মোৰ প্ৰিয় দেশবাসী নমস্কাৰ!
আজিৰ মন কী বাতৰ আৰম্ভণিতে মই আপোনালোকৰ সৈতে এটা ভাল খবৰ শ্বেয়াৰ কৰিব বিচাৰিছো৷ প্ৰতিগৰাকী ভাৰতীয়ই জানি সুখী হ’ব যে অতি প্ৰাচীন দেৱী অৰ্ণপূৰ্ণাৰ প্ৰতিমা কানাডাৰ পৰা ভাৰতলৈ ঘূৰাই অনা হৈছে৷ প্ৰায় ১০০ বছৰৰ পূৰ্বে ১৯১৩ চন মানত বাৰাণসীৰ এটা মন্দিৰৰ পৰা এই প্ৰতিমা চুৰি হৈছিল৷ মই কানাডা চৰকাৰ আৰু এই মহান ব্যক্তিসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো, যাৰবাবে এই কাম সমাধা হ’ল৷ মাতা অন্নপূর্ণাৰ কাশীৰ সৈতে এক নিবিড় সম্বন্ধ আছে। এতিয়া তেওঁৰ প্রতিমা ঘূৰাই অনাটো আমাৰ সকলোৰে বাবে আনন্দৰ বিষয়। মাতা অন্নপূর্ণাৰ প্রতিমাৰ দৰেই আমাৰ ঐতিহ্যপূৰ্ণ বহু অমূল্য ৰত্ন, আন্তঃৰাষ্ট্ৰীয় চক্রৰ চিকাৰ হৈ আহিছে। এই চক্রই আন্তঃৰাষ্ট্ৰীয় বজাৰত এইবোৰ অতি উচ্চ দামত বিক্ৰী কৰে। এতিয়া ইয়াৰ ওপৰত জোৰ দিয়াৰ লগতে, এই সামগ্রীসমূহ ঘূৰাই অনাৰ বাবে ভাৰতে প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ এনে প্রচেষ্টাৰ কাৰণে বিগত বছৰসমূহত ভাৰতে বহু প্রতিমা আৰু শিল্প–সামগ্রী ঘূৰাই আনিবলৈ সক্ষম হৈছে। মাতা অন্নপূর্ণাৰ প্রতিমা ঘূৰাই অনাৰ লগত আৰু এটি ঘটনাৰ জড়িত হৈ আছে। কিছুদিন পূৰ্বে বিশ্ব ঐতিহ্য সপ্তাহ পালন কৰা হৈছে। সংস্কৃতি প্রেমীসকলৰ বাবে বিশ্ব ঐতিহ্য সপ্তাহে পুৰণি সময়লৈ ঘূৰি যোৱা, তাৰ ইতিহাসৰ গুৰুত্বপূর্ণ পর্বৰ সন্ধান কৰাৰ এক চিত্তাকর্ষক সুযোগ আনি দিয়ে৷ ক’ৰোনা পর্ব চলাৰ পাছতো এইবাৰ আমি উদ্ভাৱনী উপায়েৰে জনসাধাৰণক এই ‘ঐতিহ্য সপ্তাহ’ পালন কৰি দেখুৱালো৷ সংকটৰ সময়ত সংস্কৃতি যথেষ্ট কামত আহে আৰু সংকটৰ মোকাবিলা কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। প্রযুক্তিৰ জৰিয়তেও সংস্কৃতি আৱেগৰ উদ্দীপনাৰ এক হৈ কাম কৰে। বৰ্তমান দেশত বহু সংগ্রহালয় আৰ গ্রন্থাগাৰে নিজৰ সংগ্রহক সম্পূৰ্ণ ডিজিটাইজেচনৰ কাম কৰিছে৷ দিল্লীত আমাৰ ৰাষ্ট্রীয় সংগ্ৰহালয়ত এই ক্ষেত্ৰত কেতবোৰ প্রশংসনীয় প্ৰচেষ্টা লৈছে। ৰাষ্ট্রীয় সংগ্ৰহালয়ত প্রায় দহটা ভার্চুৱেল গেলাৰী গঢ়াৰ বাবে কাম চলি আছে- এয়া আকর্ষণীয় নহয় নে? এতিয়া আপুনি ঘৰত বহি দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ গেলাৰী চাব পাৰিব৷ য’ত এফালে প্রযুক্তিৰ জৰিয়তে সাংস্কৃতিক ঐতিহ্যক আৰু অধিক জনতাৰ কাষলৈ নিয়াত গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে, আনফালে এই ঐতিহ্যৰ সংৰক্ষণৰ বাবে প্রযুক্তিৰ ব্যৱহাৰো গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷। সম্প্রতি মই এটা আকর্ষণীয় প্রকল্পৰ সন্দৰ্ভত পঢ়িছিলো৷ নৰৱেৰ উত্তৰত স্ফালবার্ড নামে এটা দ্বীপ আছে। এই দ্বীপত আর্কটিক ৱর্ল্ড আর্কাইভ নামেৰে এটা প্রকল্প নিৰ্মাণ কৰা হৈছে। এই আর্কাইভত বহুমূলীয়া ঐতিহ্য সংক্রান্ত তথ্য এনেদৰে ৰখা আছে যে কোনো ধৰণৰ প্রাকৃতিক বা মানুৱসৃষ্ট দুৰ্যোগেও সেয়া প্রভাৱিত কৰিব নোৱাৰে৷
অতি সম্প্রতি এইটোও জনা গৈছে যে অজন্তা গুহাৰ সম্পদৰাজিকো ডিজিটাইজ কৰি এই প্রকল্পত জড়িত কৰা হৈছে। ইয়াত অজন্তা গুহাৰ সম্পূৰ্ণ দৃশ্য চাবলৈ পোৱা যাব৷ ইয়াত ডিজিটেলাইজড আৰু ৰেষ্টোৰড পেইণ্টিঙৰ লগ লগে ইয়াৰ লগত সম্পৰ্কযুক্ত নথিপত্র আৰু উদ্ধৃতি যুক্ত আছে৷ বন্ধুসকল, মহামাৰীয়ে যিসময়ত এফালে আমাৰ কাম-কাজৰ পদ্ধতি সলনি কৰিছে, আনফালে প্রকৃতিক নতুনকৈ উপলব্ধি কৰাৰ সুযোগ প্ৰদান কৰিছে। প্রকৃতিৰ প্ৰতি আমাৰ দৃষ্টিভংগীও সলনি হৈছে। এতিয়া আমি শীতকালত প্রৱেশ কৰিছো৷ আমি প্রকৃতিৰ ভিন্ন ৰং দেখিবলৈ পাম৷ বিগত দি কেইটাত চেৰী ফুলৰ ভাইৰেল ছবিৰে ইণ্টাৰনেট ভৰি পৰিছে৷ এতিয়া আপোনালোকে হয়তো ভাবিছে যে মই যি চেৰী ফুলৰ কথা কৈছো, সেয়া জাপানৰ এই প্রসিদ্ধ পৰিচিতিৰ কথা কৈছো৷ কিন্তু কথাটো তেনে নহয়! এইবোৰ জাপানৰ ছবি নহয়! এইবোৰ আমাৰ মেঘালয়ৰ শ্বিলঙৰ ছবি। মেঘালয়ৰ অপৰূপ সৌন্দর্যত এই চেৰী ফুলে আৰু অধিক জেউতি চৰাইছে৷
