Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২০১৭ চনৰ বিশ্ব খাদ্য ভাৰত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণ

২০১৭ চনৰ বিশ্ব খাদ্য ভাৰত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণ

২০১৭ চনৰ বিশ্ব খাদ্য ভাৰত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণ

২০১৭ চনৰ বিশ্ব খাদ্য ভাৰত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণ


মাননীয় ব্যৱসায় আৰু উদ্যোগ খণ্ডৰ গুৰিধৰোঁতাসকল,

উপস্থিত ৰাইজ, 

মই আজি সমগ্ৰ বিশ্বৰ খাদ্য প্ৰস্তুতকৰণ খণ্ডৰ নেতৃস্থানীয় লোকসকলৰ এই বিশাল সভাত অংশ গ্ৰহণ কৰিবলৈ পাই অতি সুখী। আপোনালোক সকলোকে ২০১৭ চনৰ বিশ্ব খাদ্য ভাৰত অনুষ্ঠানলৈ আদৰণি জনাইছো।

এই অনুষ্ঠানে আপোনালোকৰ আগত ভাৰতে আপোনালোকলৈ আগবঢ়াব পৰা সুবিধাসমূহ দাঙি ধৰিব। ভাৰতত খাদ্য প্ৰস্তুতকৰণ খণ্ডৰ সম্ভাৱনীয়তা সম্পৰ্কে আপোনালোকে জানিবলৈ পাব।খাদ্য প্ৰস্তুতকৰণ খণ্ডৰ বিভিন্ন অংশীদাৰৰ সৈতে আপোনালোকৰ সংযোগ ঘটিব আৰু পাৰস্পৰিক লাভালাভৰ সুবিধা সৃষ্টি হ’ব।

উপস্থিত ৰাইজ, 

কৃষিক্ষেত্ৰত ভাৰতৰ শক্তি ভিন্নমুখী। ইয়াত ১২৭ টা ভিন্ন জলবায়ুৰ কৃষিভূমি আছে যি আমাক কল, আম, মধুৰিআম, অমিতা আদি প্ৰচুৰ পৰিমাণত যোগান ধৰে। বিশ্বৰ ভিতৰতে ধান, ঘেঁহু, মাছ, ফল আৰু পাচলি উৎপাদনত ভাৰতৰ স্থান দ্বিতীয়। ভাৰত বিশ্বৰ বৃহত্তম গাখীৰ উৎপাদন কৰা দেশ। উদ্যান শস্যৰ ক্ষেত্ৰত ভাৰতে যোৱা দহবছৰত গড়ে ৫.৫ শতাংশকৈ উন্নতি কৰিছে।

শতিকাধৰি ভাৰতে মছলাৰ সন্ধানত অহা বিশ্বৰ বিভিন্ন ঠাইৰ ব্যৱসায়ীক আদৰণি জনাই আহিছে। তেওঁলোকৰ ভ্ৰমণে সততে আমাৰ ইতিহাসত স্থান লাভ কৰিছে। ‘স্পাইচ ৰুট’ৰ জৰিয়তে ইউৰূপ আৰু দক্ষিণ-পূৱ এচিয়াৰ লগত আমাৰ সম্বন্ধ সৰ্বজনবিদিত। আনকি ক্ৰিষ্টোফাৰ কলম্বাছো ভাৰতীয় মছলাৰদ্বাৰা আকৃষ্ট হৈছিল আৰু তাৰেই সন্ধানত গৈ আমেৰিকাত উপস্থিত হৈছিলগৈ।

ভাৰতত খাদ্য প্ৰস্তুতকৰণ অতীজৰে পৰা চলি অহা জীৱনধাৰাৰ এক অংগ। সহজ সৰল ঘৰুৱা পদ্ধতিত আচাৰ, পাপড়, চাটনি, মোৰাব্বা আদি প্ৰস্তুত কৰা হৈছিল, যি এতিয়া সমগ্ৰ বিশ্বৰ সকলো শ্ৰেণীৰ লোকে আদৰি লৈছে।

