Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৭.০৮.২০১৭ত আকাশবাণীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ‘মন কী বাত’ অনুষ্ঠানৰ ভাষণৰ ইংৰাজী সংস্কৰণৰ অসমীয়া অনুবাদ


মোৰ শ্ৰদ্ধাৰ দেশবাসী, আপোনালোক সকলোকে সাদৰ নমষ্কাৰ জনাইছোঁ। এফালে দেশত উৎসৱত ডুবি আছে আৰু আনফালে ভাৰতৰ একাধিক কোণৰ পৰা হিংসাৰ দৰে খবৰ আহিলে চিন্তা হোৱাটো স্বাভাৱিক। আমাৰ দেশ বুদ্ধ আৰু গান্ধীৰ দেশ। দেশৰ ঐক্যৰ বাবে মন-প্রাণ সমর্পণকাৰী চর্দাৰ বল্লভ ভাই পেটেলজীৰ দেশ। প্রাচীনকালৰ পৰা আমাৰ পূর্বসূৰীসকলে যি সার্বজনীন মূল্যবোধ, অহিংসা, সম্প্রীতিৰ বান্ধেৰে লালিত হৈ আহিছে, সেইবোৰ আমাৰ জীৱনৰ সৈতে জড়িত হৈ পৰিছে। ‘অহিংসাই পৰম ধর্ম’ – এয়া আমি শৈশৱৰ পৰা শুনি আহিছো, কৈ আহিছো। মই লালকিল্লাৰ পৰাও কৈছিলো, বিশ্বাসৰ নামত হিংসাক সহ্য কৰা নহ’ব। সেয়া লাগিলে সাম্প্রদায়িক বিশ্বাসেই হওঁক, ৰাজনৈতিক চিন্তাধাৰাৰ প্রতি থকা বিশ্বাসেই হওঁক, অথবা কোনো ব্যক্তিগত কোনো পৰম্পৰাৰ প্রতি বিশ্বাসেই হওঁক– কোনো ক্ষেত্রতে হিংসাক সহ্য কৰা নহয়। বিশ্বাসৰ নামত আইন হাতত তুলি লোৱাৰ অধিকাৰ কাৰোৰে নাই। ড০ বাবা চাহেব আম্বেদকাৰে আমাক যি সংবিধান দি গ’ল, প্রত্যেক ব্যক্তিয়ে সুবিচাৰ পোৱাৰ অধিকাৰ তাত নিশ্চিত কৰা হৈছে। মই দেশবাসীক আশ্বাস দিব বিচাৰো যে আইন হাতত তুলি লোৱা লোকসকলৰ বিৰুদ্ধে, হিংসাৰ পথত যোৱা কোনো লোক, ব্যক্তি বা সম্প্রদায় যিয়েই নহওঁক– কাকো চৰকাৰ বা দেশে সহ্য নকৰে। প্রত্যেকেই আইনৰ ওচনৰ শিৰণত কৰিবই লাগিব, আইনে তাৰ বিচাৰ কৰিব আৰু অপৰাধীয়ে শাস্তি পাবই।

মোৰ প্রিয় দেশবাসী, আমাৰ দেশ বৈচিত্রপূৰ্ণ আৰু এই বৈচিত্র্য কেৱল খোৱা-বোৱা, সাজ-সজ্জা, আচাৰ-ব্যৱহাৰতে সীমাৱদ্ধ নহয়। জীৱনৰ প্রতিটো আচৰণতে এই বৈচিত্ৰ পৰিলক্ষিত হয়। তেনেদৰে আমাৰ উৎসৱসমূহো বৈচিত্রৰে ভৰপুৰ। আমাৰ সাংস্কৃতিক ঐতিহ্য হাজাৰ বছৰ পুৰণি, সাংস্কৃতিক পৰম্পৰা, সামাজিক ৰীতি-নীতি, ঐতিহাসিক ঘটনাৱলী লক্ষ্য কৰিলে আমি দেখো যে ৩৬৫ দিনৰ প্রায় প্রত্যেক দিনেই আমাৰ জীৱন উৎসৱময় হৈ থাকে। তদুপৰি, আমাৰ প্রতিটো উৎসৱ প্রকৃতি ওপৰত নির্ভৰশীল। আমাৰ বহুত উৎসৱ কেৱল কৃষক আৰু মৎস্যপালক ভাই-ভনীৰ সৈতে জড়িত।
আজি মই যিহেতু উৎসৱৰ কথা কৈছো, সেয়েহে প্রথমেই মই আপনালোকৰ ‘মিচ্ছামিদুক্কড়ম’ বুলি কওঁ। কালি জৈন সমাজৰ ‘সম্বৎসৰি’ উৎসৱ পালন কৰা হয়। জৈন সমাজত ভাদ মাহত ‘পর্যুষণ পৰব’ পালন কৰা হয়। এই ‘পর্যুষণ পৰব’ৰ অন্তিম দিনা সম্বৎসৰি উৎসৱ, যি সঁচাই এক আশ্চর্যকৰ পৰম্পৰা। সম্বৎসৰি উৎসৱ ক্ষমা, অহিংসা আৰ মৈত্রীৰ প্রতীক। ইয়াক ‘ক্ষমা-বাণী’ উৎসৱো বোলা হয় আৰু এই দিনা এজনে আনজনক ‘মিচ্ছামিদুক্কড়ম’ বুলি শুভেচ্ছা জনাৱাটো এক ঐতিহ্য।

ইফালে, আমাৰ শাস্ত্রত আছে যে ‘ক্ষমা বীৰস্য ভূষণম’ অর্থাৎ ক্ষমা বীৰৰ ভূষণ। যিসকলে ক্ষমা কৰিব পাৰে, তেওঁলোক প্রকৃত বীৰ। এই আলোচনা আমি বহুদিন ধৰি শুনি আহিছো আৰু মহাত্মা গান্ধীয়ে প্রায়েই কৈছিল-ক্ষমা কৰা একমাত্র শক্তিশালী আৰু বলবান ব্যক্তিৰ বৈশিষ্ট্য।

শ্বেক্সপীয়েৰে তেওঁৰ নাটক ‘দ্য মার্চেন্ট অৱ ভেনিচ’ত ক্ষমাৰ মহত্বক বর্ণনা কৰিবলৈ হৈ লিখেছে–“ Mercy is twice blest, It blesseth him that gives and him that takes ”। অর্থাৎ যিজনে ক্ষমা কৰিছে আৰু যাক ক্ষমা কৰা হৈছে–উভয়েই ঈশ্বৰৰ আশীর্বাদ লাভ কৰে।

