Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৮ ডিচেম্বৰত দিল্লী মেট্ৰোৰ মেজেন্টা লাইনত ভাৰতৰ প্ৰথমটো চালকহীন ৰে’লসেৱা উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক ২৮ ডিচেম্বৰৰ পুৱা ১১ টা বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দিল্লী মেট্ৰ’ ৰে’লৰ মেজেন্টা লাইনত (জনকপুৰী পশ্চিমৰ পৰা ব’টানিকেল গাৰ্ডেনলৈ) ভাৰতৰ প্ৰথম চালকবিহীন ৰে’ল সেৱা উদ্বোধন কৰিব। ইয়াৰ লগতে তেওঁ এয়াৰপ’ৰ্ট এক্সপ্ৰেছ লাইনত নেশ্যনেল কমন মবিলিটি কাৰ্ড সেৱাৰ পূৰ্ণাঙ্গ ব্যৱহাৰো উদ্বোধন কৰিব।

এই উদ্ভাৱন, স্বাচ্ছন্দ্য যাত্ৰী সেৱা আৰু উন্নত পৰিবহনৰ এক নতুন দিশ উন্মোচন কৰিব। চালকবিহীন ৰে’ল হ’ব সম্পূৰ্ণ স্বয়ংক্ৰিয়, ইয়াৰ ফলত মানুহৰ যিবোৰ ভুল-ভ্ৰান্তি আছিল, সেয়া এৰাই চলাতো সম্ভৱ হ’ব। দিল্লী মেট্ৰ’ৰ মেজেন্টা লাইনত চালকহীন সেৱা আৰম্ভ হোৱাৰ পিছতে, আগন্তুক বছৰৰ মাজতে পিঙ্ক লাইনতো একেই সেৱা আৰম্ভ কৰাৰ সম্ভাৱনা আছে।

এয়াৰপ’ৰ্ট এক্সপ্ৰছ লাইনত, দি নেশ্যনেল কমন মবিলিটি কাৰ্ড সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰিব পৰা যাব। অৰ্থাৎ দেশৰ যিকোনো প্ৰান্তৰ পৰা ইছ্যু কৰা ৰূপে’-ডেবিট কাৰ্ড ব্যৱহাৰ কৰিয়েই কোনো ব্যক্তিয়ে যদি ভ্ৰমণ কৰে, তেন্তে তেওঁ এয়াৰপ’ৰ্ট এক্সপ্ৰেছ লাইন সেৱাত সেয়া সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰি ভ্ৰমণ কৰিব পাৰিব। দিল্লী মেট্ৰ’ত এই সেৱা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব ২০২২ চনৰ ভিতৰত।

***

DS/AKJ/AK/RD