মহামান্য ৰাষ্ট্ৰপতি মাছেভেনী মহোদয়, তেওঁৰ সহধৰ্মিনী জানেট মাছেভেনী মহাশয়া আৰু ইয়াত গোট খোৱা মোৰ মৰমৰ ভাই–ভনীসকল৷
আপোনালোক সকলোৰে সৈতে মোৰ এক আত্মিক সম্পৰ্ক আছে৷ মই আপোনোলোকৰ পৰিয়ালৰে এগৰাকী সদস্য৷ সেয়ে এইদৰে আপোনালোকৰ সাক্ষাৎ লাভ কৰি মই আনন্দিত৷ আমাৰ এই সাক্ষাতক অধিক গৰিমামণ্ডিত কৰি তুলিবলৈ আজি উপস্থিত আছে স্বয়ং ৰাষ্ট্ৰপতি মহোদয়। তেওঁৰ এই উপস্থিতি ১২৫কোটি ভাৰতীয় আৰু উগাণ্ডাত বাস কৰা হাজাৰ হাজাৰ ভাৰতীয়ৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু স্নেহৰ প্ৰতীক। এইবাবে মই ৰাষ্ট্ৰপতি মহোদয়ক হৃদয়ৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো৷ আজি মই ইয়াত আপোনালোকৰ সৈতে মত–বিনিময় কৰিছো আৰু কাইলৈ উগাণ্ডাৰ সংসদক সম্বোধন কৰাৰ সুযোগ লাভ কৰিম৷ আৰু দুদিন পূৰ্বে দিল্লীৰ সংসদত আপোনালোকে মোৰ ভাষণ শুনিবলৈ পাইছিল৷ মই আপোনালোকৰ ওচৰত বহুত কৃতজ্ঞ৷
মোৰ মৰমৰ ভাই–ভনীসকল৷ প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে উগাণ্ডাৰ সংসদক সম্বোধনৰ সুযোগ লাভ কৰিছে৷ এই সন্মানৰ বাবে মই ৰাষ্ট্ৰপতি মহোদয় আৰু উগাণ্ডাৰ জনসাধাৰণক ১২৫ কোটি ভাৰতীয়ৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছো৷ সতীৰ্থসকল, উগাণ্ডালৈ অহা, আপোনালোকক সাক্ষাৎ কৰাতো যিকোনো ভাৰতীয়ৰ বাবে আনন্দ আৰু সুখৰ বিষয়৷ আপোনালোকৰ উৎসাহ, স্নেহ, প্ৰেম, আৱেগে মোক উল্লসিত কৰিছে৷ উগাণ্ডালৈ আহি আপোনালোকৰ সৈতে মত–বিনিময় কৰাৰ সুযোগ মই দ্বিতীয়বাৰৰ বাবে লাভ কৰিছো৷ ১১বছৰ পূৰ্বে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে ইয়ালৈ আহিছিলো আৰু আজি দেশৰ প্ৰধানমন্ত্ৰীৰ ৰূপত আহিছো৷ যেতিয়া মই গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলো, তেতিয়াও আপোনালোকৰ মাজৰ বহুতকে মই লগ পাইছিলো, হেপাঁহ পলুৱাই কথা পতাৰ সুযোগ লাভ কৰিছিলো৷ ইয়াতো মই তেনেকুৱা কিছুমান চিনাকী চেহেৰা দেখিবলৈ পাইছো আৰু মই আনন্দিত যে ৰাষ্ট্ৰপতি মহোদয়ে সকলোকে পৃথকে পৃথকে চিনাকী কৰাই দিছে৷ আপোনালোকৰ সৈতে তেওঁৰ কিমান ঘনিষ্ঠ সম্পৰ্ক, ইয়াৰ পৰাই অনুভৱ কৰিব পাৰি৷ এই সন্মান আপোনালোকে অৰ্জন কৰিছে নিজৰ পৰিশ্ৰম, আচৰণ, চৰিত্ৰৰদ্বাৰা৷ আপোনালোকে ইয়াত লাভ কৰা এই মৰম–চেনেহ সাধাৰণ নহয় আৰু এইবাবেই ভাৰতৰ পৰা অহা তিনিটা–চাৰিটা প্ৰজন্মই এই ভূমিৰ সৈতে আত্মীয়তা গঢ়ি তুলিছে, মৰম–চেনেহেৰে বাস কৰিছে৷