মোৰ প্রিয় দেশবাসী, শেহতীয়া ভাৰতবর্ষৰ সকলোতে প্রবল উৎসাহ আৰু উদ্দীপনাৰে গণেশ চতুর্থী পালন কৰা হয়। যেতিয়া গণেশ চতুর্থীৰ কথা উত্থাপন হৈছে, ইয়াৰ লগতে সার্বজনীন গণেশ উৎসৱৰ প্রসংগও স্বাভাৱিকতে আহিব। লোকমান্য বাল গংগাধৰ তিলকে ১২৫ বছৰ আগতে এই প্রথা আৰম্ভ কৰিছিল। আৰু ই স্বাধীনতাৰ বহু আগৰ পৰাই ইয়াৰ এক প্রতীক হৈ পৰিছিল। তদুপৰি, স্বাধীনতা লাভৰ পাছত এই উৎসৱে সমাজ, শিক্ষা, সামাজিক চেতনা বিকাশৰ এক প্রতীক হিচাপে মর্যাদা লাভ কৰে। গণেশ চতুর্থীৰ এই মহাপৰ্ব ১০ দিন ধৰি চলে। এই মহোৎসৱক ঐক্য, সাম্য আৰ পবিত্রতাৰ প্রতীক হিচাপে আমি জানো। এই উপলক্ষে প্রত্যেক দেশবাসীক গণেশ উৎসৱৰ বহুত বহুত শুভকামনা জনালোঁ।

বৰ্তমান কেৰালাত ‘অ’নাম’ উৎসৱ পালন কৰা হৈছে। ভাৰতৰ বাৰেৰহণীয়া উৎসৱৰ ভিতৰত ‘অ’নাম’ কেৰালাৰ এক প্রধান উৎসৱ। এই উৎসৱ নিজা সামাজিক আৰু সাংস্কৃতিক মহত্বৰ বাবে বিখ্যাত। অ’নাম উৎসৱে কেৰালাৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ কথা সোঁৱৰায়। এই উৎসৱে সমাজত প্রেম-ভালপোৱা আৰু সৌহাদ্যপূৰ্ণ বার্তা বিলোৱাৰ সমান্তৰালভাৱে প্রতিজন নাগৰিকৰ মনত নতুন আশা, উদ্দীপনা আৰু বিশ্বাস জগাই তোলে। ই লাহে লাহে পর্যটনৰ আকর্ষণৰো এক কেন্দ্রবিন্দুত পৰিণত হৈছে। মই দেশবাসীক কওঁ যে গুজৰাটত যেনেকৈ নৱৰাত্রি উৎসৱ বা পশ্চিমবংগৰ দুর্গোৎসৱ–সেই দৰেই আজি পর্যটনৰ মূল আকর্ষণ হৈ উঠিছে–এই অ’নাম। আমাৰ দেশৰ অন্যান্য উৎসৱসমূহৰ প্ৰতিও বিদেশীৰ আকর্ষণ বৃদ্ধি কৰাৰ প্রচুৰ সুযোগ আছে। এই ভাবনাৰে–আমি অনাগত সময়ত কি কি পদক্ষেপ ল’ব পাৰো সেয়া চিন্তা কৰা দৰকাৰ। উৎসৱৰ এই আনন্দৰ মাৰ নাযাওতেই, কিছুদিন পাছতে ‘ঈদ-উল-জুহা’ পালন কৰা হ’ব। এই উপলক্ষে সমগ্ৰ দেশবাসীক ‘ঈদ-উল-জুহা’ৰ বহুত বহুত অভিনন্দন আৰু শুভকামনা জনাইছোঁ। এই উৎসৱে আমাৰ এক ভৰসা আৰু বিশ্বাসৰ প্রতীকতো হয়েই, লগতে আমাৰ ‘NewIndia’ৰ উৎসৱক স্বচ্ছতাৰ প্রতীকৰূপেও আমি প্রতিষ্ঠা কৰিব লাগিব। আমাৰ পাৰিবাৰিক জীৱনততো উৎসৱ আৰু স্বচ্ছতা অংগাঅংগীভাবে জড়িত। উৎসৱৰ প্রস্তুতিয়েই পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মাজেদি আৰম্ভ হয়। এই কথা নতুন নহয়, কিন্তু স্বচ্ছতাক সামাজিক স্বভাৱত পৰিণত কৰা অতি জৰুৰী। সার্বজনীন ভাৱে স্বচ্ছতা কেৱল আমাৰ ঘৰখনেই নহয়, প্রতিখন গাওঁ, চহৰ, আমাৰ ৰাজ্য, আমাদৰ দেশত এই স্বচ্ছতা আৰু উৎসৱক আমি এডাল সুঁতাৰে চিগিব নোৱাৰাকৈ বান্ধিব লাগিব।