বন্ধুসকল, চলিত নৱেম্বৰ মাহৰ ১২ তাৰিখৰ পৰা ডক্টৰ ছেলিম আলি জীৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী সমাৰোহ আৰম্ভ হৈছে। ডক্টৰ ছেলিম আলিয়ে পক্ষী জগতত চৰাইৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য কাম কৰিছে৷ বিশ্বৰ পক্ষী বিশেষজ্ঞসকলক ভাৰতৰ প্রতি আকৃষ্টও কৰিছে৷ আমি চিৰদিন চৰাইৰ সন্ধানৰ প্ৰতি অনুৰাগী লোকসকলৰ প্ৰশংসাৰ কৰি আহিছো। বহু ধৈর্যৰে তেওঁলোকে ঘণ্টাৰ পাছত ঘণ্টা, পুৱাৰে পৰা সন্ধ্যালৈকে চৰাইৰ সন্ধান কৰিব পাৰে, প্রকৃতিৰ অনুপম সৌন্দর্যৰ আনন্দ ল’ব পাৰে আৰু নিজৰ জ্ঞানক আমাৰ কাষলৈ প্ৰেৰণ কৰে৷ ভাৰততো বহু চৰাইৰ সন্ধানী ছ’চাইটি সক্রিয় হৈ আছে। আপোনালোকো নিশ্চয় এই বিষয়ৰ সৈতে জড়িত হ’ব৷ মইও জীৱনৰ ধামখুমীয়া বিগত সময়ত কেৱাড়িয়াত পক্ষীৰ সৈতে সময় কটোৱাৰ স্মৰণীয় সুযোগ পাইছিলো৷ পক্ষীৰ সৈতে সময় কটোৱাৰ জৰিয়তে আপুনি প্রকৃতিৰ সৈতে যুক্ত হ’ব আৰু পৰিৱেশৰ ভাৱনাই আপোনাক অনুপ্রাণিত কৰিব।
মোৰ প্রিয় দেশবাসী, ভাৰতৰ সংস্কৃতি আৰু শাস্ত্রত সকলো সময়তে সমগ্র বিশ্বৰ বাবে আকর্ষণৰ কেন্দ্রবিন্দু হৈ আহিছে৷ বহু লোকে ইয়াৰ সন্ধানত ভাৰতলৈ আহে আৰু চিৰদিনৰ বাবে ইয়াতে থাকি যায়৷ আকৌ বহু লোকে নিজৰ দেশলৈ ঘূৰি গৈ এই সংস্কৃতিৰ বাহক হৈ পৰে৷ মোৰ জোনাছ মেচেত্তিৰ কামৰ সম্বন্ধে জনাৰ সুযোগ হয়, যাক আমি ‘বিশ্বনাথ‘ নামেৰে জানো। জোনাছে ব্রাজিলৰ লোকসকলক বেদ আৰু গীতাৰ তত্বৰ শিক্ষা দিয়ে৷ তেওঁ ‘বিশ্ববিদ্যা‘ নামেৰে এটা সংস্থা চলায়, যি ৰিঅ’ ডি জেনেইৰ’ৰ পৰা প্ৰায় এঘণ্টাৰ দূৰত্বত পেট্রোপ’লিছৰ পাহাৰত অৱস্থিত। জোনাছে মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পঢ়াশুনা কৰাৰ পাছত ষ্টক মার্কেটৰ এটা কোম্পানীত কাম কৰে৷ পাছত ভাৰতীয় সংস্কৃতি বিশেষকৈ বেদ-বেদান্তৰ প্রতি আকৃষ্ট হয়৷ ষ্টকৰ পৰা আধ্যাত্মিকতা, বাস্তৱত তেওঁৰ যাত্রা পথ অতি সুদীর্ঘ। জোনাছে ভাৰতত বেদান্ত দর্শনক লৈ অধ্যয়ন কৰে আৰু চাৰি বছৰলৈকে কইম্বাটুৰৰ আর্শ বিদ্যা গুৰুকুলামত থাকে৷ জোনাছৰ আন এক বৈশিষ্ট্য আছে, তেওঁ নিজৰ বাৰ্তা সকলোৰ ওচৰলৈ পঠোৱাৰ বাবে প্রযুক্তিৰ ব্যৱহাৰ কৰিছে৷ তেওঁ নিয়মীয়াকৈ অনলাইন কাৰ্যসূচীৰ আয়োজন কৰে৷ প্রতিদিনে পডকাষ্টো কৰে৷ বিগত সাত বছৰত জোনাছে বেদান্তৰ ওপৰত সকলোৰে বাবে বিনামূলীয়া পাঠক্রমৰ জৰিয়তে ডেৰ লক্ষাধিক ছাত্র–ছাত্রীক পঢ়ুৱাইছে৷ জোনাছে কেৱল এক ডাঙৰ কামেই কৰা নাই, তেওঁ এনে ভাষাত কৰিছে, যাতে বহুলোকে বুজাত সুবিধা হয়। ক’ৰোনা আৰু কোৱাৰেণ্টাইনৰ সময়ছোৱাত বেদান্তই কিদৰে সহায় কৰিব পাৰে সেয়া জনাৰ বাবে জনসাধাৰণক এই বিষয়ে বহু আগ্রহ আছে। মন কী বাতৰ জৰিয়তে জোনাছৰ প্রচেষ্টাসমূহৰ বাবে তেওঁক অভিনন্দন আৰু তেওঁৰ ভৱিষ্যত প্রচেষ্টাৰ বাবে শুভকামনা জনাইছো৷
