Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

৩১ মে’ত ছিমলা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে আৰু অংশগ্ৰহণ কৰিব ‘গৰীৱ কল্যান সন্মিলন’


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩১ মে’, ২০২২ত হিমাচল প্ৰদেশৰ ছিমলা ভ্ৰমণ কৰিব। পুৱা ১১ বজাত প্ৰধানমন্ত্ৰীয়ে ‘গৰীৱ কল্যাণ সন্মিলন’ত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে আঠ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এই নতুন ৰাজহুৱা কাৰ্যসূচী সমগ্ৰ দেশতে ৰাজ্যৰ ৰাজধানী, জিলা মুখ্য কাৰ্যালয় আৰু কৃষি বিজ্ঞান কেন্দ্ৰত আয়োজন কৰা হৈছে। চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন কল্যাণমূলক কাৰ্যসূচীৰ বিষয়ে মতামত লাভ কৰাৰ প্ৰয়াসেৰে জনসাধাৰণৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰাৰ লক্ষ্যৰে দেশজুৰি নিৰ্বাচিত জনপ্ৰতিনিধিসকলক এই সন্মিলন আয়োজন কৰা মনস্থ কৰা হৈছে।

‘গৰীৱ কল্যাণ সন্মিলন’ পুৱা প্ৰায় ০৯:৪৫ বজাত আৰম্ভ হ’ব, য’ত মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী, সাংসদ, বিধায়ক আৰু অন্যান্য নিৰ্বাচিত জনপ্ৰতিনিধিয়ে সমগ্ৰ দেশৰ নিজ নিজ স্থানত জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিব। পুৱা প্ৰায় ১১ বজাত প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচীত যোগদান কৰাৰ লগে লগে বিভিন্ন ৰাজ্যিক আৰু স্থানীয় পৰ্যায়ৰ কাৰ্যসূচীসমূহে সামৰি লৈ সন্মিলনখনক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰি তুলিব। সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ ৯টা মন্ত্ৰালয়/বিভাগৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰিব।

সমগ্ৰ দেশতে আয়োজন কৰা মুকলি মত বিনিময় কাৰ্যসূচীৰ লক্ষ্য হৈছে জনসাধাৰণৰ পৰা বিনামূলীয়া আৰু মুক্তভাৱে মতামত লাভ কৰা, মানুহৰ জীৱনত কল্যাণমূলক আঁচনিৰ প্ৰভাৱ বুজি পোৱা আৰু বিভিন্ন চৰকাৰী কাৰ্যসূচীৰ সন্দৰ্ভত জনা আৰু ইয়া সম্পূৰ্ণ ৰূপায়ণ আভাস লোৱা৷ চৰকাৰী কাৰ্যসূচীসমূহৰ প্ৰসাৰ আৰু প্ৰদান অধিক কাৰ্যক্ষম কৰি তোলাৰ প্ৰয়াস কৰা হৈছে যাতে দেশৰ নাগৰিকসকলৰ জীৱন-যাপন আৰু অধিক সহজ হৈ পৰে৷

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ)আঁচনিৰ অধীনত আৰ্থিক সুবিধাৰ একাদশ কিস্তিও মুকলি কৰিব। ইয়াৰ জৰিয়তে ১০ কোটিৰো অধিক হিতাধিকাৰী কৃষক পৰিয়ালক ২১,০০০ কোটি টকা হস্তান্তৰ কৰা হৈছে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ (পিএম-কিষাণ) হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰিব।

 

***

DS/SH/DB