মোৰ প্রিয় দেশবাসী, আধুনিকতাৰ পৰিভাষা ক্রমান্বয়ে সলনি হৈ আহিছে। আজি কালি ইয়াৰ নতুন মাত্ৰা, নতুন মাপকাঠি হৈছে। আপুনি কিমান সংস্কৃতিবান, কিমান আধুনিক, আপনাৰ চিন্তা-চেতনা কিমান আধুনিক তাক প্রমাণ কৰাৰ বাবে বৰ্তমানৰ এই নতুন মাপকাঠি হ’ল– পৰিৱেশৰ প্রতি আপোনাৰ সজাগতা। আপোনাৰ নিজৰ দৈনন্দিত কাম-কাজৰ সময়ত পৰিৱেশ-অনুকূল দিশৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে নে নাই– নে তাৰ বিপৰীত অৱস্থাহে হৈছে, সেয়া জনা অতি জৰুৰী। যদি বিপৰীত অৱস্থানত থাকে তেন্তে সমাজে আপোনাক বেয়া চকুৰে চাব। ইয়াৰ পৰিণামস্বৰূপে আমি দেখিছো যে এই গনেশ উৎসৱতো আজি পৰিৱেশ-অনুকূল গণপতি নিৰ্মাণ কৰিছে। আমি আজি স্বীকাৰ কৰিবই লাগিব যে ইয়াৰ এক বৃহৎ আন্দোলন গঢ় লৈছে। YouTubeত আপোনালোকে চাব পৰিব, আজি কালি সৰু ল’ৰা-ছোৱালীয়েও ঘৰে ঘৰে মাটিৰে গণেশৰ মূর্তি তৈয়াৰ কৰিছে। কোনো কোনোৱে গণেশক ভেষজ ৰঙেৰে ৰং দিছে, কোনোবাই আকৌ কাগজ কাটি আঠা লগাই তাতে লগাইছে। অলপ অলপকৈ ইয়াৰ প্রয়োগ প্রতিটো পৰিয়ালে ক্রমান্বয়ে বৃদ্ধি কৰিছে। ‘পৰিবেশ সজাগতা’ৰ এই বিশাল কাম-কাজ এইবাবে গনেশ উৎসৱত দেখাৰ সুযোগ হ’ল, পূৰ্বতে এনে নাছিলো। আমাৰ মি়ডিয়া হাউচতো এনে eco-friendly গণেশৰ মূর্তি তৈয়াৰ কৰি সেই বিষয়ে সজাগ কৰি তুলিছে, উৎসাহিত কৰিছে আৰু তত্বাৱধানো কৰিছে। লক্ষ্য কৰকচোন কিমান ডাঙৰ পৰিৱর্তন আহিছে, এই পৰিৱর্তন সঁচাই সুখৰ। মই প্ৰায়েই কওঁ যে আমাৰ দেশ কোটি কোটি মেধাৱী লোকেৰে পূৰ্ণ। যেতিয়া নতুন নতুন আৱিষ্কাৰৰ কথা জানিবলৈ পোৱা যায়, তেতিয়া খুব ভাল লাগে। মোক কোনোৱা এজনে এনে এক ভদ্র লোকৰ কথা কৈছিল, যি নিজে এগৰাকী অভিযন্তা আৰু তেওঁ বিশেষ ধৰণৰ মাটি সংগ্রহ কৰি তাৰ সংমিশ্রণ ঘটাই গণেশৰ এনে মূর্তি বনাবলৈ আন একাংশক প্রশিক্ষণ দি আহিছে, যি সৰু এক বালটি পানীতে বিসর্জন দিব পৰা যায় আৰু বিসর্জনৰ লগে লগে পানী লগত মিহলি হৈ যায়। তাতে তেওঁ ক্ষান্ত হোৱা নাই, সেই বালটিতে তেওঁ এটি তুলসী পুলিও ৰোপণ কৰিছে।

আমি যি স্বচ্ছতা অভিযান আৰম্ভ কৰিছিলো, অহা ২ অক্টোবৰত ইয়াৰ তৃতীয় বর্ষপূর্তি হ’ব। ইতিমধ্যে ইয়াৰ ইতিবাচক দিশসমূহো আমি দেখি আহিছো। শৌচালয়ৰ সংখ্যা ৩৯শতাংশৰ পৰা বৃদ্ধি পাই ৬৭ শতাংশ হৈছে আৰু ২.৩০ লাখৰো অধিক গাওঁ মুকলি স্থানত মলত্যাগ মুক্ত হিচাপে নিজকে ঘোষণা কৰিছে।

বিগত কিছুদিন ধৰি গুজৰাটৰ ভয়ংকৰ বানৰ কথা আমি শুনি আহিছো। এই বানত বহু লোকৰ প্রাণহানি হোৱাৰ লগতে পানী কমি কমি অহাৰ লগে লগে ঠায়ে ঠায়ে লেতেৰা আৱর্জনা পৰি তখা বুলি জানিব পাৰিছোঁ। এনে সময়তে গুজৰাটৰ বানচকাঁথা জিলাৰ ধানেৰাত ‘জমীয়ত-উলেমা-এ-হিন্দ’ৰ কর্মকর্তাসকলে বানত ক্ষতিগ্ৰস্ত ২২টা মন্দিৰ আৰু ৩টা মচজিদৰ চাফাইৰ কাম সম্পূৰ্ণ কৰে। নিজৰ ঘাম পেলোৱাৰ লগতে সকলোৱে এই কামত হাত উজান দিয়ে। স্বচ্ছতাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ এনে এক অনুপম উদাহৰণ ‘জমীয়ত-উলেমা-এ-হিন্দ’ৰ কর্মকর্তাসকলে প্রস্তুত কৰিছে, যি সকলোকে প্রেৰণা দিব। সমর্পিত মনোভাবেৰে স্বচ্ছতাৰ বাবে কৰা এই প্রচেষ্টা যদি আমাৰ স্বভাবৰ এটি স্থায়ী অংগ হৈ পৰে তেতিয়াহ’লে আমাৰ দেশে বহু দূৰ আগুৱাবলৈ সক্ষম হ’ব।

