Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০৩০ৰ ভিতৰত বহনযোগ্য উন্নয়নৰ লক্ষ্য; উন্নয়নৰ বাবে ব্যাপক সহযোগিতামুলক পৰিৱেশ গঢ়ি তোলাৰ আহ্বান

২০৩০ৰ ভিতৰত বহনযোগ্য উন্নয়নৰ লক্ষ্য; উন্নয়নৰ বাবে ব্যাপক সহযোগিতামুলক পৰিৱেশ গঢ়ি তোলাৰ আহ্বান

২০৩০ৰ ভিতৰত বহনযোগ্য উন্নয়নৰ লক্ষ্য; উন্নয়নৰ বাবে ব্যাপক সহযোগিতামুলক পৰিৱেশ গঢ়ি তোলাৰ আহ্বান

২০৩০ৰ ভিতৰত বহনযোগ্য উন্নয়নৰ লক্ষ্য; উন্নয়নৰ বাবে ব্যাপক সহযোগিতামুলক পৰিৱেশ গঢ়ি তোলাৰ আহ্বান


চীনৰ জিয়ামেনত অনুষ্ঠিত ব্রিক্‌ছ শীর্ষ সন্মিলনত উদ্ভূত বিপণন ব্যৱস্থা আৰু বিকাশশীল দেশশীৰ্ষক আলোচনাত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ বিবৃতি (৫ ছেপ্টেম্বৰ, ২০১৭) <br>

মাননীয় ৰাষ্ট্ৰপতি জি জিনপিং, মোৰ শ্রদ্ধাৰ ব্রিক্‌ছ সহকর্মী তথা বিশিষ্ট নেতৃবৃন্দ,

 আপোনালোকৰ সৈতে আজি ইয়াত মিলিত হ’বলৈ পাই মই অতিশয় আনন্দিত। আপোনালোক সকলোৱেই ভাৰতৰ ঘনিষ্ঠ আৰু মূল্যবান বন্ধু। বহনযোগ্য উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্রত যিবোৰ বিষয় মই অগ্রাধিকাৰ দিছোঁ, তাৰ পৰিপ্রেক্ষিতত মই আলোচনা কৰিবলৈ আগ্রহী। এনে ধৰণৰ আলাপ-আলোচনাৰ উদ্দেশ্যে আমাৰ সকলো ইয়াত একত্রিত হোৱাৰ সুযোগ প্ৰদানৰ বাবে মই ৰাষ্ট্ৰপতি জি জিনপিংক ধন্যবাদ জনাইছোঁ।

 

মাননীয় নেতৃবৃন্দ,

 

ৰাষ্ট্রসংঘৰ ২০৩০ৰ লক্ষ্য কর্মসূচী গ্রহণ আৰু ইয়াৰ আওঁতাত ১৭টা বহনযোগ্য উন্নয়নৰ লক্ষ্য স্থিৰ কৰাৰ দুবছৰ পাৰ হ’ল আৰু এই সময়ৰ ভিতৰত নির্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে সামূহিক উদ্যোগ আৰু প্রচেষ্টা অধিক শক্তিশালী হৈ উঠিছে। শেহতীয়াভাৱে যোৱা জুলাই মাহত বহনযোগ্য উন্নয়নৰ লক্ষ্যসমূহৰ সম্পর্কে এক ৰাষ্ট্ৰীয় পর্যালোচনাৰ কাম ভাৰত সম্পূর্ণ কৰিছে। আমাৰ উন্নয়নমুলক কার্যসূচীৰ মুলমন্ত্র হৈছে–“সবকা সাথ, সবকা বিকাশ”, অর্থাৎ সামূহিক প্রচেষ্টা, অন্তর্ভুক্তিমুলক বিকাশ। প্রত্যেক বহনযোগ্য উন্নয়নৰ লক্ষ্যক আমাৰ ৰাজ্য তথা যুক্তৰাষ্ট্রীয় পর্যায়ত উন্নয়নমুলক কার্যসূচী আৰু প্রকল্প অনুযায়ী আমি স্থিৰ কৰিছোঁ। বহনযোগ্য উন্নয়নৰ লক্ষ্যসমূহৰ সন্দৰ্ভত সংসদত আলোচনা আৰু বিতর্কও অনুষ্ঠিত কৰা হয়। এক নির্দিষ্ট সময়সীমাৰ ভিতৰত এনে কাৰ্যসূচীৰ লক্ষ্য পুৰণ কৰা হয়। এটা উদাহণৰ জৰিয়তে এই বিষয়টো তুলি ধৰিব বিচাৰিছোঁ। বেংকৰ সুযোগ-সুবিধাৰ পৰা বঞ্চিত লোকসকলক বেংক একাউন্টৰ সুযোগ প্ৰদানৰ বাবে আমি যিমান সজাগ, একেদৰে প্রত্যেকৰে বাবে এটা বায়’মেট্রিক পৰিচয়পত্র প্ৰদানতো সিমানেই সজাগ। তদুপৰি, মোবাইলৰ সহায়ত এক উদ্ভাৱনী পদ্ধতি অৱলম্বন কৰি প্রত্যক্ষ লাভ হস্তান্তৰৰ সুযোগো আমি প্রথমবাৰলৈ দেশৰ ৩৬ কোটি নাগৰিকক দিবলৈ সক্ষম হৈছোঁ।

