Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৭ জানুৱাৰীত ‘কৰিয়াপ্পা গ্ৰাউণ্ড’ত ‘এনচিচি’ৰ ‘প্ৰধানমন্ত্ৰী ৰেলী’ সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জানুৱাৰী, ২০২৪ তাৰিখে আবেলি ৪:৩০ বজাত দিল্লীৰ ‘কৰিয়াপ্পা পেৰেড গ্ৰাউণ্ড’ত ‘এনচিচি’ৰ বাৰ্ষিক ‘প্ৰধানমন্ত্ৰী ৰেলী’ত ভাষণ দিব।

অনুষ্ঠানটোত ‘অমৃত পীড়িৰ অৱদান আৰু সৱলীকৰণ’ক প্ৰদৰ্শন কৰা ‘অমৃত কাল কী এনচিচি’ শীৰ্ষক এক সাংস্কৃতিক কাৰ্যসূচী অন্তৰ্ভুক্ত থাকিব। ‘বসুধৈৱ কুটুম্বকম’ৰ প্ৰকৃত ভাৰতীয় চেতনাৰে উদ্বুদ্ধ ২,২০০ তকৈয়ো অধিক ‘এনচিচি কেডেট’ৰ লগতে ২৪ খন দেশৰ যুৱ কেডেট এই বছৰৰ ৰেলীৰ অংশ হ’ব।

বিশেষ অতিথি হিচাপে ‘ভাইব্ৰেণ্ট ভিলেজ’ৰ ৪০০ৰো অধিক ‘চৰপঞ্চ’ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ‘আত্ম-সহায়ক গোট’ৰ ১০০ৰো অধিক মহিলাই ‘এনচিচি পিএম ৰেলী’ত অংশগ্ৰহণ কৰিব।

 

***

DS/LP/KB