বন্ধুসকল, বৰ্তমান এনে আন এটা খবৰৰ প্রতি আপোনালোকে নিশ্চয় দৃষ্টি গৈছে৷ নিউজিলেণ্ডৰ নৱনির্বাচিত সাংসদ ড০ গৌৰৱ শর্মাই বিশ্বৰ প্রাচীন ভাষাসমূহৰ অন্যতম সংস্কৃত ভাষাত শপত গ্রহণ কৰে৷ এজন ভাৰতীয় হৈ ভাৰতীয় সংস্কৃতিৰ এই প্রসাৰৰ বাবে লোৱা পদক্ষেপৰ বাবে মই গৌৰৱ বোধ কৰিছো৷ ‘মন কী বাত’ৰ জৰিয়তে গৌৰৱ শর্মাজীক শুভকামনা জনাইছো। মই সকলোৱে কামনা কৰিছো যে নিউজিলেণ্ডৰ জনসাধাৰণৰ সেৱাত তেওঁ নতুন উচ্চতাত উপনীত হ’ব৷
মোৰ প্রিয় দেশবাসী, কাইলৈ ৩০ নৱেম্বৰ। মই শ্রী গুৰু নানক দেৱজীৰ ৫৫১সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন কৰিম৷ সমগ্র বিশ্বত গুৰু নানক দেৱজীৰ প্রভাৱ স্পষ্টকৈ পৰিলক্ষিত হয়৷ ভেংকোবাৰৰ পৰা ৱেলিংটন, ছিংগাপুৰৰ পৰা দক্ষিণ আফ্রিকালৈকে তেওঁৰ উপদেশ সর্বত্ৰ গুঞ্জৰিক হয়৷ গুৰুগ্রন্থ ছাহিবত কোৱা হৈছে “সেৱক কো, সেৱা বন আই” অর্থাৎ সেৱকৰ কাম, সেৱা কৰা। বিগত কিছু বছৰত বহু গুৰুত্বপূর্ণ পর্ব আহি আছে আৰু এজন সেৱক হিচাপে মই বহু কাম কৰাৰ সুযোগ পাইছো৷ গুৰু চাহিৱক মই সেৱা জনালো। ইয়াৰ পূৰ্বে গুৰু নানক দেৱজীৰ ৫৫০সংখ্যক আৱিৰ্ভাৱ তিথি, শ্রী গুৰু গোৱিন্দ সিং জীৰ ৩৫০সংখ্যক আৱিৰ্ভাৱ পর্ব আছিল। অহা বছৰ শ্রী গুৰু টেগবাহাদুৰ জীৰ ৪০০সংখ্যক আৱিৰ্ভাৱ পর্ব। মই অনুভৱ কৰিছো যে গুৰু চাহেবৰ মোৰ ওপৰ বিশেষ কৃপা আছে, তেওঁ সদায় আমাৰ নিজৰ কামত নিচেই ওচৰৰ পৰা জড়িত হোৱাৰ সুযোগ দিছে৷
বন্ধুসকল, আপোনালোকে নিশ্চয় জানে কচ্ছত এটা গুৰদ্বাৰা আছে- ‘লাখপত গুৰদ্বাৰা চাহেব‘ । শ্রী গুৰু নানকজীয়ে নিজৰ বিষন্নতাৰ সময়ত ‘লাখপত গুৰদ্বাৰা চাহেব‘ত আছিল৷ ২০০১ চনৰ ভূমিকম্পত এই গুৰুদ্বাৰৰো ক্ষতি হয়। এয়া গুৰু চাহেবৰে কৃপা যে মই ইয়াক জৰাজীৰ্ণ অৱস্থাৰ পৰা উদ্ধাৰৰ কাম সুনিশ্চিত কৰিব পাৰিলো৷ কেৱল মেৰামতি কৰাই নহয়, এই গুৰুদ্বাৰৰ বৈভৱ আৰু পূর্ব গৌৰৱকো ঘূৰাই অনা হৈছে। মই সকলো গুৰু চাহেবৰ আশীর্বাদ লাভ কৰিছো৷ লখপত গুৰুদ্বাৰ সংৰক্ষণৰ প্রচেষ্টাক ২০০৪চনত ইউনেস্ক’ৰ এছিয়া-প্রশান্ত মহাসাগৰীয় ঐতিহ্যৰ পুৰস্কাৰ এৱার্ড অফ ডিষ্টিংচন প্ৰদান কৰা হৈছে৷ মেৰামতিৰ সময়ত শৈল্পিক খুঁটিনাটিক উপযুক্তভাৱে গুৰুত্ব দিয়া হৈছে বুলি জুৰীয়ে মত প্ৰকাশ কৰিছিল৷ জুৰিয়েও জানিছিল, মেৰামতিৰ কামত শিখ সসম্প্রদায়ৰ মানুহে কেৱল জড়িত আছিল এনে নহয়, বৰঞ্চ তেওঁলোকৰ তত্ত্বাৱধানতে সকলো কাম সম্পূর্ণ হয়। তেতিয়া মই মুখ্যমন্ত্রী নাছিলো, তেতিয়াও লখপত গুৰুদ্বাৰলৈ যোৱাৰ সুযোগ হৈছিল। তাত গ’লে মই অসীম শক্তি পাও। সকলোৱে এই গুৰুদ্বাৰালৈ যাবলৈ পালে নিজকে ধন্য বুলি ভাৱে৷ গুৰু চাহেবে মোৰ পৰা বহু সেৱা লাভ কৰিছে আৰু সেইবাবে মই অতি কৃতজ্ঞ। যোৱা বছৰৰ নৱেম্বৰ মাহত কাৰতাৰপুৰ চাহেব কৰিড’ৰ খোলাৰ ঐতিহাসিক ঘটনা হৈছিল। এই বিষয়টোক মই আজীৱন স্মৃতিৰ মনিকোঠাত ৰাখিম৷ এয়া আমাৰ সকলোৰে সৌভাগ্য যে আমাৰ শ্রী দৰবাৰ চাহেবৰ সেৱা কৰাৰ আন এটি সুযোগ হৈছে। আমাৰ প্রবাসী শিখ ভাই–ভনীসকলে এতিয়া আৰু সহজে দৰবাৰ চাহেবৰ সেৱাত ধন প্ৰেৰণ কৰিব পাৰিব৷ এই পদক্ষেপ লোৱাৰ ফলত সমগ্ৰ বিশ্বত তেওঁলোক য’তে আছে, তাৰ পৰা দৰবাৰ চাহেবৰ আৰু ওচৰ চাপি আহিল৷
বন্ধুসকল, গুৰু নানক জীয়ে লংগৰ প্রথা আৰম্ভ কৰিছিল৷ মই ক’ৰোনা মহামাৰীৰ এই সময়ছোৱাত দেখিলো কিদৰে শিখ ভাই–ভনীসকলে তেওঁলোকৰ এই পৰম্পৰাক বজাই ৰাখি মানৱসেৱাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিলে৷ এই পৰম্পৰা মোৰ বাবে প্রেৰণাস্বৰূপ। আমি বিচাৰো, আমি সকলো সেৱক হৈ কাম কৰি যাম। গুৰু চাহেবে আমাৰ পৰা আৰু মোৰ দেশবাসীৰ পৰা এইনে সেৱাই লাভ কৰি থাকক৷ পুনৰবাৰ গুৰু নানক জয়ন্তীত সকলোকে বহুত বহুত শুভকামনা জনাইছো৷
