মোৰ মৰমৰ দেশবাসীসকল,
স্বতন্ত্ৰতাৰ এই পবিত্ৰ দিৱসত সমূহ দেশবাসীলৈ অশেষ শুভকামনা যাচিলো৷
আজি ৰক্ষা বন্ধনৰ উৎসৱো পালন কৰা হৈছে৷ শতিকাজুৰি চলি অহা এই পৰম্পৰাই ভাতৃ-ভগ্নীসকলৰ মাজৰ প্ৰেমক প্ৰতিফলিত কৰে৷ মই সমূহ দেশবাসীক, সকলো ভাই-ভনীক এই ৰক্ষা বন্ধনৰ পবিত্ৰ উৎসৱত অশেষ শুভকামনা যাচিছো৷ স্নেহেৰে ভৰা এই উৎসৱে আমাৰ সকলো ভাই-ভনীৰ জীৱনৰ আশা-আকাংক্ষা পূৰণ কৰিব, সপোন বাস্তৱায়িত কৰিব আৰু স্নেহৰ ভাৱ বৃদ্ধি কৰিব৷
আজি দেশে স্বাধীনতাৰ উৎসৱ পালন কৰি থকাৰ সময়তে দেশৰ অনেক প্ৰান্তত অতিবৃষ্টিৰ ফলত, বানপানীৰ ফলত জনসাধাৰণে কঠিন জীৱন-নিৰ্বাহ কৰিবলগীয়া হৈছে৷ বহুতে নিজৰ আত্মীয়-স্বজনক হেৰুৱাইছে৷ মই তেওঁলোকৰ প্ৰতি নিজৰ সমবেদনা প্ৰকাশ কৰিছো আৰু ৰাজ্য চৰকাৰে, কেন্দ্ৰ চৰকাৰে, এন ডি আৰ এফে, সকলো সংগঠনে নাগৰিকৰ কষ্ট কম হোৱাৰ বাবে, পৰিস্থিতি স্বাভাৱিক হোৱাৰ বাবে অহৰ্নিশে প্ৰয়াস কৰি আছে৷
আজি আমি স্বতন্ত্ৰতাৰ এই পবিত্ৰ দিৱস পালন কৰাৰ সময়ত দেশৰ স্বাধীনতাৰ বাবে যিসকলে আত্ম বলিদান দিছিল, যিসকলে নিজৰ যৌৱন উচৰ্গা কৰিছিল, যিসকলে নিজৰ যৌৱন কাৰাগাৰৰ মাজত পাৰ কৰিছিল, যিসকলে ফাঁচী কাঠত উলমিছিল, যিসকলে সত্যাগ্ৰহৰ জৰিয়তে স্বাধীনতাৰ বিগুলত অহিংসাৰ স্বৰধ্বনি তুলিছিল, পূজ্য বাপুৰ নেতৃত্বত দেশে স্বাধীনতা লাভ কৰিছিল৷
মই আজি দেশৰ স্বাধীনতাৰ সেই সকলো বলিদানক, ত্যাগী-তপস্বীক সাদৰেৰে নমস্কাৰ জনাইছো৷
ঠিক সেইদৰে দেশ স্বাধীন হোৱাৰ পিছত দেশৰ শান্তিৰ বাবে, সুৰক্ষাৰ বাবে, সমৃদ্ধিৰ বাবে লক্ষাধিক লোকে নিজৰ যোগদান প্ৰদান কৰিছে৷ মই আজি স্বাধীন ভাৰতৰ বিকাশৰ বাবে, শান্তিৰ বাবে, সমৃদ্ধিৰ বাবে, জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ বাবে যিসকল লোকে অৱদান আগবঢ়াইছে, তেওঁলোককো আজি মই নমস্কাৰ জনাইছো৷
নতুন চৰকাৰ গঠন হোৱাৰ পিছত লালকিল্লাৰ পৰা মই আজি পুনৰবাৰ আপোনালোকৰ গৌৰৱগান কৰাৰ সুযোগ লাভ কৰিছো৷ এতিয়াৰ নতুন চৰকাৰৰ ১০ সপ্তাহো হোৱা নাই কিন্তু এই ১০ সপ্তাহৰ ক্ষুদ্ৰ কাৰ্যকালত সকলো ক্ষেত্ৰতে, সকলো দিশতে, সকলো ধৰণৰ গুৰুত্ব প্ৰদান কৰা হৈছে, নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু সাধাৰণ জনতাই যি আশা, অপেক্ষা, আকাংক্ষাৰ সৈতে আমাক সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছে, তাক সম্পূৰ্ণ কৰাৰ বাবে এপলক সময়ো বিলম্ব নকৰি আমি সম্পূৰ্ণ সামৰ্থ, পূৰ্ণ সমৰ্পণৰ সৈতে আপোনাৰ সেৱাত মগ্ন হৈছো৷
১০ সপ্তাহৰ ভিতৰতে অনুচ্ছেদ ৩৭০ আৰু ৩৫ক বিলুপ্ত কৰি চৰ্দাৰ বল্লভ ভাই পেটেলৰ সপোন পূৰণৰ দিশত উল্লেখযোগ্য ধৰণে অগ্ৰসৰ হৈছো৷
কেৱল দুসপ্তাহতে মুছলিম মহিলাসকলৰ অধিকাৰ সুৰক্ষাৰ বাবে তিনি তালাকৰ বিৰুদ্ধে আইন ঘোষণা কৰিছো, সন্ত্ৰাসবাদীৰ সমস্যা মোকাবিলা কৰিবলৈ আইন ব্যৱস্থাৰ সৱলীকৰণৰ বাবে প্ৰভূত সংশোধন কৰা হৈছে, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত কৃষক হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ প্ৰায় ৯০,০০০ কোটি টকা স্থানান্তৰ কৰা হৈছে৷
কৃষক সম্প্ৰদায়ৰ আমাৰ ভাতৃ-ভগ্নীসকলে, আমাৰ ক্ষুদ্ৰ উদ্যমীসকলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে তেওঁলোকো পেঞ্চন আঁচনিৰ অংশীদাৰ হ’ব আৰু আনকি ৬০ বছৰ বয়স হোৱাৰ পিছতো যেতিয়া শৰীৰ দুৰ্বল হৈ পৰিব তেতিয়াও তেওঁলোকে সন্মানেৰে জীৱন-যাপন কৰিব পাৰিব৷ আমি সেই উদ্দেশ্যেও এই পেঞ্চন আঁচনি প্ৰণয়ন কৰিছো৷
বৰ্তমানে জলসংকটে ভীষণ ৰূপ ধাৰণ কৰিছে৷ কোৱা হৈছে যে জলসংকটৰ আসন্ন বিপদে আমাৰ সন্মুখত প্ৰকট হোৱাৰ সম্ভাৱনা বৃদ্ধি হৈছে৷ তেনে ধৰণৰ অৱস্থা মোকাবিলা কৰিবলৈ আমি জল শক্তি মন্ত্ৰালয়ৰ গঠন কৰিছো য’ত ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে বিভিন্ন আঁচনি তথা নীতি প্ৰণয়ন কৰি জলসংকটৰ পৰা মুক্ত হোৱাৰ দিশত অগ্ৰসৰ হ’ব৷
আমাৰ দেশত যথেষ্ট সংখ্যক চিকিৎসকৰ প্ৰয়োজন হোৱাৰ লগতে যথেষ্ট সংখ্যক স্বাস্থ্যকেন্দ্ৰৰো প্ৰয়োজন হৈছে৷ এই প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আমাক নতুন নীতি প্ৰণয়নৰ প্ৰয়োজন, আন্তঃগাঁথনি উন্নীতকৰণৰ আৱশ্যক, নতুন চিন্তা আৰু নতুন সুযোগ সৃষ্টিৰ প্ৰয়োজন যাতে দেশৰ তৰুণসকলে চিকিৎসা সেৱাক পেছা হিচাপে গ্ৰহণ কৰাত উৎসাহী অনুভৱ কৰিব পাৰে৷ এই পৰিপ্ৰেক্ষিতত আমি চিকিৎসা শিক্ষাত স্বচ্ছতা প্ৰদান কৰাৰ বাবে আইন প্ৰণয়ন কৰাৰ উপৰিও বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপো গ্ৰহণ কৰিছো৷
আজিকালি আমি সমগ্ৰ বিশ্বতে শিশুৰ অধিকাৰ খৰ্ব হোৱাৰ দৰে পৰিঘটনা পৰিলক্ষিত কৰিবলৈ ধৰিছো আৰু ভাৰতে নিজৰ শিশুসকলক কেতিয়াও এনে অৱস্থাত পৰিবলৈ দিব নোৱাৰে৷ শিশুৰ অধিকাৰ খৰ্ব নহ’বলৈ এখন কঠোৰ আইনৰ আৱশ্যক আছিল আৰু এতিয়া ইয়াক প্ৰণয়ন কৰা হৈছে৷
ভাতৃ আৰু ভগ্নীসকল, আপোনালোকে মোক ২০১৪ চনৰ পৰা ২০১৯ চনলৈ আপোনালোকক সেৱা প্ৰদান কৰাৰ বাবে সুযোগ প্ৰদান কৰিছিল৷ সাধাৰণ জনতাই মৌলিক অধিকাৰসমূহ লাভ কৰাৰ ক্ষেত্ৰত মুখামুখি হোৱা সংঘৰ্ষৰ বিষয়ে আমি চিন্তা-চৰ্চা কৰিছিলো৷ যোৱা পাঁচ বছৰত আমাৰ চৰকাৰে সাধাৰণ মানুহৰ দৈনন্দিন প্ৰয়োজন পূৰণ কৰিব পৰা বিভিন্ন সুবিধা প্ৰদানৰ বাবে প্ৰয়াস কৰিছে৷ গাঁৱৰ বাসিন্দাসকল, দৰিদ্ৰ, বঞ্চিত, নিপীড়িত, শোষিত আৰু জনজাতিসকলৰ সুবিধাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ দেশক পুনৰ উন্নতিৰ পথত আগুৱাই নিবলৈ আমি সেই দিশত নিৰৱচ্ছিন্নভাৱে কাম কৰি আছো৷ কিন্তু সময় পৰিৱৰ্তন হৈছে৷ ২০১৪-২০১৯ৰ সময়চোৱা আছিল আপোনালোকৰ মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ সময়, ২০১৯ বৰ্ষৰ পিছৰ সময়চোৱা হ’ব আপোনালোকৰ প্ৰত্যাশা আৰু সপোন পূৰণ কৰাৰ সময়৷ একবিংশ শতিকাৰ ভাৰত দেখাত কেনে হোৱা উচিত? কিমান দ্ৰুতগতিত ই অগ্ৰসৰ হোৱা উচিত? কিমান বিস্তাৰিত তথা কিমান উচ্চলৈ ই কাম কৰা উচিত? এই সকলোবোৰ দিশৰ প্ৰতি গুৰুত্ব দি আমি অহা পাঁচ বছৰৰ বাবে এটাৰ পাছত আন এটা পদক্ষেপ হাতত লৈছো৷
২০১৪ চনত মই দেশৰ বাবে নতুন আছিলো৷ ২০১৩-২০১৪প নিৰ্বাচনৰ পূৰ্বে মই দেশবাসীৰ অনুভৱ বুজাৰ বাবে সমগ্ৰ দেশ ঘুৰিছিলো৷ কিন্তু সকলোৰে মুখত হতাশা আছিল, আশংকা আছিল৷ জনসাধাৰণ আচৰিত হৈছিল দেশৰ পৰিৱৰ্তন সম্ভৱ হ’বনে? চৰকাৰ পৰিৱৰ্তন হ’লেও দেশৰ পৰিৱৰ্তন হ’বনে? সাধাৰণ জনতাৰ মনত নিৰাশাবাদে গা কৰি উঠিছিল৷ দীৰ্ঘদিনে আশা পুৰণ নোহোৱাৰ ফলস্বৰূপে তেওঁলোক অতি হতাশ হৈ পৰিছিল৷কিন্তু ২০১৯ত পাঁচ বছৰীয়া কঠোৰ পৰিশ্ৰম তথা সাধাৰণ লোকৰ প্ৰতি উচৰ্গিত কামৰ লগতে মোৰ হৃদয়ত কেৱল দেশ তথা দেশবাসীক লৈ আমি আগুৱাই গৈছো, প্ৰতিটো ক্ষণ ইয়াৰ প্ৰতি সমৰ্পন কৰিছো৷ আমি যেতিয়া ২০১৯ত উপনীত হ’লো মই আচৰিত হৈছিলো৷ দেশবাসীৰ মনোভাৱৰ পৰিৱৰ্তন হৈছে৷ হতাশা আশালৈ, সপোন সংকল্প আৰু সিদ্ধিলৈ ৰূপান্তৰ হৈছে, সাধাৰণ লোকৰ মুখত এটাই কথা ফুটি উঠিছিল, হয় মোৰ দেশৰ পৰিৱৰ্তন হৈছে৷ সাধাৰণ জনতাৰ মাজত প্ৰতিধ্বনিত হৈছিল- হয় আমিও দেশ পৰিৱৰ্তন কৰিব পাৰো, আমি পিছ পৰি নাথাকো৷১৩০ কোটি নাগৰিকৰ অভিব্যক্তি, আবেগে আমাক নতুন শক্তি, নতুন বিশ্বাস জগাইছিল৷ আমি ‘সবকা সাথ, সবকা বিকাশ’ মন্ত্ৰৰে আৰম্ভ কৰিছিলো, কিন্তু পাঁচ বছৰৰ ভিতৰত দেশবাসীয়ে সমগ্ৰ দেশত ইয়াক সবকা বিশ্বাসত পৰিণত কৰিলে৷ পাঁচ বছৰৰ ভিতৰত সকলোৰে মাজত বিশ্বাস আৰু আস্থা বৃদ্ধি পোৱাটোৱে দেশবাসীক অধিক শক্তিশালীভাৱে সেৱা কৰিবলৈ আমাক উৎসাহিত কৰিলে৷শেহতীয়া নিৰ্বাচনৰ সময়ত মই দেখিছিলো আৰু সেই সময়ত মই প্ৰায়ে কৈছিলো যে নিৰ্বাচনত কোনো ৰাজনীতিবিদ, কোনো ৰাজনৈতিক দল, মোদী নাইবা মোদীৰ বন্ধুবৰ্গই প্ৰতিদ্বন্দ্বিতা কৰা নাই৷ ভাৰতৰ জনসাধাৰণ, ১৩০ কোটি দেশবাসীয়ে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ তেওঁলোকে নিজা সপোন পূৰণৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ এই নিৰ্বাচনত গণতন্ত্ৰৰ প্ৰকৃত ৰূপ পৰিলক্ষিত হয়৷মোৰ শ্ৰদ্ধাৰ দেশবাসী, সমস্যাৱলীৰ সমাধান-সপোনৰ সময়সীমা, দৃঢ়সংকল্প আৰু সিদ্ধিৰ সৈতে খোজত খোজ মিলাই আমি আগুৱাই যাব লাগিব৷ এই কথা স্পষ্ট যে সমস্যাৰ সন্মুখীন হ’লেহে আত্ম-নিৰ্ভৰশীলতাৰ ভাৱনা বিকশিত হয়৷ সমস্যাৱলীৰ সমাধানে আত্ম-নিৰ্ভৰশীলতাৰ গতিত উৎসাহিত কৰে৷ যেতিয়া আত্ম-নিৰ্ভৰশীল হয়, তেতিয়া আত্ম-সন্মান নিজে নিজেই বিকশিত হয় আৰু আত্ম-সন্মান অতি শক্তিশালী৷ স্বাভিমানৰ শক্তিত একো শক্তি নাই আৰু যেতিয়া কোনো সমাধান, সংকল্প, ক্ষমতা, আত্ম-সন্মান থাকে, তেতিয়া সফলতাৰ পথত কোনো শক্তিয়ে