 

মাননীয় নেতৃবৃন্দ,

 

আমাৰ লক্ষ্য দেশত আমি যিদৰে এই প্রচেষ্টা অব্যাহত ৰাখিছোঁ, তেনে এক প্রচেষ্টা বলিষ্ঠ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু অংশীদাৰিত্বৰ জৰিয়তে গঢ়ি উঠক সেয়াই আমাৰ লক্ষ্য। সেইবাবে আমাৰ ফালৰ পৰা যিবোৰ কৰণীয় আছে, সেয়া কৰাৰ বাবে আমি প্রস্তুত। ভাৰতে চুবুৰীয়া উন্নশীল দেশসমূহৰ সৈতে দীৰ্ঘদিনে সহযোগিতামুলক সম্পৰ্ক ৰক্ষা কৰি আহিছে। উন্নয়নৰ ক্ষেত্রত আমাৰ আশা-আকাংক্ষা বাস্তৱায়িত কৰাৰ সমান্তৰালভাৱে এই সহযোগিতা আমি অব্যাহত ৰাখিছোঁ। প্রতি পদক্ষেপতে বিভিন্ন দিশত আমাৰ সম্পদ আৰু অভিজ্ঞতাৰ বিনিময় কৰি আহিছোঁ। গণতান্ত্রিক প্রতিষ্ঠানসমূহক শক্তিশালী কৰি তোলাৰ পৰা আৰম্ভ কৰি সাধাৰণ লোকৰ কল্যাণৰ অৰ্থে উচ্চ প্রযুক্তিৰ সহায়ত সমাধানৰ পথ বিচাৰি উলিওৱা ইত্যাদি সকলো দিশত আমাৰ নিজা অভিজ্ঞতাক আমি আনৰ সৈতে বিনিময় কৰি আহিছোঁ। চলিত বছৰৰ প্রথম ভাগত শিক্ষা, স্বাস্থ্য সজাগতা, যোগাযোগ আৰু বিপর্যয় মোকাবিলাৰ ক্ষেত্রত আগ্রহী আঞ্চলিক সহযোগী দেশসমূহৰ কল্যাণৰ অৰ্থে আমি দক্ষিণ এছিয় উপগ্রহ উৎক্ষেপণ কৰিছোঁ। ভাৰতীয় কাৰিকৰী তথা অর্থনৈতিক সহযোগিতা হৈছে ভাৰতৰ অন্যতম একটি প্রধান কার্যসূচী যি অর্ধশতিকাৰো অধিক সময় ধৰি এছিয়া, আফ্রিকা, পুব ইউৰোপ, লেটিন আমেৰিকা, কেৰিবিয়ান আৰু প্রশান্ত মহাসাগৰৰ ১৬১খন সহযোগী দেশত দক্ষতা বিকাশ আৰু প্রশিক্ষণ সংক্রান্তীয় সুযোগ-সুবিধা উপলব্ধ কৰাবলৈ সক্ষম হৈছে। কেবল আফ্রিকাৰ পৰাই যোৱা দশকত ২৫ হাজাৰৰো অধিক ছাত্র-ছাত্রীয়ে আইটিইচি বৃত্তিৰ জৰিয়তে ভাৰতত প্রশিক্ষণ লাভ কৰিছে। ২০১৫ চনত অনুষ্ঠিত তৃতীয় ভাৰত-আফ্রিকা ফ’ৰাম সন্মিলনৰ বৈঠকত মাত্র পাঁচ বছৰৰ ভিতৰতে আইটিইচি বৃত্তিৰ সংখ্যা দুগুণ অর্থাৎ ৫০ হাজাৰলৈ উন্নীত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। সেই বৈঠকত আফ্রিকাৰ ৫৪খন দেশে অংশগ্ৰহণ কৰিছিল। আফ্রিকাৰ ‘ছ’লাৰ মামাজ’ ভাৰতত প্রশিক্ষণ লাভ কৰি এতিয়া আফ্রিকা মহাদেশৰ হাজাৰ হাজাৰ গৃহ পোহৰাই তুলিবলৈ সক্ষম হৈছে। আফ্রিকাৰ সৈতে আমাৰ ক্রমৱৰ্ধমান সহযোগিতাৰ সম্পর্ক ইমানেই নিবিড় যে চলিত বৰ্ষৰ প্ৰথমাৰ্ধত আফ্রিকাৰ বাহিৰত প্ৰথমবাৰলৈ ভাৰতত আফ্রিকা উন্নয়ন বেংকৰ বার্ষিক সন্মিলন অনুষ্ঠিত হয়। পাৰস্পৰিক সহযোগিতাৰ মাজেৰে সকলো প্রকল্প আমি বাস্তবায়িত কৰাৰ দিশত অগ্ৰসৰ হৈছোঁ। আমাৰ উন্নয়নমুলক সহযোগিতা প্ৰকল্পসমূহে সমগ্ৰ বিশ্বৰ এক ডজন দেশত পানী, বিদ্যুৎ, পথ, স্বাস্থ্য সজাগতা, টেলি মেডিচিন আৰু প্ৰাথমিক আন্তঃগাঁথনিমুলক সুবিধা প্ৰদান কৰিছে। আমাৰ লক্ষ্য হৈছে আমাৰ সহযোগী দেশসমূহৰ চাহিদা আৰু অগ্রাধিকাৰক ভিত্তি কৰি সহযোগিতা প্রসাৰৰ এক বিশেষ আদর্শক বাস্তনত ৰূপায়িত কৰা।