মোৰ প্রিয় দেশবাসী, বিগত কেইটামান দিনত দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে কথা পতাৰ লগতে তেওঁলোকৰ শিক্ষালাভৰ গুৰুত্ত্বপূর্ণ ঘটনাৰ অংশীদাৰ হোৱাৰ সুযোগ পালো৷ আইআইটি গুৱাহাটী, আইআইটি দিল্লী, গান্ধীনগৰৰ দীনদয়াল পেট্র’লিয়াম ইউনিভাৰ্ছিটী, দিল্লীৰ জেএনইউ, মহীশূৰ বিশ্ববিদ্যালয় আৰু লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীসকলৰ সৈতে প্রযুক্তিৰ সহায়ত মই যোগাযোগ কৰিব পাৰিছো৷ দেশৰ যুৱসম্প্রদায়ৰ মাজত থাকিবলৈ পালে মনটো সতেজ আৰু উজ্জীৱিত যেন বোধ হয়৷ বিশ্ববিদ্যালয়ৰ চৌহদো একপ্ৰকাৰৰ মিনি ইণ্ডিয়া। এফালে যেনেকৈ এই চৌহদসমূহত ভাৰতৰ বৈচিত্ৰতা পৰিলক্ষিত হয়, তেনদৰে নতুন ভাৰত গঢ়াৰ বাবে গুৰুত্বপূর্ণ পৰিৱর্তন অনাৰো ইচ্ছা দেখা যায়৷ ক’ৰোনা মহামাৰীৰ পূৰ্বে যেতিয়া মই সোশৰীৰে কোনো প্রতিষ্ঠানৰ অনুষ্ঠানলৈ গৈছিলো, তেতিয়া মই অনুৰোধো কৰিছিলো যে সমীপৰ স্কুলৰ দুখীয়া ছাত্র–ছাত্রীসকলকো তালৈ আমন্ত্রণ জনোৱা হওক। এই শিশুসকল মোৰ বিশেষ অতিথি হিচাপে আহক৷ এগৰাকী কনমানি শিশুৱে যেতিয়া এই বিৰাট সমাৰোহত কোনোৱাজনক চিকিৎসক, কোনোৱাজন ইঞ্জিনিয়াৰ, বিজ্ঞানী হোৱা দেখিব, কোনোবাই পদক পোৱা দেখিব, তেতিয়া তাৰ মনতো নতুন সপোন জাগি উঠিব৷ ‘মইও পাৰিম’ এনে আত্মবিশ্বাস জাগিব৷ নতুন সংকল্পৰ অনুপ্রেৰণা লাভ কৰিব৷
বন্ধুসকল, ইয়াৰ উপৰিও আৰু এটা কথা জানিবলৈ মোৰ সদায় মন যায় যে সেই ইনষ্টিটিউচনৰ এলুমনাই (alumni) কোন, সেই প্ৰতিষ্ঠানৰ নিজৰ এলুমনাইৰে ৰেগুলাৰ এংগেজমেণ্টৰ ব্যৱস্থা আছে নেকি? তেওঁলোকৰ এলুমনাই নেটৱৰ্ক কিমান জীৱন্ত…l
মোৰ যুৱ বন্ধু-বান্ধবীসকল, আপোনালোক তেতিয়ালৈকেহে কোনো প্ৰতিষ্ঠানৰ বিদ্যাৰ্থী, যেতিয়ালৈকে আপোনালোকে তাত পঢ়া-শুনা কৰে, কিন্তু তাৰ এলুমনাই, আপোনালোক জীৱনজুৰি থাকে। স্কুল, কলেজৰ পৰা ওলোৱাৰ পিছত দুটা বস্তু কেতিয়াও শেষ নহয়-এক, আপোনাৰ শিক্ষাৰ প্ৰভাৱ, আৰু দ্বিতীয়, আপোনাৰ নিজৰ স্কুল, কলেজৰ সৈতে সম্পৰ্ক। যেতিয়া এলুমনাইয়ে পৰস্পৰে কথা পাতে, তেতিয়া স্কুল, কলেজৰ তেওঁলোকৰ স্মৃতিত কিতাপ আৰু অধ্যয়নতকৈ বেছি কেম্পাছত অতিবাহিত কৰা সময় আৰু বন্ধুবৰ্গৰ সৈতে কটোৱা মুহূৰ্তবিলাক থাকে, আৰু এই স্মৃতিৰ পৰাই জন্ম লয় এটা ভাবনা, ইনষ্টিটিউচনৰ বাবে কিবা কৰাৰ। য’ত আপোনাৰ ব্যক্তিত্বৰ বিকাশ হ’ল, তাৰ বিকাশৰ বাবে আপুনি কিবা কৰিব তাতকৈ ডাঙৰ আনন্দৰ কথা আৰু কি হ’ব পাৰে? মই কিছুমান এনেকুৱা প্ৰয়াসৰ বিষয়ে পঢ়িছো, য’ত প্ৰাক্তন বিদ্যাৰ্থীয়ে নিজৰ পুৰণি প্ৰতিষ্ঠানক যথেষ্ট দিছে। আজিকালি এলুমনাই ইয়াক লৈ বহুত সক্ৰিয়। আইআইটিয়ানছে নিজৰ প্ৰতিষ্ঠানক কনফাৰেঞ্চ চেণ্টাৰছ, মেনেজমেন্ট চেণ্টাৰছ, ইনক্যুবেচন চেণ্টাৰছৰ দৰে কেইবাটাও বেলেগ বেলেগ ব্যৱস্থা নিজেই বনাই দিছে। এই সকলো প্ৰয়াসে বৰ্তমান বিদ্যাৰ্থীৰ লাৰ্নিং এক্সপেৰিয়েঞ্চক ইম্প্ৰ’ভ কৰে। আইআইটি দিল্লীয়ে এটা এন্ড’মেণ্ট ফাণ্ড আৰম্ভ কৰিছে, যি এটা চমকপ্ৰদ আইডিয়া। বিশ্বৰ জনাজাত ইউনিভাৰছিটীত এনেধৰণৰ এন্ড’মেণ্ট বনোৱাৰ কালচাৰ আছে, যি ছাত্ৰ-ছাত্ৰীক সহায় কৰে। মই ধাৰণা কৰো যে ভাৰতৰ বিশ্ববিদ্যালয়েও এই সংস্কৃতিক ইনষ্টিটিউচনেলাইজড কৰিবলৈ সক্ষম।
