Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০১৯-২০২০ৰ বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্য


এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ লক্ষ্যৰে সঠিক আঁচনিৰ জৰিয়তে একটি গুৰুত্বপূর্ণ পদক্ষেপ হৈছে এই বাজেট৷ মধ্যবিত্ত শ্ৰেণীৰ পৰা শ্ৰমিকলৈকে, কৃষকসকলৰ উন্নতিৰ পৰা ব্যৱসায়ীসকলৰ উন্নতিলৈকে, আয়কৰ ৰেহাইৰ সীমাৰ পৰা আন্তঃগাঁথনি উন্নয়নলৈকে, নির্মাণ খণ্ডৰ পৰা এমএছএমইলৈকে, গৃহ নির্মাণৰ পৰা চিকিৎসা সেৱালৈকে, অর্থনীতিক নতুন গতি প্ৰদানৰ পৰা  ‘নতুন ভাৰতনির্মাণলৈকে ইত্যাদি সকলো দিশৰ ওপৰত বাজেটত গুৰুত্ব দিয়া হৈছে৷

 

বন্ধুসকল, আমাৰ চৰকাৰী আঁচনিসমূহে দেশৰ প্ৰতিগৰাকী লোকৰ জীৱনত ইতিবাচক প্ৰভাব পেলাইছে৷ আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে ৫০ কোটি দৰিদ্ৰ লোকৰ চিকিৎসা সুনিশ্চিত হৈছে৷ প্ৰধানমন্ত্রী জীৱনজ্যোতি যোজনা আৰু সুৰক্ষা বীমা যোজনাৰ দ্বাৰা ২১ কোটি দুখীয়া লোক উপকৃত হৈছে৷ স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে কোটিতকৈও অধিক পৰিয়াল উপকৃত হৈছে৷ উজ্জ্বলা যোজনাৰ জৰিয়তে কোটিতকৈও অধিক পৰিয়ালে বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ লাভ কৰিছে৷ প্ৰধানমন্ত্রী আবাস যোজনাৰ জৰিয়তে কোটি ৫০ লাখ পৰিয়ালে নিজাকৈ এটা গৃহ পাইছে৷ এইবাৰৰ বাজেটত ১২ কোটিতকৈও অধিক কৃষক আৰু কোটিতকৈও অধিক মধ্যবিত্ত শ্ৰেণীৰ কৰদাতা পৰিয়াল তথা ৩০৪০ কোটি শ্ৰমিক প্ৰত্যক্ষভাৱে উপকৃত ব৷ বন্ধুসকল, চৰকাৰৰ প্ৰচেষ্টাত দেশত দাৰিদ্র্যতা অভিলেখ হাৰত হ্রাস পাইছে৷ কোটি কোটি লোকে দৰিদ্র্যতাক পৰাজিত কৰিনতুন মধ্যবিত্তশ্রেণীলৈ উন্নীত হৈছে৷ এই বিশাল সংখ্যক লোকে আজি নিজৰ সপোন সাকাৰ কৰাৰ সমান্তৰালভাৱে দেশৰ উন্নয়নক ত্বৰান্বিত কৰিছে৷ এনে সময়ত এই ক্ৰমৱর্ধমান মধ্যবিত্ত সমাজৰ আশাআকাংক্ষা, কিবা এটা কৰি দেখুওৱাৰ উদ্দীপনাক সমর্থন জনাবলৈ চৰকাৰে নিজৰ দায়ৱদ্ধতা প্ৰদর্শন কৰিছে৷ মই দেশৰ মধ্যবিত্ত, দৰমহাভোগী মধ্যবিত্ত শ্ৰেণীৰ আয়কৰ ৰেহাইক বহুত বহুত শুভেচ্ছা জনাইছো৷ মধ্যবিত্ত আৰু উচ্চ মধ্যবিত্তসকলে আইন মানি নিয়মীয়াকৈ আয়কৰ দিয়ে৷ তেওঁলোকৰ সততা আৰু দায়ৱদ্ধতাৰ ফলত দেশত বিভিন্ন প্ৰকল্প গঢ়ি উঠাৰ লগতে ইয়াক বাস্তবায়িত কৰিছে, যাৰফলত, দুখীয়া লোকসকল লাভবান হৈছে৷ বার্ষিক লাখ টকালৈকে আয়ক কৰমুক্ত কৰিবলৈ তেওঁলোকে দীর্ঘদিনে দাবী কৰি আছিল৷ আমাৰ চৰকাৰে এইবাৰ সেই দাবী পূৰণ কৰিলে৷