 

মাননীয় নেতৃবৃন্দ,

 

আজি ইয়াত প্রতিনিধিত্ব কৰা দেশসমূহত বিশ্বৰ আধা লোকে বসবাস কৰে। আমি যিয়েই নকৰো কিয়, সেইটোৱে সমগ্ৰ বিশ্বকে প্রভাৱিত কৰিব। সেয়েহে, আমাৰ মূল কর্তব্য হ’ল এই ব্রিক্‌ছ প্রচেষ্টাৰ জৰিয়তে অলপ অলপকৈ এক উন্নত বিশ্ব গঢ়ি তোলা। আগন্তুক ১০ বছৰক এক সুবর্ণ দশক ৰূপে ৰূপান্তৰিত কৰাৰ ক্ষেত্রত ব্রিক্‌ছে এক বিশেষ চালিকা শক্তিৰ ভূমিকা পালন কৰাৰ দিশত অগ্ৰসৰ হৈছে বুলি মই কালি মোৰ বক্তব্যত উল্লেখ কৰিছিলোঁ। আমাৰ নির্দিষ্ট দৃষ্টিভংগী, নীতি আৰু ইতিবাচক কাম-কাজৰ জৰিয়তে ১০টা মহান প্রতিশ্রুতি পালনৰ প্রস্তাৱ মই আপোনালোকৰ আগত উত্থাপন কৰিব বিছাৰিছোঁ।

 

১. এক সুৰক্ষিত বিশ্বৰ গঢ়িতোলাঃ- ইয়াৰ বাবে সংগঠিত আৰু সমন্বিতভাৱে সন্ত্রাসবাদৰ মোকাবিলা কৰা, চাইবাৰ নিৰাপত্তা আৰু দুৰ্যোগ ব্যৱস্থা-এই তিনিটা বিষয়ক লক্ষ্য কৰি সর্বতোপ্ৰকাৰৰ প্ৰচেষ্টা গ্ৰহণ কৰা প্ৰয়োজন।

২. এক সেউজ বিশ্ব গঢ়ি তোলাঃ- জলবায়ু পৰিবর্তনৰ মোকাবিলা কৰিব পৰাকৈ আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ দৰে সজাগতামুলক কাৰ্যসূচীৰ জৰিয়তে সমূহীয়া প্ৰচেষ্টা গ্ৰহণ কৰা।

৩. সক্ষম বিশ্ব ব্যৱস্থা গঢ়ি তোলাঃ- অর্থনীতিৰ বিকাশ, দক্ষতা বৃদ্ধি আৰু ফলপ্ৰসূতাৰ প্রসাৰৰ লক্ষ্যৰে যথোপযুক্ত প্রযুক্তি গ্রহণ কৰাটো অত্যন্ত প্রয়োজন।

