Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০২৩ চনৰ এপ্ৰিলত সৰ্বাধিক জিএছটি সংগ্ৰহৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ২০২৩ চনৰ এপ্ৰিলমাহৰ বাবে জিএছটি ৰাজহ সংগ্ৰহ হৈছে সৰ্বকালৰ সৰ্বাধিক ১.৮৭ লাখ কোটি টকাৰ “ভাৰতীয় অৰ্থনীতিৰ বাবে এক ডাঙৰ খবৰ”।

বিত্ত মন্ত্ৰালয়ৰ টুইটৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে এক টুইটযোগে কয়:

“ভাৰতীয় অৰ্থনীতিৰ বাবে ভাল খবৰ! কৰ সংগ্ৰহৰ বৃদ্ধিয়ে, কম কৰ হাৰ স্বত্বেও, সমন্বয় আৰু অনুপালনৰ ক্ষেত্ৰত জিএছটিয়ে লাভ কৰা সফলতাক প্ৰতিফলিত কৰে। “

***