উপস্থিত ৰাইজ, 

আমি ইয়াৰ বহল চিত্ৰখন চাবলৈ চেষ্টা কৰো আহক।

ভাৰত আজি সকলোতকৈ ক্ষীপ্ৰগতিত অৰ্থনৈতিক উন্নয়ন কৰা দেশ।জিএছটিয়ে আজি বহু কৰ নোহোৱা কৰিলে।ভাৰত এতিয়া বিশ্ববেংকৰ ৰেংকিঙত উন্নত ব্যৱসায় কৰা দেশৰ ভিতৰত ৩০ টা স্থান আগবাঢ়ি গ’ল।২০১৪ চনত এই স্থান ১৪২ ৰ পৰা এতিয়া ১০০ হ’ল।

২০১৬ চনত সেউজ পথাৰত বিনিয়োগৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে।

আজি ভাৰতত নতুন ব্যৱসায় আৰম্ভ কৰা আগতকৈ বহু সহজ। সকলো প্ৰক্ৰিয়া সহজ কৰি তোলা হৈছে।পুৰণি আইনসমূহ সলনি তথা সংশোধন কৰা হৈছে।

আজি বিশেষকৈ মই খাদ্য প্ৰস্তুতকৰণ ক্ষেত্ৰৰ কথাই কওঁ।

চৰকাৰে পৰিৱৰ্তনকামী পদক্ষেপ হাতত লৈছে। এই ক্ষেত্ৰত ভাৰত এতিয়া সবাতোকৈ আকাংক্ষিত বিনিয়োগৰ লক্ষ্যস্থান হৈ পৰিছে। ‘মে’ক ইন ইণ্ডিয়া’ই এইক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰিছে। বাণিজ্য, ই-বাণিজ্য, খাদ্য সামগ্ৰী আদিৰ ক্ষেত্ৰত এতিয়া ১০০% পোনপটীয়া বৈদেশিক বিনিয়োগৰো অনুমতি দিয়া হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ সহযোগত সুবিধাজনক নীতি গ্ৰহণ কৰা হৈছে।

বিনিয়োগকাৰীৰ বন্ধুস্বৰূপ নিৱেশ বন্ধু আঁচনি আৰম্ভ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ নীতিসমূহৰ সাল-সলনি কৰা হৈছে আৰু খাদ্য প্ৰস্তুতকৰণ ক্ষেত্ৰত বিশেষ সুবিধা দিয়া হৈছে। স্থানীয় পৰ্যায়ত খাদ্য প্ৰস্তুতকৰণ ক্ষেত্ৰৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে।

বন্ধুসকল,

মূল্য শৃংখলৰ বিভিন্ন স্তৰত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণে গুৰুত্ব লাভ কৰিছে, কিন্তু ঠিকাভিত্তিত কৃষি, কেঁচামালৰ যোগান আদিৰ ক্ষেত্ৰত সংযোগ স্থাপনৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছো। ভাৰতত বহু আন্তঃৰাষ্ট্ৰীয় সংস্থাই এই ক্ষেত্ৰত আগভাগ লৈছে।

আনহাতে কৃষিৰ পিছত ফচলসমূহ ভালকৈ ৰখাৰ বাবে গোদাম, শীতল ভঁৰালৰ ব্যৱস্থাত আমি মনোযোগ দিছো।কৃষিজাত সামগ্ৰীসমূহৰ ক্ষেত্ৰত মূল্য সংযোজনৰ অতিপাত সম্ভাৱনীয়তা আমাৰ পৰিলক্ষিত হৈছে।

বৰ্দ্ধিত চহৰৰ সংখ্যা, মধ্যবিত্ত শ্ৰেণীৰ উত্থানে প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰিছে। উদাহৰণস্বৰূপে ভাৰতত এক নিযুততকৈও অধিক যাত্ৰীয়ে নিতৌ ৰে’লগাড়ীৰে যাত্ৰা কৰে। প্ৰতিজনেই খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ একো একোজন সম্ভাৱনীয় গ্ৰাহক। তেনেধৰণৰ আৰু বহু চিহ্নিত নোহোৱা গ্ৰাহক নিশ্চয় আছে।

