Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০২৩-২৪ বৰ্ষত এতিয়ালৈকে সৰ্বাধিক সংখ্যক পেটেণ্টত অনুমোদন জনোৱাকলৈ সন্তুষ্টি প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩-২৪ বৰ্ষত এতিয়ালৈকে সৰ্বাধিক সংখ্যক পেটেণ্টত অনুমোদন জনোৱাকলৈ সন্তুষ্টি প্ৰকাশ কৰিছে৷

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

“এক উদ্ভাৱনকেন্দ্ৰিক জ্ঞান অৰ্থনীতিৰ প্ৰতি আমাৰ যাত্ৰাৰ এয়া এক উল্লেখযোগ্য মাইলৰ খুঁটি৷ ভাৰতৰ যুৱক-যুৱতীসকল এই অগ্ৰগতিৰ জৰিয়তে যথেষ্ট লাভৱান হ’ব।”

***

DS/ST/DB