বাধা দিব নোৱাৰে৷ সফলতাৰ নৱ-শিখৰ অতিক্ৰম কৰিবৰ বাবে, আগুৱাই যাবৰ বাবে স্ব-ইচ্ছা অৱশ্যাম্ভাৱী। যেতিয়া আমি সমস্যাৰ সমাধান দেখো, তেতিয়া কথাবোৰ টুকুৰা টুকুৰাকৈ অৰ্থাৎ খণ্ডিত অৱস্থাত চিন্তা কৰিব নালাগে। বিভিন্ন কষ্টৰ সমূখীন হ’ব লাগিব, একেলগে প্ৰসংশা বুটলিবলৈ হাত লগাই পিছত পুনৰ এৰি দিয়াৰ দৰে মানসিকতাই দেশৰ স্বপ্ন পূৰণ কৰিব নোৱাৰে। আমি সমস্যাবোৰ পুলিয়ে-পোখাই নাইকিয়া কৰাৰ চেষ্টা কৰিব লাগিব। আপোনালোকে সম্ভৱতঃ দেখিছে আমাৰ মুছলমান সম্প্ৰদায়ৰ কন্যা, আমাৰ ভনীসকলক, তেওঁলোকৰ মূৰৰ ওপৰত সদায়েই তিনি তালাকৰ এক ভয় অনবৰতে বিৰাজমান হৈ আছিল, তেওঁলোকে নিজৰ জীৱনটো উপভোগ কৰিবলৈ সদায়েই ভয় কৰিছিল। তিনি তালাকৰ চিকাৰ নহ’লেও, যিকোনো মুহুৰ্ত্ততে তিনি তালাকৰ সমূখীন হোৱাৰ ভয়ে তেওঁলোকক সদায়েই পীড়া কৰিছিল, এই ভয়ে তেওঁলোকক এক মসৃণ জীৱন অতিবাহিত কৰাত সদায়েই বাধাৰ সৃষ্টি কৰিছিল। বিশ্বৰ বিভিন্ন দেশ, বিভিন্ন ইছলামিক দেশত ইতিমধ্যেই এই কু-প্ৰথা সমাপ্ত কৰি দিয়া হৈছে। কিন্তু কিবা নহয় কিবা কাৰণত আমাৰ মুছলমান মা-ভনীহঁতক তেওঁলোকৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত পিছহুহকি আছিলো আমি। আমি যদিহে এই দেশত সতীদাহ প্ৰথা শেষ কৰিব পাৰো, ভ্ৰূণ হত্যা শেষ কৰাৰ বাবে আইন সৃষ্টি কৰিব পাৰো, আমি যদিহে বাল্য-বিবাহৰ বিৰুদ্ধে মাত মাতিব পাৰো, আমি যৌতুক প্ৰথাৰ বিৰুদ্ধে মাত মাতিব পাৰো, তেন্তে আমি কিয়নো তিনি তালাকৰ বিৰুদ্ধে মাত নামাতো, আৰু সেইবাবেই ভাৰতৰ গণতন্ত্ৰৰ এই উদ্যমক সাৰথি কৰি ভাৰতীয় সংবিধানৰ মতাদৰ্শৰ, বাবা চাহেব আম্বেদকাৰৰ আদৰ্শক শ্ৰদ্ধা জনাই আমাৰ মুছলমান ভনীসকলক সমান অধিকাৰ প্ৰদান কৰাৰ স্বাৰ্থতেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্ত ৰাজনীতিৰ তুলাচেনীত তুলি লোৱা সিদ্ধান্ত নহয়, এই সিদ্ধান্ত শতিকা শতিকাজুৰি আমাৰ মা-ভনীহঁতক জীৱনৰ সুৰক্ষা দিয়াৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত।ঠিক তেনেদৰে, মই আন এটা উদাহৰণ দিবলৈ বিচাৰিছো – ধাৰা ৩৭০, ৩৫ ক। কি কাৰণ আছিল? এইখন চৰকাৰৰ পৰিচয়েই হৈছে যে আমি সমস্যাবোৰ অগ্ৰাহ্যও নকৰো আৰু সমস্যাবোৰ নিস্পত্তিবিহীনভাৱেও নাৰাখো। এতিয়া সমস্যাবোৰ অগ্ৰাহ্য কৰাৰ সময়ো নাই আৰু সমস্যাবোৰ নিস্পত্তিহীন কৰি ৰখাৰো সময় নাই। যিটো কাম বিগত ৭০ বছৰে সম্পাদন হোৱা নাছিল, সেই কামটোকেই নতুন চৰকাৰ গঠনৰ পিছত, ৭০ দিনৰ ভিতৰত অনুচ্ছেদ ৩৭০ আৰু ৩৫ ক আঁতৰোৱা কামটো ভাৰতৰ দুয়োখন সদন ক্ৰমে লোকসভা আৰু ৰাজ্যসভাত দুই-তৃতীয়াংশ সমৰ্থনেৰে গৃহীত কৰা হ’ল। ইয়াৰ অৰ্থ হৈছে যে প্ৰতিগৰাকী লোকৰে মনত এইটো কথাই আছিল, কিন্তু আৰম্ভ কৰে কোনে, কোন আগুৱাই আহে, সম্ভৱতঃ তাৰেই প্ৰতীক্ষা আছিল আৰু দেশবাসীয়ে এই কাম কৰিবলৈ মোক দায়িত্ব দিছে আৰু যি কাম আপোনালোকে মোক কৰিবলৈ দিছে সেই কাম কৰিবলৈকে আহিছো। মোৰ নিজৰ একোৱেই নাই।
আমি জম্মু-কাশ্মীৰ পুনৰ্গঠনৰ দিশে আগবাঢ়িছো। ৭০ বছৰে সকলোৱে কিবা নহয় কিবা প্ৰয়াস কৰিছে, প্ৰতিখন চৰকাৰেই প্ৰয়াস কৰিছে।কিন্তু ইয়াৰ ঈপ্সিত পৰিণাম লাভ হোৱা নাই আৰু যেতিয়া ঈপ্সিত পৰিণাম লাভ হোৱা নাই, তেনে ক্ষেত্ৰত নতুন ধৰণে চিন্তা কৰাৰ, নতুন ধৰণে আগবঢ়াৰ আৱশ্যকতা হয়৷ আৰু জম্মু-কাশ্মীৰ তথা লাডাখৰ নাগৰিকৰ আশা-আকাংক্ষা পূৰণ হওক এয়া আমাৰ সকলোৰে দায়িত্ব৷ তেওঁলোকৰ সপোনে যাতে ডেউকা লাভ কৰিব পাৰে এয়া আমাৰ সকলোৰে দায়িত্ব৷ আৰু সেইবাবে ১৩০ কোটি দেশবাসীয়ে এই দায়িত্ব পালন কৰিব লাগিব আৰু এই দায়িত্ব পূৰণ কৰাৰ বাবে যি বাধা সন্মুখলৈ আহিছে সেয়া অতিক্ৰম কৰাৰ বাবে আমি প্ৰয়াস কৰিছো৷
যোৱা ৭০ বছৰত এই ব্যৱস্থাই জন্ম দিছিল বিচ্ছিন্নতাবাদৰ, সন্ত্ৰাসবাদৰ, পৰিয়ালবাদৰ আৰু এক প্ৰকাৰে ভ্ৰষ্টাচাৰৰ তথা ভেদ-ভাৱৰ ভেঁটি শক্তিশালী কৰাত বল দিছিল৷ আৰু সেইবাবে সেই অঞ্চলৰ মহিলাসকলে অধিকাৰ লাভ কৰিলে৷ সেই অঞ্চলৰ মোৰ দলিত ভাতৃ-ভগ্নীসকলক, দেশৰ অন্য প্ৰান্তৰ দলিতসকলে যি অধিকাৰ লাভ কৰিছিল সেয়া নাপাইছিল৷ আমাৰ দেশৰ জনজাতি লোকসকলে যি অধিকাৰ লাভ কৰে সেয়া তেওঁলোকেও পাব লাগে৷ তাৰে সমাজ আৰু ব্যৱস্থাৰ বিভিন্ন লোক- লাগিলে তেওঁ গুৰ্জৰেই হওক, বকৰৱালেই হওক, গদ্দীয়েই হওক, ছিপ্পীয়েই হওক, বাল্টিয়েই হওক- এনে অনেক জনজাতি লোকসকলে ৰাজনৈতিক অধিকাৰ লাভ কৰিব লাগে৷ তেওঁলোকক সেই অধিকাৰসমূহৰ প্ৰদান কৰাৰ দিশত, আমি আচৰিত হও, তাৰে আমাৰ চাফাই কৰ্মচাৰী ভাই-ভনীসকলৰ ওপৰতো আইনী বাধা প্ৰদান কৰা হৈছিল৷ তেওঁলোকৰ সপোনসমূহ মোহাৰি পেলোৱা হৈছিল৷ আজি আমি তেওঁলোকক স্বাধীনতা প্ৰদান কৰাৰ কাম কৰিছো৷
ভাৰত বিভাজন হ’ল, লক্ষ-কোটিসংখ্যক লোক বিতাড়িত হৈ ইয়ালৈ আহিল, তেওঁলোকৰ কোনো দোষ নাছিল কিন্তু যিসকলে আহি জম্মু-কাশ্মীৰত বসতি স্থাপন কৰিলে তেওঁলোকেও মানৱীয় অধিকাৰ পোৱা নাছিল, নাগৰিকৰ অধিকাৰো লাভ কৰা নাছিল৷ জম্মু-কাশ্মীৰত মোৰ পাহাৰীয়া ভাতৃ-ভগ্নীসকলো আছে৷ তেওঁলোকৰ কথা চিন্তা কৰিয়েই আমি পদক্ষেপ গ্ৰহণ কৰিব বিচাৰিছো৷
মোৰ মৰমৰ দেশবাসীসকল, জম্মু-কাশ্মীৰ আৰু লাডাখ সুখ-সমৃদ্ধি আৰু শান্তিৰ বাবে ভাৰতৰ প্ৰেৰণাৰ স্ৰোত হিচাপে বিবেচিত হ’ব পাৰে৷ ভাৰতৰ বিকাশৰ যাত্ৰাত অনন্য অৱদান আগবঢ়াব পাৰে৷ তেওঁলোকৰ সেই প্ৰাচীন মহান দিৱসসমূহ উভতাই দিয়াৰ বাবে আমি সকলোৱে প্ৰয়াস কৰিম৷ সেই প্ৰয়াসৰ জৰিয়তে এই যি নতুন ব্যৱস্থাৰ সৃষ্টি হৈছে, ই প্ৰত্যক্ষভাৱে নাগৰিকৰ বাবে কাম কৰাৰ অৱকাশ সৃষ্টি কৰিব৷ এতিয়া দেশৰ, জম্মু-কাশ্মীৰৰ সাধাৰণ নাগৰিকেও দিল্লী চৰকাৰক জবাবদিহী কৰিব পাৰে৷ তেওঁলোকৰ মাজত কোনো অন্তৰায়ৰ সৃষ্টি নহ’ব৷ এই প্ৰত্যক্ষ ব্যৱস্থা আজি আমি প্ৰণয়ন কৰিব পাৰিছো৷ কিন্তু যেতিয়া সমগ্ৰ দেশ, সকলো ৰাজনৈতিক দলৰ ভিতৰতো, এটাও ৰাজনৈতিক দল বাদ পৰা নাই, অনুচ্ছেদ ৩৭০, ৩৫ক বিলুপ্ত কৰাৰ বাবে মুখৰিত ৰূপত অথবা মৌন ৰূপত সমৰ্থন প্ৰদান কৰিছে৷ কিন্তু ৰাজনীতিৰ পথত নিৰ্বাচনৰ তুলাচনীৰ ব্যৱহাৰ কৰা লোকসকলে ৩৭০ৰ পক্ষত কিবা নহয় কিবা এটা উচ্চাৰণ কৰিয়েই আছে৷ যিসকলে ৩৭০ৰ সপক্ষে ওকালতি কৰি আছে, তেওঁলোকক সমগ্ৰ দেশে সুধিছে, যদি এই অনুচ্ছেদ ৩৭০, এই ৩৫ক ইমানেই গুৰুত্বপূৰ্ণ আছিল, ইয়াৰ দ্বাৰাই যদি ভাগ্য পৰিৱৰ্তন হ’লহেঁতেন তেন্তে ৭০ বছৰলৈ সংখ্যাগৰিষ্ঠতা হোৱাৰ পিছতো কিয় ইয়াক আপোনালোকে স্থায়ী নকৰিলে? অস্থায়ী হিচাপে কিয় ৰাখিছিল? যদি ইমানেই অপৰিহাৰ্য আছিল তেন্তে আপোনালোকে আগুৱাই আহি ইয়াক স্থায়ী কৰিব লাগিছিল৷ কিন্তু ইয়াৰ অৰ্থ এয়াই যে আপোনালোকে জানিছিল যে যি নিশ্চিত হৈছিল সেয়া শুদ্ধ হোৱা নাছিল, কিন্তু ইয়াৰ সংশোধনৰ সাহস আপোনালোকৰ নাছিল৷ ৰাজনৈতিক ভৱিষ্যতৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছিল৷ মোৰ বাবে দেশৰ ভৱিষ্যতেই হ’ল সকলো, ৰাজনৈতিক ভৱিষ্যত নহয়৷আমাৰ সংবিধান প্ৰণেতাসকলে, চৰ্দাৰ বল্লভ ভাই পেটেলৰ দৰে মহাপুৰুষে, দেশৰ একতাৰ বাবে, ৰাজনৈতিক একতাৰ বাবে সেই কঠিন সময়তো গুৰু্ত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ দেশৰ একতাৰ বাবে সফল প্ৰয়াস কৰিছিল৷ কিন্তু অনুচ্ছেদ ৩৭০ৰ বাবে, ৩৫ক ৰ বাবে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল৷আজি লালকিল্লাৰ পৰা মই যেতিয়াই দেশক সম্বোধন কৰি আছো, মই এয়া গৰ্বেৰে কৈছো যে আজি প্ৰতিজন হিন্দুস্তানীয়ে ক’ব পাৰে- এক ৰাষ্ট্ৰ, এক সংবিধান আৰু আমি চৰ্দাৰ চাহাবৰ এক ভাৰত-শ্ৰেষ্ঠ ভাৰত, এই সপোন চৰিতাৰ্থ কৰাৰ বাবে প্ৰয়াস কৰিছো৷ তেতিয়া ইয়াৰ দ্বাৰা এয়াই প্ৰতিফলিত হয় যে আমি এনে ব্যৱস্থাৰ বিকশিত কৰিব লাগিব যাৰ দ্বাৰা একতা শক্তিশালী হ’ব আৰু দেশক সংযোজিত কৰাৰ বাবে চিমেণ্টিং শক্তিৰ ৰূপত উদ্ভাসিত এই প্ৰক্ৰিয়া নিৰৱচ্ছিন্নভাৱে চলাই থাকিব লাগিব৷ এয়া কেৱল এটা সময়ৰ বাবে নহয়, অবিৰত হ’ব লাগিব৷জিএছটিৰ জৰিয়তে আমি এক ৰাষ্ট্ৰ, এক কৰৰ সপোন বাস্তৱায়িত কৰিছো৷ ঠিক সেইদৰে বিগত দিনসমূহত শক্তিৰ ক্ষেত্ৰত এক ৰাষ্ট্ৰ, এক গ্ৰীড, এই কামটোও সফলতাৰে সম্পন্ন কৰিছো৷ঠিক সেইদৰে এক ৰাষ্ট্ৰ, এক ম’বিলিটী কাৰ্ড- এই ব্যৱস্থাকো আমি বিকশিত কৰিছো৷ আৰু আজি দেশত ব্যাপক ৰূপত এক আলোচনা হ’বলৈ ধৰিছে৷ সেয়া হ’ল ‘‘এক দেশ, একত্ৰ নিৰ্বাচন’’৷ এই আলোচনা হ’ব লাগে, গণতান্ত্ৰিক পদ্ধতিৰে হ’ব লাগে আৰু কেতিয়াবা ‘‘এক ভাৰত-শ্ৰেষ্ঠ ভাৰত’’ৰ সপোন বাস্তৱায়িত কৰিবলৈ এনেকুৱা অনেক নতুন বস্তু আমি সংযোজিত কৰিব লাগিব৷মোৰ মৰমৰ দেশবাসীসকল, দেশক নতুন শক্তিৰে উদ্ভাসিত কৰিব লগিব, বিশ্ব