উপস্থিত ৰাইজ, 

দিনে দিনে জীৱনধাৰাৰ লগত জড়িত অসুখৰ সংখ্যা বৃদ্ধি পাইছে আৰু সেই অনুপাতে মানুহৰ সচেতনতাও বাঢ়িছে। কৃত্ৰিম খাদ্যৰ ৰং, ৰসায়ন আৰু সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীয়েই ইয়াৰ বাবে দায়ী বুলি বিবেচিত হৈছে। এই ক্ষেত্ৰত ভাৰতত ইয়াৰ সমাধান সূত্ৰ মজুত আছে।

ভাৰতৰ পৰম্পৰাগত খাদ্য আৰু আধুনিক প্ৰযুক্তিৰ সংগমত স্বাস্থ্যসন্মত খাদ্য সম্ভাৰ তৈয়াৰ কৰি সমগ্ৰ বিশ্বকে সুষম আহাৰৰ যোগান দিয়া সম্ভৱ হ’ব পাৰে। আমি তুলসী, হালধি, আদা, আদি সামগ্ৰী পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত খাদ্য প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰো যি আমাৰ অৰ্থনীতিকো যোগাত্মকভাৱে প্ৰভাৱিত কৰিব।

ভাৰতৰ খাদ্য সুৰক্ষা প্ৰাধিকৰণে ভাৰতত তৈয়াৰী প্ৰক্ৰিয়াকৃত খাদ্য সামগ্ৰীক স্বাস্থ্যসন্মত বুলি নিশ্চিত কৰিছে। খাদ্য সামগ্ৰীৰ মান নিৰ্ণয় কৰিবৰ বাবে আৰু অধিক গৱেষণাগাৰৰ আন্তঃগাঁথনি উন্নত কৰিব পাৰিলে এইক্ষেত্ৰত আমি অধিক আগবাঢ়িব পাৰিম বুলি মোৰ বিশ্বাস।

উপস্থিত ৰাইজ, 

আমি অন্নদাতা বুলি মানি অহা কৃষকসকলেই খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ মূল হোতা।আমি পাঁচ বছৰত তেওঁলোকৰ আয় দুগুণ কৰিম বুলি বদ্ধপৰিকৰ।অলপতে আমি খাদ্য প্ৰক্ৰিয়াকৰণৰ বিশ্বমানৰ আন্তঃগাঁথনিৰ বাবে ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনা’ মুকলি কৰিলো। ইয়াৰ ফলত পাঁচ বিলিয়ন আমেৰিকান ডলাৰৰ বিনিোগ অহাৰ সম্ভাৱনা আছে যাৰ ফলত দুই নিযুত কৃষক লাভান্বিত হ’ব আৰু অনাগত বছৰকেইটাত আধা নিযুততকৈও অধিক নিয়োগৰ সুবিধা সৃষ্টি হ’ব।

মেগা ফুড পাৰ্কৰ সৃষ্টি এই ক্ষেত্ৰত এক ডাঙৰ পদক্ষেপ। আমি এই ফুড পাৰ্কৰ জৰিয়তে কৃষিজাত সামগ্ৰীৰ প্ৰক্ৰিয়াকৰণৰ বাবে উৎপাদন কেন্দ্ৰ কিছুমান গঢ়ি তুলিম যাৰ ফলত আলু, মাটিকঁঠাল, কমলা, আপেল আদিৰ মূল্য সংযোজন হ’ব।কৃষকগোট সমূহক পৰিৱহণ, পৰিচালনা আদি ক্ষেত্ৰত এনে পাৰ্কৰ সহায় ল’বলৈ আহ্বান জনোৱা হৈছে।দেশত এতিয়ালৈকে ৯ খন এনে পাৰ্ক আছে আৰু ৩০ খন নিৰ্মীয়মান অৱস্থাত আছে।