মোৰ প্রিয় দেশবাসী, মই আপোনালোকক উদ্দেশ্যি আহ্বান জনাও যে আহক, এবাৰ আকৌ ২ অক্টোবৰত ‘গান্ধী জয়ন্তী’ৰ ১৫-২০ দিন আগৰে পৰাই ‘স্বচ্ছতাই সেৱা’ৰ প্রচাৰ আৰম্ভ কৰোঁ। যিদৰে আগতে কোৱা হৈছিল যে ‘জল সেৱাই প্রভু সেৱা’ আৰু ‘স্বচ্ছতাই সেৱা’ও একেধৰণৰে। সমগ্ৰ দেশতে স্বচ্ছতাৰ অনুকূল পৰিৱেশ তৈয়াৰ কৰক। যেনেকুৱা সুযোগ পোৱা যাব আৰু য’তেই সুযোগ পাব আমি যেন সুযোগ উলিয়াই তাৰ সদ্ব্যৱহাৰ কৰোঁ। এই কাৰ্যসুচীত সকলোৱেই অংশগ্ৰহণ কৰিব লাগিব। ইয়াক দীপাৱলী, নৱৰাত্ৰী অথবা দুৰ্গাপূজাৰ প্ৰস্তুতু বুলি ধৰি লওঁক। শ্ৰমদান কৰক। ছুটীৰ দিন বা দেওবাৰবোৰত এঠাইত একত্ৰিত হৈ একেলগে কাম কৰক। সমীপত বস্তি এলেকা, গাঁৱলৈ যাওঁক, কিন্তু এয়া এক অভিযান হিচাপে লওঁক। মই বেচৰকাৰী সংস্থা, বিদ্যালয়, মহাবিদ্যালয়, সামজিক, ৰাজনৈতিক নেতৃবৰ্গ, চৰকাৰী বিষয়া, কালেক্টৰ, পঞ্চায়তৰ মুৰব্বীসকলক আহ্বান জনাওঁ যে ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্মদিনৰ ১৫ দিন পূৰ্বে আমি এনে এক পৰিৱেশ গঢ় দিম, এনে স্বচ্ছ পৰিৱেশ গঢ়ি তুলিম যেন ২ অক্টোবৰ সঁচা অৰ্থত গান্ধীৰ সপোনৰ দিন হৈ পৰে। খোৱাপানী আৰু অনাময় মন্ত্ৰালয়ে MyGov.in ত এটা পেজ বনাইছে, য’ত শৌচালয় নিৰ্মাণৰ বাদ আপুনি আপোনাৰ নাম আৰু সেই পৰিয়ালৰ নাম অন্তৰ্ভূক্ত কৰিব পাৰে, যাক আপুনি সহায় কৰিছে। ছ’চিয়েল মিডিয়াৰ মোৰ বন্ধুসকলে এক সংগঠিত অভিযান চলাইছে আৰু ভাৰছুৱেল বিশ্বৰ ধৰাতলৰ কাম কৰি তেওঁলোকৰ প্ৰেৰণা হ’ব পাৰে। খোৱা পানী আৰু অনাময় মন্ত্রালয়ৰ দ্বাৰা ‘স্বচ্ছ সংকল্প জৰিয়তে স্বচ্ছ সিদ্ধি’ অভিযানৰ অন্তর্গত প্রৱন্ধ, ছুটী ছবি আৰু চিত্ৰাংকন প্রতিযোগিতাৰ আয়োজন কৰিব পাৰে। আপোনালোকে বিভিন্ন ভাষাত প্রৱন্ধ লিখিব পাৰে আৰু এই প্রতিযোগিতাত বয়সৰ কোনো নির্দিষ্ট সীমা থাকিব নালাগে। আপোনালোকে নিজৰ মোবাইলত স্বচ্ছতা সংক্রান্ত দুই-তিন মিনিটৰ ছবি বনাই পঠাব পাৰে, যি কোনো ভাষাত হতে পাৰে, একেদৰে নির্বাক ছবিও হ’ব পাৰে। এই প্রতিযোগিতাত অংশগ্রহণকাৰীসকলৰ মাজৰ পৰা জিলা পৰ্যায়ত তিনিজন আৰু ৰাজ্যিক পৰ্যায়ত তিনিজনক নির্বাচিত কৰা হ’ব আৰু পুৰস্কৃত কৰা হ’ব। মই আপোনালোকক আহ্বান জনাওঁ যে স্বচ্ছতা অভিযানত আপোনালোকে এনেকৈও অংশগ্ৰহণ কৰিব পাৰে।

মই পুনৰবাৰ কওঁ যে আহক, এই বছৰ ২অক্টোবৰত গান্ধী জয়ন্তীৰ দিনটো আমি ‘স্বচ্ছ ২ অক্টোবৰ’ হিচাপে পালন কৰাৰ সংকল্প লওঁ আৰু ইয়াৰ বাবে ১৫ ছেপ্টেম্বৰৰ পৰাই ‘স্বচ্ছতাই সেৱা’ এই মন্ত্রক ঘৰে ঘৰে প্ৰচাৰ কৰো। স্বচ্ছতাৰ বাবে কিবা নহয় কিবা পদক্ষেপ অৱশ্যে লওঁক। নিজে পৰিশ্রম কৰক, অংশগ্রহণ কৰক, তেতিয়া হ’লে দেখিব, গান্ধী জয়ন্তীৰ দিনটো কেনেকৈ সাফল্য মণ্ডিত হ’ব। এই পোন্ধৰ দিনত চাফাই অভিযানৰ পাছত, ‘স্বচ্ছতাই সেৱা’ এই মন্ত্র পালনৰ পাছত, ২ অক্টোবৰ যেতিয়া আমি গান্ধী জয়ন্তী পালন কৰিম আৰু পূজনীয় বাপুৰ প্ৰতি শ্রদ্ধাঞ্জলি জনাম, তেতিয়া আমাৰ মন এক নির্মল আনন্দৰে পৰিপূর্ণ হৈ উঠিব।

মোৰ প্রিয় দেশবাসী, মই আপোনালোকৰ ওচৰত বিশেষভাবে ঋণ স্বীকাৰ কৰিব বিচাৰো আৰু আন্তৰিক কৃতজ্ঞতা জনাতে বিচাৰিছো, কাৰণ আপোনালোকে দীর্ঘদিন ধৰি ‘মন কী বাত’ৰ সৈতে জড়িত হৈ আছে। কেৱল ইমানেই নহয়, দেশেৰ প্রতি কোণৰ পৰা অসংখ্য লোক এই অনুষ্ঠানৰ সৈতে জড়িত হৈছে। শ্রোতাৰ সংখ্যা বহু কোটি আৰু লক্ষাধিক লোকে কেতিয়াবা চিঠি যোগেদি, কেতিয়াবা মেছেজ পঠিয়াই বা ফোনৰ্ দ্বাৰা যোগাযোগ কৰে, যিসকলে বার্তা প্ৰেৰণ কৰাটোৱেই মোৰ বাবে এক পৰম প্রাপ্তি আৰু দুর্লভ সম্পদ। দেশৰ জনগণৰ ভাৱনা আৰু মনৰ কথা জনাৰ ই মোৰ বাবে এক ডাঙৰ সুযোগ। আপোনালোকে যিমান ‘মন কী বাত’ অনুষ্ঠানৰ অপেক্ষা কৰে, তাতকৈ অধিক অপেক্ষাত মই থাকো আপোনালোকৰ খা-খবৰৰ বাবে। মই অধীৰ আগ্রহেৰে অপেক্ষা কৰো কাৰণ আপোনালোকৰ পৰা মই বহুখিনি শিকিব পাৰো। মই মোৰ কাম আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ কৰাৰ সুযোগ পাও। আপোনালোকৰ সৰু সৰু মতামতে বহু পৰিকল্পনাক নতুনকৈ ভাবিবলৈ সহায় কৰে আৰু সেইবাবে আপোনালোকৰ ওচৰত আন্তৰিক কৃতজ্ঞতা আৰু ঋণ স্বীকাৰ কৰিব বিচাৰিছোঁ। মই আপোনালোকৰ মতামত যিমান বেছি সম্ভৱ নিজেই দেখাৰ, শুনাৰ, পঢ়াৰ আৰু জনাৰ চেষ্টা কৰো। মই এনে এক ফোন কলৰ কথা এতিয়া ক’ব বিচাৰো যিটো শুনি আপোনালোকৰ মনত এনে লাগিব যে এনে ভুল তো আপোনালোকেও কেতিয়াবা নহয় কেতিয়াবা কৰিছে। কিছু কিছু কামত আমি ইমানেই অভ্যস্ত হৈ পৰোঁ যে আমাৰ মনত নহয় যে কামটো অনুচিত।