সতীৰ্থসকল, উগাণ্ডাৰ সৈতে ভাৰতৰ সম্পৰ্ক আজিৰ নহয়৷ এই সম্পৰ্ক শতাব্দী পুৰণি৷ আমাৰ মাজত শ্ৰমৰ সম্বন্ধ, শোষণৰ বিৰুদ্ধ যুঁজৰ সম্বন্ধ৷ উগাণ্ডা বিকাশৰ যি ধাৰাত আজি থিয় হৈ আছে, তাৰ বুনিয়াদী মজবুত কৰিছে উগাণ্ডাবাসীৰ কঠোৰ পৰিশ্ৰম আৰু ত্যাগে৷ ইয়াৰ সৈতে ভাৰতীয়সকলৰ ত্যাগ আৰু পৰিশ্ৰমো জড়িত হৈ আছে৷ আপোনালোকৰ মাজৰ বহুতো পৰিয়াল আছে, যিয়ে তিনিটা–চাৰিটা প্ৰজন্ম ধৰি ইয়াত বাস কৰি আছে৷ মই ইয়াত উপস্থিত উদীয়মান যুৱক–যুৱতীসকলক সোঁৱৰাই দিব বিচাৰো যে আজি যি ৰে’লেৰে আপোনালোকে ভ্ৰমণ কৰে, সেয়াই ভাৰত আৰু উগাণ্ডাৰ সম্পৰ্ককো গতি প্ৰদান কৰি আছে৷ যেতিয়া উগাণ্ডা আৰু ভাৰত উভয়ে একেই শক্তিৰ গুলাম আছিল, তেতিয়া আমাৰ পূৰ্বজসকলক ভাৰতৰ পৰা ইয়ালৈ লৈ অহা হৈছিল৷ বন্দুক আৰু চাবুকৰ দামত তেওঁলোকক ৰেলৱে লাইন বহুৱা কামত নিয়োগ কৰা হৈছিল৷ সেই জটিল পৰিস্থিতিত এই মহান ব্যক্তিসকলে উগাণ্ডাৰ ভাই–ভনীসকলৰ সৈতে একেলগে সংগ্ৰাম কৰিছিল৷ উগাণ্ডা স্বাধীন হ’ল, কিন্তু আমাৰ যথেষ্টসংখ্যক পূৰ্বজে ইয়াতে থকাৰ সিদ্ধান্ত ল’লে৷
আজি আপোনোলোক সকলোৱে উগাণ্ডাৰ বিকাশ, ইয়াৰ ব্যৱসায়–বাণিজ্য, কলা–সংস্কৃতি, খেল, সমাজ আদি ক্ষেত্ৰত নিজৰ নিজৰ বৰঙণি আগবঢ়াই আছে৷ ইয়াৰ জিনঝা অঞ্চলত মহাত্মা গান্ধীৰ অস্থি বিসৰ্জন কৰা হৈছিল৷ ইয়াৰ ৰাজনীতিতো অনেক ভাৰতীয়ই সক্ৰিয় যোগদান কৰি আহিছে৷ স্বৰ্গীয় নৰেন্দ্ৰ ভাই পেটেল স্বতন্ত্ৰ উগাণ্ডাৰ সংসদৰ প্ৰথম অনা–ইউৰোপিয়ান অধ্যক্ষ আছিল আৰু সৰ্বসন্মতিক্ৰমে তেওঁক নিৰ্বাচিত কৰা হৈছিল৷ অৱশ্যে এনেকুৱা এক সময়ো আহিছিল যেতিয়া সকলো সমস্যাৰ সন্মুখীন হৈছিল আৰু বহুতো লোকে দেশ এৰি যাবলগীয়া হৈছিল৷ কিন্তু উগাণ্ডা চৰকাৰ আৰু উগাণ্ডাৰ জনসাধাৰণে তেওঁলোকক অন্তৰৰ পৰা যাবলৈ দিয়া নাই৷ মই বিশেষভাৱে ৰাষ্ট্ৰপতি মহোদয় আৰু উগাণ্ডাৰ জনসাধাৰণৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিছো৷ আপোনালোকৰ মাজৰ অনেক এনেকুৱা লোকো আছে, যাৰ জন্ম ইয়াতে হৈছে, কিছুমানৰ আকৌ ভাৰত দেখাৰ সৌভাগ্যও হোৱা নাই৷ কিছুমানে হয়তো এই কথাও নাজানে যে ভাৰতৰ কোন ৰাজ্য, কোন স্থান, কোন গাঁওৰ পৰা তেওঁলোকৰ পূৰ্বপুৰুষসকল ইয়ালৈ আহিছিল৷ তথাপি আপোনালোকে হৃদয়ত ভাৰতক জীয়াই ৰাখিছে৷ হৃদয়ৰ এটি স্পন্দন যদি উগাণ্ডাৰ বাবে আনটো নিশ্চয় ভাৰতৰ বাবে৷ বিশ্বৰ সন্মুখত আপোনালোকেই সঁচা অৰ্থত ভাৰতৰ ৰাষ্ট্ৰদূত৷ আপোনালোকে ভাৰতৰ কলা–সংস্কৃতি, ভাষা, খাদ্যাভাস আদিক যিধৰণে ধৰি ৰাখিছে, সেয়া সঁচাই প্ৰশংসনীয়৷ এনে উদাহৰণ বহুত কম দেখা যায়, সেয়ে ভাৰতবাসী আপোনালোকক লৈ গৌৰবান্বিত৷ ময়ো আপোনালোকক অভিনন্দন জনাইছো৷ আপোনালোকক প্ৰণাম জনাইছো৷
সতীৰ্থসকল, উগাণ্ডাসহ আফ্ৰিকাৰ আন দেশসমূহ ভাৰতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ এটা হ’ল—আপোনালোকৰ দৰে বহু ভাৰতীয় ইয়াত বাস কৰে আৰু দ্বিতীয়টো হ’ল—আমি সকলোৱে গুলামীৰ বিৰুদ্ধে যুঁজ দিছিলো৷ একেদৰে তৃতীয় কাৰণটো হ’ল—আমাৰ সকলোৰে সন্মুখত বিকাশৰ একসমান প্ৰত্যাহ্বান আছে৷ পৰস্পৰে–পৰস্পৰৰ সৈতে সুখ–দুখৰ ভাগ–বতৰা কৰা আমাৰ এক দীঘলীয়া ইতিহাস আছে৷ আমি পৰস্পৰৰ পৰা কিবা নহয় কিবা শিকিছো৷ যথাসম্ভৱ আমি পৰস্পৰে–পৰস্পৰক সহায়ৰ হাতো আগবঢ়াই আহিছো৷ আজিও আমি এই অনুভৱ লগত লৈয়ে আগবাঢ়ি আছো৷ আমি উদাণ্ডাৰ সৈতে শক্তিশালী প্ৰতিৰক্ষা সম্বন্ধ বিচাৰো৷ উগাণ্ডাৰ সেনাক আৱশ্যক অনুসৰি ভাৰতত প্ৰশিক্ষণৰ ব্যৱস্থা আমি কৰি আছো৷ উগাণ্ডাৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী এতিয়া ভাৰতত অধ্যয়ন কৰি আছে৷ সতীৰ্থসকল, আপোনালোকৰ বহুতে যেতিয়া ভাৰতৰ পৰা উগাণ্ডা আহিছিল, তেতিয়াৰ ভাৰত আৰু এতিয়াৰ ভাৰতৰ মাজত যথেষ্ট পাৰ্থক্য আছে৷ আজি উগাণ্ডা যেনেকৈ আফ্ৰিকাৰ দ্ৰুত বিকশিত অৰ্থব্যৱস্থা হৈ পৰিছে, ঠিক একেদৰে ভাৰত বিশ্বৰ সবাতোকৈ দ্ৰুত গতিৰে আগবঢ়া অৰ্থব্যৱস্থা হিচাপে চিহ্নিত হৈছে৷ ভাৰতৰ অৰ্থব্যৱস্থাই সমগ্ৰ বিশ্বৰ উন্নয়ন যাত্ৰাক গতি প্ৰদান কৰি আছে৷ মেক ইন ইণ্ডিয়া এতিয়া ভাৰতৰ পৰিচয় হৈ পৰিছে৷ ভাৰতত উৎপাদিত বাহন আৰু স্মাৰ্ট ফোনৰ দৰে অনেক সামগ্ৰী আজি আমি এনেকুৱা দেশত বিক্ৰী কৰি আছো, য’ৰ পৰা পূৰ্বে ভাৰতে আমদানি কৰিছিলো৷ অতি শীঘ্ৰে আপোনালোকে উগাণ্ডাত ক্ৰয় কৰা স্মাৰ্ট ফোনতো ‘মেড ইন ইণ্ডিয়া’ৰ মোহৰ দেখিবলৈ পোৱাৰ সম্ভাৱনা আছে৷ শেহতীয়াকৈ বিশ্বৰ সৰ্ববৃহৎ মোবাইল নিৰ্মাণ কোম্পানীৰ ফাউণ্ডেচন ভাৰতত মুকলি হৈছে৷ দ্ৰুত গতিৰে ভাৰত এতিয়া বিশ্বৰ বাবে নিৰ্মাণ খণ্ডৰ কেন্দ্ৰস্থল হৈ পৰিছে৷ লগতে ডিজিটেল প্ৰযুক্তিক ভাৰতৰ জনসাধাৰণে