এই ক্ষেত্ৰত অধিক উন্নয়নৰ বাবে আমি ডিজিটেল প্ৰযুক্তিৰ সহায় লৈছো।আমি এক স্পষ্ট সময়সীমাৰ ভিতৰত গাওঁসমূহক ব্ৰডবেণ্ড সংযোগ প্ৰদান কৰাৰ সংকল্প লৈছো।কৃষকসকলৰ জ্ঞান তথা দক্ষতা বৃদ্ধিৰ পদক্ষেপো হাতত লৈছো।দেশজুৰি ই-নাম বজাৰৰদ্বাৰা আমাৰ কৃষকসকল লাভান্বিত হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক উপযুক্ত সঁহাৰি দি ৰাজ্য চৰকাৰসমূহেও যথোপযুক্ত সহায় আগবাঢ়াইছে।বহু ৰাজ্যই খাদ্য প্ৰস্তুতকৰণ খণ্ডত বিনিয়োগ আকৰ্ষণ কৰিব পৰাকৈ আকৰ্ষণীয় নীতি গ্ৰহণ কৰিছে। 

উপস্থিত ৰাইজ,

আজি আমাৰ শক্তিশালী কৃষিখণ্ডৰ ভিত্তিত বাৰেৰহণীয়া খাদ্য প্ৰস্তুতকৰণ খণ্ডক মুকলি কৰিবলৈ সুবিধা পাইছো।আমাৰ বিশাল মাত্ৰাৰ গ্ৰাহক, বৰ্দ্ধিত আয়, বিনিয়োগৰ যোগ্য পৰিৱেশ, ব্যৱসায়ৰ উপযোগী পৰিৱেশ গঢ়ি তোলাৰ বাবে চৰকাৰৰ দায়ৱদ্ধতা- এই সকলোৱে মিলি ভাৰতক বিশ্বমানৰ খাদ্য প্ৰস্তুতকৰণ কেন্দ্ৰ কৰি তোলাত সহায় কৰিছে।

খাদ্য উদ্যোগৰ প্ৰতিটো খণ্ডতে প্ৰচুৰ সম্ভাৱনীয়তা আছে। মই অলপ বহলাই কৈছো।

দুগ্ধখণ্ডই গ্ৰাম্য অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আমি এতিয়া দুগ্ধ উৎপাদন তথা দুগ্ধজাত সামগ্ৰীৰ উৎপাদনক এক নতুন স্তৰলৈ লৈ যাবলৈ যত্নপৰ হৈছো।

মৌ মানৱৰ বাবে প্ৰকৃতিৰ মহৎ দান। ই লগতে আন বহু আনুসংগিক সামগ্ৰী যেনে মৌ-বিচনীৰ মম আদিও যোগান ধৰে।মৌ-পালনৰ উন্নয়নৰ জৰিয়তে মৌ-পালকৰ আয় বৃদ্ধি কৰাৰ সম্পূৰ্ণ সম্ভাৱনীয়তা আছে। আমি বৰ্তমান মৌ ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ষষ্ঠ স্থানত আছো। ভাৰতে এক মধু আন্দোন আৰম্ভ কৰাৰ দিশত আগবাঢ়িছে।

বিশ্বৰ মৎস্য উৎপাদনৰ ৬ শতাংশ ভাৰতত হয়।ভাৰতে প্ৰায় ৯৫ খন দেশলৈ মাছ ৰপ্তানি কৰে।আমি নীলা আন্দোনৰ জৰিয়তে সমূদ্ৰ অৰ্থনীতিক উন্নতিৰ নতুন শিখৰত আৰোহণ কৰাবলৈ যত্নপৰ হৈছো।আমি মৎস্য উৎপাদন তথা মুকুতা উৎপাদনত গুৰুত্ব দিছো।

বহনক্ষম উন্নয়নৰ বাবে আমাৰ প্ৰতিশ্ৰুতিৱদ্ধতাই আমাক জৈৱিক কৃষিৰ দিশত আগভাগ ল’বলৈ সদায়ে সকীয়াই আছে।ছিক্কিম ইতিমধ্যেই ১০০ শতাংশ জৈৱিক কৃষিৰ ৰাজ্য হিচাপে চিহ্নিত হৈছে।সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে জৈৱিক কৃষিৰ প্ৰচূৰ সম্ভাৱনীতা আছে।  

