২২ ছেপ্টেম্বৰ তাৰিখে টেক্সাছৰ হাউষ্টনত অনুষ্ঠিত হ’বলগীয়া ‘হাউডি মোদী’ কাৰ্যসূচীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড. জে. ট্ৰাম্পে অংশগ্ৰহণ কৰিব খোজা বাতৰিত সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ অংশগ্ৰহণে ভাৰত আৰু আমেৰিকাৰ বন্ধুত্বৰ গুৰুত্ব বৃদ্ধি কৰিব৷
অনুষ্ঠানটোত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ অংশগ্ৰহণক উল্লেখযোগ্য বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় ইয়াৰ দ্বাৰা ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি হোৱাৰ লগতে আমেৰিকান সমাজ আৰু অৰ্থনীতিলৈ ভাৰতীয় সমাজৰ অৱদানকো স্বীকৃতি প্ৰদান কৰা হ’ব৷
ইয়াৰ পূৰ্বে আজি হোৱাইট হাউচৰ পৰা প্ৰকাশিত এক বিবৃতিত অনুষ্ঠানটোত ডনাল্ড ট্ৰাম্পৰ অংশগ্ৰহণৰ বিষয়ে নিশ্চিতি প্ৰদান কৰা হয়৷ অনুষ্ঠানটোৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি বিবৃতিটোত এইদৰে কোৱা হয়, ‘‘এয়া আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ এক উল্লেখযোগ্য অৱকাশ, বিশ্বৰ সবাতোকৈ পুৰণি তথা বৃহৎ গণতন্ত্ৰৰ সৈতে কৌশলগত মিত্ৰতা অধিক শক্তিশালী কৰাৰ বাবে আৰু শক্তি তথা বাণিজ্যিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ এয়া এক বৃহৎ অৱকাশ৷’’
‘‘হাউডি মোদী- সপোনৰ বিনিময়, উজ্বল ভৱিষ্যত’’ হ’ল ২২ ছেপ্টেম্বৰ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰী মোদীয়ে আমেৰিকাৰ টেক্সাছৰ এন আৰ জি ষ্টেডিয়ামত অংশগ্ৰহণ কৰিবলগীয়া এক অনুষ্ঠানৰ বাবে টেক্সাছ ইণ্ডিয়া ফ’ৰামৰ পৃষ্ঠপোষকতাত এক সামাজিক সন্মিলন৷ উল্লেখ্য, সেই অনুষ্ঠানটোত প্ৰায় পছপন্ন হাজাৰ লোকে অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে৷
*******
VRRK/AK/MANN
A special gesture by @POTUS, signifying the special friendship between India and USA!
— Narendra Modi (@narendramodi) September 16, 2019
Delighted that President @realDonaldTrump will join the community programme in Houston on the 22nd.
Looking forward to joining the Indian origin community in welcoming him at the programme.
The special gesture of President @realDonaldTrump to join us in Houston highlights the strength of the relationship and recognition of the contribution of the Indian community to American society and economy. #HowdyModi
— Narendra Modi (@narendramodi) September 16, 2019