সৱলীকৰণৰ এক মাধ্যম হিচাপে গ্ৰহণ কৰিছে৷ চৰকাৰৰ সৈতে জড়িত সকলো কাম এটা মোবাইল ফোনত উপলব্ধ হৈছে৷ শিশুৰ জন্মৰ পৰা আৰম্ভ কৰি নাগৰিকৰ মৃত্যুৰ পঞ্জীকৰণলৈ সকলো ব্যৱস্থা ডিজিটেল হৈছে, অনলাইন হৈ উঠিছে৷ দেশৰ প্ৰতিখন ডাঙৰ পঞ্জায়তক ব্ৰ’ডব্ৰেণ্ড ইণ্টাৰনেটেৰে সাঙুৰি লোৱাৰ কাম তীব্ৰতাৰে চলি আছে৷ অকল নিৰ্মাণখণ্ডই নহয়, ষ্টাৰ্ট–আপৰো কেন্দ্ৰস্থল হোৱাৰ দিশে ভাৰত আগবাঢ়িছে৷
বিশ্বৰ য’লৈকে মই যাও, তাতেই কও যে পূৰ্বৰ তুলনাত ভাৰতৰ প্ৰতিচ্ছবি এতিয়া বিশ্বৰ সন্মুখত সলনি হৈছে৷ আমাৰ যুৱ শক্তিয়ে পৌৰাণিক ধাৰণা সলনি কৰি ভাৰতক তথ্য–প্ৰযুক্তিৰ দেশ হিচাপে গঢ়ি তুলিছে৷ আজি ভাৰতবৰ্ষই দেশ আৰু দুনীয়াৰ বাবে হাজাৰ হাজাৰ ষ্টাৰ্ট–আপৰ আৰম্ভণি কৰিছে৷ আপোনালোকে এই কথা জানি গৌৰৱবধ কৰিব যে মাত্ৰ দুবছৰৰ ভিতৰতে দেশত প্ৰায় ১১ হাজাৰ ষ্টাৰ্ট–আপ পঞ্জীভুক্ত হৈছে৷ দেশ আৰু বিশ্বৰ আন প্ৰান্তৰ আৱশ্যকতা অনুসৰি আমাৰ তেজৱানসকলে নতুন উদ্ভাৱন কৰি আছে৷ সতীৰ্থসকল, আজি ভাৰতবৰ্ষৰ ৬ লাখৰো অধিক গাঁৱত বিজুলী সংযোগ আগবঢ়োৱা হৈছে৷ এতিয়া ভাৰতত এনেকুৱা কোনো গাওঁ নাই, য’ত বিজুলী নাই৷ ভাৰতত বিজুলীৰ উপলব্ধতা কিমান সুলভ হৈ পৰিছে, ইয়াৰ অনুমান আপোনালোকে বিশ্ব বেংকৰ ৰেংকিঙৰ পৰাই লাভ কৰিব৷ ‘বিদ্যুৎ সংযোগ লাভৰ সৰলতা’ৰ ৰেংকিঙত ভাৰতে বিগত চাৰি বছৰৰ ভিতৰত এইবাৰ ৮২টা স্থান আগুৱাবলৈ সক্ষম হৈছে৷ এতিয়া আমি এই তালিকাত ২৯ সংখ্যক স্থান লাভ কৰিছো৷ অকল বিজুলী সংযোগেই নহয়, জনসাধাৰণৰ বিদ্যুতৰ খৰচ কম কৰিবলৈও আমি পদক্ষেপ লৈছো৷ বিগত চাৰি বছৰত দেশত এশ কোটি এলইডি বাল্ব বিক্ৰী হৈছে৷ সতীৰ্থসকল, এইধৰণৰ অনেক পৰিৱৰ্তন এতিয়া ভাৰতত হৈ আছে৷ কিয়নো তাত ব্যৱস্থা আৰু সমাজত বৃহৎ পৰিৱৰ্তন আহিছে৷ ভাৰতে আজি নিউ ইণ্ডিয়াৰ সংকল্পৰ সৈতে আগবাঢ়ি আছে৷
সতীৰ্থসকল, প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰে পৰা মই ইয়ালৈ আহিবলৈ উৎসুক হৈ আছিলো৷ তিনি বছৰ পূৰ্বে ৰাষ্ট্ৰপতি মহোদয় যেতিয়া ভাৰত–আফ্ৰিকা সন্মিলনৰ বাবে ভাৰত আহিছিল, তেতিয়া তেওঁ বৰ আগ্ৰহেৰে মোক আমন্ত্ৰণ জনাইছিল৷ কিন্তু কিবা নহয় কিবা কাৰণৰ বাবে ভ্ৰমণ সম্ভৱ হৈ উঠা নাছিল৷ মই আনন্দিত যে আজি সকলোকে সাক্ষাতৰ সুযোগ লাভ কৰিলো৷ বিগত চাৰি বছৰত আফ্ৰিকাৰ সৈতে আমাৰ আমাৰ ঐতিহাসিক সম্পৰ্কক আমি