Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০ ছেপ্টেম্বৰত দ্বাৰকাত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ দ্বাৰকাত ২০ ছেপ্টেম্বৰ, ২০১৮ত ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে আয়োজিত সভাত ভাষণো আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে।

২৫, দ্বাৰকাত স্থাপন হ’বলগীয়া বিশ্বমানৰ অত্যাধূনিক প্ৰদৰ্শনী তথা সন্মিলন কেন্দ্ৰটোত বিত্তীয়, আতিথ্য আৰু খুচুৰা সেৱাৰ দৰে সুবিধা উপলব্ধ হ’ব। এই প্ৰকল্পটোৰ আনুমানিক ব্যয় ২৫,৭০০ কোটি টকা।

ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ ঔদ্যোগিক নীতি আৰু প্ৰচাৰ বিভাগৰ অধীনস্থ ভাৰত আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰ সীমিতৰ দ্বাৰা এই প্ৰকল্পটোৰ কাম-কাজ ৰূপায়ণ কৰা হ’ব।

***

AKT/SH/DB