যেতিয়া কিবা ওভতাই দিয়াৰ কথা আহে, তেতিয়া একোৱেই ডাঙৰ বা সৰু নহয়। সৰুতকৈও সৰু সহায়েও অৰ্থ বহন কৰে। প্ৰতিটো প্ৰয়াস মহত্বপূৰ্ণ। প্ৰায়ে প্ৰাক্তন বিদ্যাৰ্থীয়ে নিজৰ প্ৰতিষ্ঠানৰ প্ৰযুক্তিৰ উন্নীতকৰণত, ভবন নিৰ্মাণত, বঁটা আৰু বৃত্তি আৰম্ভ কৰাত, দক্ষতা বিকাশৰ কাৰ্যক্ৰম আৰম্ভ কৰাত বহুত মহত্বপূৰ্ণ ভূমিকা পালন কৰে। কিছুমান স্কুলৰ অ’ল্ড ষ্টুডেণ্ট এছ’চিয়েচনে মেণ্টৰশ্বিপ প্ৰগ্ৰেমছ আৰম্ভ কৰিছে। ইয়াত তেওঁলোকে বেলেগ বেলেগ বেট্চৰ বিদ্যাৰ্থীক গাইড কৰে। লগতে এডুকেশ্যন প্ৰস্পেক্টৰ ওপৰত আলোচনা কৰে। কিছুমান স্কুলত বিশেষকৈ ব’ৰ্ডিং স্কুলৰ এলুমনাই এছ’চিয়েচন বহুত শক্তিশালী, যি স্পৰ্টছ টুৰ্নামেণ্ট আৰু কমিউনিটী ছাৰ্ভিচৰ দৰে গতিবিধিৰ আয়োজন কৰি থাকে। মই প্ৰাক্তন বিদ্যাৰ্থীসকলক আহ্বান জনাও যে তেওঁলোকে যি প্ৰতিষ্ঠানত পঢ়াশুনা কৰিলে, তাৰ সৈতে নিজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰি থাকক। লাগে সেয়া স্কুলেই হওক, কলেজেই হওক বা ইউনিভাৰছিটী। মই প্ৰতিষ্ঠানসমূহকো আহ্বান জনাও যে এলুমনাই এংগেজমেণ্টৰ নতুন আৰু ইন’ভেটিভ প্ৰক্ৰিয়াৰ ওপৰত কাম কৰক। ক্ৰিয়েটিভ প্লেটফৰ্মৰ বিকাশ কৰক যাতে এলুমনাইৰ সক্ৰিয় অংশগ্ৰহণ হ’ব পাৰে। ডাঙৰ কলেজ বা বিশ্ববিদ্যালয়েই নহয়, আমাৰ গাঁৱৰ বিদ্যালয়সমূহৰো ষ্ট্ৰং ভাইব্ৰেণ্ট এক্টিভ এলুমনাই নেটৱৰ্ক হওক।
মোৰ মৰমৰ দেশবাসী,
৫ ডিচেম্বৰত শ্ৰী অৰবিন্দৰ পূণ্য তিথি। শ্ৰী অৰবিন্দৰ বিষয়ে আমি যিমানেই পঢ়ো সিমানেই গভীৰতা আমি পাই গৈ থাকো। মোৰ যুৱবন্ধুসকলে শ্ৰী অৰবিন্দক যিমান জানিব, সিমানেই নিজেই নিজক জানিব, নিজক সমৃদ্ধ কৰিব। জীৱনৰ যি ভাব অৱস্থাত আপুনি আছে, যি সংকল্প সিদ্ধ কৰিবলৈ আপুনি প্ৰয়াসৰত, তাৰ মাজত আপুনি সদায়ে শ্ৰী অৰবিন্দক এটা নতুন প্ৰেৰণা দিয়া পাব, এটা নতুন পথ দেখুৱাই দিয়া পাব। যেনেদৰে আজি আমি ‘লোকেলৰ বাবে ভোকেল’ এই অভিযানেৰে আগবাঢ়ি আছো, সেয়ে শ্ৰী অৰবিন্দৰ স্বদেশীৰ দৰ্শনে আমাক পথ দেখুৱায়। বাংলাত এটা বৰ প্ৰভাৱশালী কবিতা আছে
‘छुई शुतो पॉय-मॉन्तो आशे तुंग होते ।
दिय-शलाई काठि, ताउ आसे पोते ।।
प्रो-दीप्ती जालिते खेते, शुते, जेते ।
किछुते लोक नॉय शाधीन ।।
অৰ্থাৎ, আমাৰ ইয়াত বেজী আৰু দিয়াচলাই পৰ্যন্ত বিলাতী জাহাজেৰে আহে। খোৱা-বোৱা, শোৱা, কোনো কথাতে মানুহ স্বাধীন নহয়।
তেওঁ কৈছিলো, স্বদেশীৰ অৰ্থ হৈছে আমি নিজৰ ভাৰতীয় কামিলা, কাৰিকৰৰ দ্বাৰা নিৰ্মিত বস্তুক অগ্ৰাধিকাৰ দিব লাগে। এনেকুৱাও নহয় যে শ্ৰী অৰবিন্দই বিদেশৰ পৰা কিবা শিকাৰ ক্ষেত্ৰতো কেতিয়াবা বিৰোধ কৰিছে। য’ত যিটো নতুন তাৰ পৰাই আমি শিকিব লাগে যিটো আমাৰ দেশৰ বাবে ভাল হ’ব পাৰে তাক আমি সহযোগ আৰু উৎসাহিত কৰিব লাগে, এয়াই হৈছে আত্মনিৰ্ভৰ ভাৰত অভিযান, ভোকেল ফৰ লোকেল মন্ত্ৰৰো ভাবনা। বিশেষকৈ স্বদেশী ব্যৱহাৰক লৈ তেওঁ যি কৈছে সেয়া আজি প্ৰত্যেক দেশবাসীয়ে পঢ়া উচিত। বন্ধুসকল, এনেদৰে শিক্ষাক লৈও শ্ৰী অৰবিন্দৰ বিচাৰ বহুত স্পষ্ট আছিল। তেওঁ শিক্ষাক কেৱল কিতাপৰ জ্ঞান, ডিগ্ৰী আৰু চাকৰিতে সীমাবদ্ধ বুলি ধাৰণা কৰা নাছিল। শ্ৰী অৰবিন্দই কৈছিল যে আমাৰ ৰাষ্ট্ৰীয় শিক্ষা, আমাৰ যুৱ প্ৰজন্মৰ মন আৰু মগজুৰ ট্ৰেইনিং হোৱা উচিত অৰ্থাৎ মস্তিষ্কৰ বৈজ্ঞানিক বিকাশ হওক আৰু অন্তৰত ভাৰতীয় ভাবনাও হওক। তেতিয়াহে এজন যুৱক দেশৰ অধিক উন্নত নাগৰিক হ’ব পাৰে, শ্ৰী অৰবিন্দই ৰাষ্ট্ৰীয় শিক্ষাক লৈ যি কথা তেতিয়াই কৈছিল, যি আশা কৰিছিল, আজি দেশে তাক নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে সম্পূৰ্ণ কৰি আছে।