দৰবাৰত দেশক এক নতুন স্থানত উপনীত কৰিব লাগিব৷ তেন্তে আমি নিজৰ ঘৰকো দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত কৰিব লাগিব৷ এয়া কাৰো উপকাৰৰ বাবে নহয়৷ ভাৰতৰ উজ্বল ভৱিষ্যতৰ বাবে আমি দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হ’ব লাগিব৷ বিগত পাঁচটা বৰ্ষত আমি দৰিদ্ৰতা হ্ৰাস কৰাৰ বাবে, জনতাক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাৰ বাবে বহুতো সফল প্ৰয়াস কৰিছো৷ পূৰ্বৰ তুলনাত অধিক ক্ষীপ্ৰতাৰে এই দিশত সফলতা লাভ কৰিছো৷ কিন্তু তথাপিও দুখীয়া ব্যক্তিয়ে যদি তেওঁৰ সন্মান লাভ কৰে, তেওঁৰ স্বাভিমান জাগি উঠে তেতিয়া তেওঁ দৰিদ্ৰতাৰ সৈতে যুঁজিবলৈ চৰকাৰলৈ অপেক্ষা নকৰে৷ তেওঁ নিজৰ সামৰ্থৰ জৰিয়তে দৰিদ্ৰতাক পৰাস্ত কৰিবলৈ উঠি-পৰি লাগিব৷ আমাৰ মাজত যদি কাৰোবাৰ প্ৰতিকূল পৰিস্থিতিৰ সৈতে যুঁজাৰ সামৰ্থ আছে তেন্তে সেয়া মোৰ দৰিদ্ৰ ভাই-ভনীসকলৰ আছে৷ যিমানেই শীত নহওক কিয়, তেওঁ হাতৰ মুঠি বন্ধ কৰি জীয়াই থাকিব পাৰে৷ তেওঁৰ ভিতৰত সেই সামৰ্থ আছে৷ আহক, আমি সেই সামৰ্থৰ পুজাৰী হও আৰু সেইবাবে তেওঁলোকৰ জীৱনৰ পৰা কঠিনতাসমূহ দূৰ কৰো৷কি কাৰণত মোৰ দুখীয়া লোকসকলৰ ওচৰত শৌচালয় নাই, ঘৰত বিদ্যুৎ নাই, থকাৰ বাবে ঘৰ নাই, পানীৰ সুবিধা নাই, বেংকৰ একাউণ্ট নাই, ধাৰ লোৱাৰ বাবে মহাজনৰ ঘৰলৈ সকলো সামগ্ৰী বন্ধকত থবলগীয়া হয়৷ আহক, দুখীয়া লোকসকলৰ আত্ম-সন্মান, আত্মবিশ্বাসক, তেওঁলোকৰ স্বাভিমানক আগুৱাই নিবলৈ, সামৰ্থ প্ৰদান কৰিবলৈ প্ৰয়াস কৰো৷ভাতৃ-ভগ্নীসকল, স্বাধীনতাৰ ৭০ বছৰ পাৰ হৈ গ’ল৷ বহু কাম সকলো চৰকাৰে নিজৰ নিজৰ ধৰণে কৰিলে৷ চৰকাৰ যি দলৰেই নহওক কিয়, কেন্দ্ৰৰেই হওক অথবা ৰাজ্যৰেই হওক, সকলোৱে নিজৰ নিজৰ ধৰণে প্ৰয়াস কৰিছে৷ কিন্তু সত্য এয়াই যে আজি হিন্দুস্তানত প্ৰায় অৰ্ধেক সংখ্যক ঘৰ এনেকুৱা আছে য’ত খোৱা পানীৰ ব্যৱস্থা নাই৷ তেওঁলোকে খোৱা পানী লাভ কৰিবলৈ অনেক কষ্ট কৰিব লাগে৷ মাতৃ-ভগ্নীসকলে মূৰত পানী উঠাই, কলহ লৈ দুই-দুই, তিনি-তিনি, পাঁচ-পাঁচ কিলোমিটাৰ অতিক্ৰম কৰিব লাগে৷ জীৱনৰ অনেক সময় কেৱল পানীৰ সন্ধানতেই পাৰ হৈ যায় আৰু সেইবাবে এই চৰকাৰে এক বিশেষ পদক্ষেপৰ জৰিয়তে ইয়াক কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেয়া হ’ল- আমাৰ ঘৰসমূহলৈ পানী কিদৰে উপলব্ধ হ’ব? প্ৰতিখন ঘৰে কিদৰে পানী পাব? বিশুদ্ধ খোৱা পানী কিদৰে পাব?আৰু সেইবাবে আজি মই লালকিল্লাৰ পৰা ঘোষণা কৰিছো যে আগন্তুক দিনসমূহত জল-জীৱন অভিযান আৰম্ভ কৰিম৷ এই জল-জীৱন অভিযান, ইয়াৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লগ হৈ কাম কৰিব আৰু আগন্তুক বৰ্ষসমূহত চাৰে তিনি লাখ কোটি টকাতকৈও অধিক টকা এই জল-জীৱন অভিযানৰ বাবে ব্যয় কৰা হ’ব বুলি আমি সংকল্প গ্ৰহণ কৰিছো৷ জলসঞ্চয়েই হওক, জলসিঞ্চনেই হওক, বৰ্ষাৰ টোপ-টোপ পানী সংৰক্ষণৰ কামেই হওক, সাগৰৰ পানী অথবা বৰ্জ্য পানীৰ ব্যৱস্থাপনায়েই হওক, কৃষকৰ বাবে Per Drop, More Crop, ক্ষুদ্ৰ জলসিঞ্চনৰ কামেই হওক, পানী সংৰক্ষণৰ কামেই হওক, পানীৰ প্ৰতি সাধাৰণ নাগৰিক সজাগ হওক, সংবেদনশীল হওক, পানীৰ গুৰুত্ব বুজি পাওক, আমাৰ শিক্ষা কৰ্মতো শিশুসকলক সৰুৰে পৰাই পানীৰ গুৰুত্বৰ শিক্ষা দিয়া হওক৷ পানী সংগ্ৰহৰ বাবে, পানীৰ স্ৰোতসমূহৰ পুনৰুজ্জীৱিতকৰণৰ বাবে আমি নিৰন্তৰে প্ৰয়াস কৰিব লাগিব আৰু আমি এই বিশ্বাসৰ সৈতে আগবাঢ়িব লাগিব যে পানীৰ ক্ষেত্ৰত বিগত ৭০ বছৰত যি কাম হ’ল সেয়া আমি ৫ বছৰত চাৰি গুণতকৈও অধিক শক্তিৰে কৰিব লাগিব৷ আমি এতিয়া অধিক অপেক্ষা কৰিব নোৱাৰো আৰু এই দেশৰ মহান সন্তসকলে শ শ বছৰ পূৰ্বে, সন্ত তিৰুৱল্লুৱৰে সেই সময়ত এটা গুৰুত্বপূৰ্ণ কথা কৈছিল, এশ বছৰ পূৰ্বে, তেতিয়াতো চাগে কোনোৱেও পানীৰ সংকটৰ বিষয়ে চিন্তা কৰা নাছিল, আৰু তেতিয়া সন্ত তিৰুৱল্লুৱৰে কৈছিল- ‘‘নীৰ ইনড়ি অমিয়াড়ু, ওল্গঃ, নীক ইনড়ি অমিয়াড়ু ওল্গঃ,’’ অৰ্থাৎ যেতিয়া পানী শেষ হৈ যায় তেতিয়া প্ৰকৃতিৰ কাৰ্যও সমাপ্ত হৈ যায়, স্তব্ধ হৈ যায়৷ এক প্ৰকাৰে বিনাশ আৰম্ভ হয়৷মোৰ জন্ম গুজৰাটত হৈছিল৷ গুজৰাটত এক তীৰ্থ ক্ষেত্ৰ আছে যি উত্তৰ গুজৰাটত আছে৷ জৈন সম্প্ৰদায়ৰ লোকে তালৈ অহা-যোৱা কৰি থাকে৷ আজিৰ পৰা প্ৰায় ১০০ বছৰ পূৰ্বে তাত এক জৈন মুনি আছিল, তেওঁ কৃষক পৰিয়াল এটাত জন্ম গ্ৰহণ কৰিছিল, খেতিৰ কাম কৰিছিল কিন্তু জৈন পৰম্পৰা অনুসৰি তেওঁ দীক্ষিত হ’ল আৰু জৈন মুনি হিচাপে জনাজাত হ’ল৷প্ৰায় ১০০ বছৰ পূৰ্বে তেওঁ লিখি থৈ গৈছিল৷ বুদ্ধি সাগৰ মহাৰাজজীয়ে লিখিছিল যে এনে এক দিন আহিব যেতিয়া পানী দোকানত বিক্ৰী হ’ব৷ আপুনি কল্পনা কৰিব পাৰে, তেওঁ ১০০ বছৰ পূৰ্বে লিখি থৈ গৈছিল যে পানী দোকানত বিক্ৰী হ’ব আৰু আজি আমি খোৱা পানী দোকানৰ পৰা কিনো৷ আমি ক’ৰ পৰা ক’লৈ আহিলো৷মোৰ মৰমৰ দেশবাসীসকল, না আমি থমকি ৰ’ব লাগিব, না আমি ৰ’ব লাগিব আৰু না আমি আগবাঢ়িবলৈ সংকোচবোধ কৰিব লাগিব৷ এই অভিযান চৰকাৰী হ’ব নালাগিব৷ জল সঞ্চয়ৰ এই অভিযান, যিদৰে স্বচ্ছতাৰ অভিযান আৰম্ভ হৈছিল ঠিক সেইদৰে এয়াও জন আন্দোলনলৈ পৰিৱৰ্তিত হ’ব লাগে৷ জনসাধাৰণৰ আদৰ্শৰ সৈতে, জন সাধাৰণৰ আকাংক্ষাৰ সৈতে, জনসাধাৰণৰ সামৰ্থৰ সৈতে আমি আগবাঢ়িব লাগিব৷মোৰ মৰমৰ দেশবাসীসকল, এতিয়া আমাৰ দেশ এনে এটা প্ৰান্তত উপনীত হৈছে য’ত আমি বহু কথায়েই আপোনালোকৰ পৰা লুকুৱাই ৰখাৰ কোনো প্ৰয়োজন নাই৷ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময় আহি পৰিছে৷ কেতিয়াবা ৰাজনৈতিক লাভ-লোকচানৰ উদ্দেশ্যৰে আমি সিদ্ধান্ত গ্ৰহণ কৰো কিন্তু ইয়াৰ দ্বাৰা দেশৰ ভৱিষ্যতৰ প্ৰজন্মৰ অধিক লোকচান হ’ব৷এনেকুৱা এটা বিষয়েই আজি মই লালকিল্লাৰ পৰা স্পষ্ট কৰিবলৈ বিচাৰিছো৷ আৰু সেই বিষয়টো হ’ল আমাৰ বৰ্ধিত জনসংখ্যা বিস্ফোৰণ৷ এই জনসংখ্যা বিস্ফোৰণ আমাৰ বাবে, আমাৰ অনাগত প্ৰজন্মৰ বাবে নতুন সংকটৰ সৃষ্টি কৰিব পাৰে৷ কিন্তু এয়া মানি ল’ব লাগিব যে দেশত এক শ্ৰেণীৰ সজাগ লোক আছে যিয়ে এই কথা ভালদৰে জানে৷ তেওঁলোকে নিজৰ ঘৰত শিশুৰ জন্ম দিয়াৰ পূৰ্বে ভালকৈয়ে চিন্তা কৰে যে মই তেওঁলোকৰ সৈতে অন্যায় হ’বলৈ নিদিও৷ তেওঁলোকৰ যি মানৱীয় আৱশ্যকতাসমূহ আছে সেয়া মই পূৰণ কৰিব পাৰিম নে নোৱাৰিম, তেওঁলোকৰ যি সপোন আছে, সেই সপোন পূৰণৰ বাবে মই নিজৰ দায়িত্ব পালন কৰিব পাৰিম নে নোৱাৰিম৷ এই সকলো পেৰামিটাৰৰ দ্বাৰা আমাৰ দেশত আজিও স্ব-প্ৰেৰণাৰে কিছুমানে এটা সৰু পৰিয়ালতে সীমাৱদ্ধ ৰাখি, নিজৰ পৰিয়ালৰো কল্যাণ কৰে আৰু দেশৰো কল্যাণ কৰাত বৃহৎ বৰঙণি আগবঢ়ায়৷ এওঁলোক সকলোৱেই সন্মানৰ অধিকাৰী, আদৰৰ অধিকাৰী৷ সৰু পৰিয়ালৰ দ্বাৰাও তেওঁলোকে দেশভক্তি প্ৰকাশ কৰে৷ মই বিচাৰিম যে আমি সকলোৱেই এওঁলোকৰ জীৱন প্ৰত্যক্ষ কৰিব লাগে আৰু তেওঁলোকে নিজৰ পৰিয়ালত জনসংখ্যা বৃদ্ধিৰ দ্বাৰা নিজকে ৰক্ষা কৰি পৰিয়ালৰ কেনেকৈ সেৱা কৰি আছে৷ চাওতে চাওতে এটা দুটা প্ৰজন্ম নহয়, পৰিয়ালক কিদৰে আগুৱাই নিব লাগে, সন্তান সকলে কিদৰে শিক্ষা লাভ কৰে, তেওঁ পৰিয়ালক কিদৰে ৰোগৰ পৰা মুক্ত কৰি ৰাখে, সেই পৰিয়ালে নিজৰ প্ৰাথমিক আৱশ্যকতাসমূহক কিদৰে উপযুক্ত ধৰণে পূৰণ কৰিব পাৰে৷ আমিও তেওঁলোকৰ পৰা শিকিব লাগে আৰু আমাৰ ঘৰত কোনো শিশুৰ আগমনৰ পূৰ্বে এয়া চিন্তা কৰিব লাগে যে যি শিশু মোৰ ঘৰলৈ আহিব, তাৰ আৱশ্যকতাসমূহ পূৰণৰ বাবে মই প্ৰস্তুত নে? নে মই তাক সমাজৰ ভৰসালৈ এৰি দিম? নে মই তাক নিজৰ ভাগ্যত এৰি দিম? কোনো মাক-দেউতাকে এনেকুৱা কৰিব নোৱাৰে যি নিজৰ সন্তান জন্ম দি এনেধৰণৰ জীৱনৰ বাবে বাধ্য কৰিব পাৰে আৰু সেইবাবে সামাজিক সজাগতাৰ প্ৰয়োজন৷যিসকলে এই বৃহৎ ভূমিকা পালন কৰিছে তেওঁলোকৰ সন্মানৰ আৱশ্যকতা আছে আৰু তেওলোকৰ প্ৰয়াসৰ উদাহৰণক লৈ সমাজৰ অন্য শ্ৰেণীসকল যি এতিয়াও ইয়াৰ বাহিৰত, তেওঁলোককো সংবদ্ধ কৰি জনসংখ্যা বিস্ফোৰণ- আমি ইয়াৰ চিন্তা কৰিব লাগিব৷চৰকাৰেও বিভিন্ন যোজনা প্ৰণয়ন কৰিব লাগিব৷ লাগিলে সেয়া ৰাজ্য চৰকাৰেই হওক, কেন্দ্ৰ চৰকাৰেই হওক- সকলোৱে এই দায়িত্ব পালন কৰাৰ বাবে কান্ধত কান্ধ থৈ আগবাঢ়িব লাগিব৷ আমি অসুস্থ সমাজৰ কথা চিন্তা কৰিব নোৱাৰো, আমি অশিক্ষিত সমাজৰ কথা চিন্তা কৰিব নোৱাৰো৷ একবিংশ শতিকাৰ ভাৰত, সপোন বাস্তৱায়িত কৰিব পৰা ব্যক্তিৰ পৰা আৰম্ভ হয়, পৰিয়ালৰ পৰা আৰম্ভ হয় কিন্তু যদি আবাদী শিক্ষিত নহয়, সুস্থ নহয় তেন্তে সেই ঘৰো সুখী হ’ব নোৱাৰে, সেই দেশো সুখী হ’ব নোৱাৰে৷জন আবাদী শিক্ষিত হওক, সামৰ্থবান হওক, প্ৰশিক্ষিত হওক আৰু নিজৰ ইচ্ছা তথা আৱশ্যকতাসমূহৰ পূৰণৰ বাবে, উপযুক্ত পৰিবেশ লাভৰ বাবে সংসাধন উপলব্ধ হওক, এনে হ’লে মই ভাবো যে দেশে এইসমূহ পূৰণ কৰিব পাৰিব৷মোৰ মৰমৰ দেশবাসীসকল, আপোনালোকে ভালদৰেই জানে যে ভ্ৰষ্টাচাৰ, স্বজন-তোষণবাদে আমাৰ দেশৰ বহু লোকচান কৰিছে আৰু কাঠপোকৰ দৰে আমাৰ জীৱনত সোমাই পৰিছে৷ ইয়াক বাহিৰ কৰাৰ বাবে আমি নিৰন্তৰে প্ৰয়াস কৰি আছো৷ সফলতা পাইছো যদিও এই ৰোগ ইমানেই গভীৰ, ইমানেই বিয়পি পৰিছে যে আমি আৰু অধিক প্ৰয়াস, আৰু সেয়াও কেৱল চৰকাৰী স্তৰতেই নহয়, প্ৰতিটো স্তৰতে কৰিব লাগিব আৰু এনেকুৱা নিৰন্তৰে কৰিব লাগিব৷ এবাৰতেই সকলো কাম নহয়, বেয়া অভ্যাস- পুৰণি ৰোগৰ দৰে৷ কেতিয়াবা ঠিক হয় কিন্তু সুযোগ পালে পুনৰ গা কৰি উঠে৷ ঠিক সেইদৰেও এয়াও এক ৰোগ যাক আমি অহৰহ প্ৰযুক্তি ব্যৱহাৰ কৰি ইয়াক পৰাস্ত কৰাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছো৷ প্ৰতিটো পৰ্যায়তেই যাতে ন্যায় আৰু পাৰদৰ্শিতাই গুৰুত্ব লাভ কৰে তাৰবাবে অনেক প্ৰয়াস কৰা হৈছে৷আপোনালোকে দেখিছে যে বিগত পাঁচ বছৰতো, এইবাৰ আহিয়েই চৰকাৰত বহি থকা অনেক লোকক উলিয়াই দিয়া হৈছে৷ আমাৰ এই অভিযানত যিবোৰ বাধা আছিল, তেওঁলোকক কোৱা হৈছে যে আপোনালোকে নিজৰ ব্যৱসায় কৰক, এতিয়া দেশক আপোনালোকৰ সেৱাৰ কোনো প্ৰয়োজন নাই৷
মই স্পষ্টভাৱে মানো যে ব্যৱস্থাবোৰত পৰিৱৰ্তন আহিব লাগে, কিন্তু তাৰ লগে লগে সামাজিক জীৱনতো পৰিৱৰ্তন থাকিব লাগে। সামাজিক জীৱনত পৰিৱৰ্তন থাকিব লাগে, কিন্তু তাৰ লগে লগে সামাজিক ব্যৱস্থা চলোৱা লোকসকলৰো মন-মগজুতো পৰিৱৰ্তন অত্যন্ত জৰুৰী। তেতিয়াহে আমি কাঙ্খিত ফলাফল লাভ কৰিবলৈ সক্ষম হ’ম।
মোৰ আদৰৰ ভাই-ভনীসকল, স্বাধীনতা লাভৰ ইমান বছৰৰ পিছত দেশে এক প্ৰকাৰেৰে পৰিপক্কতা লাভ কৰিছে। আমি স্বাধীনতাৰ ৭৫ বছৰ পূৰ কৰিবলৈ ওলাইছো। এতিয়া ইয়াত সহজাত সংস্কাৰ, সহজাত স্বভাৱ, সহজাত অনুভূতি এইবোৰৰো প্ৰয়োজনীয়তা আছে। মই যেতিয়া আমাৰ বিষয়া-আমোলাসকলৰ সৈতে বহো, তেতিয়া এটা কথা অৱশ্যেই উনুকিয়াও, এই কথা পূৰ্বে ৰাজহুৱাভাৱে কেতিয়াও কোৱা নাছিলো যদিও আজি কোৱাৰ মন হৈছে, গতিকে কৈয়েই দিও। মই আমাৰ বিষয়াসকলক বাৰম্বাৰ কওঁ যে দেশে স্বাধীনতা লাভৰ ইমান বছৰ পিছতো সৰ্বসাধাৰণ ৰাইজৰ জীৱনত চৰকাৰৰ যি দখল আছে, যি প্ৰভাৱ আছে, আমি সেই প্ৰভাৱ কম কৰিবলৈ নোৱাৰোনে? সেই দখল আমি শেষ কৰি পেলাব নোৱাৰো নে? মোৰ বাবে স্বাধীন ভাৰতৰ অৰ্থ হৈছে লাহে লাহে চৰকাৰে ৰাইজৰ জীৱনৰ পৰা বাহিৰ ওলাব লাগে, মানুহে নিজৰ জীতৱনৰ কথা নিৰ্ণয় কৰিবৰ বাবে, জীৱনত আগবাঢ়ি যাবৰ বাবে, তেওঁলোকৰ বাবে সকলো পথ মুক্ত হৈ থাকিব লাগে, নিজৰ সপোন পূৰণ কৰিবৰ বাবে, দেশৰ হিতাৰ্থে, পৰিয়ালৰ হিতাৰ্থে যিফালেই মন সেইফালেই ইচ্ছানুযায়ী আগবাঢ়িব পৰা হ’ব লাগে, এনে এক পৰিস্থিতিতন্ত্ৰ আমি নিৰ্মাণ কৰি ল’ব লাগে। আৰু এইবাবেই ৰাইজৰ ওপৰত চৰকাৰৰ চাঁপ থাকিব নালাগে, কিন্তু যেতিয়াই সংকটপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হয় তেতিয়া আকৌ চৰকাৰৰ অভাৱো হ’ব নালাগে। চৰকাৰৰ অভাৱো হ’ব নালাগে, চৰকাৰৰ প্ৰভাৱো থাকিব নালাগে, কিন্তু তাৰ মাজেৰে আমি আমাৰ সপোনবোৰ লৈ আগবাঢ়িব পাৰিব লাগে। চৰকাৰে আমাৰ এগৰাকী সংগী হিচাপে প্ৰতিমুহূৰ্ত্ততে উপলব্ধ থাকিব লাগে। প্ৰয়োজনত এনে অনুভৱ হ’ব লাগে যে কোনোবা আমাৰ সৈতে আছে, চিন্তাৰ কোনো কাৰণ নাই। আমি তেনেধৰণৰ ব্যৱস্থা আৰম্ভ কৰিব নোৱাৰো নে?
আমি অপ্ৰয়োজনীয় বহু আইন নাইকিয়া কৰিছো অৰ্থাৎ শেষ কৰিছো। বিগত ৫ বছৰত এক প্ৰকাৰেৰে মই প্ৰতিদিনেই একোখনকৈ অপ্ৰয়োজনীয় আইন নাইকিয়া কৰিছো। সমগ্ৰ দেশবাসীয়ে হয়তো এই কথাৰ পূৰ্ণ উমান পোৱা নাই। প্ৰতিদিনেই একোখনকৈ আইন নাইকিয়া কৰা হৈছিল, প্ৰায় ১৪৫০ খন আইন বন্ধ কৰা হৈছে। এই পদক্ষেপ গ্ৰহণ কৰাৰ উদ্দেশ্য মাথো এটাই, সেয়া হৈছে সাধাৰণ লোকৰ মূৰৰ পৰা যাতে বোজা হ্ৰাস হয়। এতিয়াৰ চৰকাৰখনৰ কাৰ্যকাল মাথো ১০ সপ্তাহ হৈছে, এই ১০ সপ্তাহতে এনে অপ্ৰয়োজনীয় ৬০ খন আইনৰ বিলুপ্তি ঘটোৱা হৈছে।
জীয়াই থকাৰ সুচলতা, এয়া হৈছে স্বাধীন ভাৰতৰ এক আৱশ্যকতা আৰু এইবাবেই আমি জীয়াই থকাৰ সুচলতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ বিচাৰিছো, ইয়াক আগুৱাই লৈ যাবলৈ বিচাৰিছো। আজি ব্যৱসায় কৰাৰ সুচলতাৰ দিশেৰে আমি যথেষ্টখিনি অগ্ৰগতি লাভ কৰিছো। প্ৰথমে বিশ্বৰ শীৰ্ষ ৫০ খন দেশৰ ৰেংকত প্ৰৱেশ কৰাৰ সপোন আছে, ইয়াৰ বাবে বহু সংশোধনৰ প্ৰয়োজনীয়তা আছে, তাত বহু সৰু-বৰ প্ৰত্যাহ্বান আছে। কোনো লোকে এক ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিবলৈ বিচাৰিলে অথবা কোনো সৰু কাম কৰিবলৈ বিচাৰিলে, ইয়াত এখন প্ৰ-পত্ৰ পূৰ কৰক, তাত এখন প্ৰ-পত্ৰ পূৰ কৰক, ইয়ালৈ যাওঁক, তালৈ যাওঁক, সেইটো অফিচলৈ যাওঁক, বিভিন্ন অফিচৰ দুৱাৰে দুৱাৰে ঘুৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়, সমাধান নাথাকেই। এইবোৰ কু-ব্যৱস্থা শেষ কৰাৰ লগে লগে, সংস্কাৰ সাধন কৰাৰ লগতে, কেন্দ্ৰ আৰু ৰাজ্যকো লগতে লৈ, নগৰপালিকা আৰু মহানগৰপালিকাক লগত লৈ আমি ব্যৱসায় কৰাৰ সুচলতাৰ দিশেৰে বহু কাম কৰাত সফল হৈছো। আৰু সমগ্ৰ বিশ্বতে এক বিশ্বাসৰ জন্ম হৈছে যে ভাৰত ইমান বিশাল উন্নয়নশীল দেশে ইমান ডাঙৰ সপোন দেখিব পাৰে আৰু ইমান বৃহৎ অগ্ৰগতি লাভ কৰিব পাৰে। ব্যৱসায় কৰাৰ সুচলতা এটা পৰ্যায় মাথো, মোৰ লক্ষ্য কিন্তু জীয়াই থকাৰ সুচলতা সৃষ্টি কৰাহে – সৰ্বসাধাৰণ ৰাইজে যেন চৰকাৰী কামৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সমূখীন নহয়, কাকো কাকুতি-মিনতি কৰিবলগীয়া নহয়, তেওঁলোকৰ অধিকাৰ তেওঁলোকে যাতে সহজতে লাভ কৰিব পাৰে আৰু সেইবাবেই আমি আগবঢ়াতো অত্যন্ত জৰুৰী। সেয়ে আমি সেই দিশেৰেই কাম কৰি যাবলৈ বিচাৰো।
মোৰ আদৰৰ দেশবাসী, আমাৰ দেশ আগবাঢ়ক, কিন্তু incremental progress, তাৰ বাবে এতিয়া আৰু অধিক অপেক্ষা কৰিব নোৱাৰো, আমি হাইজাম্প মাৰিব লাগিব এতিয়া, আমি এতিয়া দীঘল দীঘল জাঁপ মাৰিব লাগিব, আমি আমাৰ চিন্তাধাৰা সলনি কৰিব লাগিব। ভাৰতক Global benchmark ৰ সমমান স্থানলৈ আনিবৰ বাবে আমাৰ আধুনিক আন্তঃগাঁথনি, তাৰ ফালেও আমি আগবাঢ়ি যাব লাগিব, ইয়াৰ বাটত যিয়েই যি কওঁক, যিয়েই যি লিখক, তালৈ ভ্ৰূক্ষেপ নকৰি সাধাৰণ জনতাৰ জীৱন উন্নত কৰিব লাগিব তথা তেওঁলোকৰ সপোন পূৰণ কৰিব লাগিব। ভাল কাম সাধাৰণ ৰাইজে ভাল পায়, তাতেই তেওঁলোকৰ ৰুচি থাকে। আৰু সেইবাবেই আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে এই সময়ছোৱাত ১০০ লাখ কোটি টকা প্ৰয়োগ কৰা হ’ব আধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ বাবে, যাৰ দ্বাৰা সংস্থাপনো পোৱা যাব, জীৱনতো ন ন ব্যৱস্থা বিকশিত হ’ব, যিয়ে নিত্য নৈমিত্তিক প্ৰয়োজনীয়তাবোৰো পূৰণ কৰিব। সেয়া লাগিলে সাগৰমালা প্ৰকল্পই হওঁক, অথবা ভাৰতমালা প্ৰকল্পই হওঁক, সেয়া লাগিলে আধুনিক ৰে’লৱে ষ্টেশ্যন নিৰ্মাণেই হওঁখ, অথবা বাছ ষ্টেশ্যন নিৰ্মাণেই হওঁক বা বিমানবন্দৰ নিৰ্মাণেই হওঁক, অথবা আধুনিক চিকিৎসালয় নিৰ্মাণেই হওঁক, বা বিশ্বস্তৰীয় শিক্ষা প্ৰতিষ্ঠান নিৰ্মাণেই হওঁক, আন্তঃগাঁথনিৰ দৃষ্টিকোণেৰে আমি এই আটাইবোৰ দিশকেই আগুৱাই লৈ যাবলৈ বিচাৰিছো। এতিয়া দেশত seaport ৰো প্ৰয়োজনীয়তা আহি পৰিছে। সাধাৰণ জীৱনৰো মন-মগজুলৈ এতিয়া পৰিৱৰ্তন আহিছে। আমি সেয়া বুজি পাব লাগিব।
পূৰ্বে এনে এক সময় আছিল যে কাগজতে যদি সিদ্ধান্ত গ্ৰহণ কৰা হয় যে এটা বিশেষ এলেকাত এটা ৰে’লৱে ষ্টেশ্যন নিৰ্মাণ কৰা হ’ব, তাৰ পিছৰে পৰা কেবা মাহ ধৰি, কেবা বছৰ ধৰি তাৰ এক যোগাত্মক প্ৰভাৱ সেই সমগ্ৰ অঞ্চলটোতেই থাকে যে আমাৰ ইয়াত, ঘৰৰ কাষতে এতিয়া এটা ৰে’লৱে ষ্টেশ্যন নিৰ্মাণ হ’ব। পিছে এতিয়া সময় সলনি হৈছে। এতিয়া সাধাৰণ নাগৰিকে ৰে’লৱে ষ্টেশ্যন লাভতে সন্তুষ্ট নাথাকে, তেওঁলোকে লগে লগে সোধে, বন্দে ভাৰত এক্সপ্ৰেছ আমাৰ এলেকালৈ কেতিয়া আহিব? তেওঁলোকৰ চিন্তাধাৰাৰ সলনি হৈছে। আমি যদি এটা ধুনীয়া বাছ ষ্টেশ্যন নিৰ্মাণ কৰি দিও, বা এটা পঞ্চতাৰকাযুক্ত ৰে’লৱে ষ্টেশ্যন নিৰ্মাণ কৰি দিওঁ তেন্তে ৰাইজে ক’ব আজি আপোনালোকে সুন্দৰ কাম কৰিছে। তেওঁলোকে তাৰ পিছ মুহূৰ্ত্ততে প্ৰশ্ন কৰিব, ডাঙৰীয়া বিমানবন্দৰ কেতিয়া আহিব? অৰ্থাৎ সৰ্বসাধাৰণ ৰাইজৰ চিন্তাধাৰা এতিয়া সলনি হৈছে। এসময়ত ৰে’লৱে ষ্টপেজতেই সন্তুষ্ট থকা মোৰ দেশৰ নাগৰিকে এতিয়া আটাইতকৈ ধুনীয়া ৰে’ল ষ্টেশ্যন লাভ কৰাৰ পিছমুহূৰ্ত্ততে কয়, এইবোৰ ঠিকেই আছে, বিমানবন্দৰ কেতিয়া আহিব?