“প্রধানমন্ত্রী ডাঙৰী, মই পুনেৰ পৰা অপর্ণাই কৈছো। মই মোৰ এগৰাকী বান্ধৱীৰ কথা আপোনাক জনাব বিচাৰিছোঁ। তেওঁ সকলো সময়তে লোকৰ সহায় কৰাৰ চেষ্টা কৰে, কিন্তু তেওঁৰ এটা বেয়া অভ্যাস আছে, যাৰ বাবে মই হতভম্ব হওঁ। মই এবাৰ সামগ্ৰী কিনিবলৈ তেওঁৰ সৈতে শ্বপিং মললৈ গৈছিলো। তাত দেখিলো তেওঁ এখন দুহাজাৰ টকীয়া শাড়ী কিনিলে, পিজ্জাৰ বাবে ৪৫০ টকা অনায়াসে খৰচ কৰিলে। অথচ ‘মল’ত যোৱাৰ বাবে অটোৱালাৰ সৈতে পাঁচ টকাৰ বাবে কেইবাবাৰো দৰদাম কৰিলে। ঘুৰি অহাৰ সময়ত শাক-পাছলি কিনাৰ সময়তো তেওঁ একেই কাম কৰিলে আৰু দৰদাম কৰি চাৰি পাঁচ টকা ৰাহি কৰিলে। মোৰ খুব বেয়া লাগিছিল। আমি ডাঙৰ ডাঙৰ দোকানত বিনা বাক্যে বহু টকা খৰচ কৰোঁ, কিন্তু আমাৰ শ্রমজীৱি ভাই-ভনীসকলৰ সৈতে সামান্য কেইটামান টকাৰ বাবে বাকবিতন্তা কৰো, তেওঁলোকক অবিশ্বাস কৰোঁ! আপুনি ‘মন কী বাত’ অনুষ্ঠানত এই বিষয়ে নিশ্চয় আলোচনা কৰিব।”

মোৰ বিশ্বাস, এই ফোনৰ বিষয়বস্তু শুনাৰ পাছত আপোনালোক কেৱল সজাগে নহয়, এনে ভুল নকৰাৰ সিদ্ধান্ত লৈছে। আপোনালোকৰো মনে নহয় নে যে আমাৰ ঘৰৰ আশে পাশে যেতিয়া কোনোবাই সামগ্ৰী বিক্রী কৰিবলৈ আহ, ফেৰীৱলা আহে, কোনো সৰু দোকানী, শাক-পাচলি বিক্রেতাৰ সৈতে আমি কাম কৰিব লাগে, কেতিয়াবা অটো-ৰিক্সাক দৰকাৰ হয়-যেতিয়াই কোনো শ্ৰমজীৱি লোকৰ সৈতে কাম কৰিব লগাত পৰে আমাৰ তেতিয়াই আমিৰা দৰ-দাম কৰোঁ, দৰ কমাবলৈ লাগি তাৰ সৈতে–ইমান নহয়, দুটকা কম লওঁক, পাঁচ টকা কম কৰক। আৰু আমাৰ দৰে লোকে যেতিয়া কোনো ডাঙৰ ৰেষ্টুৰেণ্টত খাবলৈ যায়, তেতিয়া বিলত কি লিখা আছে তাকো নেদেখাকৈ লগে লগে টকা উলিয়াই দিয়ে। কেৱল ইমানেই নহয়, শ্বৰুমত শাড়ী কিনিবলৈ গ’লে কোনো দৰ-দাম নকৰে, কিন্তু কোনো দুখীয়া লোকৰ সৈতে কাম কৰিলে দৰ-দাম নকৰাকৈ নেৰে। ইয়াৰ ফলত দুখীয়া লোকৰ মনত কি হয়, সেয়া কেতিয়াবা ভাবি চাইছেন আপুনি? তাৰ বাবে বিষয়টো দুটকা-পাঁচটকাৰ নহয়। তেওঁৰ অন্তৰত দুখ লাগে যে তেওঁক দুখীয়া বুলি আপুনি তেওঁৰ সততাক সন্দেহ কৰিলে। দুটকা, পাঁচ টকাত আপোনাৰ জীৱনত কোনো প্ৰভাৱ নপৰে, কিন্তু আপোনাৰ এই আচৰণে আনৰ মনত কিমান গভীৰ আঘাত দিয়ে তাক কেতিয়াবা ভাবি চাইছেনে? মেডাম, আপুনি এনে হৃদয়স্পর্শী ফোন কৰি এনে বার্তা দিয়াৰ বাবে মই আপোনাৰ ওচৰত কৃতজ্ঞ। মোৰ বিশ্বাস যে মোৰ দেশবাসীৰো দুখীয়াৰ প্ৰতি পূৰ্বতে এনে আচৰণৰ অভ্যাস আছিল যদিও নিশ্চিতভাৱে তেওঁলোকে তাক ত্যাগ কৰিব।

