প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ২০২১ৰ ভাৰতৰ লোকপ্ৰিয়ল আৰম্ভ কৰাৰ বাবে ৮,৭৫৪.২৩ কোটি আৰু ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ উন্নীতকৰণ(এনপিআৰ)ৰ বাবে ৩,৯৪১.৩৫ কোটি টকা ব্যয়ত অনুমোদন জনাইছে৷
হিতাধিকাৰীসকলঃ
ভাৰতৰ লোকপ্ৰিয়লে সমগ্ৰ দেশৰ জনসংখ্যাক সামৰি লোৱাৰ বিপৰীতে এনপিআৰে অসমক বাদ দি বাকী ৰাজ্যসমূহক সামৰি ল’ব৷
সবিশেষঃ
অমসক বাদ দি দেশৰ বাকী অংশত গৃহৰ তালিকাভুক্তি আৰু গণনা সংক্রান্তীয় কাম চলাৰ লগতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত প্ৰয়োজনীয় সংশোধনৰ কামো চলিব৷
সংস্থাপন সৃষ্টিৰ সম্ভাৱনীয়তাকে ধৰি মুখ্য প্ৰভাৱঃ
দুমাহ ধৰি চলিবলগীয়া এই বৃহৎ কামৰ আন এটা সুফল হ’ল লোকপ্ৰিয়ল প্ৰক্রিয়াত সমগ্ৰ দেশত আনকি, অতি পিছপৰা অঞ্চলসমূহতো পৰোক্ষ কর্মসংস্থাপনৰ সূযোগ সৃষ্টি কৰিব৷ এই প্ৰক্রিয়াত প্ৰতিটো পৰিয়াললৈ লোকপ্ৰিয়লত নিযুক্ত কর্মীসকল যাব আৰু পৃথকে প্ৰশ্নসূচী লৈ তেওঁলোকে সাধাৰণ লোকসকলৰ উত্তৰ জনাৰ চেষ্টা কৰিব৷
২০২১ চনৰ লোকপ্ৰিয়লত গ্ৰহণ কৰিবলগীয়া নতুন প্ৰচেষ্টাৱলীৰ ব্যৱহাৰ কৰা হৈছে৷ সেইবোৰ ভিতৰত
পটভূমিঃ
উল্লেখ্য যে ১৮৭২ চনৰ পৰা নিয়মীয়াকৈ দহ বছৰৰ মুৰে মুৰে ভাৰতত লোকপ্ৰিয়ল অনুষ্ঠিত হৈ আহিছে৷ ২০২১ চনৰ লোকপ্ৰিয়ল হৈছে ভাৰতৰ ষষ্ঠদশ তথা স্বাধীনতাৰ পাছত অষ্টম লোকপ্ৰিয়ল৷ লোকপ্ৰিয়ল হ’ল এনে এক প্ৰক্রিয়া, যাৰ জৰিয়তে গাঁও, চহৰ, ব্লক আনকি ৱার্ড পৰ্যায়ত গৃহ, মৌলিক সা–সুবিধা, জনসাংখ্যিক বৈশিষ্ট্য, ভাষা, সাহিত্য আৰু শিক্ষা, অর্থনৈতিক কাম–কাজ সম্পর্কীয় বিভিন্ন তথ্য পোৱা যায়৷
১৯৫৫ চনৰ নাগৰিকত্ব আইন আৰু ২০০৩ চনৰ নাগৰিকত্ব অধিনিয়মৰ বিভিন্ন ধাৰাৰ অধীনত ২০১০ চনত ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী প্ৰস্তুত কৰা হৈছিল৷ ২০১৫ চনত আধাৰ সংযুক্তিকৰণ প্ৰক্রিয়াৰ জৰিয়তে জনসংখ্যা পঞ্জীত নতুন তথ্য সংযোজন কৰা হয়৷
*****
VRRK/SC/SH/DB