 

বন্ধুসকল, কৃষকসকলৰ বাবে আমাৰ পূর্বৰ বিভিন্ন চৰকাৰে বিভিন্ন আঁচনি লৈছিল৷ কিন্তু সেইবোৰৰ জৰিয়তে কোটি কৃষক লাভবান হৈছিল৷ আমি যিপ্ৰধানমন্ত্রী কিষাণ সন্মন নিধিবাপিএমকিষাণযোজনা আৰম্ভ কৰিছো, তাৰ জৰিয়তে একৰ বা তাতকৈ কম ভূমিৰ থকা ১২ কোটিতকৈও অধিক কৃষক লাভবান ব৷ এয়া দেশ স্বাধীন হোৱাৰ পাছত কৃষকসকলৰ বাবে সর্ববৃহৎ আঁচনি হিচাপে পৰিগণিত হৈছে৷ আমাৰ চৰকাৰে কৃষকসকলৰ বাবে এটাৰ পাছত এটাকৈ ফলপ্ৰসূ পদক্ষেপ লৈছে৷ এইবাৰৰ বাজেটত পশুপালন, গোপালন আৰু মীনপালনৰ দৰে গ্রামীণ জীৱিকা আৰু কৃষি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ ৰাষ্ট্রীয় কামধেনু আয়োগ আৰু চৰকাৰৰ মীন বিভাগ কোটি কোটি কৃষকৰ আয়ৰ পৰিধি বৃদ্ধিৰ ক্ষেত্রত সহায় কৰিব৷ মীনপালকসকলো উপকৃত ব৷ একেদৰে কৃষক আৰু মীনপালসকলৰ সবলীকৰণৰ জৰিয়তে তেওঁলোকৰ আয় দুগুণ কৰিব পাৰিব৷ আজিৰ এই সিদ্ধান্ত এই অভিযানক দ্রুতগতিত আগুৱাই নিয়াৰ ক্ষেত্ৰত সহায়ক ব৷

 

বন্ধুসকল, বৰ্তমান বিভিন্ন ক্ষেত্রত ভাৰতৰ  উন্নয়ন সাধন হৈছে৷ কিন্তু অসংগঠিত খণ্ডৰ শ্ৰমিক, মজুৰি, ঘৰুৱা কামকৰা তথা পৰিচাৰিকা আৰু ভূমিহীন কৃষকসকলৰ কথা কোনেও ভনা নাছিল৷ তেওঁলোকক নিজৰ ভাগ্যৰ হাতত এৰি দিয়া হৈছিল৷ আমাৰ দেশত এনে লোকৰ সংখ্যা প্রায় ৪০৪২ কোটি৷ তেওঁলোকৰ কল্যাণাৰ্থে আমিপ্ৰধানমন্ত্রী শ্ৰমযোগী মানধন যোজনাআৰম্ভ কৰিছোযাতে তেওঁলোকে ৬০ বছৰ বয়সৰ পাছত জীৱনৰ বাবে বহুত ডাঙৰ সম্বল ব৷ তদুপৰি, তেওঁলোকে আয়ুষ্মান ভাৰত যোজনা, প্ৰধানমন্ত্রী জীৱনজ্যোতি যোজনা, প্ৰধানমন্ত্রী সুৰক্ষা বীমা যোজনা আৰু প্ৰধানমন্ত্রী আবাস যোজনাৰ দৰে বহুত প্ৰকল্পৰ দ্বাৰা উপকৃত ব৷ বৃদ্ধাৱস্থাত দৈনন্দিন জীৱনযাপনৰ বাবে পেন্সনো লাভ কৰিব৷

