Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০২২ ৰ ডিচেম্বৰত ভাৰতে ₹১২.৮ লাখ কোটি মূল্যৰ ৭৮২ কোটি ইউপিআই লেন-দেনৰ মাইলৰ খুঁটিত উপনীত হোৱাত ইউপিআই পেমেন্টৰ বৰ্ধিত জনপ্ৰিয়তাত সন্তোষ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ ৰ ডিচেম্বৰত ভাৰতে ₹১২.৮ লাখ কোটি মূল্যৰ ৭৮২ কোটি ইউপিআই লেন-দেনৰ মাইলৰ খুঁটিত উপনীত হোৱাত ডিজিটেল পেমেন্টক আদৰি লোৱাৰ বাবে ভাৰতীয়সকলৰ শলাগ লয়।

এজন ফিনটেক বিশেষজ্ঞৰ টুইট থ্ৰেড শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“ইউপিআইৰ বৰ্ধিত জনপ্ৰিয়তাৰ অৰ্থে আপোনাৰ প্ৰয়াস প্ৰত্যক্ষ কৰি মোৰ ভাল লাগিছে। ডিজিটেল পেমেন্টক আদৰি লোৱাৰ বাবে ভাৰতীয়সকলৰ শলাগ লৈছো! তেওঁলোকে টেক আৰু উদ্ভাৱনৰ প্ৰতি লক্ষণীয় অভিযোজন ক্ষমতা প্ৰদৰ্শন কৰিছে।“