বিশেষ গুৰুত্ব দিছো৷ ভাৰতৰ বৈদেশিক নীতিত আজি আফ্ৰিকাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ২০১৫ত যেতিয়া আমি ভাৰত–আফ্ৰিকা ঔদ্যোগিক সন্মিলন আয়োজন কৰিছিলো, তেতিয়া প্ৰথমবাৰ আফ্ৰিকাৰ সকলো দেশক আমন্ত্ৰণ জনাইছিলো৷ ইয়াৰ পূৰ্বে কিছু নিৰ্বাচিত দেশৰ মূৰব্বীৰ সৈতে আমাৰ সাক্ষাৎ হৈছিল আৰু সুখৰ কথা এয়ে যে সকলো দেশেই কেৱল আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাই নহয়, ৪১ খন দেশৰ শীৰ্ষ নেতৃত্বই সন্মিলনত ভাগ ল’বলৈ দিল্লী গৈছিল৷ আমি হাত আগবঢ়োৱাত আফ্ৰিকায়ো আগবাঢ়ি আহি ভাৰতক আকোৱালি লৈছিল৷ তাৰ ফলস্বৰূপে বিগত চাৰি বছৰত আফ্ৰিকাৰ প্ৰতিখন দেশলৈ ভাৰতৰ অতিকমেও মন্ত্ৰীস্তৰৰ ভ্ৰমণ হৈ আছে৷ ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী স্তৰত এইপৰ্যন্ত ২০ৰো অধিক ভ্ৰমণ হৈছে৷ আফ্ৰিকাৰো ৩২ ৰাষ্ট্ৰ মূৰব্বীয়ে ভাৰতলৈ আহি ভাৰতৰ নেতাসকলক সাক্ষাৎ কৰিছে৷ আমি ১৪ দেশত নিজৰ দূতাবাস মুকলিৰ সিদ্ধান্ত লৈছো৷ ইয়াৰ ফলত আফ্ৰিকাত আমাৰ দূতাবাসৰ সংখ্যা ৪৭লৈ বৃদ্ধি পালে৷ আফ্ৰিকাৰ সামাজিক বিকাশ আৰু সংঘৰ্ষৰ সময়তো আমাৰ সহযোগ সদায় আছে৷ ইয়াৰ অৰ্থব্যৱস্থাৰ বিকাশতো আমি সক্ৰিয় ভূমিকা গ্ৰহণ কৰি আছো৷ এইবাবেই বিগত বছৰত আফ্ৰিকান ডেভেলাপমেণ্ট বেংকৰ বাৰ্ষিক বৈঠক ভাৰতত আয়োজন কৰা হৈছিল৷ আফ্ৰিকাৰ বাবে তিনি বিলিয়ন ডলাৰৰ অধিক লাইন অফ ক্ৰেডিটৰ প্ৰকল্প অনুমোদন জনোৱা হৈছে৷ ভাৰত–আফ্ৰিকা ঔদ্যোগিক সন্মিলনৰ অন্তৰ্গত আমাৰ ১০ বিলিয়ন ডলাৰৰ সংকল্পও আছে৷ ইয়াৰ উপৰি ৬০০ মিলিয়ন ডলাৰৰ অনুদান সাহাৰ্য আৰু ৫০ হাজাৰ ছাত্ৰৰ বাবে ভাৰতত অধ্যয়নৰ স্ক’লাৰশ্বিপ দিবলৈও আমি প্ৰতিজ্ঞাবদ্ধ৷ আফ্ৰিকাৰ ৩৩ খন দেশৰ বাবে ভাৰতত ই–ভিছাৰ ব্যৱস্থা কৰা হৈছে আৰু আফ্ৰিকাৰ প্ৰতি আমাৰ শক্তিশালী সংকল্পৰ পৰিণামো দেখিবলৈ পোৱা গৈছে৷
বিগত বৰ্ষত আফ্ৰিকাৰ দেশৰ সৈতে ভাৰতৰ বাণিজ্যত ৩২শতাংশ বৃদ্ধি হৈছে৷ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ সদস্য হোৱাৰ বাবে মই আফ্ৰিকাৰ সকলো দেশক আহ্বান জনাইছিলো আৰু আজি সদস্য ৰাষ্ট্ৰৰ প্ৰায় আধা আফ্ৰিকাৰ দেশ৷ মোক আপোনালোকে যিধৰণৰ স্নেহ দিছে, আশীৰ্বাদ দিছে, সন্মান দিছে—ইয়াৰ বাবে মই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছো৷ ৰাষ্ট্ৰপতি মহোদয় আৰু উগাণ্ডাৰ চৰকাৰ তথা জনসাধাৰণকো মই হৃদয়ৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো৷ ২০১৯ৰ ২২–১৩ জানুৱাৰীত প্ৰবাসী ভাৰতীয় দিৱস উদযাপন কৰা হ’ব আৰু এইবাৰ বেনাৰছৰ কাশীক ইয়াৰ স্থান হিচাপে ধাৰ্য কৰা হৈছে৷ যি স্থানৰ জনতাই মোক প্ৰধানমন্ত্ৰী বনাইছে, সাংসদ বনাইছে, সেই স্থানত হ’বলগীয়া প্ৰবাসী ভাৰতীয় দিৱসলৈ আপোনালোকক আমন্ত্ৰণ জনালো৷ আৰু এটা সুখৰ খবৰ যে প্ৰবাসী ভাৰতীয় দিৱসৰ পূৰ্বে গুজৰাটত ভাইব্ৰেণ্ট গুজৰাট আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰী সন্মিলন অনুষ্ঠিত হ’ব৷ ইয়াৰ বাবে দিন ধাৰ্য কৰা হৈছে ১৮,১৯,২০ জানুৱাৰী৷ ১৪ জানুৱাৰীৰ পৰা আকৌ কুম্ভমেলা আৰম্ভ হৈ যাব৷ গতিকে এই সকলো পৰিদৰ্শন কৰি আপোনালোকে দিল্লীলৈ আহিব, তাত আমি সকলোৱে ২৬ জানুৱাৰীত গণৰাজ্য দিৱস উদযাপন কৰিম৷ মুঠৰ ওপৰত আপোনালোকে সম্পূৰ্ণ এক সপ্তাহৰ পেকেজ লৈ ভাৰত ভ্ৰমণলৈ আহিব, তাত এটাৰ পিছত এটা অনুষ্ঠানে আপোনালোকক স্বাগতম জনাব৷ উগাণ্ডাৰ ভাই–ভনীসকলকো মই ভাৰতলৈ আমন্ত্ৰণ জনালো, আপোনালোকেও আহিব৷ আপোনালোকৰ প্ৰগতিৰ বাবে ভাৰতৰ শুভকামনা সদায় থাকিব৷ মই পুনৰ এবাৰ সকলোকে বহুত বহুত ধন্যবাদ জনাইছো৷ বহুত বহুত ধন্যবাদ৷
***
अतुल कुमार तिवारी/शाहबाज़/सतीश/तारा/মুকুট
युगांडा में आप सभी के बीच आने का ये मेरा दूसरा अवसर है। इससे पहले गुजरात के मुख्यमंत्री के तौर पर यहां आया था और आज देश के प्रधानमंत्री के नाते।
— PMO India (@PMOIndia) July 24, 2018
जब मैं गुजरात का मुख्यमंत्री था, तब भी आप में से अनेक लोग वहां मुझसे मिलने आते थे। यहां भी कई ऐसे परिचित सामने मुझे दिख रहे हैं: PM
युगांडा से भारत का रिश्ता आज का नहीं है, बल्कि शताब्दियों का है।
— PMO India (@PMOIndia) July 24, 2018
हमारे बीच श्रम का रिश्ता है, शोषण के खिलाफ संघर्ष का रिश्ता है।
युगांडा विकास के जिस मुकाम पर आज खड़ा है, उसकी बुनियाद मजबूत कर रहे युगांडा वासियों के खून-पसीने में भारतीयों का भी बहुत बड़ा योगदान है: PM
आप में से अनेक लोग ऐसे भी हैं जिनका जन्म यहीं हुआ है।
— PMO India (@PMOIndia) July 24, 2018
शायद कुछ लोगों को तो कभी भारत को देखने का मौका भी मिला होगा।