 

ভাইভনীসকল, আমাৰ চৰকাৰে দেশৰ সকলো নাগৰিকক উন্নয়নৰ মুখ্য ধাৰাৰ সৈ জড়িত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ সমাজৰ প্ৰান্তীয় মাদাৰী, চাঁপুড়ে, বাঞ্জাৰা, গাড়িয়ালোহাৰৰ দৰে যাযাবৰ লোকসকলৰ কল্যাণাৰ্থে এক কল্যান বোর্ড গঠনৰো সিদ্ধান্ত লোৱা হৈছে৷ দ্রুতগতিত তেওঁলোকক সঠিকভাবে চিহ্নিত কৰি এই আঁচনিসমূহৰ সেৱা প্ৰদান কৰাটোৱেই আমাৰ আশা৷ তেওঁলোককো জড়িত কৰা ব৷

 

বন্ধুসকল, ব্যৱসায়ীসকলৰ কল্যাণৰ বাবে স্বতন্ত্ৰ মন্ত্ৰালয় গঠনৰ ক্ষেত্ৰক আমি নতুন ব্যৱস্থা গঢ়ি তুলিছো৷ ব্যবসায়ী আৰু তেওঁলোকৰ কর্মচাৰীসকলৰ প্ৰয়োজনীতাক উপলব্ধি কৰি তেওঁলোকৰ সমস্যা সমাধানৰ বাবে ডিআইপিপিক পুনৰ গঠন কৰি তাকে বিশেষ দায়িত্ব দিয়া হৈছে৷ এতিয়া এই বিভাগডিপার্টমেণ্ট ফৰ প্রমশন অৱ ইণ্ডাষ্ট্ৰীজ এণ্ড ইণ্টানেল ট্রেডনামেৰে জনাজাত ব৷ মই আনন্দিত যে অহা দশকৰ শেষভাগত প্ৰয়োজনীয়তা আৰু লক্ষ্যসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰি এই বাজেটৰ আঁচনিসমূহ ৰচনা কৰা হৈছে৷ এই বাজেটে দুখীয়াসকলক শক্তি যোগাব, কৃষকসকলক সবলীকৰণ কৰিব, শ্ৰমিকসকলক সন্মান দিব, মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ সপোনবোৰ বাস্তবায়িত কৰিব, সৎ কৰদাতাসকলক গৌৰবান্বিত কৰিব, ব্যৱসায়ীসকলৰ ক্ষমতা বৃদ্ধি কৰিব, আন্তঃগাঁথনি নির্মাণক গতি প্ৰদান কৰিব, বিত্ত ব্যৱস্থাক নতুন শক্তি যোগাব৷ দেশত আস্থাৰ পৰিৱেশ সৃষ্টি ব৷ এই বাজেটেনতুন ভাৰত প্ৰতি দেশৰ ১৩০ কোটি লোকক নতুনকৈ প্রাণশক্তি যোগাব৷ এইখন সর্বব্যাপী, সর্বস্পর্শী, সকলো ক্ষেত্ৰকে স্পৰ্শ কৰি যোৱাৰ সর্বোৎকৃষ্ট বাজেট৷

 

মই পুনৰবাৰ মোৰ বন্ধু বিত্তমন্ত্রী অৰুণ জেটলি, পীয়ুষ গোৱেল আৰু তেওঁলোকৰ টীমক এই সুন্দৰ বাজেট প্ৰস্তুত কৰাৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছো৷

ধন্যবাদ৷

***

অতুল তিৱাৰী/শ্বাহবাজ হচিবি /সতীশ প্ৰজাপতি/দিগন্ত