আগতে কোনো নাগৰিকৰ সৈতে মুখামুখি হ’লে সুধিছিল, ডাঙৰীয়া পকী ৰাস্তা কেতিয়া নিৰ্মাণ হ’ব? এতিয়া কোনো নাগৰিকক লগ পালে তেওঁ কয়, ডাঙৰীয়া ফ’ৰ লেন নিৰ্মাণ হ’ব নে ছিক্স লেন? এতিয়াৰ নাগৰিকে কেৱল পকী পথতেই সীমাবদ্ধ হৈ থাকিবলৈ নিবিচাৰে। আৰু ময়ো স্বীকাৰ কৰো যে উচ্চাকাঙ্খী ভাৰতৰ বাবে এনে আকাঙ্খা অতি গুৰুত্বপূৰ্ণ কথা।
আগতে গাওঁৰ বাহিৰত বিদ্যুতৰ খুঁটা আনি বগৰাই দিলেই লোক সন্তুষ্ট হৈছিল, কৈছিল, আমাৰ গাওঁলৈ বিজুলী আহিলেই। অথচ বিজুলীবাতিৰ খুঁটা পোতাই নাই, মাথো পেলাই থোৱা হৈছে। এতিয়া কিন্তু বিজুলীৰ তাঁৰ লগাৰ পিছতো, ঘৰে ঘৰে মিটাৰ সংযোগ হোৱাৰ পিছতো মানুহে সোধে, ডাঙৰীয়া ২৪ ঘণ্টাই বিজুলী কেতিয়াকৈ পাম? এতিয়া মানুহ আৰু বিজুলী খুঁটা, তাৰ আৰু মিটাৰ বক্সেৰে সন্তুষ্ট নহয়।
প্ৰথমে যেতিয়া মোবাইল আহিছিল, তেতিয়া তেওঁলোকৰ এনে লাগিছিল যে মোবাইল ফোন আহি গ’ল। তেওঁলোকে অতি সন্তুষ্টি অনুভৱ কৰিছিল। কিন্তু আজি মোবাইলৰ ইমান পয়োভৰৰ পিছত সকলোৰে চৰ্চাৰ বিষয় হৈছে ডাটাৰ স্পীড কিমান?
এই পৰিৱৰ্তনশীল মনোভাৱক, পৰিৱৰ্তিত সময়ক আমি বুজি পাব লাগিব আৰু তেনেদৰেই বিশ্বস্তৰীয় মানদণ্ডৰে আমি নিজৰ দেশৰ আধুনিক আন্তঃগাঁথনিৰ সৈতে পৰিচ্ছন্ন বিদ্যুৎ শক্তি, গেছ ভিত্তিক অৰ্থনীতি, গেছ গ্ৰীড, ই-মবিলিটি আদি বিভিন্ন ক্ষেত্ৰত আমি আগবাঢ়ি যাব লাগিব।
মোৰ আদৰৰ দেশবাসী, সাধাৰণতে আামাৰ দেশত চৰকাৰৰ পৰিচয় এনে ধৰণৰ হৈ থাকিল যে চৰকাৰে পিছপৰা অঞ্চলৰ বাবে কি কি কৰিলে, পিছপৰা শ্ৰেণীৰ লোকসকলৰ বাবে কি কি কৰিলে, পিছপৰা সমুদায়বোৰৰ বাবে কি কি কৰিলে? সাধাৰণতে কি দিলে, কিমান দিলে, কাক দিলে, কোনে পালে, সেইবোৰ কথাৰ মাজতেই সীমিত হৈ থাকিল চৰকাৰ তথা জনমানস আৰু সেইবোৰকে ভাল বুলিও পতিয়ন গৈছিল। ময়ো হয়তো তেনেকুৱাই আছিলো, সম্ভৱতঃ এয়া আছিল সময়ৰ আহ্বান, তেতিয়া হয়তো সেয়াই প্ৰয়োজনীয়তা আছিল, কিন্তু এতিয়া কোনে কি পালে, কেনেকৈ পালে, কেতিয়া পালে, কিমান পালে, এই সকলোবোৰ থকাৰ পিছতো আমি সকলোৱে লগলাগি দেশক ক’লৈ লৈ যাম, আমি সকলো একগোট হৈ দেশৰ বাবে কি আহৰণ কৰিম, সেই সপোনৰ মাজতে জীয়াব লাগিব, যুঁজিব লাগিব, আৰু এয়াই সময়ৰ আহ্বান। আৰু এইবাবেই এইবাবেই ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ গঢ়ি তোলাৰ স্বপ্ন দেখিছো। ১৩০ কোটি দেশবাসীয়ে যদিহে সৰু সৰু কথাবোৰ লৈ আগবাঢ়ে তেন্তে এই ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ গঢ়ি তোলাৰ স্বপ্ন সাকাৰ কৰাটো জটিল নহ’ব, সেয়া ভুল হ’বই নোৱাৰে, কিন্তু জটিল কাম যদিহে আমি নকৰোৱেই তেন্তে দেশ আগবাঢ়িব কেনেকৈ? জটিল প্ৰত্যাহ্বানবোৰৰ যদিহে সমূখীনেই নহওঁ তেন্তে আগবাঢ়ি যোৱাৰ মানসিকতা কেনেদৰে গঢ় ল’ব? মনোবৈজ্ঞানিক দৃষ্টিৰেও আমি সদায়েই উচ্চ চিন্তাধাৰা সমূখত ৰাখিব লাগে আৰু সেই অনুসৰিয়েই আমি লক্ষ্য স্থিৰ কৰিছো। কিন্তু সেয়া শুন্যতে থকা নাই। স্বাধীনতাৰ ৭০ বছৰ পিছত আমি দুই ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশত পৰিণত হ’বলৈ সক্ষম হৈছিলো। ৭০ বছৰৰ বিকাশৰ যাত্ৰাই আমাক ২ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ পৰ্যায়ত প্ৰৱেশ কৰাইছে। কিন্তু ২০১৪ ৰ পৰা ২০১৯ চনলৈ পাচ বছৰৰ ভিতৰত আমি ২ ত্ৰিলিয়ন ডলাৰৰ পৰা ৩ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ ঘৰত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছো। অৰ্থাৎ আমি এক ত্ৰিলিয়ন ডলাৰ যোগ দিবলৈ সক্ষম হৈছো। যদিহে ৭০ বছৰত লাভ কৰা সাফল্যৰ অৰ্ধেকাংশ পাচবছৰতে আহৰণ কৰিবলৈ সক্ষম হৈছো, তেন্তে অনাগত পাচবছৰত আমি ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ গঢ়ি তোলাৰ স্বপ্ন সাকাৰ কৰিবলৈ নিশ্চয় সক্ষম হ’ম, আৰু এই সপোন প্ৰতিগৰাকী ভাৰতীয়ই দেখা উচিত। যেতিয়া অৰ্থনীতি আগবাঢ়ে তেতিয়া জীৱন উন্নত কৰাৰো যথেষ্ট সুবিধা লাভ হয়। সমাজৰ নিম্নতম স্থানৰ লোকসকলেও তেওঁলোকৰ সপোন পূৰণ কৰাৰ সুযোগ সৃষ্টি হয়। আৰু এই সুযোগ সৃষ্টি কৰিবৰ বাবে দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত আমি এই দিশবোৰকেই আগুৱাই লৈ যাব লাগিব।
যেতিয়া আমি সপোন দেখো যে দেশৰ কৃষকসকলৰ আয় দুগুণ হ’ব লাগে, যেতিয়া আমি সপোন দেখো যে দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ সময়ত ভাৰতত প্ৰতিটো পৰিয়ালৰে, দৰিদ্ৰতকৈ দৰিদ্ৰ লোকসকলৰো যাতে একোটিকৈ পকী ঘৰ থাকিব লাগে। যেতিয়া আমি সপোন দেখো যে দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ সময়ত প্ৰতিটো পৰিয়ালতে বিজুলীৰ যোগান থাকে, যেতিয়া আমি সপোন দেখো যে দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ সময়ত ভাৰতৰ প্ৰতিখন গাওঁতেই অপ্টিকেল ফাইবাৰ নেটৱৰ্ক থাকক, ব্ৰ’ডবেণ্ড সংযোগ থাকক, দূৰসংযোগ শিক্ষাৰ সুবিধা থাকক।
আমাৰ সামূদ্ৰিক সম্পত্তি, নীল অৰ্থনীতি – এই ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰা উচিত। আমাৰ মাছমৰীয়া ভাই-ভনীসকলক আমি শক্তি প্ৰদান কৰিব লাগে। আমাৰ কৃষকসকল আমাৰ অন্নদাঁতা, তেওঁলোক শক্তিদাতাও হওক। আমাৰ কৃষকসকল, তেওঁলোক কিয় নিজে ৰপ্তানিকাৰী হ’ব নোৱাৰে? সমগ্ৰ বিশ্বতে আমাৰ কৃষকৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰে উভৈনদী কিয় হ’ব নোৱাৰে। এইবোৰ সপোন লৈয়েই আমি আগবাঢ়িবলৈ বিচাৰো। আমাৰ দেশে ৰপ্তানি বৃদ্ধি কৰিবই লাগিব, আমি কেৱল দেশ, ভাৰতক বজাৰ হিচাপে গণ্য কৰিছো, আমিও বিশ্বৰ বজাৰত প্ৰৱেশ কৰাৰ বাবে ভৰপূৰ প্ৰয়াস কৰিব লাগে।
বিশ্বৰ বিভিন্ন দেশৰ যি শক্তি ক্ষমতা আছে সেয়া আমাৰ দেশৰ প্ৰতিখন জিলাতে লুকাই আছে, বিশ্বৰ বিভিন্ন সৰু সৰু দেশত থকা শক্তি আমাৰ একো একোখন জিলাতে আছে। আমি এই শক্তি সামৰ্থ্য বুজি পোৱা উ্চিত, উপলব্ধি কৰা উচিত। আৰু এই সামৰ্থ্যবোৰক আমি শ্ৰেণীবদ্ধ কৰিব লাগিব, আৰু প্ৰতিখন জিলাকে ৰপ্তানি কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আমি কিয় চিন্তা নকৰো। প্ৰ্তিখন জিলাৰে বৈচিত্ৰময় হস্তশিল্প আছে, নিজ নিজ বিশেষত্ব আছে। এখন জিলাৰ যদি আছে সাজ-পোছাকৰ পৰিচয়, তেন্তে আন এখন জিলাৰ আছে বাচন-বৰ্তনৰ বৈচিত্ৰ, আন এখন জিলাৰ আছে আকৌ মিঠাইৰ বৈচিত্ৰ তথা পৰিচিত। প্ৰতিখন জিলাৰে বিবিধতা আছে, বৈচিত্ৰতা আছে। সামৰ্থ্য আছে, বৈশ্বিক বজাৰৰ বাবে ‘জিৰ’ ডিফেক্ট’ জিৰ’ এফেক্ট’ৰ দ্বাৰা ইয়াৰ উৎপাদন কেনে হ’ব আৰু এই বিবিধতাৰ পৰা বিশ্বত পৰিচিতি প্ৰদান কৰি আমি যদিহে সেই সামগ্ৰীবোৰ ৰপ্তানি কৰাৰ ওপৰত জোৰ দিও, বিশ্ব বজাৰ অধিকাৰ কৰাৰ দিশত আমি যদিহে কাম কৰো তেন্তে দেশৰ যুৱক-যুৱতীসকলে সংস্থাপন লাভ কৰিব। আমাৰ ক্ষুদ্ৰ উদ্যোগবোৰে, সূক্ষ্ম উদ্যোগবোৰে ইয়াৰ বাবেই যথেষ্ট শক্তি লাভ কৰিব আৰু আমি সেই শক্তি বৃদ্ধ কৰাৰ ওফৰত গুৰুত্ব আৰোপ কৰিব লাগে।
আমাৰ দেশ পৰ্যটন ক্ষেত্ৰৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ বাবেই এক আশ্চৰ্যকৰ স্থান হ’ব পাৰে, কিন্তু কিবা নহয় কিবা কাৰণত আমি যিমান ক্ষীপ্ৰতাৰে এই দিশেৰে কাম কৰিব লাগিছিল সেই ক্ষীপ্ৰতাৰে কাম কৰিব পৰা নাই। আহক, আমি সকলো দেশবাসীয়ে সিদ্ধান্ত গ্ৰহণ কৰো যে আমি দেশৰ পৰ্যটন ক্ষেত্ৰত জোৰ দিব লাগে। যেতিয়া পৰ্যটনক্ষেত্ৰ আগবাঢ়িব তেতিয়া অতি কম বিনিয়োগেৰে যথেষ্ট পৰিমাণৰ সংস্থাপনৰ সৃষ্টি হ’ব। দেশৰ অৰ্থনীতিয়ে শক্তি পাব, আৰু এতিয়া বিশ্বৰ সকলো প্ৰান্তৰ লোকেই ভাৰতক এক বিশেষ দৃষ্টিৰে লক্ষ্য কৰিবলৈ সাজু আছে। আমি কেৱল এইটো চিন্তা কৰো আহক যে সমগ্ৰ বিশ্বৰ লোক আমাৰ দেশলৈ কেনেদৰে আহিব, কেনেদৰে আমাৰ পৰ্যটন উদ্যোগটোৱ ঠন ধৰি উঠিব আৰু ইয়াৰ বাবে ট্যুৰিষ্ট ডেষ্টিনেশ্যনৰ ব্যৱস্থাও কৰিব লাগিব, সাধাৰণ মানুহৰ আমদানি বৃদ্ধি পাব ইয়াৰ দ্বাৰা, উন্নত শিক্ষা, নতুন সংস্থাপন, মধ্যম শ্ৰেণীৰ লোকসকলে ডাঙৰ সপোন পূৰণ কৰাৰ উদ্দেশ্য আৰু মাধ্যম বিচাৰি পাব। তেওঁলোকৰ সপোনবোৰ সাকাৰ কৰিবৰ বাবে launching pad তেওঁলোকৰ বাবে উপলব্ধ হ’ব লাগিব। আমাৰ বৈজ্ঞানিকসকলৰ হাতত সংসাধনৰ সকলো সুবিধা থাকক, আমাৰ সেনাৰ হাতত থাকক অত্যাধুনিক সা-সৰঞ্জাম, সেয়াও দেশতে নিৰ্মিত হওঁক, তেনেবোৰ দিশেৰেই মই সদায়েই পতিয়ন যাওঁ যে আমাৰ দেশত এনে বহু ক্ষেত্ৰ আছে যিয়ে ভাৰতক ৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ দেশ হিচাপে গঢ়ি তুলিব পাৰে।