নৱপ্ৰজন্মৰ মোৰ প্রিয় বন্ধুসকলৰ, ২৯ অগাষ্ট তাৰিখে সমগ্ৰ দেশতে ‘ৰাষ্ট্ৰীয় ক্রীড়া দিবস’ উদযাপন কৰে। এই দিনটো মহান হকী খেলুৱৈ তথা হকীৰ যাদুকৰ মেজৰ ধ্যানচাঁদজীৰ জন্মদিন। হকীৰ ক্ষেত্ৰখনত তেওঁৰ অৱদান অতুলনীয়। মই এই বিষয়চোক এই কাৰণেই স্মৰণ কৰিছো, কাৰণ মই বিচাৰো যে আমাৰ দেশৰ নতুন প্রজন্ম খেলা-ধুলাৰ সৈতে জড়িত হওঁক। খেলা-ধুলা আমাৰ জীৱনৰ অংগ হৈ উঠক। যদি আমি বিশ্বৰ ‘তৰুণ ৰাষ্ট্র’ হয় তেতিয়াহ’লে খেলাৰ ক্ষেত্ৰতো এই তাৰুণ্যতা পৰিলক্ষিত হোৱা উচিত। খেলা-ধুলা মানে শাৰীৰিক সুস্থতা, মানসিক সচেতনতা, ব্যক্তিত্ব বিকাশ ঘটোৱা। ইয়াত অধিক আৰু কি লাগে? এফালৰ পৰা খেলা-ধুলা আন্তৰিক মিলাপ্ৰীতিৰ এক উপায়। আমাৰ দেশৰ তৰুণ প্রজন্ম খেলৰ জৰিয়তে আগুৱাই যাওক আৰু আজি কম্পিউটাৰৰ যুগত মই এই বিষয়তো সজাগ কৰিব বিচাৰো যে প্লেয়িং ফিল্ড, প্লে-ষ্টেচনতকৈ অধিক গুৰুত্বপূর্ণ। কম্পিউটাৰত ফিফা খেলা, কিন্তু খেলপথাৰতো কেতিয়াবা ফুটবল খেলি চাওঁক। কম্পিউটাৰত হয়তু ক্রিকেট খেলিলেও, মুকলি পথাৰত ক্রিকেট খেলাৰ আনন্দই সুকীয়া। এটা সময় আছিল যেতিয়া পৰিয়ালৰ কনমানিটো বাহিৰলৈ গ’লে মায়ে সকলোকে সুধিছিল যে তুমি ক’ত যাবা? আজি অৱস্থা এনে পৰ্যায় পাইছেগৈ যে সন্তানে ঘৰৰ এটা কোণত হয় কার্টুন চাবলৈ ধৰে, নহ’লে মোবাইল গেমত মচগুল হৈ পৰে আৰু তেতিয়া মাকে চিঞঁৰি কয়– তই কেতিয়া বাহিৰে যাবি! সময় সলনি হ’ল, এটা যুগ আছিল যেতিয়া মাকে সন্তানক কৈছিল যে তই কেতিয়া আহিবি আৰু আজি এনে অৱস্থা হৈছে যে মাকে কয়, বাবা, তই কেতিয়া বাহিৰলৈ যাবি?

তৰুণ বন্ধুসকল, ক্রীড়া মন্ত্রালয়ে খেলুৱৈৰ প্রতিভাৰ সন্ধান কৰিছে আৰু তেওঁলোকৰ বিকাশৰ লক্ষ্যৰে এটা ‘খেলুৱৈ প্ৰতিভা সন্ধান’ পোর্টেল প্ৰস্তুত কৰিছে য’ত সমগ্ৰ দেশৰ পৰা যি কোনো সন্তানে, যি খেল-ধেমালিৰ ক্ষেত্রত কিছু কৃতিত্ব অর্জন কৰিছে, তেওঁলোকৰ মাজত প্ৰতিভা আছে–তেওঁলোকে এই পোর্টেলত নিজৰ বায়’ডাটা বা ভিডিঅ’ আপলোড কৰিব পাৰে। প্ৰতিভাসম্পন্ন খেলুৱৈসকলক নিৰ্বাচিত কৰি ক্রীড়া মন্ত্রালয়ে প্ৰশিক্ষণ দিব আৰু মন্ত্রালয়ে অনাগত সময়ত ইয়াক শুভাৰম্ভ কৰিব। আমাৰ নৱপ্ৰজন্মৰ বাবে সুখৰ খবৰ যে ৬ৰ পৰা ২৮অক্টোবৰলৈ ভাৰতত ১৭ বছৰ অনূৰ্ধ্ব ফিফা বিশ্ব কাপ অনুষ্ঠিত হ’ব। বিশ্বৰ ২৬টা দলে ভাৰতক নিজৰ ঘৰ মানি ল’বলৈ আগবাঢ়িছে। আহক, বিশ্বৰ বিভিন্ন স্থানৰ পৰা অহা আমাৰ তৰুণ অতিথিসকলক খেলৰ সমান্তৰালভাৱে তেওঁলোকক আদৰণি জনাও, খেল উপভোগ কৰি, দেশত এক উপযুক্ত পৰিৱেশৰ সৃষ্টি কৰোঁ। যেতিয়া আজি মই খেলৰ কথা কৈছো, তেতিয়াই যোৱা সপ্তাহৰ এক হৃদয়স্পর্শী ঘটনা মনত পৰিছে। তাক মই দেশবাসীৰ সৈতে শ্বেয়াৰ কৰিব খুজিছো। কিছুদিন আগতে মোৰ খুব কম বয়সৰ একাংশ কন্যাক লগ পোৱা সুযোগ হৈছিল আৰু তেওঁলোকৰ একাংশৰ জন্ম হৈছে হিমালয়ত। সাগৰৰ সৈতে যাৰ কোনোদিনেই সংযোগ নাছিল। আমাৰ দেশৰ এনে ছগৰাকী কন্যা, যিসকলে নৌবাহিনীত কাম কৰে–তেওঁলোকৰ আবেগ, উৎসাহে আমাৰ সকলোকে প্রেৰণা দিব। এই ছগৰাকী কন্যা, এখন সৰু নৌকা–‘আইএনএছ তাৰিণী’, লৈ সমুদ্র ভ্ৰমণ কৰিব। এই অভিযানৰ নাম দিয়া হৈছে ‘নাবিকা সাগৰ পৰিক্রমা’, আৰু তেওঁলোকে সমগ্ৰ বিশ্ব ভ্রমণ সামৰি কেইবামাহৰ পাছত ভাৰত পাবহি। কেতিয়াবা একেৰাহে ৪০ দিন পানীৰ মাজতে থাকিব। কেতিয়াবা একেৰাহে ৩০ দিন পানীৰ মাজতে কটাব। সমুদ্রৰ ঢৌৰ মাজত কটাবলগীয়া আমাৰ এই সাহসী ছগৰাকী কন্যাই হৈছে বিশ্বৰ প্রথম। এনে কোনো ভাৰতীয় আছেনে, যি এওঁলোকক লৈ গৌৰৱ নকৰে! মই এই মহিলা ৬গৰাকীৰ আগ্ৰহক প্ৰণাম জনাইছোঁ আৰু মই তেওঁলোকক কৈছো যে গোটেই দেশৰ সৈতে নিজৰ ভাৱনাক শ্বেয়াৰ কৰক। মইও ‘নৰেন্দ্র মোদী এপ’ত তেওঁলোকৰ ভাৱনাৰ বাবে এটা পৃথক কথা লিখছো, যাতে আপোনালোকে সেইবোৰ পঢ়িব পাৰে। কাৰণ, ই এফালৰ পৰা সাহসী কাহিনী, নিজৰ ভাৱনাৰ কথা এয়া আৰু মোৰ আনন্দ এইবাবেই যে এই মহিলাসকলৰ কথা আপোনালোকৰ ওচৰত জনাব পাৰিছোঁ। এই কন্যাসকলৰ প্রতি মোৰ বহুত বহুত শুভেচ্ছা, অশেষ আশীর্বাদ আছে।

