২২ জানুৱাৰী ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত ১৫তম প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন মুকলি কৰিব৷
প্ৰথমবাৰলৈ এই সন্মিলন তিনিদিনীয়াকৈ অৰ্থাৎ ২১ তাৰিখৰ পৰা ২৩ জানুৱাৰীলৈ বাৰাণসীত উদযাপন কৰিবলৈ লোৱা হৈছে৷ এই পিবিডি সন্মিলন ২০১৯ৰ মূল বিষয় হ’ল ‘‘নতুন ভাৰত গঠনত প্ৰবাসী ভাৰতীয়ৰ ভূমিকা’’৷
কুম্ভ মেলা আৰু অনাগত গণতন্ত্ৰ দিৱস উপলক্ষে ১৫তম পিবিডি সন্মিলন ৯ জানুৱাৰীৰ পৰিৱৰ্তে ২১ৰ পৰা ২৩ জানুৱাৰীলৈ উদযাপন কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ এই সন্মিলনৰ পিছত অংশগ্ৰহণকাৰীসকলে ২৪ জানুৱাৰীৰ দিনা প্ৰয়াগৰাজৰ কুম্ভ মেলাত অংশগ্ৰহণ কৰিব৷ ইয়াৰ পিছত তেওঁলোকে ২৫ জানুৱাৰীত দিল্লীত উপস্থিত হ’ব আৰু ২৬ জানুৱাৰীৰ দিনা নতুন দিল্লীত গণতন্ত্ৰ দিৱসৰ পেৰেড প্ৰত্যক্ষ কৰিব৷
পিবিডি সন্মিলনত মুখ্য অতিথিৰূপে উপস্থিত থাকিব মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰৱিন্দ জুগনাথ৷ বিশেষ অতিথি হিচাপে উপস্থিত থাকিব হিমাংশু গুলাটি৷ আনহাতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব নিউজিলেণ্ডৰ সাংসদ কানৱালজিৎ সিং বক্সীয়ে৷
এই অনুষ্ঠানৰ প্ৰধান কাৰ্যসূচীসমূহ হ’ল-
২১ জানুৱাৰী ২০১৯- যুৱ প্ৰবাসী ভাৰতীয় দিৱস৷ এই অনুষ্ঠানত যুৱ প্ৰবাসীসকলে নতুন ভাৰতৰ সৈতে জড়িত হোৱাৰ অৱকাশ পাব৷
২২ জানুৱাৰী ২০১৯- মৰিছাছৰ প্ৰধানমন্ত্ৰী প্ৰৱিন্দ জুগনাথৰ উপস্থিতিত প্ৰধানমন্ত্ৰীয়ে পিবিডি সন্মিলনৰ মুকলি কৰিব৷
২৩ জানুৱাৰী ২০১৯- ভাৰতৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা বিদায় অধিবেশন তথা প্ৰবাসী ভাৰতীয় সন্মান বঁটা৷
এই অনুষ্ঠানত আৰু বিভিন্ন পৰিকল্পনা অধিবেশনো অনুষ্ঠিত হ’ব৷ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদযাপিত হ’ব৷
প্ৰবাসী ভাৰতীয় দিৱসৰ বিষয়েঃ
স্বৰ্গীয় অটল বিহাৰী বাজপেয়ীয়ে প্ৰবাসী ভাৰতীয় দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷
নতুন দিল্লীত ২০০৩ চনৰ ৯ জানুৱাৰীত প্ৰথমখন প্ৰবাসী ভাৰতীয় দিৱস অনুষ্ঠিত হৈছিল৷ মহাত্মা গান্ধীয়ে ১৯১৫ চনৰ ৯ জানুৱাৰীত দক্ষিণ আফ্ৰিকাৰ পৰা দেশলৈ ঘূৰি অহাৰ দিনটোক স্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে এই দিনটোত প্ৰবাসী ভাৰতীয় দিৱস পালন কৰা হয়৷
***
AKT/KP/MANN
Looking forward to being in beloved Kashi today for the Pravasi Bharatiya Divas. This is an excellent forum to engage with the Indian diaspora, which is distinguishing itself all over the world. #PBD2019 @PBDConvention
— Narendra Modi (@narendramodi) January 22, 2019