মোৰ মৰমৰ ভাই-ভনীসকল, বৰ্তমান দেশত আৰ্থিক দিশত সিদ্ধি লাভ কৰিবলৈ যথেষ্ট অনুকূল পৰিবেশ আছে৷ যেতিয়া চৰকাৰ সুস্থিৰ হয়, নীতি পুৰ্বানুমানযোগ্য হয়, ব্যৱস্থাসমূহো সুস্থিৰ হয়, তেতিয়া বিশ্বই ভৰসা কৰে৷ দেশৰ জনতাই এই কাম কৰি দেখুৱাইছে৷ বিশ্ববাসীয়েও ভাৰতৰ ৰাজনৈতিক সুস্থিৰতাক লৈ গৌৰৱ আৰু আদৰেৰে চাই আছে৷ আমি এই সূযোগ এনেয়ে যাবলৈ নিদিও৷ আজি বিশ্ববাসীয়ে আমাৰ সৈতে ব্যৱসায় কৰিবলৈ উৎসুক হৈ আছে৷ তেওঁলোকে আমাৰ সৈতে চামিল হ’ব বিচাৰে৷ আজি আমাৰ বাবে গৌৰৱৰ বিষয় যে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰি আমি বিকাশৰ হাৰ বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ সমীকৰণ লৈ আগবাঢ়িছো৷ কেতিয়াবা বিকাশৰ হাৰ বৃদ্ধি পাইছিল যদিও সামগ্ৰীৰ মুল্যবৃদ্ধি হ্ৰাস হোৱা নাছিল৷ কেতিয়াবা মুল্যবৃদ্ধি বাঢ়িছিল যদিও বিকাশৰ হাৰৰ কোনো সীমা নাছিল৷ কিন্তু এইখন এনে চৰকাৰ, যি মুল্যবৃদ্ধি নিয়ন্ত্ৰণো কৰিছে আৰু বিকাশৰ হাৰো আগুৱাই নিছে৷
আমাৰ অৰ্থব্যৱস্থাৰ ভেঁটি যথেষ্ট সবল৷ এই সবলতাক আমি আগুৱাই নিয়াৰ বাবে বিশ্বাস জগাই তোলে৷ সেইদৰে জিএছটিৰ দৰে ব্যৱস্থা বিকশিত কৰিস আইবিচিৰ দৰে সংস্কাৰে সাধন কৰাটোৱে এক নতুন বিশ্বাস জন্মাইছে৷ আমাৰ দেশত উৎপাদন বৃদ্ধি পাইছে, আমাৰ প্ৰাকৃতিক সম্পদৰ প্ৰক্ৰিয়াকৰণ হৈছে, মুল্য সংযোজন হৈছে, মুল্য সংযোজন কৰা সামগ্ৰী বিশ্বজুৰি ৰপ্তানি কৰিব লাগিব৷ আমি যিমানেই সপোন নেদেখো কিয় বিশ্বৰ এনে কোনো দেশ নাই, য’লৈ ভাৰতৰ পৰা যিকোনো এবিধ সামগ্ৰী ৰপ্তানি হোৱা নাই, ভাৰতৰ এনে কোনো জিলা নাই য’ৰ পৰা কিবা নহয়, কিবা এবিধ সামগ্ৰী ৰপ্তানি নহয়৷ যদি এই দুয়োটা দিশ আগত লৈ আমি আগুৱাই যাও, তেতিয়া হ’লে আমি আমদানিও বৃদ্ধি কৰিব পাৰিম৷ আমাৰ কোম্পানী, আমাৰ উদ্যোগীসকলেও বিশ্বৰ বজাৰত প্ৰৱেশ কৰাৰ সপোন দেখে৷ বিশ্বৰ বজাৰত প্ৰৱেশ কৰি ভাৰতৰ সামগ্ৰীক তাত মাত মতাৰ শক্তি দিয়ক, আমাৰ বিনিয়োগকাৰীয়ে অধিক উপাৰ্জন কৰক, আমাৰ বিনিয়োগকাৰীয়ে অধিক বিনিয়োগ কৰক, আমাৰ বিনিয়োগকাৰীয়ে অধিক সংস্থাপনৰ সৃষ্টি কৰক-এইক্ষেত্ৰত উৎসাহিত যোগোৱাৰ বাবে আমি পূৰ্ণোদ্যমে সাজু আছো৷
আমাৰ দেশত এনে কেতবোৰ ভুল ধাৰণা নিগাজী হৈ পৰিল৷ সেই ধাৰণাৰ পৰা বাহিৰ হৈ আহিব লাগিব৷ যি দেশৰ সম্পদ সৃষ্টি কৰিব, যিসকলে দেশৰ সম্পদ সৃষ্টিত বৰঙণি আগবঢ়াব, তেওঁলোক সকলোৱে দেশৰ সেৱা কৰি আছে৷ আমি সম্পদ সৃষ্টিকাৰীসকলক ভয়াৰ্ত দৃষ্টিৰে চাব নালাগিব, তেওঁলোকৰ প্ৰতি হীনভাৱেৰেও নাচাও৷ দেশত সম্পদ সৃষ্টিকাৰীসকলক মান-সন্মান দিয়াৰ লগতে উৎসাহ যোগাব লাগে৷ তেওঁলোক লৈ গৌৰৱ কৰিব লাগে, নহ’লে সম্পদৰ বিতৰণ নহ’ব৷ যদি সম্পদ বিতৰণ নহয়, দেশৰ দুখীয়া লোকসকল ভাল নহ’ব৷ সেইবাবে সম্পদ সৃষ্টিৰ গুৰুত্ব দি আমি ইয়াৰ আগুৱাই নিব লাগিব৷ যিসকল লোক সম্পদ সৃষ্টিত জড়িত, মোৰ বাবে তেওঁলোকো দেশৰ সম্পদ৷ তেওঁলোকৰ সন্মান আৰু গৌৰৱবোধে এই পদক্ষেপত নতুন শক্তি যোগাব৷
মোৰ প্ৰিয় দেশবাসী, বৰ্তমান শান্তি আৰু সুৰক্ষাৰ বিকাশ অন্যতম পদক্ষেপ৷ সমগ্ৰ বিশ্বই আজি অ-সুৰক্ষিত৷ বিশ্বৰ কোনো কোনো অঞ্চলত কিবা প্ৰকাৰে মৃত্যুৰ ছায়াই ঘেৰি ধৰি আছে৷ বিশ্বশান্তিৰ সমৃদ্ধিৰ বাবে ভাৰতে নিজৰ ভূমিকা পালন কৰিব লাগিব৷ বিশ্বজনীন পৰিস্থিতিত ভাৰতে মনে মনে বহি হৈ নাথাকে আৰু ভাৰতে সন্ত্ৰাস বিয়পোৱাসকলৰ বিৰুদ্ধে সৰ্বশক্তিৰে যুঁজ দিছে৷ বিশ্বৰ যিকোনো স্থানত সন্ত্ৰাসবাদীয়ে চলোৱা ঘটনা মানৱতাবাদ বিৰোধী৷ সেইবাবে মোৰ আহ্বান এই যে বিশ্বজুৰি মানৱতাবাদী শক্তি এক হওক৷ সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক, উৎসাহ যোগোৱাসকল, সন্ত্ৰাসবাদী ৰপ্তানি কৰাসকলৰ দৰে এনে শক্তিসমূহৰ আচল স্বৰূপ বিশ্বৰ সন্মুখত দেখুৱাই, বিশ্ববাসীৰ শক্তিৰে সন্ত্ৰাসবাদৰ নিঃশেষ কৰাৰ প্ৰয়াসত ভাৰতে নিজৰ ভূমিকা পালন কৰিব, সেইটো মই বিচাৰো৷
একাংশ লোকে কেৱল ভাৰততে নহয়, আমাৰ চুবুৰীয়া দেশসমূহতো সন্ত্ৰাসিত কৰি তুলিছে৷ বাংলাদেশ, আফগানিস্তানে সন্ত্ৰাসবাদক লৈ যুঁজি আছে৷ শ্ৰীলংকাত গীৰ্জাৰ ভিতৰত বহি থকা নিৰীহ লোকক হত্যা কৰা হ’ল৷ কিমান কৰুণ ঘটনা, সেয়েহে আমি সন্ত্ৰাসবাদ বিৰুদ্ধে যুঁজ দিলেহে এই সমগ্ৰ ভূ-ভাগ শান্তি আৰু সুৰক্ষা বাবেও আমি সক্ৰিয় ভূমিকা পালন কৰা বুজাব৷
আমাৰ প্ৰতিৱেশী, আমাৰ এক ভাল বন্ধু আগফগানিস্তানে চাৰি দিন পাছত তেওঁলোকৰ স্বাধীনতাৰ শতবৰ্ষ উদযাপন ধুম-ধামেৰে কৰিছে৷ মই আজি লালকিল্লাৰ পৰা আফগানিস্তানৰ মোৰ বন্ধুবৰক স্বাধীনতাৰ শতবৰ্ষ উৎসৱ পালন উপলক্ষে বহু বহু শুভকামনা জনাইছো৷
সন্ত্ৰাস আৰু হিংসা পৰিৱেশ সৃষ্টিকাৰী, ভয়াৰ্ত পৰিৱেশ সৃষ্টিকাৰীক নিঃশেষ কৰাটো চৰকাৰৰ নীতি, চৰকাৰৰ ৰণনীতি আৰু সেইক্ষেত্ৰত আমাৰ স্থিতি স্পষ্ট৷ আমাৰ কোনো আকাংক্ষা নাই আমাৰ সৈনিক, আমাৰ নিৰাপত্তাৰক্ষী, নিৰাপত্তা এজেন্সীসমূহে অতি প্ৰশংসনীয় কাম কৰিছে৷ সংকটৰ সময়তো দেশত শান্তি ৰক্ষাৰ বাবে ইউনিফৰ্ম পৰিধান কৰি থকা সকলোৱে নিজৰ জীৱনো আহুতি দি আমাৰ ভৱিষ্যৎ উজ্বলাই তোলে৷ মই তেওঁলোকক ছেল্যুট দিছে৷ তেওঁলোকক প্ৰণাম জনাইছো৷ কিন্তু সময়ৰ থাকোতেওঁ ইয়াৰ সংস্কাৰ সাধন কৰাটো অতি আৱশ্যক হৈ পৰিছে৷
আপোনালোকে নিশ্চয় দেখিছে আমাৰ দেশত সেনা ব্যৱস্থা, সেনা শক্তি, সেনা সংসাধন-ইয়াৰ সংস্কাৰ দীঘলীয়া চৰ্চা চলি আহিছিল৷ বিগত বহু চৰকাৰে ইয়াৰ আলোচনা কৰিলে৷ বহু আয়োগ গঠন হ’ল, বহু প্ৰতিবেদন আহিল আৰু সকলো প্ৰতিবেদন এজনৰ কথাতে বন্ধ হৈ যায়৷ সামান্য পৃথক, বহুত বেছি নহয়, কিন্তু সেইবোৰ কথাকে একেৰাহে কৈ আহিছিল৷ আমাৰ তিনি সেনা বাহিনী-জল, স্থল, আকাশ, তেওঁলোকৰ মাজত থকা সম্বন্বয়ক লৈ আমি গৌৰৱ কৰিব পাৰো৷ প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱ কৰিব৷ তেওঁলোকে নিজে নিজে আধূনিকতাৰ সৈতে খাপ খোৱাৰ যত্ন কৰি আছে৷ কিন্তু আজি যিদৰে বিশ্ব, যুদ্ধ ব্যৱস্থা, ৰূপ-ৰং সলনি হৈছে, যিদৰে প্ৰযুক্তিচালিত ব্যৱস্থা গঢ় লৈছে, তেনে স্থলত ভাৰতক খণ্ড খণ্ড কৰাৰ কথা নাভাবিবই৷ আমাৰ সমগ্ৰ সেনাই একেলগ হৈ আগুৱাই যোৱাৰ দিশত কাম কৰিব লাগিব৷ জল, স্থল আৰু আকাশ কোনোবাটো আগত, আনটো দুখোজ পাছত আৰু তৃতীয়টো তিনিখোজ পাছত আছে, নহ’লে আগুৱাব নোৱাৰিব৷ তিনিওটাই একেলগে উন্নতিৰ দিশে আগুৱাই গৈছে৷ ভাল সম্বন্বয়, সাধাৰণ জনতাৰ আশা-আকাংক্ষা প্ৰতি গুৰুত্ব দিয়া ইত্যাদি কথাৰ প্ৰতি লক্ষ্য ৰাখি আজি লালকিল্লাত এক উল্লেখযোগ্য সিদ্ধান্ত ঘোষণা কৰিব বিচাৰিছো৷ এই বিষয় সন্দৰ্ভত যিসকল জ্ঞাত তেওঁলোকে দীৰ্ঘ দিনৰ পৰা ইয়াৰ দাবী কৰি আহিছিল৷
আমি আজি সিদ্ধান্ত লৈছো যে এতিয়াৰে চীফ অৱ ডিফেন্স-চিডিএছৰ ব্যৱস্থা কৰিম আৰু এই পদ গঠনৰ পাছত তিনিওটা সেনাবাহিনীয়ে শীৰ্ষ স্তৰত প্ৰভাৱশালী নেতৃত্ব লাভ কৰিব৷ ভাৰতৰ সামৰিক জগতৰ গতিত এই চিডিএছে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু সংস্কাৰৰ ক্ষেত্ৰত আমাৰ যি সপোন, সেই ক্ষেত্ৰত জোৰ দিব লাগিব৷
মোৰ শ্ৰদ্ধাৰ দেশবাসী, আমি ভাগ্যবান যে আমি এনে এক সময়ত জনম লৈছো, আমি এনে এক সময়ত জীয়াই আছো, আমি এনে এক সময়ৰ, যেতিয়া কিবা নহয় কিবা এটা কৰাৰ সামৰ্থ আছে৷ কেতিয়াবা কেতিয়াবা মনত এনে ভাৱ হয় যে যেতিয়া স্বাধীনতা আন্দোলন চলি আছিল, ভগত সিং, সুখদেৱ, ৰাজগুৰুৰ দৰে মহাপুৰুষে নিজৰ জীৱন উচৰ্গা কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল৷ মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা প্ৰেমীসকলে ঘৰে-ঘৰে, অলিয়ে-গলিয়ে গৈ স্বাধীনতাৰ সপোন বাস্তৱ কৰাৰ বাবে দেশক জাগ্ৰত কৰিছিল৷ আমি সেই সময়ত নাছিলো, আমাৰ জন্মই হোৱা নাছিল, দেশৰ বাবে আমি আত্ম-বলিদান দিয়াৰ সুযোগ নাপালো, কিন্তু দেশৰ বাবে জীয়াই থকাৰ সুযোগ অৱশ্যে পাইছো৷ এই সৌভাগ্য আমাৰ বাবে অতি মহত্বপূৰ্ণ৷ পূজ্য বাপু মহাত্মা গান্ধীৰ বৰ্তমান ১৫০ বছৰীয়া জয়ন্তী চলি আছে৷ এনে সুযোগ আমি নিজৰ সময়তে পাইছো, এয়াই আমাৰ সৌভাগ্য৷ আনটো হৈছে আমাৰ স্বাধীনতা ৭৫সংখ্যক বৰ্ষপূৰ্তি, দেশৰ স্বাধীনতাৰ বাবে মৃত্যুবৰণ কৰা সকলক স্মৰণৰ জৰিয়তে আমাক কিবা এটা কৰাৰ প্ৰেৰণা যোগায়৷ এই সুযোগ আমি হেৰুৱাব নোৱাৰো৷ ১৩০ কোটি দেশবাসীৰ হৃদয়ত গান্ধীৰ সপোন, দেশৰ স্বাধীনতাপ্ৰেমীৰ সপোন, স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি আৰু গান্ধীজীৰ ১৫০সংখ্যক জয়ন্তী ইত্যাদি পৰ্বসমূহত সুযোগ সৃষ্টি কৰি আমি আগুৱাই নিবলৈ প্ৰেৰণা যোগায়।
মই এই লালকিল্লাৰ পৰাই ২০১৪ত স্বচ্ছতাৰ বাবে আহ্বান জনাইছিলো৷ ২০১৯ত কেইটামান সপ্তাহৰ পাছতে মোৰ বিশ্বাস ভাৰতে নিজকে মুকলি স্থানত মলত্যাগমুক্ত ঘোষণা কৰিবলৈ সক্ষম হ’ব৷ ৰাজ্য, গাঁও, নগৰ পালিকা সকলোৱে, সংবাদ মাধ্যমে জন-আন্দোলনৰ গঢ় দিলে৷ চৰকাৰৰ কথা উল্লেখেই নাই, ৰাইজে আগভাগ লোৱাৰ পৰিণাম সকলোৱে দেখিবলৈ পাইছে৷
মোৰ শ্ৰদ্ধাৰ দেশবাসী, মই এটা সৰু আহ্বান আপোনালোকৰ সন্মুখত জনাব বিচাৰিছো৷ এই ২ অক্টোবৰত আমি প্লাষ্টিক ব্যৱহাৰৰ পৰা দেশক মুক্তি দিব নোৱাৰো নে? আমি সকলো ওলাই, হাতত বেগ লৈ স্কুল, কলেজ সকলোতে পূজ্য বাপুৰ স্মৰণ কৰি ঘৰৰ, বাহিৰত পৰি থকাই হওক অথবা লেতেৰা নলা পৰি থকাই হওক, এটা এটাকৈ প্লাষ্টিক একগোট কৰি পৌৰসভা, পৌৰনিগম, গাওঁ পঞ্চায়ত সকলোতে জমা কৰাৰ ব্যৱস্থা কৰি আমি ২ অক্টোবৰৰ পৰাই প্লাষ্টিক বৰ্জনৰ প্ৰথমটো পদক্ষেপ হাতত ল’ব নোৱাৰো নে?