মোৰ প্রিয় দেশবাসী, ৫ ছেপ্টেম্বৰত আমি সকলোৱে ‘শিক্ষক দিবস’ পালন কৰিলোঁ। আমাৰ দেশৰ প্ৰাক্তন ৰাষ্ট্রপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন। সেইগৰাকী যদিও ৰাষ্ট্রপতি আছিল, কিন্তু তেওঁ গোটেই জীৱন ধৰি নিজকে এজন শিক্ষক হিচাপেই প্ৰস্তুত কৰিছিল। তেওঁ সকলো সময়তে শিক্ষক হিচাপে থকাটোকে পছন্দ কৰিছিল। তেওঁৰ প্রাণ শিক্ষাৰ প্রতি সমর্পিত আছিল। তেওঁ আছিল এজন বিদ্বান, ৰাজনীতিক, ভাৰতৰ ৰাষ্ট্রপতি, কিন্তু সকলোতকৈ আগত তেওঁ এজন শিক্ষক। তেওঁক মই প্রণাম জনাইছোঁ। মহান বৈজ্ঞানিক এলবার্ট আইনষ্টাইনে কৈছিল,‘… it is the supreme art of the teacher to awaken joy in creative expression and knowledge ’। এজন শিক্ষকৰ মহত্ত্বম গুণ তেওঁৰ ছাত্র-ছাত্ৰীৰ মাজত সৃজনীশীল মানসিকতা জাগ্ৰত কৰা আৰু জ্ঞান অর্জনৰ আনন্দ দিয়া। আমি এবাৰ সকলোৱে মিলি ‘শিক্ষক দিবস’ পালন কৰিম। এই লৈ আমি সকলোৱে মিলি এনে সংকল্প ল’ব নোৱাৰো নে? এক mission mode ত এটা অভিযান আৰম্ভ কৰিব নোৱাৰিনে? ‘Teach to Transform, Educate to Empower, Learn to Lead ’ এই শপত লৈ, এই প্ৰতিশ্ৰুতিৰে আমি আগুৱাই যাব পাৰোঁ। প্রত্যেকেই পাঁচ বছৰৰ বাবে এনে সংকল্প লওঁক, সেই সংকল্প সিদ্ধ কৰিবলৈ পাঁচ বছৰৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰক, পাঁচ বছৰ ধৰি পৰিশ্রম কৰক আৰু জীৱনত সাফল্যৰ সোৱাদ পাব পাৰে–এনে এক ভাৱনা আমাৰ স্কুল, কলেজ, শিক্ষানুষ্ঠানে ল’ব পাৰে। আমাৰ দেশত যেতিয়া পৰিৱৰ্তনৰ কথা আহে, এইটো ঠিক যিদৰে পৰিয়ালত মাৰ কথা মনলৈ আহৈ তেনেকৈয়ে সমাজত শিক্ষকৰ ভূমিকা মনলৈ আহে। পৰিৱৰ্তনত শিক্ষকসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। প্রত্যেক শিক্ষকৰ জীৱনত কোনোবা নহয় কোনোবা ছাত্রৰ পৰিৱৰ্তনৰ খনিকৰস্বৰূপ হোৱাৰ উদাহৰণ আছে। আমি সামগ্ৰিক প্রচেষ্টা হাতত লৈছোঁ। দেশৰ পৰিৱৰ্তনত ই বহুত ডাঙৰ ভূমিকা পালন কৰিব। আহক, ‘Teach to Transform’এই মন্ত্র সাৰোগত কৰি আমি আগুৱাই যাও।

“প্রণাম প্রধানমন্ত্রীজী! মোৰ নাম ডা০ অনন্যা আৱাস্থি। মই মুম্বাইৰ বাসিন্দা আৰু হাভার্ড বিশ্ববিদ্যালয়ৰ পৰা ভাৰতীয় গৱেষণা কেন্দ্ৰৰ সৈতে জড়িত। গৱেষক হিচাপে আর্থিক অন্তৰ্ভূক্তি বিষয়ত মোৰ বিশেষ আগ্রহ আছে। অর্থাৎ, Financial inclusion ৰ দৰে সামাজিক আঁচনিসমূহৰ প্ৰতি মই আগ্রহী। মোৰ প্রশ্ন হ’ল- ২০১৪ চনত যি ‘জন ধন যোজনা’ আৰম্ভ কৰা হৈছিল, পৰিসংখ্যাই কি কৈছে, তাৰ তিনি বছৰ পাছত ভাৰতৱর্ষ আর্থিক দিশৰ পৰা অধিক সুৰক্ষিত হৈছে নে? এই অধিক সবলীকৰণৰ উপকাৰ আমাৰ মহিলা, কৃষক, শ্রমিকসকলে পাইছেনে? গাৱৰ পৰা সর্বত্রে তাৰ প্রভাব পৰিছেনে? ধন্যবাদ!