বন্ধুসকল,

ভাৰতৰ বজাৰত সফল হ’বলৈ হ’লে ভাৰতীয় খাদ্যভ্যাস আৰু প্ৰয়োজনীয়তাক বুজিব লাগিব।উদাহৰণস্বৰূপে, দুগ্ধজাত সামগ্ৰী আৰু ফলৰ ৰস ভাৰতীয় খাদ্যভ্যাসৰ এৰাব নোৱাৰা অংগ।সেয়ে, মই ফলৰ ৰস প্ৰস্তুতকৰোতাসকলক এইক্ষেত্ৰত আগভাগ ল’বলৈ পৰামৰ্শ দিব খোজো।

খাদ্য প্ৰস্তুতকৰণৰ লগত স্বাস্থ্য সুৰক্ষাৰ কথাও জড়িত হৈ আছে। উদাহৰণস্বৰূপে আমাৰ শস্য তথা মিলেটৰ স্বাস্থসন্মত গুণ অতি বেছি আৰু এইবোৰৰ অনুকূল কৃষি-পৰিৱেশ অবিহনেও খেতি কৰা সম্ভৱ।আমি এইবোৰৰ উৎপাদন বঢ়োৱাৰ কথা নতুনকৈ চিন্তা কৰিব পাৰো।এনেবোৰ সামগ্ৰীয়ে নিশ্চিতভাৱে বিশ্বৰ বজাৰ লাভ কৰিবলৈ সক্ষম হ’ব।

আমি আমাৰ সম্ভাৱনীয়তাক বিশ্বৰ প্ৰয়োজনৰ সৈতে সাঙুৰি ভাৰতৰ পৰম্পৰাক ভৱিষ্যতৰ মানৱসমাজৰ কামত লগাব নোৱাৰোনে? আমি ভাৰতৰ কৃষকক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ কৰাই দিব নোৱাৰোনে? এই প্ৰশ্নসমূহ মই আপোনালোকৈলৈ আগবঢ়াই দিছো। 

মোৰ দৃঢ় বিশ্বাস যে বিশ্ব খাদ্য ভাৰতে আমাক এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ খোজ দিবলৈ সমৰ্থ কৰি তুলিব। ই আমাৰ পৰম্পৰাগত জ্ঞানেৰে পৰিপূৰ্ণ ঐশ্বৰ্যশালী খাদ্য বৈশিষ্ট্যক নতুনকৈ তুলি ধৰাত সহায় কৰিব।

মই সুখী যে ডাক বিভাগে ভাৰতৰ বিভিন্ন অঞ্চলৰ খাদ্য সম্ভাৰৰ ছবিযুক্ত ২৪ টা ডাকটিকত এই অনুষ্ঠানৰ স্মৰক হিচাপে মুকলি কৰিছে।

উপস্থিত ৰাইজ,

মই আপোনালোক সকলোকে ভাৰতৰ খাদ্য প্ৰস্তুতকৰণ খণ্ডৰ প্ৰগতিৰ অংশীদাৰ হ’বলৈ আমন্ত্ৰণ জনাইছো।যেতিয়াই প্ৰয়োজন হয়, তেতিয়াই মোৰ সম্পূৰ্ণ সহযোগ আগবঢ়াবলৈ মই বদ্ধপৰিকৰ।

আহক। ভাৰতত বিনিয়োগ কৰক।

পথাৰৰ পৰা চামুচলৈকে অপৰিসীম সুবিধাৰ ঠাই আমাৰ ভাৰত।

উৎপাদন, প্ৰস্তুতকৰণ আৰু প্ৰগতিৰ ঠাই আমাৰ ভাৰত।

ভাৰতৰ স্বাৰ্থত, বিশ্বৰ স্বাৰ্থত।

ধন্যবাদ। 

***

AKT/AK/PRK