প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৫বৰ্ষৰ আইচিচিৰ ১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপৰ বিজয়ী ভাৰতীয় দলটোক অভিনন্দন জনাইছে।
এক্সৰ এটা পোষ্টত তেওঁ কয়-
“আমাৰ নাৰী শক্তিক লৈ অপৰিসীম গৌৰৱ অনুভৱ কৰিছো! আইচিচিৰ ১৯ বছৰ অনূৰ্ধ্ব মহিলা টি-২০ বিশ্বকাপ ২০২৫ত বিজয়েৰে উজলি উঠা ভাৰতীয় দলটোক অভিনন্দন জনাইছো। এই জয় আমাৰ উৎকৃষ্ট দলীয় কামৰ লগতে দৃঢ়তা আৰু ধৈৰ্যৰ ফল। এই প্ৰদৰ্শনে বহু উদীয়মান খেলুৱৈক অনুপ্ৰাণিত কৰিব। দলটোৰ সদস্যসকলক তেওঁলোকৰ উজ্বল ভৱিষ্যতৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”
***
MJPS/SR/DB
Immensely proud of our Nari Shakti! Congratulations to the Indian team for emerging victorious in the ICC U19 Women’s T20 World Cup 2025. This victory is the result of our excellent teamwork as well as determination and grit. It will inspire several upcoming athletes. My best… pic.twitter.com/Z2nbGaolSg
— Narendra Modi (@narendramodi) February 2, 2025