আহক, মোৰ দেশবাসী আমি ইয়াক আগুৱাই লৈ যাও৷ ইফালে, ষ্টাৰ্ট আপৰ সৈতে জড়িত সকল, টেকনিচিয়ানসকল, উদ্যোগীসকলক আহ্বান জনাও যে আমি এই প্লাষ্টিকৰ ৰিচাইকলৰ বাবে কি কৰিম? বৰ্তমান ঘাইপথ নিৰ্মাণত প্লাষ্টিকৰ ব্যৱহাৰ হৈছে৷ এনেকুৱা বহু কাৰণ আছে, যাৰ ফলত বহু সমস্যাৰ সৃ্ষ্টি হৈছে আৰু তাৰ পৰা মুক্তি পাবলৈ আমি অভিযান হাতত ল’বলগীয়া হয়৷ কিন্তু ইয়াৰ সমান্তৰালভাৱে আমি বিকল্প ব্যৱস্থাও গ্ৰহণ কৰিব লাগিব৷ মই সকলো ব্যৱসায়ীক আহ্বান জনাও যে আপোনালোকে দোকানত এখন বোৰ্ড লগাই ৰাখি, এনে এখন বোৰ্ডো লগাই দিয়ক, কৃপা কৰি আমাৰ পৰা প্লাষ্টিকৰ মোনা নিবিচাৰিব৷ আপোনালোকে নিজে ঘৰৰ পৰা কাপোৰৰ মোনা লৈ আহিব নহ’লে আমি কাপোৰৰ মোনাও বিক্ৰী কৰিম, লৈ যাওক৷ আমি এক পৰিৱেশ সৃষ্টি কৰো৷ দীপাৱলীত যেতিয়া আমি আনক উপহাৰ দিও, কিয়নো এইবাৰ আৰু প্ৰতিবাৰে কাপোৰৰ মোনা উপহাৰ নিদিও, যাতে কোনোবাই কাপোৰৰ মোনা বজাৰলৈ নিলে, আপোনাৰ কোম্পানীৰো বিজ্ঞাপন হৈ যাব৷ আপোনালোকে কেৱল ডায়েৰী, কেলেণ্ডাৰ দিয়ে, সম্ভৱতঃ তাৰপৰা একো লাভ নহয়, কিন্তু কাপোৰৰ বেগ দিলে, আপোনাৰ বিজ্ঞাপনো প্ৰচাৰ হ’ব৷ মৰাপাটৰ মোনা অথবা কাপোৰৰ মোনা যিয়েই নিদিয়ক মোৰ কৃষকসকলক সহায় কৰা হ’ব৷ সৰু সৰু কাম৷ দুখীয়া-বিধবা মাতৃসকলে যি চিলাইৰ কাম কৰে, তেওঁলোকেও সুবিধা পাব৷ অৰ্থাৎ আমাৰ এটা সৰু সিদ্ধান্তইও সাধাৰণ জনতাৰ জীৱনত কিদৰে প্ৰভাৱ পেলাব পাৰি, আমি সেই দিশত কাম কৰিব লাগিব৷
মোৰ শ্ৰদ্ধাৰ দেশবাসী, ৫ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ অৰ্থনীতিৰ সপোনেই হওঁক অথবা স্বাৱলম্বী ভাৰতৰ সপোনেই হওক, মহাত্মা গান্ধীৰ আদৰ্শক জীয়াই ৰাখিবলৈ সদায় প্ৰস্তুত৷ মহাত্মা গান্ধীৰ চিন্তাধাৰা আজিও প্ৰাসংগিক, সেয়েহে মেক ইণ্ডিয়াৰ যি মিচন আমি লৈছো, তাক আমি আগুৱাই দিব লাগিব৷ মেড ইন ইণ্ডিয়া প্ৰডাক্টক আমি কিয়নো অগ্ৰাধিকাৰ নিদিও? আমি সিদ্ধান্ত ল’ব পাৰো যে জীয়াই থকাৰ সময়ছোৱাত মোপ দেশত যি উৎপাদন হয়, যি পায়, সেয়াই মোৰ অগ্ৰাধিকাৰ হ’ব আৰু লাকী কলৰ বাবে থলুৱা সামগ্ৰীৰ জোৰ দিব লাগিব৷ লাকী, ছুহানী, উজ্জল সকলোবোৰ প্ৰথমে গাঁৱত যি প্ৰস্তুত কৰা হয়, তাত অগ্ৰাধিকাৰ দিব লাগিব৷ সেইদৰে চুবুৰী, তাৰ পৰা বাহিৰ হ’লে জিলা, তাৰ পৰা বাহিৰ হ’লে ৰাজ্যত প্ৰস্তুত কৰা সামগ্ৰীক অগ্ৰাধিকাৰ দিম৷ ইয়াৰ পাছতহে বেলেগৰ কথা ভাবিম৷ ইয়াৰ দ্বাৰা কিমান শক্তি লাভ কৰিব? গ্ৰামীণ অৰ্থনীতি কিমান সবল হ’ব? ক্ষুদ্ৰ উদ্যোগীসকলে কিমান জোৰ পাব? আমাৰ পৰম্পৰাগত সামগ্ৰীয়ে কিমান জোৰ পাব? ভাই-ভনীসকল, আমাৰ ম’বাইল ফোন ভাল লাগে, আমি হোৱাটছএপ, ফেচবুক-টুইটাৰত ব্যস্ত হৈ ভাল পাও, কিন্তু দেশৰ অৰ্থনীতিকো ইয়াৰ জৰিয়তে সহায় কৰিব পাৰো৷ তথ্যৰ বাবে প্ৰযুক্তিৰ যিমান প্ৰযোজ্য হয়, আধূনিক ভাৰত নিৰ্মাণৰ বাবেও প্ৰযুক্তিৰ সিমানেই প্ৰযোজ্য হয় আৰু আমি সাধাৰণ নাগৰিক ডিজিটেল লেনদেনত কিয়নো গুৰুত্ব নিদিও? আজি আমাৰ বাবে গৌৰৱৰ কথা যে আমাৰ ৰুপে’ কাৰ্ড ছিংগাপুৰত চলিছে আৰু অনাগত দিনত আন আন দেশতো চলিব৷ আমাৰ এক ডিজিটেল মঞ্চ শক্তিশালী ৰূপত উন্নয়ন হৈছে, কিন্তু আমাৰ গাওঁ, সৰু-সৰু ব্যৱসায়ীয়েও আমাৰ সৰু-সুৰা কাম-কাজতো আমি ডিজিটেল লেনদেনত জোৰ দিব নোৱাৰোনে? আহক দায়বদ্ধতাৰে, জবাবদিহিতাৰ বাবে আৰু দেশৰ অৰ্থনীতিক শক্তি যোগোৱাৰ বাবে আমি আৰু ডিজিটেল লেনদেনক আকোঁৱালি লও৷ মই ব্যৱসায়ীসকলক কও, আপোনালোকে এখন বোৰ্ড লগায়, গাওঁবোৰৰ অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠানত সেই বোৰ্ডখনত লিখা থাকে, আজি নগদ-কাইলৈ বাকী৷ মই বিচাৰো এতিয়া আমি বোৰ্ড লগোৱা উচিত যে ডিজিটেল লেনদেন হয়, নগদ নহয়৷ এনে এক পৰিৱেশ গঢ়ি তুলিব লাগিব৷ মই বেংকিং ক্ষেত্ৰ, ব্যৱসায়ীসকলক আহ্বান জনাইছো আহক আমি সকলোৱে এই ক্ষেত্ৰত জোৰ দিও৷
আমাৰ দেশ মধ্যবিত্ত, উচ্চ মধ্যবিত্তৰ সংখ্যা বৃদ্ধি পাই আহিছে, সেইটো ভাল কথা৷ বছৰত দুই-এবাৰ পৰিয়ালৰ সৈতে, সন্তানৰ সৈতে বিশ্বৰ বিভিন্ন দেশলৈ পৰ্যটকৰ ৰূপত যায়, সন্তানৰ জ্ঞান বৃদ্ধি হয়৷ সেইটোও ভাল কথা৷ কিন্তু আজি এনে পৰিয়ালসমূহক মই আহ্বান জনাও যে দেশে যেতিয়া স্বাধীনতাৰ ৭৫ বছৰ পালন কৰিব, দেশৰ বাবে ইমান মহাপুৰুষে আত্ম-বলিদান দিয়ে, তেনেস্থলত আপোনালোকে নিবিচাৰে নে যে আপোলোকৰ সন্তানে দেশৰ প্ৰতিটো বিষয় জানক? কোনো পিতৃ-মাতৃয়ে নিবিচাৰিব যে তেওঁলোকৰ নিজৰ সন্তানৰ চিন্তাধাৰা এই ভূমিৰ সৈতে জড়িত হয়, ইয়াৰ বায়ু-পানীৰ পৰা নতুন শক্তি লাভ কৰক৷ এই প্ৰচেষ্টা আমি কৰা উচিত৷ আমি যিমানেই আগুৱাই নাযাও লাগিলে, কেতিয়াবা অলপ পথভ্ৰষ্ট হ’লেই কেতিয়াও সাৰিব নোৱাৰো, আগবাঢ়িব নোৱাৰো৷ সেইবাবে যিসকলে বিশ্বৰ বিভিন্ন স্থানলৈ পৰ্যটকৰ ৰূপত যায়, মই আপোনালোকক লালকিল্লাৰ পৰা এটা আহ্বান জনাব বিচাৰিছো, দেশৰ নৱপ্ৰজন্মৰ সংস্থাপনৰ বাবে, বিশ্বত ভাৰতৰ পৰিচয় গঢ়ি তুলিবলৈ, ভাৰতক সক্ষম কৰি তুলিবলৈ আপোনালোক বাৰু এইটো সিদ্ধান্ত ল’ব নোৱাৰে নে যে ২০২২ চনত স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তিৰ পূ্ৰ্বে আমি নিজৰ পৰিয়ালৰ সৈতে ভাৰতৰ অতি কমেও ১৫টা পৰ্যটন কেন্দ্ৰস্থললৈ যাম৷ জটিলতা থাকিলেও যাম৷ তাত ভাল হোটেল নাথাকিলেও যাম৷ কেতিয়াবা জটিলতাই জীৱন জীয়াই থকাৰ কামত আহে৷ আমি সন্তানক এইটো অভ্যাস গঢ়ি তুলিম যে এয়া আমাৰ দেশ৷ এবাৰ যাবলৈ আৰম্ভ কৰিলে, তাত সুবিধা বিকশিত কৰা লোকো আহিবলৈ ধৰিব৷ আমি এনে ১০০টা পৰ্যটক কেন্দ্ৰস্থল উন্নত কৰিব নোৱাৰো নে? প্ৰতিখন ৰাজ্যত ৫-৭টা কেন্দ্ৰস্থল লক্ষ্য হিচাপে লওক৷ আমি সিদ্ধান্ত লও যে উত্তৰ-পূবত ইমান প্ৰাকৃতিক সম্পদ আছে, কিন্তু কিমান বিশ্ববিদ্যালয় আছে, যি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল প্ৰস্তুত কৰিছে? প্ৰত্যেকে ৭-১০ দিন লাগিলেই এইটো সম্ভৱ হৈ পৰে৷
আপোনালোকে চাব যে আপোনালোক য’লৈ যাব, তাত নতুন পৰিচয় গঢ়ি থৈ আহিব, বীজ ৰোপণ কৰি আহিব আৰু সেইটোৱে আপোনাৰ জীৱনত সন্তুষ্টি প্ৰদান কৰিব৷ হিন্দুস্থানৰ লোক যাবলৈ ধৰিলেই বিশ্বৰ বাকী লোকো আহিব৷ আমি বিশ্বৰ আন ক’ৰবালৈ গ’লে ক’ব পাৰিম যে আপুনি অমুকটো দেখিলেনে? কোনো পৰ্যটকে আমাৰ সুধিব যে আপুনি ভাৰতৰ পৰা আহিছে, আপুনি তামিলনাডুৰ অমুক মন্দিৰটো দেখিছে নে? তেতিয়া তেওঁ ক’ব আচৰিত মই তামিলনাডুৰ মন্দিৰ চাবলৈ গৈছো আৰু তুমি ইয়ালৈ আহিছা৷ অৰ্থাৎ আমি নিজৰ ঠাইবোৰ জানি-বুজি হে বাহিৰলৈ যোৱা উচিত৷ এই সামান্য কামটো কৰিব পাৰে৷
মই মোৰ কৃষক ভাইসকলক মোৰ দেশবাসীৰ বাবে, ধৰিত্ৰীৰ বাবে এটা অনুৰোধ কৰিব বিচাৰিছো৷ ভাৰত মাতা কী জয় বুলি ক’লেই আমাৰ দেহত এক শক্তিৰ সঞ্চাৰ হয়৷ বন্দে মাতৰম বুলিলেও সেইদৰে ধৰিত্ৰীৰ বাবে নিজকে সপি দিয়াৰ প্ৰেৰণা পোৱা যায়৷ এক দীৰ্ঘকালীন ইতিহাস আমাৰ সন্মুখলৈ আহে, কিন্তু কেতিয়াবা এই ধৰিত্ৰী মাৰ স্বাস্থ্যৰ কথা চিন্তা কৰিছো নে? আমি যিদৰে ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰো, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি আছো, কীটনাশক ব্যৱহাৰ কৰিছো৷ সেইবোৰে আমাৰ ধৰিত্ৰীক সৰ্বনাশ কৰি আছে৷ এই মাৰ সন্তান হিচাপে এগৰাকী কৃষক হিচাপে ধৰিত্ৰী মাৰ সৰ্বনাশ কৰাটো মোৰ অধিকাৰ নাই৷ মই ধৰিত্ৰীক দুখ দিয়া তথা ৰোগাক্ৰান্ত কৰাৰো অধিকাৰ নাই৷
আহক, স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে পূজ্য বাপুৱে দেখুওৱা পথেৰে আমি ৰাসায়নিক সাৰৰ ব্যৱহাৰ ১০, ২০, ২৫ শতাংশ হ্ৰাস কৰিব নোৱাৰে নে? প্ৰয়োজন হ’লে মৃত্তিকা অভিযানো হাতত ল’ম৷ আপোনালোকে চাব দেশৰ কিমান ডাঙৰ সেৱা কৰা হ’ব৷ ধৰিত্ৰী মাৰ ৰক্ষাৰ ক্ষেত্ৰতো ডাঙৰ অৱদান হিচাপে পৰিগণিত হ’ব৷ বন্দে মাতৰম্ কৈ যিসকলে ফাঁচী কাঠত ওলমিছিল, তেওঁলোকৰ সপোন পুৰণ কৰাৰ বাবে, এই ধৰিত্ৰী মাক ৰক্ষা কৰাটো আপোনালোকৰ কাম, তেতিয়াই তেওঁলোকৰ আশীৰ্বাদ লাভ কৰিব৷ সেইবাবে মই আপোনালোকক অনুৰোধ কৰিছো, মোৰ বিশ্বাস মোৰ দেশবাসীয়ে এইটো কৰিহে এৰিব৷ মোৰ কৃষকসকলে মোৰ এই ইচ্ছা পুৰণ কৰিব৷
মোৰ মৰমৰ ভাই-ভনীসকল, আমাৰ দেশৰ বৃত্তি সন্দৰ্ভত সমগ্ৰ বিশ্বতে গুঞ্জৰিত হৈছে৷ তেওঁলোকৰ সামৰ্থৰ চৰ্চা হৈছে৷ জনতাই তেওঁলোকক লোহা বুলি জ্ঞান কৰে৷ মহাকাশ হওক, প্ৰযুক্তি হওক, আমি নতুন সফলতা অৰ্জন কৰিছে৷ আমাৰ বাবে আনন্দৰ কথা এই যে আমাৰ চন্দ্ৰযান দ্ৰুতগতিত চন্দ্ৰৰ দিশে গতি কৰি আছে আৰু য’লৈ এতিয়ালৈকে কোনো যোৱা নাই৷ আমাৰ বিজ্ঞানীসকলৰ সিদ্ধি এয়া৷
সেইদৰে ক্ৰীড়া ক্ষেত্ৰত আমি কম সফল হৈছিলো৷ বৰ্তমান বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত মোৰ দেশৰ ১৮-২০ বছৰ, ২২ বছৰীয়া ল’ৰা-ছোৱালীয়ে ভাৰতৰ ত্ৰিৰংগা উৰুৱাই আছে৷ কিমান গৌৰৱৰ কথা৷ দেশ খেলুৱৈসকলে দেশৰ নাম উজ্বলাই আছে৷
মোৰ দেশবাসী, আমি আমাৰ দেশক আগুৱাই নিব লাগিব, পৰিৱৰ্তন আনিব লাগিব, দেশক নতুন শিখৰত উপনীত কৰাব লাগিব আৰু সেয়া চৰকাৰ আৰু জনসাধাৰণ সকলো লগ হৈ কৰিব লাগিব৷ দেশৰ প্ৰধানমন্ত্ৰীও আপোনালোকৰ দৰে এই দেশৰ এজন শিশু তথা নাগৰিক৷
গাওঁ অঞ্চলত ডেৰ লাখ আৰোগ্য কেন্দ্ৰ নিৰ্মাণ কৰাই হওক, স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰা হওক, প্ৰতি তিনিটা লোকসভাৰ মাজত এখন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰি আমাৰ নৱ প্ৰজন্মক চিকিৎসক হিচাপে গঢ় দিয়াৰ সপোন বাস্তৱ কৰিব লাগিব৷ দুখীয়া লোকসকলৰ বাবে দুই কোটিতকৈ অধিক গৃহ নিৰ্মাণ কৰিব লাগিব৷ ১৫ কোটিতকৈ অধিক গ্ৰামীণ পৰিয়ালত খোৱাপানী প্ৰদান কৰিব লাগিব৷ ডেৰ লাখ কিলোমিটাৰ গ্ৰামীণ পথ নিৰ্মাণ কৰিব লাগিব৷ প্ৰতিখন গাঁৱত ব্ৰ’ডবেণ্ড সংযোগ, অপ্টিকেল ফাইবাৰ নেটৱৰ্কেৰে সংযোগ কৰিব লাগিব৷ ৫০ হাজাৰতকৈ অধিক নতুন ষ্টাৰ্ট আপ আৰম্ভ কৰিব লাগিব৷ বহুত সপোন লৈ আগবাঢ়িব লাগিব৷ সেইবাবে ভাই-ভনীসকল, আমি সকলো দেশৰ লোক একেলগ হৈ সপোনক বাস্তৱ কৰাৰ দিশে আগুৱাব লাগিব আৰু স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি আমাৰ বাবে প্ৰেৰণাৰ উৎস৷
মই জানো যে লালকিল্লাৰ প্ৰাচীৰৰ সময়ৰো এটা সীমা আছে৷ ১৩০ কোটি দেশবাসীৰ সপোনো আছে, প্ৰত্যাহ্বানো আছে৷ প্ৰতিটো সপোন আৰু প্ৰত্যাহ্বানৰ নিজা বৈশিষ্ট্য আছে৷
কোনোবাটো বেছি গুৰুত্বপূৰ্ণ, কোনোবাটো কম এনে নহয়৷ কিন্তু এতিয়া বাৰিষাৰ দিন, ভাষণ কৈ থাকিলেও শেষ হোৱাৰ সম্ভাৱনা নাই, সেয়েহে প্ৰতিটো বিষয়ৰ নিজা গুৰুত্ব থকাৰ পিছতো যিমানবোৰ বিষয় আজি ক’ব পাৰিলো আৰু যিবোৰ ক’ব নোৱাৰিলো সকলোবোৰেই গুৰুত্বপূৰ্ণ৷ সেই বিষয়বোৰ লৈ আমি আগুৱাই যাব লাগিব৷
স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি, গান্ধীজীৰ ১৫০তম জয়ন্তী আৰু ভাৰতৰ সংবিধানৰ ৭০ বছৰ হ’ল৷ বাবা চাহেব আম্বেদকাৰৰ সপোন আৰু এই বছৰ গুৰু নানক দেৱৰো ৫৫০তম জয়ন্তী৷ আহক, বাবা চাহেব আম্বেদকাৰ, গুৰু নানক দেৱৰ শিক্ষা লৈ আমি আগুৱাই যাও আৰু এখন উত্তম সমাজ, দেশ, বিশ্ববাসীৰ আশা-আকাংক্ষাৰ ভাৰত নিৰ্মাণ কৰো৷
মোৰ মৰমৰ ভাই-ভনীসকল, মই জানো যে আমাৰ লক্ষ্য হিমালয়ৰ দৰে উচ্চ, অগণিত তৰাৰ সম, কিন্তু আমি এইটোও জানো যে আমাৰ মনোবলৰ আগত আকাশো সীমিত হৈ পৰে৷ এই সংকল্প, আমাৰ সামৰ্থ্য ভাৰত মহাসাগৰৰ দৰে অটল, আমাৰ প্ৰচেষ্টা গংগাৰ দৰে পবিত্ৰ, অবিৰত আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আমাৰ মূল্যবোধ বিগত হাজাৰ বছৰৰ পুৰণি সংস্কৃতি, ঋষি-মুনিৰ তপস্যা, দেশবাসীৰ ত্যাগ, কঠোৰ পৰিশ্ৰম-এইবোৰেই আমাৰ প্ৰেৰণা৷
আহক, আমি চিন্তাধাৰা, আদৰ্শ, সংকল্পৰে সিদ্ধি প্ৰাপ্তিৰ বাবে লক্ষ্য লৈ নতুন ভাৰত নিৰ্মাণৰ দিশে অগ্ৰসৰ হও, নিজৰ দায়িত্ব পালন কৰি, নতুন আত্ম-বিশ্বাস, নতুন সংকল্প, নতুন ভাৰত নিৰ্মাণ কৰো৷ আহক, আমি সকলোৱে মিলি দেশক আগুৱাই নিও৷ এই আশাৰে, মই পুনৰবাৰ দেশৰ বাবে জীয়াই থকা, দেশৰ বাবে যুঁজিব লগা, দেশৰ বাবে মৰিব লগা, দেশৰ বাবে কিবা এটা কৰি প্ৰাণত্যাগ কৰা সকলোকে প্ৰণাম জনাইছো৷ সকলোৱে মোৰ সৈতে কওক-
‘জয় হিন্দ’।
‘জয় হিন্দ’।
ভাৰত মাতা কী জয়৷
ভাৰত মাতা কী জয়৷
বন্দে মাতৰম্৷
বন্দে মাতৰম্৷
বহুত বহুত ধন্যবাদ৷
*****
VRRK/KP/VJ/BM/SH/SKS/MANN/RANG/DB
Some glimpses from the Independence Day celebrations in Delhi this morning. pic.twitter.com/nUMgn1JJHg
— Narendra Modi (@narendramodi) August 15, 2019
नई सरकार को बने हुए कुछ हफ्ते ही हुए, लेकिन फिर भी हर क्षेत्र, हर दिशा में उत्तम प्रयास किए जा रहे हैं। #स्वतंत्रतादिवस pic.twitter.com/b1GhdImyOU
— Narendra Modi (@narendramodi) August 15, 2019
हम समस्याओं को टालते भी नहीं हैं, ना ही समस्याओं को पालते हैं।
— Narendra Modi (@narendramodi) August 15, 2019
आर्टिकल 370 और 35(A) से महिलाओं, बच्चों और एससी-एसटी समुदाय के साथ अन्याय हो रहा था।
इसलिए जो काम पिछले 70 वर्षों में नहीं किया जा सका, उसे नई सरकार बनने के 70 दिनों में पूरा कर दिया गया। #स्वतंत्रतादिवस pic.twitter.com/4aSkjP15gD
आज जो लोग आर्टिकल 370 का समर्थन कर रहे हैं, उनके पास प्रचंड बहुमत रहा था, लेकिन उन्होंने इस आर्टिकल को स्थायी नहीं बनाया। क्यों? उन्हें इस बात का जवाब देना चाहिए। #स्वतंत्रतादिवस pic.twitter.com/UiygJoYpRV
— Narendra Modi (@narendramodi) August 15, 2019