মোৰ প্রিয় দেশবাসী, ‘প্রধানমন্ত্রী জনধন যোজনা’, বিত্তীয় অন্তৰ্ভূক্তিয়ে কেবল ভাৰততে নহয়, বিশ্বৰ অর্থনৈতিক বিশেষজ্ঞসকলৰ বাবেও চর্চাৰ বিষয় হৈ পৰিছে। ২০১৪ চনৰ ২৮ আগষ্টত এটা সপোন লৈ এই যোজনা আৰম্ভ কৰা হৈছিল। কাইলৈ, ২৮ আগষ্টত ‘প্রধানমন্ত্রী জন ধন যোজনা’ৰ তিনি বছৰ সম্পূর্ণ হ’ব। ৩০ কোটি ভাৰতীয়ই এই যোজনাত অংশগ্রহণ কৰি তেওঁলোকৰ প্রথম বেংক একাউণ্ট খুলিলে। এই নতুন একাউণ্টধাৰী নাগৰিকৰ সংখ্যা বিশ্বৰ একাংশ দেশৰ জনসংখ্যাতকৈও অধিক। সেয়েহে আজি মোৰ ডাঙৰ সফলতা পোৱা যেন বোধ হয় যে সমাজৰ পিছপৰা শ্রেণীৰ দুখীয়া ভাই-ভনীসকল দেশৰ অর্থনীতিৰ মূল সুঁতিত অংশগ্রহণ কৰিব পাৰিছে, এওঁলোকৰ অভ্যাস সলনি হৈছে, নিজৰ অর্থনৈতিক সুৰক্ষা কৰিবলৈ শিকিছে, বেংকলৈ যোৱা আৰম্ভ কৰিছে, জমা কৰিবলৈ শিকিছে। ঘৰত বা জেপত টকা থাকিলে অযথা খৰচৰ কৰি মন যায়। এতিয়া সংযম কৰিবলৈ শিকি তেওঁলোকে ভাবিছে যে জমা ধনে ভৱিষ্যতে তেওঁলোকৰ সন্তানৰ কামত আহিব। অনাগত দিনত কোনো গুৰুত্বপূর্ণ কামতো সেই ধন লগাব পাৰিব। কেৱল ইমানেই নহয়, যেতিয়া দৰিদ্র মানুহৰ ওচৰত ৰূপে কাৰ্ড থাকে, তেওঁলোকৰ মনত এনে হৈছে ধনী লোকসকলৰ পকেটত যিমান ক্ৰে়ডিট কাৰ্ড থাকে, মোৰ ওচৰতো ৰুপে কাৰ্ড আছে। এইদৰে তেওঁলোকৰ আত্মবিশ্বাস বাঢ়ি গৈছে। ‘প্রধানমন্ত্রী জন ধন যোজনা’ত আমাৰ দেশৰ দুখীয়া মানুহৰ প্রায় ৬৫ হাজাৰ কোটি টকা জমা কৰিছে। আকৌ ‘প্রধানমন্ত্রী জন ধন যোজনা’ত যিসকলে একাউণ্ট খুলিছে, তেওঁলোকে বীমাৰ সুবিধাও পাইছে। ‘প্রধানমন্ত্রী জীৱনজ্যোতি বীমা যোজনা’, ‘প্রধানমন্ত্রী সুৰক্ষা বীমা যোজনা’ত ক্রমে মাত্র এটকা আৰু তিনি টকা প্রিমিয়াম দি আজি সেই দুখীয়া লোকসকলৰ জীৱনত নতুন আত্মবিশ্বাস গঢ় লৈছে। কোনো পৰিয়ালে এই দুখীয়া লোকসকলক যেতিয়া সংকটত পৰিছে–পৰিয়ালৰ মুৰব্বীৰ মৃত্যু হৈছে, সেই একেটা প্রিমিয়ামৰ সুফল দুই লাখ টকা পাইছে। ‘প্রধানমন্ত্রী মুদ্রা যোজনা’, ‘ষ্টার্ট আপ যোজনা’, ‘ষ্টেণ্ড আপ যোজনা’–দলিত, আদিবাসী, মহিলা, সদ্য স্নাতক ডিগ্ৰীধাৰী যুৱক-যুৱতীসকলক লৈ থিয় হোৱাৰ পৰিকল্পনা গ্ৰহণ কৰি কোটি কোটি যুৱক-যুৱতীক কোনো গেৰাণ্টি নোলোৱাকৈ ‘প্রধানমন্ত্রী মুদ্রা যোজনা’ৰ ধন লাভ কৰিছে আৰু কেবল যে নিজেই স্বাৱলম্বী হৈছে তেনে নহয়, বহুতে আন দুই-এজনকো কর্ম-সংস্থাপনৰ ব্যৱস্থা কৰিলে। কিছুদিন আগতে বেংকৰ একাংশ কর্মকর্তাই মোৰ সৈতে মিলিত হৈছিল। ‘জন ধন যোজনা’, ‘ৰূপে কাৰ্ড’, ‘প্রধানমন্ত্রী মুদ্রা যোজনা’, বীমাৰ বাবে সাধাৰণ মানুহৰ কিমান উপকাৰ হৈছে, তাৰ অনেক উৎসাহজনক ফলাফল মোক জনাইছে। আজি এই লৈ বিস্তাৰিতভাৱে কোৱাৰ সময় নাই, বেংকৰ কর্মকর্তাসকলক মই ক’লো, এইবোৰ তথ্য mygov.inত আপলোড কৰি দিয়ক। সাধাৰণ মানুহে পঢ়িব পাৰিব, কোনটো যোজনাই কিমান মানুহৰ জীৱনত কিমান পৰিৱৰ্তন আনিছে, তাৰ পৰিসংখ্যা লাভ কৰি তেওঁলোকো অনুপ্রাণিত হ’ব। কেনেদৰে নতুন উদ্যম আহিছে, আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ উঠিছে, তাৰ এটি উদাহৰণ আমাৰ সন্মুখলৈ আহিব। আপোনালোকে এইবোৰ তথ্য পাব পাৰিব আৰু তেনে উৎসাহজনক ঘটনা সংবাদমাধ্যমতো প্রচাৰ কৰিব পাৰে। তেওঁলোকেও সফল ব্যক্তিত্বসকলৰ সাক্ষাৎকাৰ লৈ নতুন প্রজন্মক অনুপ্রাণিত কৰিব পাৰে।

মোৰ প্রিয় দেশবাসী, আপোনালোকক পুনৰ কওঁ, ‘মিচ্ছামী দুক্কড়ম’! বহুত বহুত ধন্যবাদ!

*****

AKT/NT/DB