মোৰ মৰমৰ দেশবাসী, ভাৰতত খেতি আৰু তাৰ সৈতে জড়িত বিষয়ৰ সৈতে নতুন দিশৰ সংযোগ ঘটিছে। বিগত দিনবিলাকত হোৱা কৃষি সংস্কাৰসমূহে কৃষকৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰো মুকলি কৰিছে। বছৰ বছৰ ধৰি কৃষকৰ যি দাবী আছিল, যি দাবী পূৰণ কৰিবলৈ কোনো নহয় কোনো সময়ত প্ৰত্যেক ৰাজনৈতিক দলে তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল, সেই দাবীসমূহ পূৰণ হৈছে। যথেষ্ট আলাপ-আলোচনাৰ পিছত ভাৰতৰ সংসদে কৃষি সংস্কাৰক আইনগত ৰূপ দিছে। এই সংস্কাৰৰ জৰিয়তে কেৱল কৃষকৰ অনেক বন্ধন সমাপ্ত হৈছে, বৰং তেওঁলোকে নতুন অধিকাৰো লাভ কৰিছে, নতুন সুযোগো লাভ কৰিছে। এই অধিকাৰসমূহে খুউব কম সময়ত, কৃষকসকলৰ কষ্ট লাঘব কৰিবলৈ আৰম্ভ কৰিছে। মহাৰাষ্ট্ৰৰ ধুলে জিলাৰ কৃষক, জিতেন্দ্ৰ ভায়ে নতুন কৃষি আইনৰ প্ৰয়োগ কেনেকৈ কৰিছে সেয়া আপোনালোকেও জনা দৰকাৰ। জিতেন্দ্ৰ ভায়ে মাকৈৰ খেতি কৰিছিল আৰু সঠিক দামৰ বাবে সেয়া বেপাৰীক বেচিবলৈ সিদ্ধান্ত লয়। ফচলৰ মুঠ দাম নিৰ্ধাৰণ হয় প্ৰায় তিনি লাখ বত্ৰিছ হাজাৰ টকা। জিতেন্দ্ৰ ভায়ে পঁচিশ হাজাৰ টকা আগধনো পাইছিল। সিদ্ধান্ত হৈছিল যে বাকীখিনি ধন তেওঁক পোন্ধৰ দিনত আদায় কৰা হ’ব। কিন্তু পিছত পৰিস্থিতি এনেকুৱা হয় যে তেওঁ বাকীখিনি ধন নাপালে। কৃষকৰ পৰা ফচল ক্ৰয় কৰা, মাহৰ পিছত মাহ ধনাদায় নকৰিবা, হয়তো মাকৈ কিনোতাই বছৰ বছৰ ধৰি চলি অহা সেই পৰম্পৰাকে পালন কৰিছিল। এনেদৰে চাৰি মাহলৈকে জিতেন্দ্ৰ ডাঙৰীয়াৰ পেমেণ্ট হোৱা নাছিল। এনে স্থিতিত তেওঁৰ সহায় কৰে ছেপ্টেম্বৰ মাহত পাছ হোৱা, যি নতুন কৃষি আইন প্ৰস্তুত হৈছে- সেয়া তেওঁৰ কামত আহে। এই আইনত এই কথা নিৰ্ণয় কৰা হৈছে যে ফচল ক্ৰয় কৰাৰ তিনি দিনতে কৃষকক সম্পূৰ্ণ পেমেণ্ট কৰিব লাগিব আৰু যদি পেমেণ্ট নহয় তেন্তে কৃষকে অভিযোগ দাখিল কৰিব পাৰে। আইনত আৰু এটা ডাঙৰ কথা আছে, এই আইনত ব্যৱস্থা কৰা হৈছে যে ক্ষেত্ৰৰ এছডিএমে এমাহৰ ভিতৰত কৃষকৰ অভিযোগ নিষ্পত্তি কৰিব লাগিব। এতিয়া, যেতিয়া এনেকুৱা আইনৰ শক্তি আমাৰ কৃষক ভাইসকলৰ ওচৰত আছে তেনেহ’লে তেওঁলোকৰ সমস্যাৰ সমাধান হ’ব লাগিব, তেওঁ অভিযোগ কৰিলে আৰু কেইদিনমানতে তেওঁৰ বাকীখিনি ধন আদায় হ’ল। অৰ্থাৎ আইনৰ সঠিক আৰু সম্পূৰ্ণ জ্ঞানেই জিতেন্দ্ৰ ডাঙৰীয়াৰ শক্তি হ’ল। ক্ষেত্ৰ যিয়েই নহওক, সকলো ধৰণৰ ভ্ৰম আৰু উৰাবাতৰিৰ পৰা আঁতৰি, সঠিক জ্ঞান, সকলো লোকৰ বাবে সম্বল হৈ পৰে। কৃষকৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এনেকুৱাই এটা কাম কৰি আছে, ৰাজস্থানৰ বাৰাঁ জিলাত থকা মহম্মদ আছলামজীয়ে। তেওঁ এটা কৃষক উৎপাদক সংঘৰ চিইঅ’। হয়, আপুনি ঠিকেই শুনিছে, কৃষক উৎপাদক সংঘৰ চিইঅ’। আশা কৰা হৈছে যে ডাঙৰ ডাঙৰ কোম্পানীৰ চিইঅ’সকলে এই কথা শুনি ভাল পাব যে এতিয়া দেশৰ দূৰৱৰ্তী অঞ্চলত কাম কৰি থকা কৃষক সংগঠনসমূহতো চিইঅ’ হ’বলৈ লৈছে, বন্ধুসকল, মহম্মদ আছলামজীয়ে নিজৰ ক্ষেত্ৰৰ অনেক কৃষকক একত্ৰিত কৰি এটা হোৱাট্ছএপ গ্ৰুপ বনাইছে। এই গ্ৰুপত তেওঁ সদায় ওচৰ-পাজৰৰ মণ্ডিবিলাকত কি দাম চলি আছে, ইয়াৰ খবৰ কৃষকসকলক দিয়ে। নিজে তেওঁলোকৰ এফপিঅ’তো কৃষকৰ পৰা ফচল কিনে, সেয়ে তেওঁৰ এই প্ৰচাৰৰ ফলত কৃষকসকলৰ সিদ্ধান্ত লোৱাত সহায় হয়।