आइए, धरती मां को बचाने के हरसंभव प्रयत्न करें।
— Narendra Modi (@narendramodi) August 15, 2019
भारत के परिश्रमी अन्नदाताओं से मेरी विनती है। #स्वतंत्रतादिवस pic.twitter.com/Pu7rBQPOPN
Population explosion is a subject our nation must discuss as widely as possible. We owe this to the future generations... pic.twitter.com/SWkne1uvwG
— Narendra Modi (@narendramodi) August 15, 2019
Our forces are courageous and always prepared to give a befitting answer to those who disturb tranquility in the nation.
— Narendra Modi (@narendramodi) August 15, 2019
To further improve coordination and preparedness, India will now have a Chief of Defence Staff. pic.twitter.com/IULeoV3Zv6
The Prime Minister begins his address from the ramparts of the Red Fort by conveying Independence Day greetings.
— PMO India (@PMOIndia) August 15, 2019
PM also conveys wishes on Raksha Bandhan.
Today, when we are marking Independence Day, many of our citizens are suffering due to floods in various parts of the nation.
— PMO India (@PMOIndia) August 15, 2019
We stand in complete solidarity with those affected by the floods and I assure that all possible support that is needed will be provided to them: PM
I bow to all those great women and men who devoted their lives so that India becomes free: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
It has been under ten weeks since the new Government was formed but several pathbreaking decisions have been taken.
— PMO India (@PMOIndia) August 15, 2019
This includes decisions for Jammu, Kashmir, Ladakh, the end of Triple Talaq, steps for the welfare of farmers and traders: PM @narendramodi
India understands the important of water conservation and thus, a new ministry for Jal Shakti has been created.
— PMO India (@PMOIndia) August 15, 2019
Steps have been taken to make the medical sector even more people friendly: PM @narendramodi
This is the time to think about the India of the 21st century and how the dreams of the people will be fulfilled: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
अगर 2014 से 2019 आवश्यकताओं की पूरी का दौर था तो 2019 के बाद का कालखंड देशवासियों की आकांक्षाओं की पूर्ति का कालखंड है, उनके सपनों को पूरा करने का कालखंड है: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
‘सबका साथ, सबका विकास’ का मंत्र लेकर हम चले थे लेकिन 5 साल में ही देशवासियों ने ‘सबका विश्वास’ के रंग से पूरे माहौल को रंग दिया: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
We have to think about solutions to the problems people face.
— PMO India (@PMOIndia) August 15, 2019
Yes, there will be obstacles on the way but we have to work to overcome them.
Remember how scared the Muslim women were, who suffered due to Triple Talaq but we ended the practice: PM @narendramodi
समस्यों का जब समाधान होता है तो स्वावलंबन का भाव पैदा होता है, समाधान से स्वालंबन की ओर गति बढ़ती है। जब स्वावलंबन होता है तो अपने आप स्वाभिमान उजागर होता है और स्वाभिमान का सामर्थ्य बहुत होता है: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
We do not believe in creating problems or prolonging them.
— PMO India (@PMOIndia) August 15, 2019
In less than 70 days of the new Government, Article 370 has become history, and in both Houses of Parliament, 2/3rd of the members supported this step.
We want to serve Jammu, Kashmir, Ladakh: PM @narendramodi
The old arrangement in Jammu, Kashmir and Ladakh encouraged corruption, nepotism but there was injustice when it came to rights of women, children, Dalits, tribal communities. The dreams of sanitation workers were incomplete. How can we accept such a situation: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
Five years ago, people always thought- ‘क्या देश बदलेगा’ or ‘क्या बदलाव हो सकता है’?
— PMO India (@PMOIndia) August 15, 2019
Now, the people say- “हां, मेरा देश बदल सकता है: PM @narendramodi
Those who supported Article 370, India is asking them:
— PMO India (@PMOIndia) August 15, 2019
If this was so important and life changing, why was this Article not made permanent. After all, those people had large mandates and could have removed the temporary status of Article 370: PM @narendramodi
One Nation, One Constitution- this spirit has become a reality and India is proud of that: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
GST brought to life the dream of One Nation, One Tax.
— PMO India (@PMOIndia) August 15, 2019
India has also achieved One Nation, One Grid in the energy sector.
Arrangements have been made for One Nation, One Mobility Card.
Today, India is talking about One Nation, One Election: PM @narendramodi
जम्मू-कश्मीर और लद्दाख सुख समृद्धि और शांति के लिए भारत के लिए प्रेरक बन सकता है और भारत की विकास यात्रा में बहुत बड़ा प्रेरक बन सकता है: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
जो लोग इसकी वकालत करते हैं उनसे देश पूछता है अगर ये धारा इतनी महत्वपूर्ण थी तो 70 साल तक इतना भारी बहुमत होने के बाद भी आप लोगों ने उसे permanent क्यों नहीं किया: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
In the last 70 years, every Government at the Centre and the various States, irrespective of which party they belonged to, have worked for the welfare of the people: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
It is unfortunate, however, that so many people lack access to water even 70 years after Independence.
— PMO India (@PMOIndia) August 15, 2019
Work on the Jal Jeevan Mission will progress with great vigour in the years to come: PM @narendramodi
देश को नई ऊंचाइयों को पार करना है, विश्व में अपना स्थान बनाना है और हमें अपने घर में ही गरीबी से मुक्ति पर बल देना है और ये किसी पर उपकार नहीं है: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
भारत के उज्ज्वल भविष्य के लिए हमें गरीबी से मुक्त होना ही है और पिछले 5 वर्षों में गरीबी कम करने की दिशा में, गरीबीं को गरीबी से बाहर लाने की दिशा में बहुत सफल प्रयास हुए हैं: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
The movement towards water conservation has to take place at the grassroots level. It cannot become a mere Government programme. People from all walks of life have to be integrated in this movement: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
There is one issue I want to highlight today- population explosion.
— PMO India (@PMOIndia) August 15, 2019
We have to think- can we do justice to the aspirations of our children.
There is a need to have greater discussion and awareness on population explosion: PM @narendramodi
Every effort made to remove corruption and black money is welcome. These are menaces that have ruined India for 70 long years. Let us always reward honesty: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
I always ask- can we not remove the excess influence of Governments on people's lives. Let our people have the freedom of pursuing their own aspirations, let the right eco-system be made in this regard: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
India does not want incremental progress. A high jump is needed, our thought process has to be expanded. We have to keep in mind global best practices and build good systems: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
आज देश में 21वीं सदी की आवश्यकता के मुताबिक आधुनिक इंफ्रास्ट्रक्चर का निर्माण हो रहा है। देश के इंफ्रास्ट्रक्चर पर 100 लाख करोड़ रुपए का निवेश करने का फैसला किया गया है: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
People's thinking has changed.
— PMO India (@PMOIndia) August 15, 2019
Earlier, people were happy with merely a plan to make a railway station.
Now people ask- when will Vande Bharat Express come to my area.
People do not want only good railway stations or bus stations, they ask- when is a good airport coming: PM
Earlier the aspiration was to have a good mobile phone but now, people aspire better data speed.
— PMO India (@PMOIndia) August 15, 2019
Times are changing and we have to accept that: PM @narendramodi
Time has come to think about how we can boost exports. Each district of India has so much to offer.
— PMO India (@PMOIndia) August 15, 2019
Let us make local products attractive.
May more export hubs emerge.
Our guiding principle is Zero Defect, Zero Effect: PM @narendramodi
Today, the Government in India is stable, policy regime is predictable...the world is eager to explore trade with India.
— PMO India (@PMOIndia) August 15, 2019
We are working to keep prices under check and increase development.
The fundamentals of our economy are strong: PM @narendramodi
हमारी अर्थव्यवस्था के fundamentals बहुत मजबूत हैं और ये मजबूती हमें आगे ले जाने का भरोसा दिलाती है: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
Wealth creation is a great national service.
— PMO India (@PMOIndia) August 15, 2019
Let us never see wealth creators with suspicion.
Only when wealth is created, wealth will be distributed.
Wealth creation is absolutely essential. Those who create wealth are India's wealth and we respect them: PM @narendramodi
From the ramparts of the Red Fort, I give my greetings to the people of Afghanistan who are marking 100 years of freedom: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
Our forces are India's pride.
— PMO India (@PMOIndia) August 15, 2019
To further sharpen coordination between the forces, I want to announce a major decision from the Red Fort:
India will have a Chief of Defence Staff- CDS.
This is going to make the forces even more effective: PM @narendramodi
Can we free India from single use plastic? The time for implementing such an idea has come. May teams be mobilised to work in this direction. Let a significant step be made on 2nd October: PM @narendramodi
— PMO India (@PMOIndia) August 15, 2019
Our priority should be a 'Made in India' product.
— PMO India (@PMOIndia) August 15, 2019
Can we think of consuming local products, improving rural economy and the MSME sector: PM @narendramodi
“डिजिटल पेमेंट को हां, नकद को ना”...
— PMO India (@PMOIndia) August 15, 2019
Can we make this our motto.
Let us further the use of digital payments all over the nation: PM @narendramodi
India has much to offer.
— PMO India (@PMOIndia) August 15, 2019
I know people travel abroad for holidays but can we think of visiting at least 15 tourist destinations across India before 2022, when we mark 75 years of freedom: PM @narendramodi
हम जानते हैं कि हमारे लक्ष्य हिमालय जितने ऊंचे हैं,
— PMO India (@PMOIndia) August 15, 2019
हमारे सपने अनगिनत-असंख्य तारों से भी ज्यादा हैं,
हमारा सामर्थ्य हिन्द महासागर जितना अथाह है,
— PMO India (@PMOIndia) August 15, 2019
हमारी कोशिशें गंगा की धारा जितनी पवित्र हैं, निरंतर हैं।
और सबसे बड़ी बात,
हमारे मूल्यों के पीछे हजारों वर्ष पुरानी संस्कृति की प्रेरणा है: PM @narendramodi