৪. এক সৰ্বব্যাপক বিশ্ব গঢ়ি তোলাঃ- সাধাৰণ লোকসকলক বেংক আৰু অৰ্থনৈতিক ক্ষেত্রকে ধৰি অর্থনীতিৰ মূল সুঁতিৰ সৈতে একাত্ম কৰিব লাগিব।

৫. ডিজিটেল বিশ্ব গঠনৰ সপোন সফল কৰি তোলাঃ- আমাৰ অর্থনীতিৰ ভিতৰে-বাহিৰে যিবোৰ ব্যৱস্থা এতিয়াও ডিজিটেল প্রযুক্তিৰ সুযোগৰ পৰা বঞ্চিত, সেইবোৰক প্রযুক্তিৰ আওঁতালৈ আনিব লাগিব।

 

৬. দক্ষতাসম্পন্ন বিশ্ব গঢ়ি তোলাঃ- আমাৰ কোটি কোটি যুৱক-যুৱতীক ভৱিষ্যৎ প্রজন্মৰ উপযোগী দক্ষতাৰ প্রশিক্ষণ প্ৰদানেৰে দক্ষ কৰি তোলা প্রয়োজন।

 

৭. সুস্থ বিশ্ব গঢ়ি তোলা- ৰোগ নির্মূলকৰণ আৰু সুলভ স্বাস্থ্য ব্যৱস্থাৰ সুযোগ বৃদ্ধিৰ জৰিয়তে আমি এক সুস্থ বিশ্ব  গঢ়ি তুলিব পাৰোঁ।

 

৮. সমতাপূৰ্ণ বিশ্ব গঢ়ি তোলাঃ-লিংগত সমতা ৰক্ষাৰ সমান্তৰালভানে সকলোৰে বাবে সমান সুযোগৰ ব্যৱস্থা কৰা।

 

৯. এক সংযোগী গঢ়ি তোলাঃ- সামগ্ৰী আৰু সেৱাৰ যোগান বৃদ্ধি আৰু মানৱ সম্পদৰ বিনিময়, ভ্ৰমণৰ জৰিয়তে এই শৃংখলা গঢ়ি তোলা সম্ভৱ।

 

১০. সংহতিপূৰ্ণ বিশ্ব গঢ়ি তোলাঃ- আদর্শ, ব্যৱহাৰ আৰু ঐতিহ্য- এই বিষয়বোৰৰ ওপৰত এনেকৈ জোৰ দিব লাগিব, যাতে প্রকৃতিৰ সৈতে শান্তি আৰু সম্প্রীতিসসুলভ সহাৱস্থানৰ বৈশিষ্ট্য সন্নিৱিষ্ট থাকে।

 

আমাৰ কার্যসূচীৰ অধীনত এই বিশেষ দিশবোৰ অনুসৰণ কৰি আৰু সেই মতে আমাৰ কর্মপ্রচেষ্টা আগবঢ়াই নিলে নিজৰ দেশৰ কল্যাণ সাধনৰ উপৰি বিশ্ব জাতিৰো কল্যাণত আমাৰ প্রত্যক্ষ অৱদান থাকিব। সকলো দেশৰ ৰাষ্ট্ৰীয় প্রচেষ্টাত সমর্থন আৰু সহযোগিতা প্রসাৰৰ অংশীদাৰ হ’বলৈ ভাৰত সদায় প্রস্তুত। এই বিশেষ লক্ষ্যক একেলগে আগুৱাই নিয়াৰ বাবে মই অতিকে আগ্রহী। ২০১৭ চনত ব্রিক্‌ছৰ অধ্যক্ষ পদত যোগ্যতাসহকাৰে অলংকৃত কৰাৰ বাবে মই ৰাষ্ট্ৰপতি জি জিনপিঙক প্রশংসা কৰিছোঁ। জিয়ামেনৰ দৰে এখন মনোৰম চহৰত তেওঁ যেনেদৰে আমাৰ সাদৰ অভ্যর্থনা কৰিছে, তাৰবাবেও মই তেওঁৰ শলাগ লৈছোঁ। মই ৰাষ্ট্ৰপতি জুমাক অহা বছৰ জোহান্সবার্গ এই সন্মিলন অনুষ্ঠিত কৰাৰ সূযোগ পোৱাৰ বাবে শুভেচ্ছা জনাইছোঁ আৰু বৈঠকত ভাৰতৰ পূর্ণ সহযোগিতাৰ প্রতিশ্রুতি দিছোঁ।

 

ধন্যবাদ।

****

AKT/AK/DB