প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ জুন, দেওবাৰে ৰাষ্ট্ৰপতি ভৱনত নিটী আয়োগৰ গবৰ্নিং কাউন্সিলৰ চতুৰ্থখন বৈঠকত অধ্যক্ষতা কৰিব। দিনজোৰা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীবৰ্গ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় শাসিত অঞ্চলৰ লেফটেনেণ্ট গবৰ্ণৰ আৰু ভাৰত চৰকাৰৰ একাংশ জ্যেষ্ঠ বিষয়াই ভাগ ল’ব।
নিটী আয়োগৰ গবৰ্নিং কাউন্সিল হৈছে এক অগ্ৰণী সংস্থা, যি ৰাষ্ট্ৰৰ বিভিন্ন কাম-কাজৰ অগ্ৰাধিকাৰ, কৌশল ৰচনাৰে উন্নয়নমুলক দিশত সক্ৰিয়তাৰে জড়িত হৈ থাকে।
গবৰ্নিং কাউন্সিলে বিগত বৰ্ষৰ কাম-কাজৰ পৰ্যালোচনা কৰাৰ লগতে ভৱিষ্যতৰ বিকাশৰ অগ্ৰাধিকাৰমুলক দিশত পৰামৰ্শ আগবঢ়ায়।
পৰিষদৰ পৰৱৰ্তী বৈঠকৰ আলোচনাত স্থান লাভ কৰিবলগীয়া গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুন কৰা; কেতবোৰ ধব্বজাবাহী আঁচনি যেনে-আয়ুষ্মান ভাৰত, ৰাষ্ট্ৰীয় পুষ্টি অভিযান আৰু মিচন ইন্দ্ৰধনূষৰ অগ্ৰগতি খতিয়ান; ৰূপান্তৰশীল জিলাসমূহৰ উন্নয়ন; আৰু মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন ইত্যাদি উল্লেখযোগ্য।
***
AKT/HS/DB