বন্ধুসকল, সজাগতা থাকিলে, সজীৱতা থাকে। নিজৰ সজাগতাৰে হাজাৰজনৰ জীৱনক প্ৰভাৱিত কৰা এজন কৃষি উদ্যমী হৈছে বীৰেন্দ্ৰ যাদব। বীৰেন্দ্ৰ যাদব এসময়ত অষ্ট্ৰেলিয়াত আছিল। দুবছৰ আগতেহে তেওঁ ভাৰতলৈ আহিছে আৰু এতিয়া হাৰিয়ানাৰ কেথলত থাকে। আন মানুহৰ দৰেই খেতিত নৰা তেওঁৰ সন্মুখতো এটা ডাঙৰ সমস্যা আছিল। ইয়াৰ সমাধানৰ বাবে বহুত ব্যাপক স্তৰত কাম হৈ আছে। কিন্তু আজি, ‘মন কী বাত’ত মই বীৰেন্দ্ৰ জীক বিশেষভাৱে প্ৰশংসা এই কাৰণেই কৰিছো, কিয়নো তেওঁৰ প্ৰয়াস পৃথক, এটা নতুন দিশ দেখুৱাইছে। নৰাৰ সমস্যা সমাধান কৰিবলৈ বীৰেন্দ্ৰজীয়ে নৰাৰ গাঁথ বনোৱা ষ্ট্ৰ বেলাৰ মেচিন ক্ৰয় কৰে। ইয়াৰ বাবে তেওঁ কৃষি বিভাগৰ পৰা আৰ্থিক সহায়ো লাভ কৰে। এই মেচিনেৰে তেওঁ নৰাৰ গাঁথ বনোৱা আৰম্ভ কৰে । গাঁথ বনোৱাৰ পিছত তেওঁ নৰাবিলাক এগ্ৰ’এনাৰ্জি প্লেণ্ট আৰু পেপাৰ মিলক বেচি দিয়ে। আপুনি জানি আচৰিত হ’ব যে বীৰেন্দ্ৰজীয়ে নৰাৰ পৰা মাত্ৰ দুবছৰত দেৰকোটি টকাতকৈ অধিক বেপাৰ কৰিছে আৰু তাতো প্ৰায় ৫০ লাখ টকা মুনাফা অৰ্জন কৰিছে। ইয়াৰ লাভ সেই কৃষকসকলৰো হৈছে যাৰ খেতিৰ পৰা বীৰেন্দ্ৰজীয়ে নৰা উঠায়। আমি বোকাৰ পৰা সোণ বুটলাৰ কথা বহুত শুনিছো, কিন্তু নৰাৰ ব্যৱস্থা কৰি ধন আৰু পূণ্য অৰ্জন কৰা ই ব্যতিক্ৰমী উদাহৰণ। মোৰ নজোৱানসকল, বিশেষকৈ কৃষিৰ অধ্যয়ন কৰি থকা লাখ লাখ বিদ্যাৰ্থীৰ প্ৰতি আহ্বান যে তেওঁলোকে নিজৰ ওচৰ-পাজৰৰ গাঁওবিলাকলৈ গৈ কৃষকসকলক আধুনিক কৃষিৰ বিষয়ে, শেহতীয়াকৈ হোৱা কৃষি সংস্কাৰসমূহৰ বিষয়ে সজাগ কৰক। এনে কৰি আপোনালোক দেশত হৈ থকা ব্যাপক পৰিৱৰ্তনৰ সমভাগী হ’ব।
মোৰ মৰমৰ দেশবাসী,
‘মন কী বাত’ত আমি বেলেগ বেলেগ, ভিন্ন ধৰণৰ অনেক বিষয়ৰ ওপৰত কথা পাতো। কিন্তু, এনেকুৱা এটা কথাৰো এবছৰ হৈ আছে যাক আমি কেতিয়াও আনন্দেৰে মনত নেপেলাম। প্ৰায় এবছৰ হৈ আছে, যেতিয়া পৃথিৱীয়ে কৰোণাৰ প্ৰথম কেছৰ বিষয়ে জানিব পাৰিছিল। তেতিয়াৰ পৰা এতিয়ালৈকে সমগ্ৰ বিশ্বই অনেক উত্থান-পতন দেখিলে। লকডাউনৰ পৰিসীমাৰ পৰা বাহিৰলৈ ওলাই এতিয়া ভেক্সিনৰ ওপৰত আলোচনা হ’বলৈ লৈছে। কিন্তু কৰোণাক লৈ যিকোনো ধৰণৰ অসতৰ্কতা এতিয়াও বহুত প্ৰাণনাশী। আমি কৰোণাৰ বিৰুদ্ধে নিজৰ যুঁজ শক্তিশালীভাৱে অব্যাহত ৰাখিব লাগিব।
বন্ধুসকল, কেইদিনমানৰ পিছতে ৬ ডিচেম্বৰত বাবা চাহেব আম্বেদকাৰৰ পূণ্য তিথি। এই দিনটো বাবা চাহেবক শ্ৰদ্ধাঞ্জলি দিয়াৰ লগতে দেশৰ প্ৰতি নিজৰ সংকল্প, সংবিধানে এজন নাগৰিক হিচাপে নিজৰ কৰ্তব্য পালন কৰাৰ যি শিক্ষা আমাক দিছে তাক ৰোমন্থন কৰাৰ। দেশৰ বিস্তৃত অংশত ঠাণ্ডাৰ বতৰেও জোৰেৰে ধৰিছে। বহু ঠাইত তুষাৰপাতো হৈ আছে। এই বতৰত আমি পৰিয়ালৰ শিশু আৰু বয়সস্থলোক, ৰুগীয়া লোকৰ ওপৰত বিশেষ চকু ৰাখিব লাগে, নিজেও সতৰ্ক হৈ থাকিব লাগে। মই আনন্দিত যে যেতিয়া মই দেখো যে মানুহে নিজৰ ওচৰ-পাজৰৰ অভাৱগ্ৰস্তজনৰ কথাও চিন্তা কৰে। গৰম কাপোৰ দি তেওঁলোকক সহায় কৰে। অসহায় জন্তুৰ বাবেও ঠাণ্ডাই বহুত বিপদ লৈ আহে। সিহঁতৰ সহায়ৰ বাবেও বহু লোক আগবাঢ়ি আহে। আমাৰ যুৱ প্ৰজন্ম এনেকুৱা কাৰ্যত বহুত আগভাগ লৈ সক্ৰিয় হয়। বন্ধুসকল, অহাবাৰ যেতিয়া আমি ‘মন কী বাত’ত লগ হ’ম তেতিয়া ২০২০ৰ এই বছৰটো সমাপ্তিৰ দিশত হ’ব। নতুন আশা, নতুন বিশ্বাসৰ সৈতে আমি আগবাঢ়িম। এতিয়া যিকোনো ধৰণৰ পৰামৰ্শ, আইডিয়া, সেয়া মোলৈ জৰুৰ পঠিয়াই থাকক। আপোনালোক সকলোকে বহুত বহুত শুভকামনা। আপোনালোক সুস্থ থাকক, দেশৰ বাবে সক্ৰিয় হৈ থাকক। বহুত বহুত ধন্যবাদ।
*******
DS/AKJ/AK/DB/GS
Starting this month's #MannKiBaat with good news, which pertains to our rich culture. pic.twitter.com/tIFcHOy0Gw
— PMO India (@PMOIndia) November 29, 2020
A special link with beloved Kashi. #MannKiBaat pic.twitter.com/NfZVrcV3s0