कुछ तो ऐसे होंगे जिनको वहां अपनी जड़ों के बारे में, किस गांव या शहर से आए थे, इसकी भी कम जानकारी होगी। लेकिन फ़िर भी आपने भारत को अपने दिलों में जिंदा रखा है: PM
युगांडा समेत अफ्रीका के तमाम देश भारत के लिए बहुत महत्वपूर्ण हैं।
— PMO India (@PMOIndia) July 24, 2018
एक कारण तो आप जैसे भारतीयों की यहां बड़ी संख्या में मौजूदगी है,
दूसरा हम सभी ने गुलामी के खिलाफ साझी लड़ाई लड़ी है,
तीसरा हम सभी के सामने विकास की एक समान चुनौतियां हैं: PM
मेक इन इंडिया आज भारत की पहचान बन गया है।
— PMO India (@PMOIndia) July 24, 2018
भारत में बनी कार और स्मार्ट फोन समेत अनेक चीजें आज उन देशों को बेच रहे हैं जहां से कभी हम ये सामान आयात करते थे।
संभव है कि बहुत जल्द यहां युगांडा में जब स्मार्टफोन खरीदने आप जाएंगे तो आपको मेड इन इंडिया का लेवल नज़र आएगा: PM
अफ्रीका के सामाजिक विकास और संघर्ष में तो हमारा सहयोग रहा ही है, यहां की अर्थव्यवस्था के विकास में भी हम सक्रिय भागीदारी सुनिश्चित कर रहे हैं।
— PMO India (@PMOIndia) July 24, 2018
यही कारण है कि पिछले वर्ष African Development Bank की वार्षिक बैठक भी भारत में आयोजित की गई: PM
अफ्रीका के लिए 3 billion dollars से अधिक के lines of credit के projects को मंजूरी दी गई है।
— PMO India (@PMOIndia) July 24, 2018
India Africa Forum Summit के अंतर्गत हमारा 10 billion dollars का commitment है।
600 million dollars की अनुदान सहायता और 50,000 छात्रों के लिए scholarships के लिए भी हम प्रतिबद्ध हैं: PM
International Solar Alliance का सदस्य बनने के लिए मैंने अफ्रीका के सभी देशों को आग्रह किया था।
— PMO India (@PMOIndia) July 24, 2018
और मेरे आव्हान के बाद आज सदस्य देशों में लगभग आधे देश अफ्रीका के हैं।
अंतर्राष्ट्रीय मंच पर भी अफ्रीका के देशों से एक स्वर में भारत का समर्थन किया है: PM
The community programme in Kampala was full of vibrancy and enthusiasm. Spoke about the deep rooted ties between India and Uganda, the accomplishments of the Indian diaspora and the transformative changes taking place in India. https://t.co/sKWuKSdxJ4 pic.twitter.com/UCbcZ0hEfZ
— Narendra Modi (@narendramodi) July 24, 2018