitter.com/v2Ma8Ubkt8
Know Your Customer डिजिटल सुरक्षा का अहम पहलू है।
— Narendra Modi (@narendramodi) November 26, 2020
उसी तरह KYC यानि Know Your Constitution हमारे संवैधानिक सुरक्षा कवच को भी मजबूत कर सकता है।
इसलिए संविधान के प्रति जागरूकता के लिए निरंतर अभियान भी चलाते रहना चाहिए। pic.twitter.com/gNpy12JQAS
हमारे कानूनों की भाषा इतनी आसान होनी चाहिए कि सामान्य से सामान्य व्यक्ति भी उसको समझ सके।
— Narendra Modi (@narendramodi) November 26, 2020
हम भारत के लोगों ने यह संविधान खुद को दिया है। इसलिए इसके तहत लिए गए हर फैसले, हर कानून से सामान्य नागरिक सीधा कनेक्ट महसूस करे, यह सुनिश्चित करना होगा। pic.twitter.com/gT8AW4Rqp7
वन नेशन वन इलेक्शन सिर्फ एक चर्चा का विषय नहीं है, बल्कि यह भारत की जरूरत है।
— Narendra Modi (@narendramodi) November 26, 2020
ऐसे में इस पर गहन अध्ययन और मंथन आवश्यक है। इसमें पीठासीन अधिकारियों की भी बड़ी भूमिका है। pic.twitter.com/83JUIXw5bU
संविधान सभा इस बात को लेकर एकमत थी कि आने वाले भारत में बहुत सी बातें परंपराओं से भी स्थापित होंगी।
— Narendra Modi (@narendramodi) November 26, 2020
संविधान सभा चाहती थी कि आने वाली पीढ़ियां यह सामर्थ्य दिखाएं और नई परंपराओं को अपने साथ जोड़ते चलें।
हमें अपने संविधान के शिल्पियों की इस भावना का भी ध्यान रखना है। pic.twitter.com/3FYymymPLR