— PMO India (@PMOIndia) November 29, 2020
Strengthening cultural bonds in the time of the global pandemic. #MannKiBaat pic.twitter.com/VB1FS68VPX
— PMO India (@PMOIndia) November 29, 2020
Innovative ways to connect our citizens with India's cultural ethos. #MannKiBaat pic.twitter.com/58QYiWBQcZ
— PMO India (@PMOIndia) November 29, 2020
India remembers the work of Dr. Salim Ali.
— PMO India (@PMOIndia) November 29, 2020
There are many clubs and societies that are passionate about bird watching. I hope you all discover more about them. #MannKiBaat pic.twitter.com/ChaNqbwsSr
The culture of India is gaining popularity all over the world.
— PMO India (@PMOIndia) November 29, 2020
One such effort is by @JonasMasetti, who is based in Brazil and popularises Vedanta as well as the Gita among people there.
He uses technology effectively to popularise our culture and ethos. #MannKiBaat pic.twitter.com/NX4jZtPzJX
Remembering Sri Guru Nanak Dev Ji. #MannKiBaat pic.twitter.com/cF1ukJYlcs
— PMO India (@PMOIndia) November 29, 2020
We are deeply inspired by the noble ideals of Sri Guru Nanak Dev Ji. #MannKiBaat pic.twitter.com/cWVYo8Rv6m
— PMO India (@PMOIndia) November 29, 2020
PM @narendramodi talks about a Gurudwara in Kutch, which is considered very sacred and special. #MannKiBaat pic.twitter.com/3fhoGZtTT9
— PMO India (@PMOIndia) November 29, 2020
Connecting the Sangat with the sacred Darbar Sahib. #MannKiBaat pic.twitter.com/N4CFYOWmn1
— PMO India (@PMOIndia) November 29, 2020
Greatness inspired by Sri Guru Nanak Dev Ji, something that the world has seen. #MannKiBaat pic.twitter.com/RVaLaten6X
— PMO India (@PMOIndia) November 29, 2020
Connecting with India's Yuva Shakti. #MannKiBaat pic.twitter.com/WpwlKeemAb
— PMO India (@PMOIndia) November 29, 2020
A unique initiative started by PM @narendramodi when he would visit colleges and universities during convocations. #MannKiBaat pic.twitter.com/Yj01sjZv2k
— PMO India (@PMOIndia) November 29, 2020
During #MannKiBaat, PM @narendramodi emphasises on each institution harnessing the strengths and talents of their alumni.
— PMO India (@PMOIndia) November 29, 2020
Alumni associations can play a key role, be it in donating latest infrastructure, providing scholarships and more. pic.twitter.com/w74kX5xbdm
Today, when we talk about Aatmanirbhar Bharat, we remember Sri Aurobindo.
— PMO India (@PMOIndia) November 29, 2020
His vision of self-reliance included keeping our mind open to best practices from all over and excelling.
He also had a dream of furthering education and learning among the youth of India. #MannKiBaat pic.twitter.com/oMYn6IVh5I
Committed to the welfare of the hardworking Indian farmer. #MannKiBaat pic.twitter.com/9HCnAEfyrE
— PMO India (@PMOIndia) November 29, 2020